সমললৈ যাওক

কৃষ্ণা দেৱনাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৃষ্ণা দেৱনাথ
কৃষ্ণা দেবনাথ
বাংলাদেশৰ উচ্চতম ন্যায়ালয়, আপীল বিভাগ
কাৰ্যকাল
১৮ এপ্ৰিল – ৯ অক্টোবৰ ২০২২
ব্যক্তিগত তথ্য
জন্ম ১০ অক্টোবৰ, ১৯৫৫ (৭০ বছৰ)
ৰাষ্ট্ৰীয়তা বাংলাদেশী
শিক্ষানুষ্ঠান ৰাজশাহী বিশ্ববিদ্যালয়
জীৱিকা ন্যায়াধীশ

কৃষ্ণা দেৱনাথ ( ইংৰাজী: : Krishna Debnath কৃষ্ণ দেৱনাথ ; জন্ম: ১০ অক্টোবৰ ১৯৫৫) বাংলাদেশৰ সৰ্বোচ্চ আদালত আপীল বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত বাংলাদেশী ন্যায়াধীশ।[1] বাংলাদেশৰ প্ৰথম হিন্দু মহিলা বিচাৰক আছিল তেওঁ।[2] ইয়াৰ উপৰিও তেওঁ উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগৰ বাংলাদেশৰ প্ৰথম হিন্দু মহিলা ন্যায়াধীশ।[3]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৫৫ চনৰ ১০ অক্টোবৰত জন্মগ্ৰহণ কৰা দেবনাথৰ পিতৃৰ নাম দীনেশ চন্দ্ৰ দেবনাথ, যি ৰাজশাহী বিশ্ববিদ্যালয়ৰ ন্যায়াধীশ আৰু আইন অধ্যাপক আছিল আৰু মাতৃৰ নাম বেনু দেৱনাথ। ৰাজশাহী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি আৰু এল এল এম উত্তীৰ্ণ হয়।[1] ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰি ১৯৮১ চনৰ ৭ ডিচেম্বৰত ‘মুনছেফ’ হিচাপে ন্যায়পালিকাৰ যোগদান কৰে। পিছলৈ ১৯৯৬ চনত জিলা আৰু অধিবেশনৰ বিচাৰক পদত পদোন্নতি লাভ কৰে। ২০১০ চনৰ ১৭ এপ্ৰিলত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ দুবছৰৰ পাছত ১৭ এপ্ৰিলত উচ্চ ন্যায়ালয় বিভাগৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১০ চনৰ ১৮ এপ্ৰিলত দেবনাথক উচ্চ ন্যায়ালয় বিভাগৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত কৰা হয় আৰু ২০১২ চনৰ ১৫ এপ্ৰিলত ন্যায়াধীশ নিযুক্তি দিয়া হয়। [4]২০২২ চনৰ ৯ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগত নিযুক্তি লাভ কৰে। ৪১ বছৰীয়া ন্যায়িক কেৰিয়াৰ সম্পূৰ্ণ কৰাৰ পিছত ২০২২ চনৰ ৯ অক্টোবৰত অৱসৰ গ্ৰহণ কৰে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]