কুৰুৱাবাহী সত্ৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। বৰ্তমান গোলাঘাট জিলাৰ বোকাখাতৰ নামদৈয়াং মৌজাত ব্ৰহ্মপুত্ৰৰ ধনশিৰিমুখৰ বৰচাপৰিত এই ৰাজসত্ৰখন অৱস্থিত। স্থাপনৰ সময়ত ওচৰৰে এজোপা শিমলু গছত কুৰুৱা চৰাইৰ বাঁহ থকা বাবে নাম হ’ল কুৰুৱাবাহী সত্ৰ। সত্ৰখনৰ সঠিক স্থাপন কালৰ কথা জনা নাযায় যদিও আহোম ৰজা প্ৰতাপ সিংহৰ দিনতেই চাৰিওখন ৰাজসত্ৰৰ ভিতৰত এই কুৰুৱাবাহীখনেই প্ৰথমে স্থাপন হৈছিল। কুৰুৱাবাহী সত্ৰক চাৰি সত্ৰৰ আদি সত্ৰ বুলি ধৰা যায় আৰু সেয়ে আন তিনিখন ৰাজসত্ৰৰ সত্ৰাধিকাৰে চহৰ ফুৰিবলৈ ভটিয়াই গ’লে কুৰুৱাবাহীত সোমাই যোৱা পৰম্পৰা এতিয়াও চলি আছে। আন তিনিখন সত্ৰত ভাবী-অধিকাৰ নাইকিয়া হ’লে কুৰুৱাবাহীৰ পৰা আনি লোৱাৰ নিয়ম।
এতিয়ালৈকে মুঠ ১৯ জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে।
- ৺ বংশীগোপাল দেৱ (প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ)
- ৺ মিশ্ৰদেৱ
- ৺ ৰামকৃষ্ণ দেৱ
- ৺ চাৰুচন্দ্ৰ দেৱ
- ৺ চন্দ্ৰহাস দেৱ
- ৺ শিখৰচন্দ্ৰ দেৱ
- ৺ শম্ভূচন্দ্ৰ দেৱ
- ৺ কেশৱ চন্দ্ৰ দেৱ
- ৺ বসুচন্দ্ৰ দেৱ
- ৺ শুভচন্দ্ৰ দেৱ
- ৺ জগন্নাথ দেৱ
- ৺ অচ্যুতচন্দ্ৰ দেৱ
- ৺ শ্ৰীকান্ত চন্দ্ৰ দেৱ
- ৺ ভূধৰ চন্দ্ৰ দেৱ
- ৺ যদুচন্দ্ৰ দেৱ
- ৺ জয়চন্দ্ৰ দেৱ
- ৺ যোগানচন্দ্ৰ দেৱ
- ৺ ৰামচন্দ্ৰ দেৱ
- শ্ৰী শ্ৰী শিৱ প্ৰসাদ দেৱ (বৰ্তমানৰ সত্ৰাধিকাৰ)
- চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক : শিৰীষ কুমাৰ ভট্টাচাৰ্য্য , প্ৰকাশক : দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন , প্ৰকাশ কাল : ১৯৯৭ চন ।
- পৱিত্ৰ অসম - সম্পাদক : ড°মহেশ্বৰ নেওগ , প্ৰকাশক : ড°প্ৰদীপ ভূঞা , প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ হৈ , প্ৰথম প্ৰকাশ : ১৯৬০চন ।
- প্ৰৱন্ধ "অসমৰ সত্ৰানুষ্ঠান আৰু ৰজাঘৰীয়া পৃষ্ঠাপোষকতা" লিখক : ড°মাধৱ চন্দ্ৰ গোস্বামী ,ৰংপুৰ তিনিশ বছৰ উদযাপন সমিতি , শিৱসাগৰে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "বুৰঞ্জীয়ে পৰশা ৰংপুৰত" প্ৰকাশিত , প্ৰকাশ কাল : ২০০০ চন ।