সমললৈ যাওক

কুৰুণথোগাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুৰুণথোগাই বা কুৰুণটোকাই (তামিল குறுந்தொகை, অৰ্থাৎ চুটি সংকলন[1]) এখন ধ্ৰুপদী তামিল কাব্যিক গ্ৰন্থ আৰু পৰম্পৰাগতভাৱে সংগম সাহিত্যৰ আঠটা সংকলন (Ettuthokai)ৰ ভিতৰত দ্বিতীয়।[2] সংকলনটো আকম (প্ৰেম) শ্ৰেণীৰ অন্তৰ্গত, আৰু প্ৰতিটো কবিতা ৪ৰপৰা ৮ শাৰীকৈ গঠিত (৩০৭ আৰু ৩৯১ নং কবিতাটোৰ বাহিৰে যিবোৰত ৯টা শাৰী আছে)। সংগম সাহিত্যৰ গাঁথনিৰপৰা অনুমান কৰিব পাৰি যে, মূল সংকলনখনত ৪০০টা কবিতা আছিল যদিও অধুনাপ্ৰাপ্ত কুৰুণথোগাই পাণ্ডুলিপিসমূহত ৪০২টা কবিতা আছে।[2][3] তাকানোবু তাকাহাছি – এজন তামিল সাহিত্য পণ্ডিতৰ মতে এই কবিতাসমূহ লেখকসকলৰ ভাষাবিজ্ঞান, শৈলী আৰু তাৰিখৰ ওপৰত ভিত্তি কৰি ১০০ খ্ৰীষ্টাব্দৰপৰা ৩০০ খ্ৰীষ্টাব্দৰ ভিতৰত ৰচনা কৰা হোৱাৰ সম্ভাৱনা আছে।[4] তামিল সাহিত্য আৰু ইতিহাস পণ্ডিত কামিল ঝভেলেবিলে কয় যে কুৰুণথোগাইত অধিকাংশ কবিতা সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰপৰা খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ ভিতৰত ৰচনা কৰা হৈছিল।[5] কুৰুণথোগাই পাণ্ডুলিপি কলফনত কোৱা হৈছে যে ইয়াক পুৰিক্কো (உரை)দ্বাৰা সংকলন কৰা হৈছিল, অৱশ্যে এই সংকলনকাৰী বা পৃষ্ঠপোষকৰ বিষয়ে একো জনা নাযায়।[3]

কুৰুণটোকাই কবিতাসমূহৰ কৃতিত্ব ২০৫ জন প্ৰাচীন কবিৰ।[3] ইয়াৰে কামিল ঝভেলেবিলৰ মতে প্ৰায় ৩০ জন কবিৰ নাম উত্তৰ ভাৰতীয় মূলৰ (ভাৰত-আৰ্য্য) আৰু বাকীবোৰ দ্ৰাবিড় মূলৰ।[2] কবিতাসমূহত সংস্কৃতৰপৰা ধাৰ কৰা শব্দ অন্তৰ্ভুক্ত কৰা হৈছে, ঐতিহাসিক পৰিঘটনাৰ ২৭টা উল্লেখ আছে আৰু এই গ্ৰন্থৰপৰা সংগমৰ পিছৰ বিখ্যাত তামিল গ্ৰন্থ দুখন তিৰুক্কুৰাল আৰু শিলাপ্পাটিকৰামলৈ ১০টা ধাৰ লোৱা হৈছে।[2]

  • অধ্যাপক এ দক্ষিণামুৰ্থীয়ে ইংৰাজীলৈ অনুবাদ কৰিছে ‘কুৰুণ্টোকাই– ধ্ৰুপদী তামিল কবিতাৰ সংকলন’ নামেৰে।[6]
  • ইংৰাজীলৈ অনুবাদ কৰিছে ড° জয়ন্তশ্ৰী বালকৃষ্ণনে। মন কৰিবলগীয়া যে,তেওঁক কেৰিয়াৰৰ ইংৰাজী অধ্যয়নৰ প্ৰথম দিনবোৰত এই গ্ৰন্থখনৰ ইংৰাজী অনুবাদৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল।[7]
  • অসমীয়ালৈ কুৰুণদোহেৰ কবিতা নামে অনুবাদ কৰিছে বিজয় শংকৰ বৰ্মনে[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. A Mariaselvam (1988). The Song of Songs and Ancient Tamil Love Poems: Poetry and Symbolism. 
  2. 2.0 2.1 2.2 2.3 Zvelebil 1973, পৃষ্ঠা. 51.
  3. 3.0 3.1 3.2 Takahashi, Takanobu (1995). Tamil Love Poetry and Poetics. BRILL Academic. পৃষ্ঠা. 2, 47–48. ISBN 90-04-10042-3. https://books.google.com/books?id=wgCHuVGyZoEC. 
  4. Takahashi, Takanobu (1995). Tamil Love Poetry and Poetics. BRILL Academic. পৃষ্ঠা. 47–52. ISBN 90-04-10042-3. https://books.google.com/books?id=wgCHuVGyZoEC. 
  5. Zvelebil, Kamil (1973) (en ভাষাত). The Smile of Murugan: On Tamil Literature of South India. BRILL. ISBN 978-90-04-03591-1. https://books.google.com/books?id=degUAAAAIAAJ&dq=info:3mNeiVqlnhoJ:scholar.google.com/&pg=PR9. 
  6. "Kuruntokai". 27 July 2017. https://www.worldcat.org/title/316772355. 
  7. [dspace.pondiuni.edu.in/jspui/bitstream/pdy/353/1/T%202593.pdf English renderings of Kuruntokai - Problems in Translation]
  8. Assamese poet first to find Estonian audience