কেটেলা পহু
কেটেলা পহু (ইংৰাজী: Porcupine)এবিধ নিশাচৰ স্তন্যপায়ী প্ৰাণী। যাৰ গা তীক্ষ্ণ কাঁইটেৰে আবৃত থাকে। ই Rodentia বৰ্গৰ অন্তৰ্গত আৰু স্ব সুৰক্ষাৰ বাবে কাঁইট ব্যৱহাৰ কৰাৰ বাবে বিশেষভাৱে পৰিচিত। ইয়াক শজাৰু নামৰে জনাজাত আৰু লগতে ইংৰাজীত Porcupine নামেৰে জনাজাত।
দেহগঠন আৰু বৈশিষ্ট্য
[সম্পাদনা কৰক]কেটেলা পহুৰ গা সৰু কিন্তু পেশীবহুল আৰু ইয়াৰ ওপৰত দীৰ্ঘ, তীক্ষ্ণ কাঁইট থাকে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৬০-৯০ ছেণ্টিমিটাৰ আৰু পুচ্ছ প্ৰায় ২০-৩০ ছেণ্টিমিটাৰ। ইয়াৰ ওজন প্ৰায় ১০-১৮ কিলোগ্ৰাম হয়। ই প্ৰাকৃতিক অৱশ্থাত প্ৰায় ১৫-২০ বছৰ জীয়াই থাকিব পাৰে।
বাসস্থান আৰু বিস্তৃতি
[সম্পাদনা কৰক]কেটেলা পহু বা শজাৰু সাধাৰণতে আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু আমেৰিকা মহাদেশত বিস্তৃতভাবে দেখা যায়। ই বনাঞ্চল, পাহাৰীয়া অঞ্চল,গছগছীয়া জোপোহা ভূমি আদি বাস কৰে।ভাৰত, নেপাল, শ্ৰীলংকা, ম্যানমাৰ আদি দেশত সাধাৰণতে কেটেলা পহু বা শজাৰু দেখা যায়।
খাদ্যাভ্যাস
[সম্পাদনা কৰক]কেটেলা পহু সাধাৰণতে নিশাচৰ উদ্ভিদভোজী প্ৰাণী। ই গছৰ ছাল, মূল, শাক-পাত,ফল, ফুল বীজ আদি ভক্ষণ কৰে।
সংৰক্ষণৰ ব্যৱস্থা
[সম্পাদনা কৰক]বিশ্বৰ অধিকাংশ শজাৰু প্ৰজাতি IUCNদ্বাৰা “Least Concern” হিচাপে সূচীত, অৰ্থাৎ বৰ্তমানে বিলুপ্তিৰ আশংকা নাই। তথাপি, বন ধ্বংস, মানুহৰ শিকাৰ, আৰু খেতি ক্ষতি কৰাৰ বাবে কিছুমান অঞ্চলত জনসংখ্যা হ্ৰাস পাইছে। ভাৰতত শজাৰুক Wildlife Protection Act, 1972-ৰ অধীনত সংৰক্ষিত কৰা হৈছে।
