সমললৈ যাওক

কৃষণ চন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃষণ চন্দৰ চোপ্ৰা

২০১৭ চনৰ ভাৰত ডাক বিভাগৰ ডাকটিকটত কৃষণ চন্দৰ
জন্ম ২৩ নৱেম্বৰ, ১৯১৪
ভৰতপুৰ জিলা (তেতিয়াৰ ৰাজপুতানা, ব্ৰিটিছ ভাৰত; বৰ্তমান ৰাজস্থান)
মৃত্যু ৮ মাৰ্চ, ১৯৭৭ (৬২ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ
শিক্ষানুষ্ঠান ফৰ্মান খ্ৰীষ্টিয়ান কলেজ, লাহোৰ
পেচা সাহিত্যিক

কৃষণ চন্দৰ (কৃষ্ণ চন্দ্ৰ বা কৃশ্ন চন্দ্ৰ বুলিও লিখা হয়) (২৩ নৱেম্বৰ ১৯১৪ – ৮ মাৰ্চ ১৯৭৭) এগৰাকী ভাৰতীয় উৰ্দু আৰু হিন্দী সাহিত্যিক আছিল। তেওঁ বিখ্যাত গল্পসংগ্ৰহ, উপন্যাস, ৰেডিঅ’ নাট আৰু চিত্ৰনাট্যৰ লগতে একাধিক কিতাপ ৰচনা কৰিছিল। তেওঁৰ অনেক কৃতি ইংৰাজীসহ বহুতো ভাষালৈ অনুবাদিত হৈছে। ১৯৪৭ চনৰ ভাৰতৰ বিভাজনৰ পিছত তেওঁ হিন্দী ভাষাতো লিখিবলৈ আৰম্ভ কৰে। সাহিত্যৰ স্বল্প আয়ৰ পৰিপূৰক হিচাপে তেওঁ বলিউডৰ চলচ্চিত্ৰৰ বাবে চিত্ৰনাট্য লিখিছিল। তেওঁৰ ব্যঙ্গাত্মক উপন্যাস এক গাধে কি সৰগুজাষ্ট (এটা গাধাৰ আত্মজীৱনী) ১৬টাৰো অধিক ভাৰতীয় ভাষা আৰু বিদেশী ভাষালৈ অনুবাদিত হৈছে।

তেওঁৰ বিখ্যাত গল্প ‘‘অন্নদাতা’’ৰ ওপৰত খোৱাজা আহমেদ আব্বাচে নিৰ্মাণ কৰা চলচ্চিত্ৰ ধৰিত্ৰী কৰে লাল (১৯৪৬) অত্যন্ত জনপ্ৰিয় হৈছিল। তাৰ পিছতেই বলিউডত চিত্ৰনাট্যকাৰ হিচাপে তেওঁৰ নিয়মীয়া কৰ্মজীৱন আৰম্ভ হয়। তেওঁ লিখা উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে মমতা (১৯৬৬) আৰু শৰাফত (১৯৭০)।[1][2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাজীৱন

[সম্পাদনা কৰক]

কৃষণ চন্দৰৰ জন্ম ৰাজস্থানৰ ভাৰতপুৰত হৈছিল, য’ত তেওঁৰ পিতৃ চিকিৎসকৰূপে কৰ্মৰত আছিল।[1][3][4] এই পৰিয়ালটো প্ৰথমে ভাৰতৰ অবিভক্ত পঞ্জাৱৰ ৱাজিৰাবাদ জিলা গুজৰাণৱালাৰ আছিল। চন্দৰে শৈশৱ কটায় জম্মু-কাশ্মীৰ ৰাজ্যৰ পুঞ্চত, য'ত তেওঁৰ পিতৃয়ে মহাৰাজ পুঞ্চৰ চিকিৎসক হিচাপে কাম কৰিছিল। তেওঁৰ উপন্যাস শকস্ত (পৰাজয়) কাশ্মীৰৰ বিভাজনৰ সৈতে জড়িত। তেওঁৰ অন্যতম জনপ্ৰিয় উপন্যাস মিট্টি কে ছনম, কাশ্মীৰত পিতৃ-মাতৃৰ সৈতে বাস কৰা এজন সৰু ল’ৰাৰ শৈশৱৰ স্মৃতিৰ বিষয়ে। তেওঁৰ আন এখন স্মৰণীয় উপন্যাস হ'ল "গদ্দাৰ", য'ত ১৯৪৭ চনত ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বিষয়ে কোৱা হৈছে। এই উপন্যাসখনত তেওঁ এজন স্বাৰ্থপৰ যুৱকৰ অনুভৱৰ জৰিয়তে সেই সময়ৰ জনসাধাৰণৰ দুখ-কষ্টক উজ্জ্বলভাৱে চিত্ৰিত কৰিছিল, যিজন নিজেই গদ্দাৰ (প্ৰতাৰক) আছিল। তেওঁৰ চুটিগল্প কাশ্মীৰী গাঁৱৰ কাহিনী, লগতে স্থানচ্যুত প্ৰবাসী আৰু শিপাহীন নগৰীয়া মানুহৰ কাহিনী। উৰ্দু ভাষাত লিখাৰ সময়ত তেওঁ পাহাৰী (পুঞ্চত বাস কৰা মানুহৰ উপভাষা) শব্দ ব্যৱহাৰ কৰিছিল।[1][3]

১৯৩০ চনত তেওঁ লাহোৰৰ ফৰ্মান খ্ৰীষ্টান কলেজত অধ্যয়ন কৰি কলেজ হাউচ আলোচনীৰ ইংৰাজী শিতান সম্পাদনা কৰে, আৰু সেই সময়ত ইংৰাজী লেখাৰ প্ৰতি আগ্ৰহী আছিল। আলোচনীখনৰ উৰ্দু শিতানৰ তেতিয়াৰ সম্পাদক হিচাপে মেহৰ লাল ছোনী জিয়া ফাতেহাবাদীয়ে ১৯৩২ চনত চন্দৰৰ প্ৰথম উৰ্দু চুটিগল্প "সাধু" প্ৰকাশ কৰাত তেওঁৰ কেৰিয়াৰত যথেষ্ট সহায় কৰিছিল।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৪৩ চনৰ বংগৰ মহাদুৰ্ভিক্ষ আৰু ১৯৪৭ চনৰ ভাৰত-বিভাজনৰ সময়ত সংঘটিত নিৰ্মমতা আৰু বৰ্বৰতাৰ ওপৰত তেওঁৰ সাহিত্যিক সৃষ্টি আধুনিক উৰ্দু সাহিত্যৰ অমূল্য নিদৰ্শনসমূহৰ ভিতৰত গণ্য কৰা হয়। যদিও সেই সময়ছোৱাই তেওঁৰ লেখনীশৈলীৰ উজ্জ্বল দৃষ্টান্ত, তেন্তে তেওঁ অন্য সময়তো ক্ষমতাৰ অপব্যৱহাৰ, দৰিদ্ৰতা, সমাজৰ হেঁচাত পোৱা দুখ-কষ্ট আদিক নিৰবচ্ছিন্নভাৱে সমালোচনা কৰিছিল। সৰ্বাত্মকভাৱে, তেওঁ বৰ্ণ বৈষম্য, উগ্ৰবাদ, সাম্প্ৰদায়িক হিংসা আৰু আতংকবাদৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা কেতিয়াও বন্ধ নকৰিলে। তেওঁ এগৰাকী উদাৰ মানৱতাবাদী আৰু বিশ্বনাগৰিক আছিল।[6]

কিতাপসমূহ

[সম্পাদনা কৰক]

তেওঁ ১০০খনৰো অধিক কিতাপ ৰচনা কৰিছিল, য'ত উপন্যাস, গল্পসংগ্ৰহ, ব্যঙ্গাত্মক ৰচনা, ভ্ৰমণবৃত্তান্ত, চিত্ৰনাট্য আৰু শিশু-সাহিত্য অন্তৰ্ভুক্ত আছিল।[7]

উপন্যাস

[সম্পাদনা কৰক]
  1. এক গধে কী আত্মকথা
  2. এক ৱাইলিন সমুন্দৰ কে কিনাৰে
  3. এক গধা নেফা মে
  4. তূফান কী কলিয়াঁ
  5. আসমান ৰোশন হৈ
  6. জব খেত জগে
  7. কাৰ্নিৱাল
  8. এক গধে কী ৱাপসী
  9. গদ্দাৰ
  10. লণ্ডন কে সাত ৰংগ
  11. বাৱন পত্তে
  12. প্যাস
  13. যাদোঁ কে চিনাৰ
  14. এক কৰোড় কী বোতল
  15. ৰেত কা মহল
  16. কাগজ কী নাৱ
  17. চান্দী কা ঘাৱ
  18. দিল দৌলত ঔৰ দুনিয়া
  19. প্যাসী ধৰতী প্যাসে লোগ
  20. পৰাজয়
  21. ধনগাঁওৱ কী ৰানী
  22. হংকং কী হসীনা
  23. জামুন কা পেৰ
  24. শিকস্ত[8][3]
  25. দিল কী ৱাদিয়াঁ সোঁ গই
  26. দৰকাৰীাজে খোল দো
  27. চৰক ৱাপস জাতি হৈ
  28. দাদৰ পুল কে নিচে
  29. বৰফ কে ফূল
  30. বৰ্বান ক্লাব
  31. মোৰ যাদোঁ কে চিনাৰ
  32. চান্দা কী চাঁদনী
  33. দৰদ কী নাহৰ
  34. ফিল্মী কায়দা
  35. পাচ লোফাৰ (১৯৬৬)[9]
  36. গাৱেলিয়ৰ কা হাজ্জাম
  37. বম্বাই কী শাম
  38. মৰানী
  39. পথাৰ কী পৰী
  40. মহানগৰীৰ মেছিন
  41. আয়নেএ একেলে হ্যায়
  42. চানবেলী
  43. মোক্কাক বদান মেৰা চমন
  44. মহব্বত ভি কিয়ামত ভি
  45. সোণে কা সংসাৰ
  46. সপনো কী ৱাদী
  47. আধা ৰাস্তা
  48. হনলুলু কা ৰাজকুমাৰ
  49. সপনো কী ৰাহগুজাৰে
  50. ফুটপাত কে ফৰিশ্তে
  51. আধে সফৰৰ পূৰি কাহানী

গল্প সংকলন

[সম্পাদনা কৰক]
  1. সফেদ ফুল
  2. অন্নদাতা[8]
  3. মিট্টী কে সনম
  4. কাশ্মীৰ কী কাহিনীয়াঁ
  5. হম ৱাহশী হ্যায়[8]
  6. আধে ঘণ্টে কা খুদা
  7. গুঙে দেৱতা
  8. পূৰে চান্দ কী ৰাত
  9. মছলী জাল
  10. সপনো কা কয়েদী
  11. জামুন কা পেৰ
  12. হম তো মুহব্বত কৰেগা
  13. দাদৰ পুল কে বচ্চে
  14. গৰজন কী এক শাম
  15. তীন গুণ্ডে
  16. হাৱাই কিল্লে
  17. ঘুঙঘট মে গোৰী জলৈ
  18. নগমে কী মউত
  19. পূৰণে খুদা
  20. তীন গুণ্ডে[9]
  21. অতিতা সে আগ্যে
  22. এক গিৰ্জা এক খন্দক
  23. নয়ে গুলাম
  24. মজাহিয়া আফসানে
  25. এক ৰূপিয়ে এক ফুল
  26. ইউক্লিপটাছ কী দালি
  27. হাইড্ৰোজেন বোম্ব কে বাদ
  28. নয়ে আফসানে (১৯৪৩)[9]
  29. কাফ কা কাফন
  30. দিল কিসী কা দোস্ত নহী (১৯৫৯)[9]
  31. মুছকুৰানে ৱালিয়াঁ
  32. কৃষ্ণ চন্দৰৰ আফসানে
  33. মিছ নৈনিতাল
  34. দস্বাঁ পুল (১৯৬৪)[9]
  35. গুলশান গুলশান ধুঙধা তুঝকো
  36. উলঝি লড়কি কালে বাল (১৯৭০)[9]
  37. কলু ভাঙ্গী[1]
  1. নজ্জাৰে
  2. জিন্দগী কে ম’ড় পৰ
  3. টুটে হুয়ে তাৰে
  4. সমুন্দৰ দূৰ হৈ
  5. অজন্তা সে আগ্যে
  6. ম্যায় ইন্তজাৰ কৰুঙ্গা
  7. দিল কিসী কা দোস্ত নহীঁ
  8. কিতাব কা কফন
  9. তিলিস্ম-এ-খয়াল[9]
  10. সৌ ৰুপয়ে
  11. দো ফৰ্লাং লম্বী সড়ক
  12. বুত জাগতে হ্যায়
  13. পেছাৱৰ এক্সপ্ৰেস
  14. মহালক্ষ্মী কা পুল

চলচ্চিত্ৰসমূহ

[সম্পাদনা কৰক]
  • ধৰতী কে লাল (১৯৪৬)  — গল্প
  • আন্দোলন (১৯৫১)  — চিত্ৰনাট্য আৰু গল্প[10]
  • তমাশা (১৯৫২)  — সংলাপ
  • দেৱ আনন্দ ইন গোৱা (১৯৫৫)  — চিত্ৰনাট্য আৰু সংলাপ
  • দো ফুল (১৯৫৮)  — সংলাপ
  • ডেলী জংচন (১৯৬০)  — সংলাপ[10]
  • মমতা (১৯৬৬)  — সংলাপসমূহ[10]
  • শৰাফত (১৯৭০)  — চিত্ৰনাট্য আৰু সংলাপ[10]
  • দো চোৰ (১৯৭২)  — সংলাপ
  • মঞ্চালী (১৯৭৩)  — সংলাপ
  • হামৰাহি (১৯৭৪)  — গল্প আৰু সংলাপ ৰচক[10]
  • ৰাম ভৰছে (১৯৭৭)  — সংলাপ

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কৃষণ চন্দৰ চোপ্ৰাই দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁৰ প্ৰথম পত্নী আছিল বিদ্যাৱতী চোপ্ৰা। এই বিবাহ দুয়োপক্ষৰ পৰিয়ালৰদ্বাৰা ভাৰতীয় পৰম্পৰাগত উপায়ে সম্পন্ন কৰা হৈছিল। এই দম্পতীৰ তিনিজন সন্তান আছিল, দুজন কন্যা আৰু এজন পুত্ৰ।

পিছত চন্দৰে দ্বিতীয়বাৰ ছালমা ছিদ্দিকীক বিবাহ কৰে, যি বিবাহ বিচ্ছেদিত মহিলা আছিল। ছালমা আছিল বিখ্যাত উৰ্দু সাহিত্য-বিশ্লেষক ৰাছিদ আহমেদ ছিদ্দিকীৰ কন্যা।[1] ছালমাৰ আগৰ বিবাহৰপৰা এজন পুত্ৰ আছিল, আৰু সেই শিশুক চন্দৰৰ পৰিয়ালতেই লালন-পালন পাইছিল। কৃষণ চন্দৰ আৰু ছালমা ছিদ্দিকীৰ দম্পতীৰ কোনো সন্তান জন্ম হোৱা নাছিল।

৮ মাৰ্চ ১৯৭৭ তাৰিখে কৃষণ চন্দৰৰ মৃত্যু হয়, যেতিয়া তেওঁ মুম্বাইৰ ঘৰতে নিজৰ ডেস্কত সাহিত্যৰ কাম কৰি আছিল।[1] তেওঁ আদব বাৰায়ে বাতাখ (হাঁহৰ সাহিত্য) শীৰ্ষক এখন ব্যঙ্গৰচনা লিখিবলৈ আৰম্ভ কৰি মাত্ৰ এটা পংক্তি লিখিছিল—নূৰানী কো বচপন হি সে পলতু জনৱৰোঁ কা শৌক থা। কবুতৰ, বান্দৰ, ৰং-বেৰংগী চিড়িয়াঁ… (শৈশৱৰপৰাই নূৰানীৰ পোহনীয়া জন্তু-চৰাই প্ৰতি বিশেষ আকৰ্ষণ আছিল— পাৰ চৰাই, বান্দৰ, বিভিন্ন ৰঙৰ চৰাই …), বাকী বাক্য সমাপ্ত কৰিবলৈ নোৱৰি হঠাতে হৃদযন্ত্ৰবিকলতাত মৃত্যু ঘটিছিল।

তেওঁৰ স্মৃতিৰক্ষাৰ বাবে পুঞ্চ নগৰত থকা এটা ফাউণ্টেইন পাৰ্কৰ নামকৰণ কৰিছে ‘‘কিষণ চন্দৰ পাৰ্ক, পুঞ্চ’’। সেই উদ্যানৰ মাজ-মজিয়াতে তেওঁৰ এটা প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 Rauf Parekh (2 May 2016). "LITERARY NOTES: Remembering Krishan Chander and Akhter-ul-Iman". Dawn (newspaper). https://www.dawn.com/news/1255693। আহৰণ কৰা হৈছে: 8 March 2021. 
  2. "Film World" (en ভাষাত). Film World (T.M. Ramachandran) খণ্ড 10: 65. 1974. https://books.google.com/books?id=sHlTAAAAYAAJ. "I feel that the Government should eradicate the age-old evil of certifying Urdu films as Hindi ones. It is a known fact that Urdu has been willingly accepted and used by the film industry. Two eminent Urdu writers Krishan Chander and Ismat Chughtai have said that "more than seventy-five per cent of films are made in Urdu." It is a pity that although Urdu is freely used in films, the producers in general mention the language of the film as "Hindi" in the application forms supplied by the Censor Board. It is a gross misrepresentation and unjust to the people who love Urdu.". 
  3. 3.0 3.1 3.2 "From Krishan Chander, a Salute to Kashmir". The Wire (India). 12 August 2019. https://thewire.in/books/krishan-chander-a-salute-to-kashmir। আহৰণ কৰা হৈছে: 8 March 2021. 
  4. Ahmed, Ishtiaq (4 February 2014). "Centenary of Krishan Chander". Daily Times. http://www.dailytimes.com.pk/opinion/04-Feb-2014/centenary-of-krishan-chander. 
  5. Malik Ram (1977) (Urdu ভাষাত). Zia Fatehabadi – Shakhs Aur Shair. প্ৰকাশক Delhi: Ilmi Majlis. পৃষ্ঠা. 116–117. https://books.google.com/books?id=UR_EGwAACAAJ. 
  6. Lamat R. Hasan (25 August 2018). "A translation of Krishan Chander's Ghaddaar that is timely, moving, vital". Hindustan Times. https://www.hindustantimes.com/books/a-translation-of-krishan-chander-s-ghaddaar-that-is-timely-moving-vital/story-kkAwbAARCj9dTTL1xI22iN.html. 
  7. Advance, Volume 26 (1977), Public Relations, Punjab, p. 17
  8. 8.0 8.1 8.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; goodreads নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; rekhta নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. 10.0 10.1 10.2 10.3 10.4 Filmography of Krishan Chander on Cinestaan.com website Retrieved 8 March 2021

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]