কুৰিচিয়া
কুৰিচিয়া (Kurichiya) বা কুৰিচিয়াৰ সকল হ’ল ভাৰতৰ কেৰালাৰ এক মাতৃপ্ৰধান জনজাতি। তেওঁলোকক হিল ব্ৰাহ্মণ[1] বা মালাই ব্ৰাহ্মণ বুলিও জনা যায়। এই জনজাতিৰ লোকসকল মূলতঃ কেৰালাৰ ৱায়ানাদ আৰু কান্নুৰ জিলাত সিঁচৰিত হৈ আছে।[1][2][3] কৃষি কাৰ্যত নিয়োজিত কুৰিচিয়ানসকল কেৰালাৰ অন্যতম অনুসূচিত জনজাতি।[4]
নামৰ উৎস
[সম্পাদনা কৰক]ধনুৰ্বিদ্যা আৰু গুলীবৰ্ষণত পাকৈত হোৱাৰ বাবে কুইলামৰ কোটায়াম ৰজাই এই শ্ৰেণীৰ লোকসকলক 'কুৰিচিয়ান' নাম দিছিল। 'কুৰিচিয়ান' শব্দটো দুটা শব্দৰ পৰা উদ্ভৱ হৈছে— কুৰি (লক্ষ্য) আৰু চিয়ান (মানুহ)।[2]
সমাজ আৰু সংস্কৃতি
[সম্পাদনা কৰক]সাধাৰণতে তেওঁলোকৰ ঘৰবোৰ থুপ খাই থকা অৱস্থাত পোৱা যায়। এখন বসতিস্থলত থকা ঘৰৰ এনে গোটক মিট্টম বা থাৰাভাদু বুলি কোৱা হয়। এজন বংশৰ মুৰব্বী বা কাৰানাভাৰে এটা মিট্টমৰ নেতৃত্ব দিয়ে। কাৰানাভানৰ উপৰিও কুৰিচিয়া সমাজত বেজ বা ওজা আৰু পিট্টানৰ দৰে অন্যান্য সামাজিক কাৰ্যবাহী অন্তৰ্ভুক্ত হৈ থাকে।[1] কুৰিচিয়ানসকলৰ মাজত যৌথ পৰিয়াল প্ৰথা সাধাৰণ। সমাজখন বংশৰ মুৰব্বীৰ দ্বাৰা পৰিচালিত বিভিন্ন বংশত বিভক্ত। এই জনজাতিৰ মাজত কন্যাৰ ঋতুপ্ৰাপ্তিৰ আগতে আৰু কাণ ফুটোৱা উৎসৱৰ পিছত পাণ্ডাল পাত্তু নামৰ এক মহিলা দীক্ষাকৰণ অনুষ্ঠান পালন কৰা হয়।[1]
পত্নীসকল স্বামীৰ লগত থাকে, কিন্তু সন্তানবোৰ কেৱল ৫-৬ বছৰ বয়সলৈকেহে পিতৃৰ লগত থাকে, তাৰ পিছত তেওঁলোক মাকৰ ঘৰলৈ গুচি যায়।
কুৰিচিয়াসকলৰ মাজত এজন স্বামীয়ে বিচাৰিলেই যিকোনো সময়তে পত্নীক বিবাহ বিচ্ছেদ দিব পাৰে, কিন্তু পত্নীয়ে স্বামীক এৰিব বিচাৰিলে বয়োজ্যেষ্ঠসকলৰ ওচৰত আবেদন কৰিব লাগে আৰু তেওঁলোকেই এই বিষয়ত সিদ্ধান্ত লয়।[2]
কুৰিচিয়ানসকলে মৃতদেহ পুতি থয়; যদি মৃতকজন পুৰুষ হয় তেন্তে মৃতদেহৰ সৈতে এটা কাঁড় আৰু মহিলা হ’লে এখন কাচি পুতি থোৱা হয়। বছৰটোৰ যিকোনো সুবিধাজনক সময়ত বৃহৎ পৰিসৰত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান পালন কৰা হয়।[2] তেওঁলোকৰ কোনো নিৰ্দিষ্ট পুৰোহিত নাই, তাৰ পৰিৱৰ্তে বয়োজ্যেষ্ঠসকলে এই দায়িত্ব পালন কৰে। মৃত পূৰ্বপুৰুষসকলক তেওঁলোকে স্মৰণ কৰে আৰু বছৰত এবাৰ এটা কোঠাত তেওঁলোকৰ বাবে তাৰী, মাংস আদি থৈ দিয়ে আৰু পৰৱৰ্তী সময়ত কুৰিচিয়ানসকলে নিজেই সেইবোৰ উপভোগ কৰে। জাতিৰ মৰ্যাদাৰ ক্ষেত্ৰত তেওঁলোকে ৱায়ানাদৰ জনজাতিসমূহৰ ভিতৰত উচ্চ স্থান দখল কৰে; তেওঁলোকে আন কোনো জাতিৰ হাতে ৰন্ধা আহাৰ গ্ৰহণ নকৰে। তেওঁলোকৰ ঘৰত যদি আন কোনো জাতিৰ মানুহ সোমায়, তেন্তে সেই ঘৰটো অশুদ্ধ হোৱা বুলি গণ্য কৰা হয়। সামান্য সন্দেহৰ আলমতে যিকোনো পুৰুষ বা মহিলাক তেওঁলোকৰ জাতিৰ পৰা বহিষ্কাৰ কৰিব পাৰে।[2] এনেদৰে বহিষ্কৃত হোৱা বহু লোকে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা দেখা গৈছে।
কেৰালাৰ অন্যান্য হিন্দুসকলৰ দৰেই কুৰিচিয়াসকলেও কুট্টিচাথান, ভেট্টাক্কৰন আৰু কালী (যাক মৰিয়াম্মা বুলিও কোৱা হয়) আদি দেৱ-দেৱীৰ পূজা কৰে। কুৰিচিয়াসকলে তেওঁলোকৰ মৃত পূৰ্বপুৰুষসকলক পূজা কৰে, যাক তেওঁলোকে নিজহল (ছাঁ) বুলি কয়। ইয়াৰ উপৰিও তেওঁলোকৰ জনজাতিৰ মাজত প্ৰচলিত কিছুমান অনন্য দেৱ-দেৱীও আছে। তেওঁলোকে মালাক্কাৰী (পাহাৰৰ কাৰী) আৰু অতি ভয়ংকৰ মাতৃ-দেৱী কাৰিম্পিলীৰ (পাহাৰৰ কৃষ্ণাংগ দেৱী) উপাসনা কৰে।[3] খেতি চপোৱাৰ পিছত দেৱতালৈ নৈবেদ্য আগবঢ়াবলৈ তেওঁলোকে থেৰা বা কোল নামৰ দুটা পদ্ধতি ব্যৱহাৰ কৰে। থেৰা পদ্ধতিৰ বাবে পূজা স্থলীখন এজন ব্ৰাহ্মণৰ হাতৰ পবিত্ৰ পানীৰে শুদ্ধ কৰা হয় আৰু এজন কুৰিচিয়ান লোকে শুভ্ৰ পাগুৰি মাৰি এই অনুষ্ঠানৰ বাবে সাজু হৈ দেৱবাণীৰ দৰে কাম কৰে। ইয়াৰ পিছত কুমতিয়াম-ভেট্টাল (পাত্ৰ কটা) অনুষ্ঠান সম্পন্ন হয়, য’ত মুপ্পেন-মুৰব্বীয়ে তাৰীৰে ভৰা বাঁহৰ এটুকুৰা কাটে। তাৰ পিছত তাৰী অনা সকলো একেধৰণৰ বাঁহৰ পাত্ৰ খালী কৰা হয় আৰু সেইবোৰ পান কৰা হয়। কোল নামৰ আনটো পদ্ধতিৰ নৈবেদ্যত চিৰা, কল আৰু গুৰ এটা কলপাতত থৈ মুপ্পেনে প্ৰাৰ্থনা কৰাৰ পিছত সকলোকে বিতৰণ কৰে।[2]
কিংবদন্তিমূলক উৎপত্তি
[সম্পাদনা কৰক]জনজাতীয় আখ্যান অনুসৰি,[1] সৃষ্টিৰ বহু পূৰ্বে আকাশ ওপৰত আছিল আৰু পৃথিৱীখন সাগৰৰ তলত ডুব গৈ আছিল। সেই সময়ত কুৰিচিয়া দেৱী ভাদাক্কাৰী ভগৱতীয়ে এটা সপোন দেখিছিল য’ত সৰ্বশক্তিমান ঈশ্বৰে তেওঁক ১০০১ টা জাতি সৃষ্টি কৰিবলৈ এখন ঠাই বিচাৰিবলৈ নিৰ্দেশ দিছিল। ঈশ্বৰে তেওঁক সাগৰৰ পানী আঁতৰাই কাম আৰম্ভ কৰিবলৈ অনুমতি দিছিল। শ্ৰমিক হিচাপে তেওঁক যুৱতী কুমাৰীসকলক দিয়া হৈছিল। কাম সম্পূৰ্ণ হোৱাৰ পিছত শ্ৰমিকসকলে ঈশ্বৰক লগ কৰি পাৰিশ্ৰমিক বিচাৰিছিল। কিন্তু ঈশ্বৰে কামৰ মান পৰীক্ষা নকৰাকৈ পাৰিশ্ৰমিক দিবলৈ অস্বীকাৰ কৰিলে। ঈশ্বৰে চেন্থামাৰাপক্ষী (ৰঙা পদুমৰ পৰা জন্ম হোৱা পক্ষী) নামৰ এটা চৰাই সৃষ্টি কৰি পৃথিৱীৰ চাৰিওফালে উৰি কামৰ মান চাবলৈ ক’লে। পৰীক্ষাৰ পিছত চৰাইটোৱে এটা ত্ৰুটি বিচাৰি পালে যে এখন ঠাইত কামটো আধৰুৱা হৈ আছিল। দুটা পাহাৰ ইটোৱে সিটোক স্পৰ্শ নকৰাকৈ ওচৰা-ওচৰিকৈ থিয় দি আছিল আৰু পাহাৰ দুটাৰ মাজত পানী আছিল। ঈশ্বৰে সেই পাহাৰ দুয়োটাতে ১৮ টা মানৱ জাতি আৰু বিভিন্ন ধৰণৰ প্ৰাণী তথা উদ্ভিদৰ সৃষ্টি কৰি স্থাপন কৰিলে। কুৰিচিয়াসকলে বিশ্বাস কৰে যে তেওঁলোকো তাৰে ভিতৰত এটা জাতি।[1]
ইতিহাস
[সম্পাদনা কৰক]কুৰিচিয়াৰসকল ৱায়ানাদলৈ অহাৰ পৰম্পৰাগত বিৱৰণ অনুসৰি, কোটায়াম ৰজাই বেদৰ শাসক আৰিপ্পেন আৰু বেদনৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকক লৈ আহিছিল। যুদ্ধৰ পিছত তেওঁলোকৰ নিজা জাতিৰ মানুহে তেওঁলোকক পুনৰ গ্ৰহণ নকৰিলে আৰু তেওঁলোকে ৱায়ানাদ তথা কোটায়ামৰ পাহাৰীয়া অঞ্চলত বসতি স্থাপন কৰিলে। এনেদৰে বসতি স্থাপন কৰা পৰিয়ালৰ সংখ্যা ১৪৮ বুলি কোৱা হয়। ঔপনিৱেশিক যুগত, ১৮ শতিকাৰ শেষ দশকত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ ৱায়ানাদৰ ৰজা পাজাচি ৰাজাক সহায় কৰাৰ ক্ষেত্ৰত কুৰিচিয়া জনজাতিৰ ভূমিকাৰ বহু তথ্য পোৱা যায়। পাজাচি ৰজাৰ মৃত্যুৰ পিছত, ১৮১২ চনত কুৰিচিয়াৰ আৰু কুৰুম্বাৰসকলে এক অসফল বিদ্ৰোহ কৰিছিল। এনেদৰে কুৰিচিয়াসকলে এটা জনজাতীয় সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে যিসকলক এসময়ত ভাড়াটিয়া সৈনিক হিচাপে ৱায়ানাদলৈ অনা হৈছিল, এশ বছৰ আগতে তাত কৃষক হিচাপে থিতাপি লৈছিল, ব্ৰিটিছ শক্তিক প্ৰত্যাহ্বান জনাইছিল আৰু শিক্ষাৰ অভাৱৰ বাবে শ্ৰমিক হিচাপে জীৱিকা অৰ্জন কৰিবলৈ বাধ্য হৈছিল।[2] বৰ্তমান কুৰিচিয়ানসকল কেৰালাৰ অন্যতম অনুসূচিত জনজাতি। পাজাচি ৰজাৰ সৈতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া কুৰিচিয়া জনজাতিৰ বংশধৰসকলৰ বসতিস্থলসমূহ বানাসুৰ পাহাৰ আৰু ইয়াৰ আশে-পাশে আছে। আচলতে বানাসুৰ পাহাৰৰ ওচৰত চাৰিখন জনজাতীয় গাঁও আছে, যাৰ ভিতৰত তিনিখন কুৰিচিয়াসকলৰ আৰু এখন পানিয়াসকলৰ। ইয়াত উপস্থিত থকা কুৰিচিয়াসকলে বানাসুৰ হিল ৰিজৰ্ট নিৰ্মাণত সহায় কৰিছিল।[5]
জাতিগত সম্পৰ্ক
[সম্পাদনা কৰক]কুৰিচিয়াসকলে নিজকে তেওঁলোকৰ চাৰিওফালে থকা আন সকলো সামাজিক গোটতকৈ উচ্চ বুলি গণ্য কৰে, আনকি ব্ৰাহ্মণতকৈও।[6] তেওঁলোকে "আচাৰ-ব্যৱহাৰৰ পবিত্ৰতাৰ উচ্চ স্তৰ" মানি চলে, আনকি এজন নাম্বুথিৰী ব্ৰাহ্মণৰ স্পৰ্শকো তেওঁলোকে অশুদ্ধ বুলি গণ্য কৰে।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 Fertility Concept in a Ritual an Anthropological Explanation of "Pandal Pattu". Stud. Tribes Tribals, 2(1): 19-21 (2003), Bindu Ramachandran
- 1 2 3 4 5 6 7 Rao Bahadur C. Gopalan Nair. Wynad : Its Peoples and Traditions.
- 1 2 A. Aiappan, K. Mahadevan (1990). Ecology, Economy, Matriliny, and Fertility of Kurichiyas. প্ৰকাশক Delhi: B. R. Publishing Corporation.
- ↑ "The Official Web site of Government of Kerala". www.kerala.gov.in. Archived from the original on 2002-12-08. https://web.archive.org/web/20021208164124/http://kerala.gov.in/dept_st/index.htm#rtyu.। আহৰণ কৰা হৈছে: 2026-03-14.
- ↑ "Kurichiya tribe presence in Banasura Hill". http://www.banasura.com/banasuraFolklore.html.
- ↑ Kerala (India); A. Sreedhara Menon (1972). Kerala District Gazetteers: Malappuram. printed by the Superintendent of Govt. Presses. পৃষ্ঠা. 199. https://books.google.com/books?id=Sl4bAAAAIAAJ। আহৰণ কৰা হৈছে: 26 May 2011.
- ↑ Nava Kishor Das (January 2003). Culture, religion, and philosophy: critical studies in syncretism and inter-faith harmony. Rawat Publications. পৃষ্ঠা. 116. ISBN 978-81-7033-820-8. https://books.google.com/books?id=R5fXAAAAMAAJ। আহৰণ কৰা হৈছে: 26 May 2011.