কূৰ্মাসন

কূৰ্মাসন, কচ্ছপৰ ভংগিমা,[1] বা কাছৰ ভংগিমা[2] হৈছে হঠ যোগ আৰু আধুনিক যোগত ব্যায়াম হিচাপে আগলৈ বহি থকা আসন।
ব্যুৎপত্তি আৰু উৎপত্তি
[সম্পাদনা কৰক]সংস্কৃত कूर्म শব্দৰপৰাই নামটোৰ সৃষ্টি হৈছে; कूर्म অৰ্থাৎ "কচ্ছপ" বা "কাছ"[3] আৰু আসন মানে "ভংগী" বা "আসন।"[4]
উত্তন কুৰ্মাসনৰ বৰ্ণনা প্ৰাচীন, অনুমানিক সপ্তম শতিকাৰ অহিৰবুধ্য সংহিতা,[5] আৰু ১৯ শতিকাৰ যোগ-প্ৰদীপিকা[6] আৰু শ্ৰীতত্ত্বনিধিত চিত্ৰিত কৰা হৈছে।[7]
আধুনিক কুৰ্মাসনৰ বৰ্ণনা বি.কে.এছ. আয়েংগাৰৰ ১৯৬৬ চনৰ “লাইট অন যোগা’’ত পোৱা যায়। আয়েংগাৰে কৈছে যে এই আসন বিষ্ণু দেৱতাৰ কচ্ছপ অৱতাৰ কূৰ্মৰ প্ৰতি উৎসৰ্গিত।[8]
বিৱৰণ
[সম্পাদনা কৰক]কূৰ্মাসনত প্ৰৱেশ কৰিবলৈ এজন অনুশীলনকাৰীয়ে ভৰি দুখন মেলি বহি থাকে, ভৰি দুখন যিমান পাৰি বহলকৈ মেলি থাকে। আঁঠু দুটা অলপ বেঁকা হৈ থাকে, যাৰ ফলত গোৰোহা মজিয়াৰ সংস্পৰ্শত থাকে। শৰীৰটো নিতম্বৰ পৰা আগলৈ হেলান দি হাত দুখন আঁঠুৰ তলত সোমাই যায়। শৰীৰটো আগলৈ হেলান দি (নিতম্বত বেঁকা হৈ) হাত আৰু বাহু দুটা কাষলৈ আৰু পিছলৈ (আঁঠুৰ তলত) সোমাই যাবলৈ দিয়ে যেতিয়ালৈকে কিলাকুটিদুটা আঁঠুৰ তলত সোমাই নাযায়। গোৰোহা আগলৈ ঠেলি ভৰি দুখন যিমান পাৰি পোন কৰি লোৱা হয়। কপাল বা থুঁতৰি মজিয়া স্পৰ্শ কৰিবলৈ অনা হয়। হাত দুখন নিতম্বৰ সৈতে আন্তঃসংলগ্ন কৰিবলৈ বাহু দুটা পিঠিৰ চাৰিওফালে আৰু অধিক বহলাই দিয়া হয়।[9][8]

তাৰতম্য
[সম্পাদনা কৰক]সুপ্ত কূৰ্মাসন (Sleeping Tortoise Pose) ৰ কপালখন মজিয়াত, ভৰি দুখন মূৰৰ পিছফালে ক্ৰছ কৰি আৰু হাত দুখন ভৰিৰ চাৰিওফালে গৈ পিঠিৰ পিছফালে হাত দুখন মিলাই থাকে।[10][11]
উত্তৰ কূৰ্মাসনা (Upside-Down Tortoise Pose)ৰ হাত দুখন কুক্কুটাসন (Cockerel Pose) ৰ দৰে ক্ৰছ কৰা ভৰিৰ মাজেৰে পাক খাই সোমাই থাকে, পিঠি মাটিত আৰু হাতৰ তলুৱা ডিঙিত।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Gray 2008, পৃষ্ঠা. 59.
- ↑ Ramaswami & Krishnamacharya 2005, পৃষ্ঠা. 77.
- ↑ "Kurmasana - AshtangaYoga.info". Archived from the original on 2012-09-26. https://web.archive.org/web/20120926051845/http://www.ashtangayoga.info/practice/asana-vinyasa-series/primary-series-yoga-chikitsa/item/kurmasana/। আহৰণ কৰা হৈছে: 2011-04-11.
- ↑ Sinha, S. C. (1996). Dictionary of Philosophy. Anmol Publications. পৃষ্ঠা. 18. ISBN 978-81-7041-293-9. https://books.google.com/books?id=-zzRvh1fRzEC&pg=PA18.
- ↑ Mallinson, James (9 December 2011). "A Response to Mark Singleton's Yoga Body by James Mallinson". https://www.academia.edu/1146607। আহৰণ কৰা হৈছে: 4 January 2019. revised from American Academy of Religions conference, San Francisco, 19 November 2011.
- ↑ Bühnemann, Gudrun (2007). Eighty-Four Asanas in Yoga: A Survey of Traditions. প্ৰকাশক New Delhi: D. K. Printworld. পৃষ্ঠা. 63. ISBN 978-8124604175. https://archive.org/details/EightyFourAsanasInYogaGudrunBuhnemann_201801.
- ↑ Sjoman 1999, পৃষ্ঠা. 81, Plate 15 (pose 85).
- ↑ 8.0 8.1 Iyengar 1979, পৃষ্ঠা. 288–291.
- ↑ Saraswati 1996, পৃষ্ঠা. 328.
- ↑ "Supta Kurmasana". Ashtanga Yoga. Archived from the original on 4 March 2011. https://web.archive.org/web/20110304151131/https://www.ashtangayoga.info/practice/asana-vinyasa-series/primary-series-yoga-chikitsa/item/supta-kurmasana/। আহৰণ কৰা হৈছে: 4 November 2011.
- ↑ Iyengar 1979, পৃষ্ঠা. 291–292.
- ↑ Swami Kripalvananda (2017). Asana and Mudra. Red Elixir. পৃষ্ঠা. section 58. ISBN 978-1944037796. OCLC 1106088756.