কৃষ্ণপুৰম প্ৰাসাদ
| কৃষ্ণপুৰম প্ৰাসাদ | |
|---|---|
২০২১ চনত সন্মুখৰপৰা দৃশ্যমান কৃষ্ণপুৰম প্ৰাসাদ | |
| সাধাৰণ তথ্য | |
| স্থাপত্য শৈলী | পথীনাৰুকেট্টু কেৰালাৰ স্থাপত্যশৈলী |
| চহৰ | আলাপ্পুয়া জিলাৰ কায়ামকুলাম আৰু কৃষ্ণপুৰম |
| দেশ | ভাৰত |
| স্থানাংক | 9°09′01″N 76°30′31″E / 9.1503°N 76.5086°E |
| নিৰ্মাণ আৰম্ভ | ১৭০০–১৭৭৫ খ্ৰীষ্টাব্দ; অষ্টাদশ শতিকাত পুনৰ্নিৰ্মিত |
| সম্পূৰ্ণ | ১৯৫০-ৰ দশকত শেহতীয়া নবীকৰণ |
| প্ৰযুক্তিৰ বিৱৰণ | |
| গঠন পদ্ধতি | লেতেৰাইট শিল, ৰুবল (খহটা শিল), চেগুন, চিচু কাঠ আৰু অঞ্জিলি কাঠ |
| Size | মূলতঃ ৫৬ একৰ, বৰ্তমান ২.৫৫ একৰ |
| নক্সা আৰু নিৰ্মাণ | |
| গ্ৰাহক | মূলতঃ বীৰ ৰবি বাৰ্মাৰদ্বাৰা নিৰ্মিত; অষ্টাদশ শতিকাত অনিঝাম থিৰুনাল মাৰ্তণ্ড বাৰ্মা (১৭২৯–১৭৫৮ খ্ৰীষ্টাব্দ)ৰদ্বাৰা পুনৰ্নিৰ্মিত আৰু বৰ্তমান কেৰালা চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ অধীনস্থ |
| অভিযন্তা | প্ৰাৰম্ভিক পৰ্যায়ত ৰামায়্যন দালাৱা, পৰৱৰ্তী সময়ত আয়াপ্পন মাৰ্তণ্ড পিল্লাই |
কৃষ্ণপুৰম প্ৰাসাদ (ইংৰাজী: Krishnapuram Palace) দক্ষিণ-পশ্চিম ভাৰতৰ কেৰালা ৰাজ্যৰ আলাপ্পুয়া জিলাৰ কায়ামকুলাম চহৰৰ ওচৰত অৱস্থিত এখন প্ৰাসাদ আৰু সংগ্ৰহালয়।[1][2] ট্ৰাভাংকোৰ ৰাজ্যৰ ৰজা অনিঝাম থিৰুনাল মাৰ্তণ্ড বাৰ্মাই (১৭২৯–১৭৫৮ খ্ৰীষ্টাব্দ) অষ্টাদশ শতিকাত এই প্ৰাসাদখন নিৰ্মাণ কৰাইছিল। কৃষ্ণপুৰমৰ কৃষ্ণস্বামী মন্দিৰৰ ওচৰত অৱস্থিত এই প্ৰাসাদখন কেৰালাৰ পৰম্পৰাগত স্থাপত্যশৈলীত ঢাল খোৱা চাল, ঠেক বাৰাণ্ডা আৰু পথালিকৈ দিয়া খিৰিকীৰে সজা হৈছে।[3][4][5][6][7]
বৰ্তমান প্ৰাসাদখন কেৰালা ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰদ্বাৰা তত্ত্বাৱধান কৰা হয়। ইয়াত প্ৰাসাদৰ পুৰণি সামগ্ৰী আৰু ইয়াৰ প্ৰাক্তন বাসিন্দা ট্ৰাভাংকোৰৰ মহাৰাজ মাৰ্তণ্ড বাৰ্মাৰ বিভিন্ন ব্যক্তিগত সঁজুলি প্ৰদৰ্শন কৰা হৈছে। প্ৰাসাদ চৌহদৰ ভিতৰত থকা এটা ডাঙৰ পুখুৰীৰ বাবেও ই বিখ্যাত।[3] লোকবিশ্বাস অনুসৰি, শত্ৰুৰ আক্ৰমণৰপৰা হাত সাৰিবলৈ পুখুৰীটোৰ তলিৰপৰা এটা গোপন সুৰংগ পথ সুৰক্ষিত স্থানলৈ গৈছিল।[4][7]
প্ৰাসাদখনত কেৰালা শৈলীৰ বহুতো দেৱাল চিত্ৰ আছে। ইয়াৰ ভিতৰত আটাইতকয়ে বিশেষভাৱে সংৰক্ষিত ১৫৪ বৰ্গফুট আয়তনৰ ‘‘গজেন্দ্ৰ মোক্ষম’’ নামৰ ভিত্তিচিত্ৰখন কেৰালাত আৱিষ্কৃত এই ধৰণৰ আটাইতকয়ে ডাঙৰ চিত্ৰ বুলি কোৱা হয়। এই চিত্ৰখন প্ৰাসাদৰ ভূমিতলৰ পশ্চিম প্ৰান্তত অৱস্থিত।[4][8]
দুয়োফালে ধাৰ থকা বিখ্যাত ‘কায়ামকুলাম তৰোৱাল’ (Kayamkulam Vaal) ইয়াৰ অন্যতম প্ৰধান আকৰ্ষণ। প্ৰাসাদৰ চোতালত আলাপপ্লায়া জিলাত আৱিষ্কৃত গৌতম বুদ্ধৰ চাৰিটা বিখ্যাত মূৰ্তিৰ এটা সংৰক্ষণ কৰি ৰখা হৈছে।[9][10]
ভৌগোলিক অৱস্থিতি
[সম্পাদনা কৰক]কৃষ্ণপুৰমৰ এক শান্ত গাঁৱত অৱস্থিত কৃষ্ণস্বামী মন্দিৰৰ নামেৰে নামকৰণ কৰা এই কৃষ্ণপুৰম প্ৰাসাদ কায়ামকুলাম চহৰৰপৰা প্ৰায় ২ কিঃমিঃ দক্ষিণে অৱস্থিত। ফোঁৱাৰা, পুখুৰী আৰু ঘাঁহনিৰে সুসজ্জিত বাগিছাৰ মাজত এটা সৰু টিলাৰ ওপৰত প্ৰাসাদখন নিৰ্মাণ কৰা হৈছে। ই আলাপপ্লায়া জিলাৰ ওচিৰা আৰু কায়ামকুলামৰ মাজৰ ৬৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ (NH 66) বাঁওফালে অৱস্থিত। আলাপপ্লায়া চহৰৰপৰা কোল্লামলৈ যোৱা পথত ই প্ৰায় ৪৭ কিঃমিঃ দূৰত অৱস্থিত।[3][7][11][12]
ইতিহাস
[সম্পাদনা কৰক]১৭৪৬ চনৰ ওদনাদ-ত্ৰাভাংকুৰ যুদ্ধত ওদনাদ ৰাজ্যক পৰাস্ত কৰি নিজৰ সাম্ৰাজ্যৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ পাছত ট্ৰাভাংকোৰৰ ৰজা মাৰ্তণ্ড বাৰ্মাই এই প্ৰাসাদখন নিৰ্মাণ কৰিছিল। প্ৰাসাদখন নিৰ্মাণ কৰাৰ পূৰ্বে ৰজাই সেই স্থানত থকা ওদনাদৰ ৰজা বীৰ ৰবি বাৰ্মাই (ৰাজত্বকাল ১৭০০-১৭৭৫ খ্ৰীষ্টাব্দ) নিৰ্মাণ কৰা পুৰণি প্ৰাসাদটো ভাঙি পেলাইছিল।[7] প্ৰাৰম্ভিক পৰ্যায়ত, প্ৰধানমন্ত্ৰী ৰামায়্যন দালাৱাৰ তত্ত্বাৱধানত পৰম্পৰাগত শৈলীত পুখুৰী, মন্দিৰ আৰু ‘উৰাপ্পুৰা’ৰ সৈতে ‘এট্টুকেট্টু’ (Ettukettu) নামেৰে জনাজাত একমহলীয়া এটা সৰু প্ৰাসাদ নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী আয়াপ্পন মাৰ্তণ্ড পিল্লাই এই প্ৰাসাদখন ডাঙৰকৈ সাজে। প্ৰাসাদ চৌহদত আন বহুতো ভৱন আছে, যিবোৰ পৰম্পৰাগত কেৰালা আৰু পশ্চিমীয়া স্থাপত্যৰ এক মিশ্ৰণ। চৌহদৰ ভিতৰত থকা বৰ্তমানৰ তিনিমহলীয়া ভৱনটো ১৯৫০-ৰ দশকত কেৰালা পুৰাতত্ত্ব বিভাগে ঐতিহ্যবাহী ভৱন সংৰক্ষণৰ বৈজ্ঞানিক পদ্ধতি অনুসৰি আধুনিক শৈলীত নৱীকৰণ কৰে। এক সংৰক্ষিত কীৰ্তিচিহ্ন হিচাপে ইয়াত পুৰাতাত্ত্বিক সংগ্ৰহালয় আৰু ইয়াৰ কাৰ্যালয়সমূহ স্থাপন কৰা হৈছে।[3][4][7]
স্থাপত্যশৈলী
[সম্পাদনা কৰক]কেৰালাৰ এক অতি সুন্দৰ আৰু বিৰল পৰম্পৰাগত স্থাপত্যশৈলীৰ নিদৰ্শন হৈছে এই কৃষ্ণপুৰম প্ৰাসাদ। থলুৱা ভাষাত ইয়াক ‘পথীনাৰুকেট্টু’ (Pathinarukettu) বুলি জনা যায়। ই ঢাল খোৱা চাল, ঠেক বাৰাণ্ডা আৰু ডৰ্মাৰ খিৰিকীৰে পৰিপূৰ্ণ। এই প্ৰাসাদখন ত্ৰাভাংকুৰ ৰজাসকলৰ মুখ্য কাৰ্যালয় পদ্মনাভপুৰম প্ৰাসাদৰ এটা সৰু প্ৰতিলিপি (miniature replica) সদৃশ।[3][4]
প্ৰাৰম্ভিক অৱস্থাত এই প্ৰাসাদ চৌহদে মুঠ ৫৬ একৰ ভূমি আবৃত কৰি আছিল। অৱশ্যে, সময়ৰ সোঁতত ৰাজতন্ত্ৰৰ অৱসান ঘটাৰ পিছত, প্ৰাসাদখন সম্পূৰ্ণৰূপে অৱহেলিত হৈ পৰে আৰু ব্যৱহাৰ নোহোৱাৰ বাবে জৰাজীৰ্ণ হৈ ধ্বংসৰ গৰাহত পৰে। মহাৰাজৰ মূল প্ৰাসাদৰ চাৰিওফালে থকা বহুতো ভৱন ভাঙি পেলোৱা হয় বা ধ্বংস হয় আৰু সমগ্ৰ প্ৰাসাদ চৌহদটো কেৱল ২.৫৫ একৰ মাটিলৈ সংকুচিত হৈ পৰে, যাৰ চাৰিওফালে বৰ্তমান এখন ১০ ফুট ওখ দেৱাল আছে। জৰাজীৰ্ণ হৈ পৰা মূল প্ৰাসাদটোক ১৯৫০-ৰ দশকত কেৰালাৰ পুৰাতত্ত্ব বিভাগে এক দুমহলীয়া কীৰ্তিচিহ্ন হিচাপে তাৰ প্ৰাৰম্ভিক ৰূপলৈ পুনৰ্নিৰ্মাণ কৰে। অন্যান্য স্থানত থকা বিৰল নথি-পত্ৰ আৰু শিল্পকৰ্মসমূহ ঘূৰাই আনি, মেৰামতি কৰি অৱশেষত প্ৰাসাদখনত সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰি প্ৰদৰ্শন কৰা হয়।[7]
প্ৰাসাদটো ইয়াৰ মূল আৰ্হি অনুসৰি আৰু বাস্তু শাস্ত্ৰৰ নিয়ম মানি পুনৰুদ্ধাৰ কৰা হৈছে। ইয়াত ১৬টা ব্লক বা ‘কেট্টু’ (Kettus) আছে আৰু ইয়াৰ কেন্দ্ৰভাগত বা চোতালত ৪খন ‘নডুমুত্তম’ (Nadumuttam) বা মুকলি স্থান আছে। খিৰিকী, দুৱাৰ আৰু ভেণ্টিলেটৰসমূহ এনেদৰে স্থাপন কৰা হৈছিল যাতে সকলো কোঠাতে বিশুদ্ধ বায়ুৰ চলাচল আৰু প্ৰাকৃতিক পোহৰ নিশ্চিত হয়। ইয়াত ২২টা কোঠা আছে (যিবোৰ ছাঁযুক্ত অভ্যন্তৰীণ চোতালখনলৈ খোল খায়), য’ত কাঠৰ ওপৰত খোদিত কৰা ধুনীয়া আলংকাৰিক বিভাজন বা বেৰা আছে। ‘মৰ্মৱেধম’ (গোপন প্ৰভাৱ)-ৰ যিকোনো নেতিবাচক প্ৰভাৱ প্ৰতিৰোধ কৰিবলৈ অতিৰিক্ত দুৱাৰ-খিৰিকীৰ ব্যৱস্থা কৰা হৈছিল। বৰষুণৰ বাবে যাতে বাহিৰৰ দেৱালবোৰ নষ্ট নহয়, তাৰ বাবে ভৱনটোৰ চাৰিওফালে বাৰাণ্ডাৰ (পথ) ব্যৱস্থা কৰা হৈছে। ইয়াৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীসমূহৰ পৰিসৰত আছিল— লেতেৰাইট শিল, খহটা শিল, চেগুন, চিচু কাঠ আৰু অঞ্জিলি কাঠ। চালিখন (ৰঙা টাইলছযুক্ত ঢাল খোৱা চালি[13]) তীব্ৰ ঢালযুক্ত আৰু মেংগালোৰ টাইলছেৰে (Mangalore tiles) আবৃত, যিয়ে গাঁথনিটোৰ সৌন্দৰ্য বৃদ্ধি কৰে। প্ৰাসাদটো নিৰ্মাণৰ বাবে গ্ৰহণ কৰা কাঠৰ কামৰ এক বিশেষ বৈশিষ্ট্য আছিল যে ধাতৱ সঁজুলিৰ পৰিৱৰ্তে দুৱাৰ আৰু খিৰিকীৰ বাবে কাঠৰ কব্জা আৰু তলা ব্যৱহাৰ কৰা হৈছিল। মজিয়াখন পলিচ কৰা কাঠ আৰু ক’লা তথা ৰঙা অক্সাইডৰ প্ৰলেপযুক্ত কংক্ৰিটেৰে সজা। খটখটীবোৰ পলিচ কৰা গ্ৰেনাইট শিলেৰে নিৰ্মিত। পোন, বেঁকা আৰু সৰ্পিল খটখটী (spiral staircases) তথা চানশ্বেডৰ বিশেষ আৰ্হিৰদ্বাৰা প্ৰাসাদটোৰ নান্দনিক সৌন্দৰ্য অধিক বৃদ্ধি পাইছে।[7]
প্ৰাসাদৰ দক্ষিণ সীমান্তৰ কাষেৰে বৈ যাব পৰাকৈ এটা সৰু জান বা সোঁতৰ সৃষ্টি কৰা হৈছিল, যিয়ে জৰুৰীকালীন সময়ত এটা গোপন পলায়ন পথ হিচাপেও কাম কৰিছিল।[7]
ভৱনটোৰ কেন্দ্ৰভাগলৈ বিস্তৃত হৈ থকা এটা ভূ-গৰ্ভস্থ টেংক বা পুখুৰী প্ৰাসাদৰ অংশ আছিল; ই সকলো ভিতৰৰ কোঠাতে এক মধ্যমীয়া উষ্ণতাৰ শীত-তাপ নিয়ন্ত্ৰিত প্ৰভাৱ প্ৰদান কৰিছিল।[7]
প্ৰাসাদ চৌহদত বহুতো ‘পাদিপ্পুৰা’ (Padippuras—ঐতিহ্যবাহী প্ৰৱেশদ্বাৰ) আছে, বিশেষকৈ মূল প্ৰৱেশদ্বাৰত, যিবোৰে সামাজিক মৰ্যাদাৰ প্ৰতীক বহন কৰে।[7]
সংগ্ৰহ
[সম্পাদনা কৰক]প্ৰাসাদ চৌহদটোৱে বৰ্তমান এক পুৰাতাত্ত্বিক সংগ্ৰহালয় হিচাপে কাম কৰে। ই প্ৰাচীন চিত্ৰকলা আৰু শিলালিপি, মুদ্ৰা, মেগালিথিক অব koৱশেষ, কাঠৰ সামগ্ৰী, পিতল আৰু শিলৰ ভাস্কৰ্যৰ এক বিশাল ভাণ্ডাৰ। এই চৌহদৰ কিছুমান প্ৰধান প্ৰদৰ্শনী হ’ল— গজেন্দ্ৰ মোক্ষমুৰ ভিত্তিচিত্ৰ, কায়ামকুলাম তৰোৱাল (Kayamkulam Val), দশম শতিকাৰ বুদ্ধৰ মূৰ্তি, আনুষ্ঠানিক বা ধৰ্মীয় পাত্ৰ আৰু অন্যান্য বহুতো ঐতিহাসিক শিল্পকৰ্ম।[3][4][8][10]
- গজেন্দ্ৰ মোক্ষম

প্ৰাসাদৰ ভিতৰত থকা পুৰাতাত্ত্বিক সংগ্ৰহালয়টোত ৩ মিটাৰ ওখ গজেন্দ্ৰ মোক্ষমুৰ এটা ভিত্তিচিত্ৰ প্ৰদৰ্শন কৰা হৈছে।[14] এইখন কেৰালাত এতিয়ালৈকে আৱিষ্কৃত হোৱা আটাইতকয়ে ডাঙৰ একক ভিত্তিচিত্ৰ। ‘গজেন্দ্ৰ মোক্ষম’ৰ আক্ষৰিক অৰ্থ হৈছে ‘‘হাতীৰ ৰজা গজেন্দ্ৰৰ মুক্তি বা মোক্ষ’’। এই দেৱাল চিত্ৰখনৰ বিষয়-বস্তু পৌৰাণিক আৰু ইয়াত আন আন সৰু দেৱ-দেৱী তথা সাধুসকলৰ উপস্থিতিত হাতীৰ ৰজাই ভগৱান বিষ্ণুক ভক্তিৰে প্ৰণাম কৰা দৃশ্য দেখুওৱা হৈছে। ভগৱান বিষ্ণু কায়ামকুলামৰ ৰজাসকলৰ কুলদেৱতা আছিল। বিভিন্ন ৰং আৰু প্ৰকাশভংগীৰ মিশ্ৰণ থকা এই ভিত্তিচিত্ৰখন পুখুৰীৰপৰা প্ৰাসাদলৈ সোমাবলৈ থকা প্ৰৱেশদ্বাৰত গুৰুত্বপূৰ্ণভাৱে স্থাপন কৰা হৈছিল, যাতে ৰজাসকলে তেওঁলোকৰ দৈনিক স্নান কাৰ্য সমাপন কৰাৰ পাছতে দেৱতাক আৰাধনা কৰিব পাৰে।[3][4][8][11][15]
গজেন্দ্ৰ মোক্ষমৰ ওপৰত বৰ্ণিত পৌৰাণিক কাহিনীটো দশম শতিকাৰ সংস্কৃত ভাগৱত পুৰাণত উল্লেখ আছে। এই কাহিনী অনুসৰি, ভগৱান বিষ্ণুৰ এজন পৰম ভক্ত পাণ্ড্য ৰজা ইন্দ্ৰদ্যুম্নক অগস্ত্য মুনিয়ে হাতী হিচাপে পুনৰ জন্ম ল’বলৈ অভিশাপ দিছিল। হাতীৰ ৰজা গজেন্দ্ৰই নিজৰ পত্নীসকলৰ সৈতে এটা হ্ৰদত আনন্দ বিহাৰ কৰি থকা অৱস্থাত এটা ঘঁৰিয়ালে তেওঁৰ ভৰিখনত জোৰকৈ কামুৰি ধৰে আৰু এনেদৰে গজেন্দ্ৰ বহু বছৰ ধৰি বন্দী হৈ থাকে। অৱশেষত উপায়হীন গজেন্দ্ৰই এই বিপদৰপৰা উদ্ধাৰ পাবলৈ তেওঁৰ আৰাধ্য দেৱতা ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰে। বিষ্ণুৱে অতি সোনকালে নিজৰ বাহন গৰুড়ৰ (অৰ্ধ-মানুহ আৰু অৰ্ধ-পক্ষী ৰূপ) ওপৰত উঠি তাত উপস্থিত হয়। গৰুড়ে ঘঁৰিয়ালটোক বধ কৰে। এই সমগ্ৰ ক্ৰমটো উদ্ভিদৰপৰা তৈয়াৰী প্ৰাকৃতিক ৰঙেৰে ভিত্তিচিত্ৰখনত সজীৱভাৱে অংকন কৰা হৈছে। ইয়াৰ কেন্দ্ৰভাগত থকা গৰুড়ৰ এক গতিশীল চিত্ৰণ আছে, য’ত তেওঁ বিশাল ডেকা মেলি নামিবলৈ উদ্যত হৈছে আৰু তেওঁৰ মুখৰ প্ৰকাশভংগী ৰুদ্ৰ (ক্ৰোধৰ ৰূপ), যিটো বহু-বাহুধাৰী বিষ্ণুৰ কৰুণাময় বৈশিষ্ট্যৰ সম্পূৰ্ণ বিপৰীত। দেৱাল চিত্ৰখনত গজেন্দ্ৰৰ চিঞৰি থকা এক সৰু অবয়ৱ আৰু সোঁফালে ঘঁৰিয়ালটোকো দেখুওৱা হৈছে। এই চিত্ৰখনে ইয়াৰ প্ৰতিটো উপলব্ধ স্থানতে কেৰালা শৈলীৰ চিত্ৰকলাৰ প্ৰকৃত প্ৰতিনিধিত্ব কৰে। কাহিনীৰ মূল চৰিত্ৰসমূহৰ উপৰি সাধু, জীৱ-জন্তু, পৌৰাণিক জীৱ আৰু অৰণ্যৰ গছ-লতাও চিত্ৰিত কৰা হৈছে। ভিত্তিচিত্ৰখনৰ বাহিৰৰ প্ৰান্তসমূহ ফুলৰ ফুলজাৰিৰে (Floriate borders) সজোৱা হৈছে। ইয়াৰ একেবাৰে তলত এটা সুকীয়া ত্ৰিপল ফলক (triptych-like panel) আছে য’ত শিশু কৃষ্ণক (Krishna) চেনেহী মহিলাসকলে বেঢ়ি থকা দেখা গৈছে।[16]
- কায়ামকুলাম তৰোৱাল
কায়ামকুলাম তৰোৱালখন সংগ্ৰহালয়ৰ এক গুৰুত্বপূৰ্ণ প্ৰদৰ্শনী। এই তৰোৱালখনৰ বিশেষত্ব হ’ল যে ইয়াৰ দুয়োটা কাষেই ধাৰাল আৰু সেয়েহে ই আন যিকোনো সমৰ সঁজুলিতকৈ অধিক মাৰাত্মক। অষ্টাদশ শতিকাত কায়ামকুলামৰ ৰজাসকলে ইয়াত ব্যৱহাৰ কৰিছিল বুলি কোৱা হয় আৰু সেয়েহে ই ৰজাৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল।[3]
- বুদ্ধ মণ্ডপম
বুদ্ধ মণ্ডপমত আল্লাপপ্লায়া জিলাৰ পুখুৰী আৰু পথাৰসমূহত শেহতীয়াকৈ উদ্ধাৰ হোৱা দশম শতিকাৰ চাৰিটা প্ৰাচীন বুদ্ধৰ এটা আকৰ্ষণীয় মূৰ্তি প্ৰদৰ্শন কৰা হৈছে। বুদ্ধ মণ্ডপমটো (ইয়াত স্থাপন কৰা বুদ্ধৰ মূৰ্তিটো প্ৰাসাদ নিৰ্মাণৰো পূৰ্বৰ[13]) ধুনীয়াকৈ সজোৱা আৰু কেৰালাৰ থলুৱা ফুলৰ গছেৰে পৰিপূৰ্ণ বাগিছাখনৰ মাজত অৱস্থিত, যিয়ে প্ৰাসাদ চৌহদটোক বেঢ়ি ৰাখিছে।[9][15]
আলাপপ্লায়া জিলাত শেহতীয়া বছৰবোৰত উদ্ধাৰ হোৱা চাৰিটা বুদ্ধৰ মূৰ্তিয়ে কেৰালাৰ মাভেলি সাম্ৰাজ্যৰ ওদনাডুত পুৰণি সময়ত হীনযান বৌদ্ধ ধৰ্মৰ প্ৰচলন থকাটো প্ৰমাণ কৰে। চাৰিটা বুদ্ধৰ প্ৰতিমূৰ্তি ধ্যানে বহি থকা অৱস্থাত ‘উষ্ণীষ’ (টুপী) আৰু ‘উপবীত’ (উত্তৰীয় বস্তু) পিন্ধা ৰূপত আছে। কেৰালাত বৌদ্ধ ধৰ্ম বিৰোধী অভিযানৰ সময়ত এইবোৰ পথাৰ আৰু পুখুৰীত দলিয়াই দিয়া হৈছিল। এই বুদ্ধৰ মূৰ্তিটো কৰুণাগাপ্পল্লীৰ মৰুতুৰকুলাংগৰাত ‘পুথেনকুলা’ (বুদ্ধৰ পুখুৰী) নামৰ এটা পুখুৰী বা টেংকত উদ্ধাৰ হৈছিল। একক শিলাখণ্ড কাটি নিৰ্মাণ কৰা এই মূৰ্তিটো প্ৰথমতে কৰুণাগাপ্পল্লী চহৰত স্থাপন কৰা হৈছিল। তাৰ বহু বছৰৰ পাছত কৃষ্ণপুৰম প্ৰাসাদ চৌহদৰ বুদ্ধ মণ্ডপমত ইয়াক পুনৰ প্ৰতিষ্ঠা কৰা হয়, যি বৰ্তমান এক সুৰক্ষিত কীৰ্তিচিহ্ন। মূৰ্তিটোত মুক্তা বা হীৰাৰ আঁচুৰে সুসজ্জিত এটা টুপী (skull cap) আছে, যি বুদ্ধই লাভ কৰা সৰ্বোচ্চ জ্ঞানক প্ৰতিনিধিত্ব কৰে।
- অন্যান্য প্ৰদৰ্শনীসমূহ

কৃষ্ণপুৰম প্ৰাসাদৰ সংগ্ৰহালয়ত ১৮৮৬ চনত কলিকতাত (কলকাতা) মুদ্ৰিত সংস্কৃত ভাষাৰ এখন বাইবেলৰ প্ৰতিলিপিও আছে।[12] এটা প্ৰদৰ্শনী বাকচত ধৰ্মীয় আৰু আনুষ্ঠানিক পাত্ৰসমূহ প্ৰদৰ্শন কৰা হৈছে, য’ত তেলৰ চাকি, মিহি ক্ষুদ্ৰাকৃতিৰ মূৰ্তি আৰু সৰ্প দেৱতা খোদিত কৰা সৰু সৰু শিলৰ স্তম্ভ (বিভিন্ন থলুৱা ঘৰৰপৰা সংগ্ৰহ কৰা) অন্তৰ্ভুক্ত। ইয়াৰে কিছুমান আৰ্ক বা ধেনুভেৰীয়া আকৃতিত সজোৱা হৈছে, যাক ‘প্ৰভু’ বুলি জনা যায় আৰু এক ঐশ্বৰিক পোহৰৰ আভা প্ৰদান কৰিবলৈ মন্দিৰৰ দেৱতাৰ পিছফালে স্থাপন কৰা হয়। প্ৰদৰ্শনীত থকা ‘পঞ্চলোহা’ (সোণ মিশ্ৰিত ব্ৰঞ্জৰ লগতে পাঁচটা ধাতু সংকৰ)ৰ সুন্দৰ ক্ষুদ্ৰ মূৰ্তিবোৰৰ ভিতৰত— বৰুণ (জলদেৱতা), বহুতো বিষ্ণুৰ মূৰ্তি আৰু উপাসনাৰ ভংগিমাত থকা এজন ক্ষুদ্ৰ ভক্তৰ অৱয়ব অন্যতম।[9][16]
ডাক সেৱা
[সম্পাদনা কৰক]
অঞ্চল পোষ্ট কৃষ্ণপুৰম প্ৰাসাদৰ চৰকাৰী ডাক সেৱা। ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ট্ৰাভাংকোৰ আৰু কোচিন সাম্ৰাজ্যত এই প্ৰাৰম্ভিক ডাক সেৱা আৰম্ভ হৈছিল। ১৭২৯ চনত অনিঝাম থিৰুনাল মাৰ্তণ্ড বাৰ্মাই ট্ৰাভাংকোৰত আৰু পৰৱৰ্তী সময়ত ১৭৭০-ৰ দশকত কোচিনত এই সেৱা আৰম্ভ কৰিছিল।
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]- প্ৰাসাদত থকা দৰবাৰ হল
- কৃষ্ণপুৰম প্ৰাসাদ চৌহদত থকা নামফলক
- ইউৰোপীয় সৈন্যৰ সৈতে নায়াৰ (Nair) যুঁজাৰুসকল— কৃষ্ণপুৰম প্ৰাসাদৰ এখন দেৱাল চিত্ৰ
- কৃষ্ণপুৰম প্ৰাসাদৰ পিছফালৰ দৃশ্য, যাৰ সন্মুখভাগত পুখুৰীটো দৃশ্যমান
পৰিবহণ
[সম্পাদনা কৰক]নিকটৱৰ্তী কেএছআৰটিচি বাছ আস্থানসমূহ -
- কায়ামকুলাম (৪ কিঃমিঃ)
- ওচিৰা (৪ কিঃমিঃ)
- কৰুণাগাপ্পল্লী (১১ কিঃমিঃ)
নিকটৱৰ্তী ৰেল ষ্টেচনসমূহ -
- ওচিৰা ৰেল ষ্টেচন (ocr) (৪ কিঃমিঃ)
- কায়ামকুলাম জংচন ৰেল ষ্টেচন (kyj) (৫ কিঃমিঃ)
- কৰুণাগাপ্পল্লী ৰেল ষ্টেচন (kpy) (১২ কিঃমিঃ)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Krishnapuram Palace | District Alappuzha, Government of Kerala | India" (en-US ভাষাত). https://alappuzha.nic.in/en/tourist-place/krishnapuram-palace/। আহৰণ কৰা হৈছে: 2026-08-02.
- ↑ "Krishnapuram Palace - where one can find India's largest mural painting: Gajendra Moksham" (en ভাষাত). www.keralatourism.org. https://www.keralatourism.org/destination/krishnapuram-palace-kayamkulam/69/। আহৰণ কৰা হৈছে: 2026-08-02.
- 1 2 3 4 5 6 7 8 "Krishnapuram Palace". Archaeology Department of Government of Kerala. http://archaeology.kerala.gov.in/index.php?option=com_content&view=article&id=23&Itemid=18। আহৰণ কৰা হৈছে: 20 March 2011.
- 1 2 3 4 5 6 7 File:Gajendramoksham.jpg: Official plaque at the Palace Complex
- ↑ "Krishnapuram Palace and Archeological Museum, Kayamkulam, Alappuzha (Alleppey) Kerala, India". alappuzhaonline.com. http://www.alappuzhaonline.com/krishnapurampalace-kerala.htm। আহৰণ কৰা হৈছে: 19 March 2011.
- ↑ "Krishnapuram Palace Alappuzha". keralafreelisting.com. Archived from the original on 13 July 2011. https://web.archive.org/web/20110713144209/http://www.keralafreelisting.com/info/krishnapuram-palace-alappuzha। আহৰণ কৰা হৈছে: 19 March 2011.
- 1 2 3 4 5 6 7 8 9 10 "A monument from a glorious past". The Hindu. 21 October 2006. Archived from the original on 9 November 2012. https://web.archive.org/web/20121109012305/http://www.hindu.com/pp/2006/10/21/stories/2006102100930300.htm। আহৰণ কৰা হৈছে: 20 March 2011.
- 1 2 3 Asok K. Bhattacharya; Śrīkumāra (1974). Citralakṣaṇa : a treatise on Indian painting. Saraswat Library. পৃষ্ঠা. 23. https://books.google.com/books?id=E2IlAAAAMAAJ। আহৰণ কৰা হৈছে: 20 March 2011.
- 1 2 3 Subodh Kapoor (2002). The Indian Encyclopaedia: Kamli-Kyouk Phyu. Cosmo Publications. পৃষ্ঠা. 4093–. ISBN 978-81-7755-270-6. https://books.google.com/books?id=AYN0n0pzlpcC&pg=PA4093। আহৰণ কৰা হৈছে: 20 March 2011.
- 1 2 S. N. Sadasivan (October 2000). A social history of India. APH Publishing. পৃষ্ঠা. 131–132. ISBN 978-81-7648-170-0. https://books.google.com/books?id=Be3PCvzf-BYC&pg=PA131। আহৰণ কৰা হৈছে: 20 March 2011.
- 1 2 Nayanthara S. Indian Murals and Paintings. Chillibreeze. পৃষ্ঠা. 64–. ISBN 978-81-904055-1-5. https://books.google.com/books?id=FbVe7pZ6GEIC&pg=PT64। আহৰণ কৰা হৈছে: 20 March 2011.
- 1 2 "Krishnapuram Palace". Kerala Tourism. http://www.keralatourism.org/kerala-article/198/krishnapuram-palace-gajendramoksham.php?issueid=198। আহৰণ কৰা হৈছে: 20 March 2011.
- 1 2 "Krishnapuram Palace Museum – An Ancient Abode Of Kings". articlesnatch.com. Archived from the original on 4 October 2011. https://web.archive.org/web/20111004184448/http://www.articlesnatch.com/Article/Krishnapuram-Palace-Museum---An-Ancient-Abode-Of-Kings/1568108। আহৰণ কৰা হৈছে: 20 March 2011.
- ↑ Lonely Planet Publications (Firm). (1998). South India. Lonely Planet. পৃষ্ঠা. 277–. ISBN 978-1-74104-165-1. https://books.google.com/books?id=1pEckKuKbLoC&pg=PA277। আহৰণ কৰা হৈছে: 20 March 2011.
- 1 2 "Krishnapuram Palace Kayamkulam Kerala". naturemagics.com. http://www.naturemagics.com/india-kerala-travel/krishnapurampalace-kayamkulam-kerala.shtm। আহৰণ কৰা হৈছে: 20 March 2011.[সংযোগবিহীন উৎস]
- 1 2 David Abram; Rough Guides (Firm) (27 November 2003). South India. Rough Guides. পৃষ্ঠা. 336–. ISBN 978-1-84353-103-6. https://books.google.com/books?id=sEhJBfbhTAAC&pg=PA336। আহৰণ কৰা হৈছে: 20 March 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত কৃষ্ণপুৰম প্ৰাসাদ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- www.krishnapurampalace.com Archived 28 January 2020 at the Wayback Machine
- ফেচবুকত কৃষ্ণপুৰম প্ৰাসাদ