কেট্টুভাল্লাম



কেট্টুভাল্লাম (ইংৰাজী: Kettuvallam) ভাৰতৰ কেৰালা ৰাজ্যত বহুলভাৱে ব্যৱহৃত একপ্ৰকাৰৰ হাউচবোট বা নাওঘৰ। এইবোৰৰ কাঠৰ নাৱৰ তলি বা খোলাটোৰ ওপৰত খেৰৰ চালি থাকে।[1] পৰম্পৰাগত কেট্টুভাল্লামসমূহ প্ৰধানকৈ কেৰালা পৰ্যটনৰ প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰা হয়।[2]
ইতিহাস
[সম্পাদনা কৰক]
কেৰালাত এনেধৰণৰ নাওসমূহৰ ইতিহাস উৰুৰ সৈতে জড়িত, যি আছিল কোঝিকোড় বন্দৰৰ দক্ষিণে অৱস্থিত বেপুৰৰ কাঠমিস্ত্ৰীসকলে নিৰ্মাণ কৰা এক ডাঙৰ ধো (Dhow) আৰ্হিৰ কাঠৰ জাহাজ।[3] পূৰ্বৰ সময়ত ইয়াৰ বাবে প্ৰয়োজনীয় চেগুন কাঠ নীলাম্বুৰৰ চেগুন অৰণ্যৰপৰা অনা হৈছিল, কিন্তু বৰ্তমান আমদানিকৃত মালয়েচিয়ান চেগুন কাঠ ব্যৱহাৰ কৰা হয়।[4]
পুৰণি কালৰেপৰা কেৰালাৰ লুণীয়া পানীৰ জলাশয় বা বেকৱাটাৰত বিভিন্ন আকৃতি আৰু আকাৰৰ নাওসমূহ পৰম্পৰাগতভাৱে মানুহ আৰু সামগ্ৰী পৰিবহণৰ প্ৰধান মাধ্যম হৈ আহিছে।[1][5] ৰাজপৰিয়ালৰ লোকসকলৰ বাবে এই নাওসমূহ আনকি আৰামদায়ক বাসস্থানলৈও পৰিণত হৈছিল।[1]
নিৰ্মাণ
[সম্পাদনা কৰক]
এখন কেট্টুভাল্লাম দৈৰ্ঘ্যত প্ৰায় ৩০.৫ মিটাৰ আৰু মাজভাগত ইয়াৰ প্ৰস্থ প্ৰায় ৪ মিটাৰ হয়। ইয়াক তৈয়াৰ কৰিবলৈ থলুৱা আৰু পৰিৱেশ-অনুকূল সামগ্ৰী ব্যৱহাৰ কৰা হয়; যেনে বাঁহৰ খুঁটি, মৰাপাট বা নাৰিকলৰ আঁহ, ৰছী, বাঁহৰ চাটাই, দলিচা আদি। ইয়াৰ বাবে ব্যৱহৃত মূল কাঠবিধ হৈছে "আঞ্জিলি" (Artocarpus hirsuta)। ইয়াত সুসজ্জিত একক কোঠা, দুটা কোঠা আৰু তিনিটা কোঠাযুক্ত হাউচবোট বা নাওঘৰ পোৱা যায়।
নাৱৰ তলৰ খোলাটো দীঘলকৈ কটা আৰু খোদিত কৰা কাঠৰ তক্তাৰে ধাৰাবাহিকভাৱে তৈয়াৰ কৰা হয়, যিবোৰ নাৰিকলৰ আঁহ ভৰাই ছালিৰ ৰছীৰে টানকৈ বান্ধি থোৱা হয়।[6] কেট্টুভাল্লামসমূহ মটৰচালিত আৰু দ পানীত বঠাৰ সহায়ত চলোৱা হয়। তৰাং বা কম পানী থকা অঞ্চলত নাও আগুৱাই নিবলৈ দীঘল বাঁহৰ খুঁটি বা 'লগি' ব্যৱহাৰ কৰা হয়। ইয়াৰ কাষত ওলাই থকা বাঁহৰ কেইডালমান খোপনি হিচাপে ব্যৱহাৰ কৰা হয়। চালিৰ গাঁথনিৰ বাবে বাঁহ ব্যৱহাৰ কৰা হয় আৰু চালিখন ঢাকিবৰ বাবে বাঁহৰ কাঠিৰে বোৱা চাটাই ব্যৱহাৰ কৰা হয়।
মূলতঃ কেট্টুভাল্লামসমূহ মালবস্তু পৰিবহণৰ বাবেহে ডিজাইন কৰা হৈছিল, গতিকে ইয়াক এটা পৰ্যটন বাহনলৈ ৰূপান্তৰ কৰিবলৈ ডিজাইনত বহুতো পৰিৱৰ্তন কৰিবলগীয়া হৈছিল। মূৰটো যাতে লাগি নাযায়, তাৰ বাবে চালিৰ উচ্চতা বৃদ্ধি কৰা হৈছিল। নাৱৰ তলিৰ বৃত্তাকাৰ আকৃতিৰ অসুবিধা কম কৰিবলৈ আৰু সহজে খোজ কাঢ়িবলৈ তথা আৰামেৰে বহিবলৈ সমগ্ৰ দৈৰ্ঘ্য জুৰি কাঠৰ তক্তা পৰা হৈছিল। পোহৰ, বতাহ চলাচল আৰু বাহিৰৰ দৃশ্য চাবলৈ খিৰিকী আৰু অন্যান্য খোলা অংশৰ ব্যৱস্থা কৰা হৈছিল। নাৱৰ মাজভাগত ওপৰলৈ মেলিব পৰা এখন পেনেল থকা এটা প্ৰৱেশদ্বাৰ দিয়া হৈছে।

বেছিভাগ আধুনিক ডিজাইনতে শৌচাগাৰ যুক্ত তিনিটা শোৱা কোঠা, এটা বহা কোঠা আৰু এটা পাকঘৰ অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো দেখা যায়। কিছুমানত শোৱা কোঠাৰ সংখ্যা কম থাকে কিন্তু বহা কোঠাটো ডাঙৰ হয় আৰু চালিৰ ওপৰত বেলকনিৰ দৰে ডেক থাকিব পাৰে। সাধাৰণতে, নাৱৰ খোলাটোৰপৰা ওলাই থকা অংশবোৰ বেলকনি হিচাপে ব্যৱহাৰ কৰা হয়। আধুনিক সা-সুবিধাসমূহ সংযোজন কৰিবলৈ ইয়াত কিছুমান অভিনৱ পৰিৱৰ্তন কৰা হৈছে। কমোডৰ চিট, শ্বাৱাৰ ট্ৰে আৰু মজিয়াত চিৰামিক টাইলছ বহুৱাবলৈ মজিয়াৰ স্তৰত কংক্ৰিটৰ স্লেব ব্যৱহাৰ কৰা হয়। এই শৌচাগাৰসমূহ তীখাৰ কেবিনেটেৰে নিৰ্মিত, য’ত তীখাৰ জালিৰ এটা নেটৱৰ্ক থাকে। তাত 'এক্টিজাইম' নামৰ এক অনুঘটকৰ সহায়ত উপকাৰী বেক্টেৰিয়া গঢ়ি তোলা হয়। এই বেক্টেৰিয়াবোৰে মানুহৰ মল-মূত্ৰ ভক্ষণ কৰে আৰু জীৱাণুমুক্ত, বৰণহীন আৰু ক্ষতিকাৰক নোহোৱা এক উপজাত পদাৰ্থ উৎপন্ন কৰে। শৌচাগাৰৰ লেতেৰা পানী ওলাই যোৱা নলীডাল নাৱৰ তলিৰ মাজেৰে নি তলৰ বৈ থকা পানীত এৰি দিয়া হয়। আজিকালি বায়’-টয়লেট বা জৈৱ-শৌচাগাৰৰ ব্যৱহাৰ অতি সাধাৰণ হৈ পৰিছে। যাৰ ফলত বেকৱাটাৰৰ খালবোৰ প্ৰদূষিত নহয়। ব্যৱহাৰৰ বাবে পানীখিনি পাকঘৰ আৰু শৌচাগাৰৰ সৈতে সংযোগ কৰি ওপৰৰ অংশত থকা এটা প্লাষ্টিকৰ টেংকত জমা কৰি ৰখা হয়। পৰিৱেশ-অনুকূল সামগ্ৰীৰ নান্দনিক গুণাগুণ বজাই ৰাখিবলৈ পাইপ, টেংক আৰু অন্যান্য কৃত্ৰিম সামগ্ৰীসমূহ ছালি বা নাৰিকলৰ আঁহেৰে ঢাকি থোৱা হয়।
পৰ্যটন
[সম্পাদনা কৰক]সহস্ৰাব্দৰ ঠিক আগে আগে প্ৰকাশিত এক বিশেষ সংগ্ৰহযোগ্য সংখ্যাত নেশ্যনেল জিঅ’গ্ৰাফিক ট্ৰেভেলাৰ (National Geographic Traveler) আলোচনীয়ে কেৰালাক 'জীৱনকালৰ ৫০খন চাবলিয়া গন্তব্যস্থান'ৰ ভিতৰত স্থান দিছিল।[7]
দি হিন্দু কাকতে লিখিছিল, "'ঈশ্বৰৰ আপোন দেশ'ৰ (God's Own Country) আইনাসদৃশ শান্ত হ্ৰদ, ছবিৰ কিতাপৰ দৰে হ্ৰদৰ পাৰ, খেজুৰ গছেৰে আবৃত খাল আৰু তিৰবিৰাই থকা জুৰিবোৰৰ মাজেৰে কৰা নাও যাত্ৰা হৈছে এই দেশৰ আটাইতকৈ মনোমোহা ছুটি কটোৱাৰ অভিজ্ঞতা। খেজুৰ গছেৰে আবৃত এই জলপথসমূহৰ মাজেৰে কৰা যাত্ৰা পৰ্যটকসকলৰ ভ্ৰমণসূচীৰ এক অপৰিহাৰ্য অংগ হৈ পৰাৰ লগে লগে পৰম্পৰাগত কেট্টুভাল্লাম কেৰালা পৰ্যটনৰ শুভংকৰ (mascot) হিচাপে আত্মপ্ৰকাশ কৰিছে।" [2]
৯০০তকৈও অধিক কেট্টুভাল্লামে কেৰালাৰ বেকৱাটাৰত চলাচল কৰে আৰু পৰ্যটকৰ মাজত জনপ্ৰিয় কেইবাটাও ভ্ৰমণ পথ আছে।[8]
ট্যুৰ অপাৰেটৰসকলে কেইবাটাও অভিনৱ বিকল্প আগবঢ়াই আহিছে। পৰ্যটনৰ প্ৰসাৰৰ বাবে কেট্টুভাল্লামক জনপ্ৰিয় কৰাৰ এক পদক্ষেপ হিচাপে আৰু এই অঞ্চলৰ অন্যতম বৃহৎ নদী তথা জিলাখনৰ জীৱন-ৰেখা স্বৰূপ ৱালাপত্তনম নদীৰ বিষয়ে মানুহক অধিক জানিবলৈ সুবিধা কৰি দিবৰ বাবে কান্নুৰ জিলা পৰ্যটন পৰিষদে কট্টমপল্লীৰ এটা ব্যক্তিগত ৰিজৰ্টৰ সহযোগত এক 'নদী দৰ্শন' কাৰ্যসূচী আৰম্ভ কৰিছে।[9]
কালুৰ-কড়ৱন্থৰা পথৰ এটা কেট্টুভাল্লামত এটি সাগৰীয় খাদ্যৰ ভোজনালয় খোলা হৈছে।[10]
আলোকচিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]- যাত্ৰীবাহী এখন নিয়মীয়া ফেৰী
- স্থানীয় লোকে মাছ ধৰিবলৈ আৰু ফেৰী সেৱাৰ বাবে ব্যৱহাৰ কৰা এখন নাও
- বেকৱাটাৰ বা হ্ৰদৰ পানীত নাও আৰু হাঁহ
- কেট্টুভাল্লামত প্ৰস্তুত কৰা খাদ্য
- কেট্টুভাল্লামৰপৰা দেখা পোৱা এটা দৃশ্য
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 Ayub, Akber (ed), Kerala: Maps & More, Backwaters, 2006 edition 2007 reprint, p. 47, Stark World Publishing, Bangalore, আই.এচ.বি.এন. 81-902505-2-3
- 1 2 Radhakrishnan, S. Anil. "Cruising along in designer houseboats". The Hindu, 11 March 2002. Archived from the original on 2 February 2008. https://web.archive.org/web/20080202145528/http://www.hinduonnet.com/thehindu/lf/2002/03/11/stories/2002031100370200.htm। আহৰণ কৰা হৈছে: 2008-01-06.
- ↑ "The boat-makers of Beypore". The Hindu. 6 July 2013. http://www.thehindu.com/features/magazine/the-boatmakers-of-beypore/article4884192.ece.
- ↑ "Ship building in Beypore". amartya.de. Archived from the original on 25 April 2012. https://web.archive.org/web/20120425051616/http://www.amartya.de/beypore1.htm। আহৰণ কৰা হৈছে: 17 April 2018.
- ↑ "Cargo boats". Worldviewer. Archived from the original on 2007-10-29. https://web.archive.org/web/20071029111803/http://www.kettuvallam.com/Content-16/Kerala-Houseboat.html। আহৰণ কৰা হৈছে: 2008-01-05.
- ↑ "Unforgettable house boat ride". Alleppey. Travel Division of Kerala.com. Archived from the original on 2007-09-10. https://web.archive.org/web/20070910022626/http://www.keralatravels.com/houseboat/। আহৰণ কৰা হৈছে: 2008-01-05.
- ↑ Mathew, Mony K.. "Going beyond God's own country". The Hindu Business Line, 13 July 2000. Archived from the original on 20 January 2008. https://web.archive.org/web/20080120021123/http://www.hinduonnet.com/businessline/2000/07/13/stories/111302c4.htm। আহৰণ কৰা হৈছে: 2008-01-08.
- ↑ Abraham, Tanya. "Eco-friendly boats to ply backwaters". The Hindu, 31 October 2005. Archived from the original on 20 May 2009. https://web.archive.org/web/20090520163825/http://www.hinduonnet.com/thehindu/thscrip/print.pl?file=2005103101070300.htm&date=2005%2F10%2F31%2F&prd=mp&। আহৰণ কৰা হৈছে: 2008-01-06.
- ↑ "Valapattanam attracting tourists". The Hindu, 13 March 2006. Archived from the original on 11 July 2011. https://web.archive.org/web/20110711171002/http://www.hinduonnet.com/thehindu/thscrip/print.pl?file=2006031314030300.htm&date=2006%2F03%2F13%2F&prd=th&। আহৰণ কৰা হৈছে: 2008-01-06.
- ↑ Priyadershini, S. (13 December 2007). "Fish on the boat eating out". The Hindu.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত কেট্টুভাল্লাম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |