কেটি কাচিডী
| কেটি কাচিডী | |
|---|---|
২০১৬ চনত কাচিডী | |
| জন্ম | কেথেৰিন ইভেলিন অনিতা কাচিডী নৱেম্বৰ ২৫ , ১৯৮৬ (৩৯ বছৰ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৩–বৰ্তমান |
| দাম্পত্যসঙ্গী | মেথিউ ৰজাৰ্ছ (বি. ২০১৮; বিবাহ বিচ্ছেদ ২০২১) |
| আত্মীয়-স্বজন |
|
| স্বাক্ষৰ | |
কেথেৰিন ইভেলিন অনিতা কাচিডী (ইংৰাজী: Katherine Evelyn Anita Cassidy; জন্ম: ২৫ নৱেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেইবাটাও সৰু টেলিভিছন চৰিত্ৰৰ পিছত, তেওঁ হৰৰ ছবি ৱেন এ ষ্ট্ৰেঞ্জাৰ কলছ (২০০৬), ব্লেক খ্ৰীষ্টমাছ (২০০৬)-ত কেলি প্ৰেছলী হিচাপে আৰু হৰৰ ধাৰাবাহিক ছুপাৰনেচাৰেলৰ (২০০৭–২০০৮) তৃতীয় ছিজনত ৰুবি হিচাপে অভিনয় কৰি এগৰাকী স্ক্ৰীম কুইন হিচাপে চৰ্চালৈ আহে। একচন ছবি টেকেন (২০০৮)-ত এটা সহযোগী চৰিত্ৰৰ পিছত, কাচিডীয়ে স্লেচাৰ ধাৰাবাহিক হাৰ্পাৰ্ছ আইলেণ্ড (২০০৯) আৰু ড্ৰামা ধাৰাবাহিক মেলৰোজ প্লেচৰ (২০০৯–২০১০) ৰিমেকত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁ স্লেচাৰ ছবিৰ ৰিমেক এ নাইটমেয়াৰ অন এলম ষ্ট্ৰীট (২০১০)-ত ক্ৰিছ ফাউলছ হিচাপে অভিনয় কৰিছিল আৰু কিশোৰ ড্ৰামা গছিপ গাৰ্লৰ (২০১০–২০১২) চতুৰ্থ ছিজনত জুলিয়েট শ্বাৰ্প হিচাপে এটা সঘনে দেখা দিয়া চৰিত্ৰত অভিনয় কৰিছিল।
২০১২ চনত দ্য চি.ডব্লিউ. টেলিভিছন ধাৰাবাহিক এৰ’ত লৰেল লেন্স / ব্লেক কেনাৰী চৰিত্ৰত অভিনয় কৰাৰ পাছত কাচিডীয়ে বিশেষ সফলতা লাভ কৰে। কাচিডীয়ে 'এৰ’ভাৰ্ছ'ৰ ধাৰাবাহিক দ্য ফ্লেছ আৰু লেজেণ্ডছ অৱ টুমৰ’ত এই একেই চৰিত্ৰত অভিনয় কৰাৰ লগতে এনিমেটেড ৱেব চিৰিজ ভিক্সেনত চৰিত্ৰটোক কণ্ঠদানো কৰিছে। এৰ’ৰ চতুৰ্থ ছিজনত তেওঁৰ চৰিত্ৰটোৰ মৃত্যুৰ পাছত, কাচিডীয়ে এজনী সমান্তৰাল পৃথিৱীৰ বিপৰীতমুখী চৰিত্ৰ লৰেল লেন্স / ব্লেক চাইৰেন হিচাপে অভিনয় কৰিবলৈ আৰম্ভ কৰে। এই চৰিত্ৰটো পোনপ্ৰথমে দ্য ফ্লেছত দেখা গৈছিল আৰু পিছলৈ এৰ’ত অব্যাহত আছিল।
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
[সম্পাদনা কৰক]১৯৮৬ চনৰ ২৫ নৱেম্বৰত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত কাচিডীৰ জন্ম হৈছিল।[1] তেওঁ অভিনেতা আৰু গায়ক ডেভিদ কাচিডী আৰু ফেশ্বন মডেল শ্বৰী উইলিয়ামছৰ একমাত্ৰ সন্তান।[1][2] কাচিডীৰ পৈতৃক ককা-আইতা আছিল অভিনেতা জেক কাচিডী আৰু ইভেলিন ৱাৰ্ড। তেওঁ কিশোৰ অৱস্থাৰ জনপ্ৰিয় অভিনেতা তথা টেলিভিছন প্ৰযোজক শ্বন কাচিডী, অভিনেতা পেট্ৰিক কাচিডী আৰু ৰায়ান কাচিডীৰ ভতিজী।[1] পিতৃৰ তৃতীয় পত্নী চু শ্বিফ্ৰিনৰফালৰপৰা কাচিডীৰ ১৯৯১ চনত জন্ম হোৱা বিউ নামৰ এজন সৰু সতীয়া ভাতৃ আছে।[3] ইয়াৰ উপৰি মাতৃৰফালৰপৰা তেওঁৰ জেন্না আৰু জেমি নামৰ দুগৰাকী সৰু সতীয়া ভগ্নী আৰু অষ্ট্ৰেলিয়াত বসবাস কৰা চামান্থা কাচিডী, জেচমিন কাচিডী আৰু চেলচী কাচিডীসহ সাতগৰাকী ভাই-ভনী আছে।
কাচিডীৰ পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছত তেওঁ মাক আৰু সতীয়া পিতৃৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হয়। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ডেভিদ কাচিডীয়ে কেটিৰ জীৱনত তেওঁৰ অনুপস্থিতিৰ বিষয়ে কৈছিল: "মোৰ তাইৰ সৈতে কেতিয়াও কোনো সম্পৰ্ক নাছিল। মই তাইৰ পিতৃ নাছিলোঁ। মই তাইৰ জৈৱিক পিতৃ আছিলোঁ কিন্তু মই তাইক ডাঙৰ-দীঘল কৰা নাছিলোঁ। তাইৰ জীৱনটো সম্পূৰ্ণ বেলেগ। মই তাইক লৈ গৌৰৱ কৰোঁ। তাই বহুত প্ৰতিভাশালী। তাই এতিয়া কিমান ডাঙৰ হ’ল সেয়া গ্ৰহণ কৰিবলৈও মোৰ বাবে কঠিন হৈ পৰিছে।" [4] কিশোৰ অৱস্থাত কাচিডী 'কেলিফৰ্ণিয়া ফ্লায়াৰ্ছ' নামৰ এটা প্ৰতিযোগিতামূলক চিয়াৰলিডাৰ দলৰ সদস্য আছিল।[2] কেলিফৰ্ণিয়াৰ বেল কেনিয়নৰ বাসিন্দা হিচাপে তেওঁ কালাবাচাছ হাইস্কুলত অধ্যয়ন কৰিছিল। তাত পঢ়ি থকাৰ সময়তে তেওঁ এটা ৰেকৰ্ডিং চুক্তিত স্বাক্ষৰ কৰে আৰু "আই থিংক আই লাভ ইউ" গীতটোৰ এটা কভাৰ সংস্কৰণ মুকলি কৰে। উল্লেখ্য যে এই গীতটো তেওঁৰ জৈৱিক পিতৃৰ টেলিভিছন শ্ব’ 'দ্য পাৰ্ট্ৰিজ ফেমিলি'ৰ সংগীত হিচাপে খুবেই জনপ্ৰিয় আছিল।[5]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]কাচিডী 'এইচ.ই.এল.পি. মালাৱী' নামৰ দাতব্য সংস্থাটোৰ এগৰাকী মুখপাত্ৰ।[6]
২০১৬ চনত কাচিডীয়ে মেথিউ ৰজাৰ্ছৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। এই যুটিটোৱে ২০১৭ চনৰ ৫ জুনত তেওঁলোকৰ বাগদানৰ কথা ঘোষণা কৰিছিল।[7] ২০১৮ চনৰ ৮ ডিচেম্বৰত কাচিডী আৰু ৰজাৰ্ছ বিবাহপাশত আবদ্ধ হয়।[8] অৱশ্যে, ২০২০ চনৰ ৮ জানুৱাৰীত কাচিডীয়ে লছ এঞ্জেলছত বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে।[9][10] ২০২১ চনৰ ২২ মাৰ্চত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয় আৰু ২৬ মাৰ্চত এই কথা ৰাজহুৱা কৰা হয়।[11]
২০২৩ চনৰ মাৰ্চ মাহৰপৰা কাচিডীয়ে কানাডিয়ান অভিনেতা ষ্টিফেন হুজাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। হলমাৰ্ক চেনেলৰ বোলছবি 'এ ৰয়েল খ্ৰীষ্টমাছ ক্ৰাছ'ৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁলোকৰ মাজত চিনাকি হৈছিল।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 Southern, Nathan (2015). "Katie Cassidy – Full Biography". The New York Times. https://www.nytimes.com/movies/person/439714/Katie-Cassidy/biography। আহৰণ কৰা হৈছে: November 23, 2017.
- 1 2 "Katie Cassidy: Biography". TVGuide.com. https://www.tvguide.com/celebrities/katie-cassidy/bio/249463। আহৰণ কৰা হৈছে: February 11, 2014.
- ↑ Mike Clary and Tonya Alanez (August 25, 2013). "David Cassidy, despite spotlight from recent DWI arrest, known as low-key neighbor in Fort Lauderdale". Sun-Sentinel. Archived from the original on February 23, 2014. https://web.archive.org/web/20140223183738/http://articles.sun-sentinel.com/2013-08-25/news/fl-david-cassidy-fort-lauderdale-20130825_1_david-cassidy-jo-ann-geffen-the-partridge-family.
- ↑ Christina Dugan (February 22, 2017). "David Cassidy Opens Up About His 'Beautiful' Son — and Why He Doesn't Have a Relationship with His Daughter". People. http://people.com/celebrity/david-cassidy-talks-relationship-son-daughter/। আহৰণ কৰা হৈছে: December 26, 2017.
- ↑ "Calabasas High School freshman singer signs contract with Artemis records". The Acorn. Archived from the original on 2016-12-20. https://web.archive.org/web/20161220082526/http://www.theacorn.com/news/2002-06-13/Bulletin_Board/056.html। আহৰণ কৰা হৈছে: December 10, 2017.
- ↑ "Katie Cassidy New Spokesperson for Charity HELP Malawi". helpchildren.org. Archived from the original on August 29, 2010. https://web.archive.org/web/20100829061726/http://helpchildren.org/news-events/katie-cassidy-partners-with-h-e-l-p/.
- ↑ Johnson, Zach (June 5, 2017). "Arrow's Katie Cassidy Is Engaged to Matthew Rodgers". E!. http://www.eonline.com/news/858948/arrow-s-katie-cassidy-is-engaged-to-matthew-rodgers। আহৰণ কৰা হৈছে: August 11, 2017.
- ↑ Heller, Corinne (December 9, 2018). "Katie Cassidy Is Married: Arrow Star Weds Matthew Rodgers". E!. https://www.eonline.com/news/994620/katie-cassidy-is-married-arrow-star-weds-matthew-rodgers। আহৰণ কৰা হৈছে: December 9, 2018.
- ↑ Crabtree, Erin (January 8, 2020). "Katie Cassidy Files for Divorce From Husband Matthew Rodgers". Usmagazine.com. https://www.usmagazine.com/celebrity-news/news/katie-cassidy-files-for-divorce-from-husband-matthew-rodgers/। আহৰণ কৰা হৈছে: January 8, 2020.
- ↑ "Katie Cassidy Files for Divorce from Husband Matthew Rodgers After 2 Years of Marriage". PEOPLE.com. https://people.com/tv/katie-cassidy-divorce-husband-matthew-rodgers/.
- ↑ Mauch, Ally (March 26, 2021). "Arrow's Katie Cassidy and Matthew Rodgers Finalize Divorce More Than a Year After Filing". People. https://people.com/tv/arrows-katie-cassidy-and-matthew-rodgers-finalize-divorce-more-than-a-year-after-filing/। আহৰণ কৰা হৈছে: April 6, 2021.
- ↑ Pettibone, Kat (June 30, 2023). "Why Katie Cassidy and Stephen Huszar Kept Their Romance a Secret While Filming Hallmark's 'A Royal Christmas Crush'". US Weekly. https://www.usmagazine.com/entertainment/news/why-katie-cassidy-and-stephen-huszar-kept-their-romance-a-secret/। আহৰণ কৰা হৈছে: July 10, 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Katie Cassidy সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- কেটি কাচিডী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ফেইচবুকত কেটি কাচিডী
- এক্সত কেটি কাচিডী
