কেজেকেপ্ট ৰুক্মিণী মেনন
কেজেকেপাট ৰুক্মিণী মেনন ( ইংৰাজী : Cazhekepat Rukmini Menon ; ৬ ছেপ্টেম্বৰ ১৯২২ – ২৩ ডিচেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় কূটনীতিবিদ, আৰু ভাৰতীয় বৈদেশিক সেৱাৰ কেৰিয়াৰ কূটনীতিবিদ হিচাপে কাম কৰা দ্বিতীয়গৰাকী মহিলা। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী মহিলা বিষয়া।
কেৰিয়াৰ
[সম্পাদনা কৰক]মেননৰ জন্ম কেৰালাত হৈছিল, আৰু বেংগালুৰুত অধ্যয়ন কৰিছিল। তেওঁ চেন্নাইৰ প্ৰেচিডেন্সি কলেজ আৰু লণ্ডন স্কুল অৱ ইকনমিক্সত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ আছিল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী মহিলা বিষয়া, আৰু ভাৰতত কেৰিয়াৰ কূটনীতিবিদ হিচাপে দ্বিতীয়গৰাকী মহিলা, চি বি মুথাম্মাৰ পিছত।[1][2] ১৯৪৯ চনত লণ্ডনত ভাৰত উচ্চায়ুক্তত কাম কৰিবলৈ আৰম্ভ কৰে, আৰু ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে, আৰু অষ্ট্ৰেলিয়া, কানাডা, ইটালী, ডেনমাৰ্ক, নাইজেৰিয়াকে ধৰি কেইবাখনো দেশত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰে।[3][2] বিদেশ সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বাছনি ব’ৰ্ডৰ সদস্য আছিল। তেওঁৰ স্বামী আছিল সংগীতবিদ আৰু সমালোচক ৰাঘৱ মেনন।[3] ২০০৯ চনৰ ২৩ ডিচেম্বৰত বেংগালুৰুত তেওঁৰ মৃত্যু হয়।[1]
কৰ্মজীৱনৰ সময়ছোৱাত মেননে ভাৰতীয় ইতিহাস আৰু বৈদেশিক সম্পৰ্কৰ সৈতে জড়িত বিষয়সমূহৰ একাডেমিক আলোচনীত অৰিহণা যোগাইছিল।[4][5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "National brief - Indian Express". archive.indianexpress.com. http://archive.indianexpress.com/news/national-brief/561784/3। আহৰণ কৰা হৈছে: 2022-01-23.
- ↑ 2.0 2.1 (en-IN ভাষাত). 2009-12-30. https://www.thehindu.com/news/national/Demise-of-pioneer-woman-diplomat-Rukmini-Menon-condoled/article16856166.ece.
- ↑ 3.0 3.1 "IFSA mourns Rukmini" (en ভাষাত). Deccan Herald. 2009-12-31. https://www.deccanherald.com/content/44098/ifsa-mourns-rukmini.html। আহৰণ কৰা হৈছে: 2022-01-23.
- ↑ MENON, K. RUKMINI (1993). "Only Option for India and Pakistan". World Affairs: The Journal of International Issues খণ্ড 2 (2): 20–23. ISSN 0971-8052. https://www.jstor.org/stable/45083488.
- ↑ Menon, K. Rukmini (1965). Lamb, Alastair. ed. "The China India Border". The Australian Quarterly খণ্ড 37 (2): 101–106. doi:10.2307/20634052. ISSN 0005-0091. https://www.jstor.org/stable/20634052.
- ↑ Menon, K. Rukmini (1965). "How National Was The Indian National Congress?" (en ভাষাত). Australian Journal of Politics & History খণ্ড 11 (1): 70–81. doi:10.1111/j.1467-8497.1965.tb00415.x. ISSN 1467-8497. https://onlinelibrary.wiley.com/doi/abs/10.1111/j.1467-8497.1965.tb00415.x.