কুৰুম্বা জনগোষ্ঠী
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
|---|
| কেৰালা, কৰ্ণাটক, তামিলনাডু-নীলগিৰি |
| ভাষাসমূহ |
|
কুৰুম্বা ভাষাসমূহ |
| ধৰ্ম |
| সম্পৰ্কীয় জাতি-জনগোষ্ঠী |
|
দ্ৰাবিড় লোক, তামিল লোক |
কুৰুম্বা / কুৰুম্বাৰ / কুৰুম্বান / কুৰুমাৰ / কুৰুবা / কুৰুবাৰু হ’ল ভাৰতৰ কৰ্ণাটক, কেৰালা আৰু তামিলনাডু ৰাজ্যৰ এক নিৰ্দিষ্ট অনুসূচিত জনজাতি বা খিলঞ্জীয়া সম্প্ৰদায়।[1] নীলগিৰি জিলাত ছটা জনজাতিৰ বাসগৃহ আছে। কুৰুম্বাৰসকল পশ্চিমঘাট পৰ্বতমালাৰ আটাইতকৈ প্ৰাচীন জ্ঞাত বাসিন্দা যিসকল বনজ সম্পদ সংগ্ৰহ, মূলতঃ বনৰীয়া মৌ, মম আৰু হাতী পালনৰ কামত নিয়োজিত। নীলগিৰিৰ বাহিৰৰ কুৰুম্বাৰ লোকসকল সাধাৰণতে ভেড়া পালনকাৰী। তেওঁলোক ঐতিহাসিকভাৱে একে হ’লেও সাংস্কৃতিকভাৱে ইজনে সিজনৰ পৰা পৃথক। নীলগিৰিৰ কুৰুম্বা লোকসকলে কুৰুম্বা ভাষাত (তামিল-কন্নড় মিশ্ৰিত ভাষা) কথা কয়। চৰকাৰী শিক্ষকৰ দ্বাৰা কুৰুম্বা ভাষাৰ বাবে নতুন বৰ্ণমালা মুকলি কৰা হৈছে।[2]
ইতিহাস আৰু উৎপত্তি
[সম্পাদনা কৰক]কুৰুম্বসকল (নীলগিৰি) তামিলনাডুৰ ছয়টা প্ৰাচীন জনজাতীয় গোটৰ ভিতৰত অন্যতম। ১৮৯১ চনৰ মাদ্ৰাজ লোকপিয়লৰ প্ৰতিবেদন অনুসৰি, পল্লৱসকল কুৰুম্বা আছিল।[3] চিকাৰ কৰা আৰু বনজ সম্পদ সংগ্ৰহ কৰাটোৱেই কুৰুম্বাৰ জনজাতিৰ জীৱিকাৰ দুটা মূল উপায়। অৱশ্যে, থলুৱা বন আৰু বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ বাবে আৰোপ কৰা নিষেধাজ্ঞাই তেওঁলোকক বনাঞ্চলৰ বাহিৰত কাম বিচাৰিবলৈ বাধ্য কৰিছে।

ব্যুৎপত্তি
[সম্পাদনা কৰক]কুৰুম্বাৰ
[সম্পাদনা কৰক]'কুৰুম্বা' শব্দটো সম্ভৱতঃ এক আদি-দ্ৰাবিড় (তামিল/কন্নড় মূল শব্দ 'কুৰ'-ৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল 'পাহাৰ, পৰ্বত বা অৰণ্য'।
সংস্কৃতি
[সম্পাদনা কৰক]কুৰুম্বাৰসকলৰ উপাস্য দেৱতাৰ ক্ষেত্ৰত 'নডুকাৰ্কল' (পূৰ্বপুৰুষৰ শিল) এক মুখ্য ভূমিকা পালন কৰে। লগতে, জনজাতিটোৰ প্ৰধান দেৱতা হ’ল ভগৱান শিৱ, যাক তেওঁলোকে 'ভৈৰৱ' নামেৰে পূজা কৰে। তেওঁলোকে অন্যান্য হিন্দু দেৱ-দেৱীৰ লগতে পশু-পক্ষী, গছ-গছনি, শিলৰ পাহাৰ আৰু সাপকো পূজা কৰে।[4][5] হিন্দু ধৰ্মৰ বিশ্বাসৰ ক্ষেত্ৰত কুৰুম্বাৰসকল আংশিকভাৱে সংস্কৃতিকৃত (sanskritised)।[6]
উপ-গোটসমূহ
[সম্পাদনা কৰক]কুৰুম্বসকলৰ কেইবাটাও ভাগ আছে: জেনু, বেট্টা আৰু আলু। এই প্ৰতিটো বিভাগে নিজা নিজা দ্ৰাবিড় ভাষাত কথা কয়।[7] জেনু কুৰুবাসকলক মূলতঃ নীলগিৰিৰ উত্তৰ অংশত আৰু কৰ্ণাটকৰ মহীশূৰ জিলাত পোৱা যায়।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of notified Scheduled Tribes". Census India. পৃষ্ঠাসমূহ: 26–27. Archived from the original on 7 November 2013. https://web.archive.org/web/20131107225208/http://censusindia.gov.in/Tables_Published/SCST/ST%20Lists.pdf। আহৰণ কৰা হৈছে: 15 December 2013.
- ↑ பழங்குடியினர் மொழிக்கான அகராதி தயாரித்த ஆசிரியைகள்: அரசு அங்கீகரிக்க சமூக ஆர்வலர்கள் கோரிக்கை- দ্য হিন্দু তামিল নিউজ - ২০ ছেপ্টেম্বৰ ২০১৬
- ↑ H.V. Nanjundayya; L.K. Anathakrishna (1988). The Mysore tribes and castes, Vol 4. Mysore, Mysore University. পৃষ্ঠা. 30. OCLC 830766457. https://archive.org/details/in.ernet.dli.2015.38701/page/n57/mode/2up?q=Kuruba+pallava.
- ↑ Swarna, Helen (February 2024). "Chapter 5: A Rudimentary Understanding of the Kurumba Tribes inn the Nilgiris District". Culture and Rituals of Janajatis (Tribes) of India. Coimbatore Institute of Information Technology. পৃষ্ঠা. 35–40. https://www.researchgate.net/publication/378400992.
- ↑ "Census of India Website : Office of the Registrar General & Census Commissioner, India". www.censusindia.gov.in. Retrieved 2 November 2017.
- ↑ Ganesh, Chinta (June 2019). "Spatial Distributions of Tribes in India: An analysis of Sanskritization and Modernization in Post-modern discourse". International Journal of Research in Social Sciences (Dept. Of Sociology, Osmania University, Hyderabad) খণ্ড 9 (6). ISSN 2249-2496. https://www.ijmra.us/project&20doc/2019/IJRSS_JUNE2019/IJRSSJune19-Chinta.pdf.[সংযোগবিহীন উৎস]
- ↑ Pullaiah, T.; Krishnamurthy, K. V.; Bahadur, Bir (2021). Ethnobotany of India, 5-Volume Set. Apple Academic Press (CRC Press imprint). পৃষ্ঠা. 26. ISBN 9781351737661. https://books.google.com/books?id=INQhEAAAQBAJ.
- ↑ Roy, S.; Hegde, H. V.; Bhattacharya, D.; Upadhya, V.; Kholkute, S. D. (2015). "Tribes in Karnataka: Status of health research". The Indian Journal of Medical Research খণ্ড 141 (5): 673–687. doi:10.4103/0971-5916.159586. PMID 26139788.