কে'ট উল্ফ
কে'ট উল্ফ | |
|---|---|
| জন্ম নাম | কেথৰিন লুইছ এলেন |
| জন্ম | ২৭ জানুৱাৰী, ১৯৪২ ছান ফ্ৰান্সিস্কো, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| মৃত্যুৰ তাৰিখ | ১০ ডিচেম্বৰ, ১৯৮৬ (৪৪ বছৰ) ছান ফ্ৰান্সিস্কো, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| সংগীতৰ ধৰণ | লোক-সংগীত, দেশীয় সংগীত |
| পেচা | সংগীতজ্ঞ, গীতিকাৰ |
| সক্ৰিয়তাৰ বছৰ | ১৯৭৬–১৯৮৬ |
| ৱেবছাইট | katewolf.com |
কে'ট উল্ফ (ইংৰাজী: Kate Wolf; জন্ম: ২৭ জানুৱাৰী, ১৯৪২ – ১০ ডিচেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান লোক-গায়িকা আৰু গীতিকাৰ।[1] তেওঁৰ জন্ম নাম হৈছে কেথৰিন লুইছ এলেন (Kathryn Louise Allen)৷ তেওঁৰ কেৰিয়াৰ তুলনামূলকভাৱে চুটি আছিল যদিও লোক-সংগীতৰ জগতত তেওঁ যথেষ্ট প্ৰভাৱ পেলাইছিল। তেওঁৰ আটাইতকৈ পৰিচিত ৰচনাসমূহৰ ভিতৰত আছে "ইয়াৰ ইন কেলিফৰ্ণিয়া", "লাভ ষ্টিল ৰিমেইনছ", "এক্ৰছ দ্য গ্ৰেট ডিভাইড", "আনফিনিচড লাইফ", "গ্ৰীন আইজ" আৰু "গিভ ইউৰচেল্ফ টু লাভ"। তেওঁ একক শিল্পী হিচাপে ছটা এলবাম মুকলি কৰে।[2] ১৯৮৭ চনত তেওঁ NAIRD ইণ্ডিপেণ্ডেণ্ট মিউজিক হল অৱ ফেমলৈ নিৰ্বাচিত হয়।[1] তাৰ পিছত তেওঁৰ গীতসমূহ নেন্সি গ্ৰীফিথ আৰু এমিল' হেৰিছে বাণীবদ্ধ কৰে (এওঁলোক ১৯৯৯ চনত "লাভ ষ্টিল ৰিমেইনছ"ৰ ৰেকৰ্ডিঙৰ বাবে গ্ৰেমী বঁটাৰ বাবে মনোনীত হৈছিল[3])।
জীৱনী
[সম্পাদনা কৰক]ছান ফ্ৰান্সিস্কোৰ জন ফ্ৰেড এলেন (*১৯১৫) আৰু আৰ্নেষ্টিন ৰুথ এলেনৰ (১৯১৮−১৯৯৬)ৰ ঘৰত উল্ফৰ জন্ম হৈছিল। ৪ বছৰ বয়সত পিয়ানো শিকিবলৈ আৰম্ভ কৰে যদিও লাজৰ বাবে ১৬ বছৰ বয়সত পিয়ানো শিকিবলৈ এৰি দিয়ে।[1] বাৰ্কলে হাইস্কুলৰ ছিনিয়ৰ বৰ্ষত (১৯৫৯–৬০) কেথী এলেন আৰু তেওঁৰ বান্ধবী মেৰিয়ান অ'ৰবাকে বাৰ্কলে হাইস্কুলৰ টেলেণ্ট শ্ব'ত লোকগীত গাইছিল (১৯৫৭ আৰু ১৯৬০)। ১৯ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে ইউ চি বাৰ্কলেৰ স্থাপত্যৰ ছাত্ৰ চৌল উল্ফক লগ পাইছিল; দুবছৰৰ পিছত তেওঁলোকৰ বিবাহ হয়।[4] তেওঁলোকৰ দুজন সন্তান ১৯৬৪ আৰু ১৯৬৭ চনত জন্মগ্ৰহণ কৰিছিল।[4]
১৯৬৯ চনত তেওঁ বিগ ছুৰ (Big Sur) সংগীত সম্প্ৰদায়ত অংশগ্ৰহণ কৰে আৰু গিল "জেলিৰল" টাৰ্নাৰ আৰু জৰ্জ শ্ৰডাৰৰ দৰে বন্ধুৰ দ্বাৰা প্ৰভাৱিত হৈ গীটাৰবাদক আৰু গীতিকাৰ হিচাপে দ্ৰুতগতিত বিকশিত হয়। ১৯৭১ চনত ভাল চৰ্তত চৌল উলফৰ পৰা বিচ্ছেদ ঘটি ছ’নোমা কাউন্টিলৈ গুচি যায়। তাত তেওঁ ডন কফিনৰ সৈতে তেওঁৰ প্ৰথম বেণ্ড দ্য ৱাইল্ডউড ফ্লাৱাৰ গঠন কৰে আৰু পিছলৈ তেওঁৰ সৈতে বিয়া হয়।[4]
১৯৭৬ চনত তেওঁৰ নিজৰ লেবেল আউল ৰেকৰ্ডছৰ বেনাৰত মুক্তি পোৱা তেওঁৰ প্ৰথম এলবাম বেক ৰোডছ[2] ৱাইল্ডউড ফ্লাৱাৰ বেণ্ডৰ সৈতে এটা ড্ৰয়িং ৰূমত বাণীবদ্ধ কৰা হৈছিল৷[1]
১৯৮২ চনত টেৰী ফাউলাৰৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়। লিউকেমিয়াত আক্ৰান্ত হৈ ১৯৮৬ চনৰ ডিচেম্বৰ মাহত ৪৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[5] কেলিফৰ্ণিয়াৰ গুডইয়াৰ্ছ বাৰৰ এটা সৰু গীৰ্জাৰ কবৰস্থানত তেওঁক সমাধিস্থ কৰা হৈছে। ১৯৮৭ চনত বিশ্ব লোক সংগীত সংস্থাই তেওঁৰ সন্মানত কে'ট উল্ফ বঁটা প্ৰচলন কৰে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Kate Wolf", pp. 533–534, in All Music Guide, 2nd edition (1994), edited by Michael Erlewine. San Francisco: Miller Freeman Books. OCLC 989591409.
- ↑ 2.0 2.1 "Kate Wolf Discography". katewolf.com. 2014-02-15. http://www.katewolf.com/music/discography.htm। আহৰণ কৰা হৈছে: 2017-03-20.
- ↑ "Kate Wolf: Give Yourself to Love" (en ভাষাত). Legacy.com. 2011-12-10. http://www.legacy.com/news/celebrity-deaths/article/kate-wolf-give-yourself-to-love। আহৰণ কৰা হৈছে: 2017-01-19.
- ↑ 4.0 4.1 4.2 Wolf, Max; Keller, Jamie. "Kate Wolf Biography". katewolf.com. https://www.katewolf.com/biography। আহৰণ কৰা হৈছে: 14 August 2021.
- ↑ "Kate Wolf, 44; Folk Singer, Songwriter" (en-US ভাষাত). Los Angeles Times. 1986-12-14. ISSN 0458-3035. https://www.latimes.com/archives/la-xpm-1986-12-14-mn-3023-story.html.
- ↑ Noble, Richard E. (2009). Number #1 : the story of the original Highwaymen. প্ৰকাশক Denver: Outskirts Press. পৃষ্ঠা. 143. ISBN 9781432738099. OCLC 426388468.