কেইৰা নাইটলি
| কেইৰা নাইটলি Keira Knightley OBE | |
|---|---|
২০১৫ চনত নাইটিলি | |
| জন্ম | কেইৰা ক্ৰিষ্টিনা নাইটলি ২৬ মাৰ্চ, ১৯৮৫ (৪০ বছৰ) লণ্ডন, ইংলেণ্ড |
| পেচা | অভিনয়-শিল্পী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯১–বৰ্তমান |
| দাম্পত্যসঙ্গী | জেমছ ৰাইটন (বি. ২০১৩) |
| পিতৃ-মাতৃ |
|
| সন্তান | ২ |
কেইৰা ক্ৰীষ্টিনা নাইটলি (ইংৰাজী: Keira Christina Knightley ; জন্ম: ২৬ মাৰ্চ ১৯৮৫) এগৰাকী ইংৰাজী অভিনেত্ৰী। স্বতন্ত্ৰ ছবি আৰু পিৰিয়ড ড্ৰামাত কৰা কামৰ বাবে পৰিচিত নাইটলিয়ে দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, চাৰিটা গোল্ডেন গ্ল’ব আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ বাবে মনোনয়নকে ধৰি বহুতো স্বীকৃতি লাভ কৰিছে। ২০১৮ চনত তেওঁক অভিনয়-শিল্প আৰু দাতব্য সেৱাৰ বাবে বাকিংহাম পেলেচত অ'বিই নিযুক্তি দিয়া হয়।[1]
অভিনেতা উইল নাইটলি আৰু নাট্যকাৰ ছৰমান মেকড’নাল্ডৰ ঘৰত লণ্ডনত[2] জন্মগ্ৰহণ কৰা নাইটলিয়ে ছয় বছৰ[3] বয়সত এজেণ্ট লাভ কৰিছিল আৰু প্ৰথমতে বিজ্ঞাপন আৰু টেলিভিছন ছবিত কাম কৰিছিল। ষ্টাৰ ৱাৰ্ছ: এপিচ'ড I – দ্য ফেণ্টম মেনেচ (১৯৯৯)ত ছাবেৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত বেণ্ড ইট লাইক বেকহাম (২০০২)ত এগৰাকী টমবয় ফুটবলাৰৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল-যি আছিল তেওঁৰ প্ৰথমটো স্বীকতি৷ পৰৱৰ্তী সময়ত তেওঁ লাভ এক্চুৱেলি (২০০৩)ত সহ অভিনয় কৰিছিল। পাইৰেটছ অৱ দ্য কেৰিবিয়ান চলচ্চিত্ৰ ছিৰিজত এলিজাবেথ শ্বোৱানৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশ্বব্যাপী স্বীকৃতি লাভ কৰে (২০০৩–২০০৭; ২০১৭)।
প্ৰাইড এণ্ড প্ৰিজুডিচ (২০০৫)ত এলিজাবেথ বেনেটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে নাইটলিয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনীত হয়। পৰৱৰ্তী কেইবছৰমানৰ ভিতৰত তেওঁ আৰু কেইবাখনো পিৰিয়ড ছবিত অভিনয় কৰে, য'ত আছিল এটনমেণ্ট (২০০৭), দ্য ডাচেছ (২০০৮), এ ডেঞ্জাৰছ মেথড (২০১১), আৰু আন্না কাৰেনিনা (২০১২)। তেওঁ বিগিন এগেইন (২০১৩) আৰু জেক ৰিয়ান: শ্বেড' ৰিক্ৰুইট (২০১৪)ত অভিনয় কৰে আৰু দ্য ইমিটেচন গেম (২০১৪)ত জোয়ান ক্লাৰ্কৰ চৰিত্ৰত অভিনয় কৰে৷ ইয়াৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ একাডেমী বঁটাৰ মনোনয়ন লাভ কৰে। ইয়াৰ পিছত তেওঁ কলেট (২০১৮)ৰ শিৰোনাম চৰিত্ৰ, বষ্টন ষ্ট্ৰেংলাৰ (২০২৩)ৰ সাংবাদিক লৰেটা মেকলাফলিন আৰু থ্ৰিলাৰ ধাৰাবাহিক ব্লেক ড’ভছ (২০২৪)ৰ চোৰাংচোৱা হিচাপে অভিনয় কৰে। মঞ্চত নাইটলিয়ে ৱেষ্ট এণ্ডৰ দুটা প্ৰডাকচনত অভিনয় কৰিছে: ২০০৯ চনত দ্য মিছানথ্ৰপ, যিয়ে তেওঁক অলিভিয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল, আৰু ২০১১ চনত দ্য চিলড্ৰেনছ আৱাৰ।
নাইটলিয়ে সামাজিক বিষয়ত স্পষ্টবাদী স্থিতিৰ বাবে পৰিচিত আৰু এম্নেষ্টী ইণ্টাৰনেশ্যনেল, অক্সফেম, কমিক ৰিলিফৰ সৈতে ব্যাপকভাৱে কাম কৰিছে। সংগীতজ্ঞ জেমছ ৰাইটনৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑
You must specify issue=, startpage=, and date= when using {{London Gazette}}. Available parameters: সাঁচ:London Gazette/doc/parameterlist
- ↑ "Keria Knightley –". Biography Today খণ্ড 16 (2): 82. 2007. ISSN 1058-2347.
- "Keira Knightley". Condé NastVoguepedia. 2014. Archived from the original on 3 November 2013. https://web.archive.org/web/20131103224730/http://www.vogue.com/voguepedia/Keira_Knightley। আহৰণ কৰা হৈছে: 10 January 2014.
- "Monitor". Entertainment Weekly (1252): 30. 29 March 2013. - ↑ Macnab, Geoffrey (7 January 2012). "Keira Knightley: 'Sometimes I just sit on the bathroom floor and burst into tears'". Independent. https://www.independent.co.uk/news/people/profiles/keira-knightley-sometimes-i-just-sit-on-the-bathroom-floor-and-burst-into-tears-6284848.html. "She was six at the time her condition was noticed ... Through constant tutoring and the intervention of her parents, she was able to overcome the condition. 'I am a slow reader ... By the time I was 11, they deemed me to have got over it sufficiently.' She still can't read out loud, though."