কেণ্ডাল জেনাৰ
| কেণ্ডাল জেনাৰ | |
|---|---|
জেনাৰ, ২০২৫ চনত | |
| জন্ম | Kendall Nicole Jenner ০৩ নৱেম্বৰ, ১৯৯৫ (৩০ বছৰ) লছ এঞ্জেলেছ, কেলিফৰ্ণিয়া, যুক্তৰাষ্ট্ৰ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
| দূৰদৰ্শন |
|
| পিতৃ-মাতৃ |
|
| আত্মীয়-স্বজন | কাৰ্ডাশিয়ান পৰিয়াল |
| 'Modeling information' | |
| Height | ৫ ফুট ১১ ইঞ্চি (১.৮০ মিটাৰ) |
| Hair color | মুগা |
| Eye color | মুগা |
| Agency | দা ছ’চাইটি মেনেজমেণ্ট (নিউয়ৰ্ক) এলিট মডেল মেনেজমেণ্ট (পেৰিছ, মিলান, লণ্ডন) |

কেণ্ডাল নিকোল জেনাৰ (জন্ম: ৩ নৱেম্বৰ, ১৯৯৫)[1] এগৰাকী আমেৰিকান মডেল, সামাজিক ব্যক্তিত্ব আৰু মিডিয়া ব্যক্তিত্ব। তেওঁ বাস্তৱধৰ্মী টেলিভিছন অনুষ্ঠান কিপিং আপ উইথ দা কাৰ্ডাশিয়ানছ-ৰ জৰিয়তে খ্যাতি লাভ কৰে। ২০০৭ চনৰপৰা ২০২১ চনলৈ ২০টা ছিজনত প্ৰায় ১৫ বছৰ ধৰি তেওঁ এই অনুষ্ঠানত অভিনয় কৰে। এই অনুষ্ঠানৰ সফলতাৰ ফলস্বৰূপে কেইবাটাও স্পিন-অফ শৃংখলা নিৰ্মাণ কৰা হয়, যেনে কৰ্টনি এণ্ড খ্লোয়ে টেক মিয়ামি (২০০৯), কৰ্টনি এণ্ড কিম টেক নিউ ইয়ৰ্ক (২০১১), খ্লোয়ে এণ্ড লামাৰ (২০১১), ৰব এণ্ড চাইনা (২০১৬) আৰু লাইফ অৱ কাইলি (২০১৭)। ২০২২ চনত তেওঁ আৰু তেওঁৰ পৰিয়ালে হুলু প্লেটফৰ্মত প্ৰচাৰিত দা কাৰ্ডাশিয়ানছ অনুষ্ঠানত অভিনয় আৰম্ভ কৰে।
জেনাৰে ১৪ বছৰ বয়সত মডেলিং আৰম্ভ কৰে। বাণিজ্যিক প্ৰিণ্ট বিজ্ঞাপন আৰু ফটোশ্বুটত কাম কৰাৰ পাছত ২০১৪ আৰু ২০১৫ চনত তেওঁ বিশেষ সফলতা লাভ কৰে, যেতিয়া তেওঁ নিউয়ৰ্ক, মিলান আৰু পেৰিছ ফেশ্বন সপ্তাহত উচ্চ-ফেশ্বন ডিজাইনাৰসকলৰ বাবে ৰেম্পত খোজ কাঢ়ে। তেওঁ লাভ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ভোগ সংস্কৰণত কভাৰ আৰু সম্পাদকীয় ফটোশ্বুটত অংশ লৈছে আৰু Estée Lauder-ৰ ব্ৰেণ্ড এম্বাচাদৰ হিচাপে কাম কৰিছে।[2] ২০১৫ চনত Forbes আলোচনীৰ বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা মডেলসকলৰ তালিকাত তেওঁ ১৬ নম্বৰ স্থান লাভ কৰে, য’ত তেওঁৰ অনুমাণিক বাৰ্ষিক আয় আছিল US$4 million।[3] ২০১৭ চনত Forbes-এ তেওঁক বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা মডেল হিচাপে ঘোষণা কৰে, যাৰ জৰিয়তে তেওঁ জিজেল বাণ্ডচেনক পিছ পেলায়।[4] ২০২১ চনত তেওঁ নিজৰ টেকিলা ব্ৰেণ্ড 818 Tequila আৰম্ভ কৰে।[5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কেণ্ডাল নিকোল জেনাৰৰ জন্ম ৩ নৱেম্বৰ, ১৯৯৫ চনত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলেছত হৈছিল। তেওঁ পূৰ্বৰ ১৯৭৬ গ্ৰীষ্মকালীন অলিম্পিক ডেকাথলন চেম্পিয়ন কেটলিন জেনাৰ (সেই সময়ত ব্ৰুচ জেনাৰ নামে জনাজাত)[6] আৰু টেলিভিছন ব্যক্তিত্ব তথা ব্যৱসায়ী ক্ৰিচ জেনাৰৰ কন্যা।[7]
জেনাৰৰ মাজনাম “নিকোল” ক্ৰিছ জেনাৰৰ ঘনিষ্ঠ বন্ধু নিকোল ব্ৰাউন চিম্পছনৰ স্মৃতিত ৰখা হৈছিল, যাক কেণ্ডাল জন্মৰ পূৰ্বেই হত্যা কৰা হৈছিল।[8]
জেনাৰৰ এজনী সৰু ভনীয়েক আছে, কাইলি জেনাৰ, আৰু আঠটি জ্যেষ্ঠ সতীয়া ভায়েক-ভনীয়েক আছে। কেটলিন জেনাৰৰ পৰিয়ালৰপৰাও তেওঁৰ তিনিটা জ্যেষ্ঠ সতীয়া ভায়েক—বাৰ্ট, ব্ৰেণ্ডন আৰু ব্ৰডি, আৰু এগৰাকী জ্যেষ্ঠ সতীয়া ভনীয়েক কেচি মাৰিনো আছে। ক্ৰিছ জেনাৰৰ পৰিয়ালৰপৰা তেওঁ তিনিজনী জ্যেষ্ঠ সতীয়া ভনীয়েক— কৰ্টনি, কিম কাৰ্ডাশিয়ান আৰু খ্লোয়ে, আৰু এজন জ্যেষ্ঠ সতীয়া ভায়েক ৰব কাৰ্ডাশিয়ান আছে।[9]
জেনাৰ তেওঁৰ ভনীয়েক আৰু কাৰ্ডাশিয়ান পৰিয়ালৰ সৈতে লছ এঞ্জেলেছৰ পশ্চিম অংশত অৱস্থিত উচ্চবিত্ত এলেকা কেলাবাছাছত ডাঙৰ-দীঘল হয়। তেওঁ মডেলিং পেছা অনুসৰণ কৰিবলৈ হোমস্কুলিং গ্ৰহণ কৰাৰ পূৰ্বে চিয়েৰা কেনিয়ন স্কুলত অধ্যয়ন কৰিছিল।[10] তেওঁ ২০১৪ চনত স্নাতক হয়।[11] ২০১৪ চনৰ মে’ মাহত জেনাৰে লছ এঞ্জেলেছত দুই শোৱা কোঠা আৰু ২.৫টা বাথৰুম থকা এটা কনডোমিনিয়াম US$1.4 million মূল্যত ক্ৰয় কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Nesvig, Kara (November 3, 2015). "10 Reasons Why Kendall Jenner Would Make the Perfect Sister". Teen Vogue. http://www.teenvogue.com/story/kendall-jenner-perfect-sister। আহৰণ কৰা হৈছে: November 22, 2015.
- ↑ "Estée Lauder Official Site". https://www.esteelauder.com/estee-stories-article-3-minutes-kendall-jenner। আহৰণ কৰা হৈছে: October 9, 2018.[সংযোগবিহীন উৎস]
- ↑ Robehmed, Natalie (September 17, 2015). "The World's Highest-Paid Models 2015: Gisele Leads, Kendall Joins". Forbes. https://www.forbes.com/sites/natalierobehmed/2015/09/17/the-worlds-highest-paid-models-2015-gisele-leads-kendall-joins/। আহৰণ কৰা হৈছে: September 24, 2015.
- ↑ Robehmed, Natalie. "Highest-Paid Models 2017: Kendall Jenner Takes Crown From Gisele With $22M Year". Forbes. https://www.forbes.com/sites/natalierobehmed/2017/11/21/highest-paid-models-2017-kendall-jenner-ousts-gisele-with-22-million/.
- ↑ Smith, Christian (February 18, 2021). "Kendall Jenner Announces Launch Of Her Own Tequila Brand, 818". The Drinks Business. https://www.thedrinksbusiness.com/2021/02/kendall-jenner-announces-launch-of-her-own-tequila-brand-818/। আহৰণ কৰা হৈছে: June 22, 2023.
- ↑ Bissinger, Buzz (June 1, 2015). "Introducing Caitlyn Jenner". Vanity Fair. http://www.vanityfair.com/hollywood/2015/06/caitlyn-jenner-bruce-cover-annie-leibovitz/। আহৰণ কৰা হৈছে: December 1, 2015.
- ↑ "Kris Jenner". Biography. June 12, 2020. https://www.biography.com/personality/kris-jenner। আহৰণ কৰা হৈছে: June 6, 2021.
- ↑ Gray, Lorna (April 12, 2016). "Kendall Jenner explains the importance behind her middle name 'Nicole'". Cosmopolitan. http://www.cosmopolitan.com.au/celebrity/celebrity-gossip/2016/4/kendall-jenner-explains-importance-behind-middle-name-nicole। আহৰণ কৰা হৈছে: April 12, 2016.
- ↑ Challis, Carla (September 18, 2015). "Who are the Kardashians and the Jenners?". BT Group. Archived from the original on November 1, 2020. https://web.archive.org/web/20201101015046/http://home.bt.com/lifestyle/who-are-the-kardashians-and-the-jenners-your-guide-to-kylie-kim-caitlyn-and-the-family-11363984898071। আহৰণ কৰা হৈছে: September 24, 2015.
- ↑ Lipton, Lauren (June 7, 2013). "Kendall Jenner, a Sister Who Does More Than Keep Up". The New York Times. https://www.nytimes.com/2013/06/09/fashion/kendall-jenner-a-sister-who-does-more-than-keep-up-with-the-kardashians.html.
- ↑ Bailey, Alyssa (July 24, 2015). "Kendall and Kylie Jenner Got a Crazy Surprise Graduation Party". Elle. http://www.elle.com/culture/celebrities/news/a29475/kendall-kylie-jenner-graduation-party/। আহৰণ কৰা হৈছে: December 2, 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| কেণ্ডাল জেনাৰ প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| বা-বাতৰি ৱিকিসংবাদত | |
- কেণ্ডাল জেনাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।