সমললৈ যাওক

কেণ্ডিচ বুচাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেণ্ডিচ বুচাৰ

২০১২ চনত কেণ্ডিচ বুচাৰ
জন্ম ডাৰবান, দক্ষিণ আফ্ৰিকা[1]
অন্য নাম বুছি, কেণ্ডচ
সক্ৰিয় হৈ থকা সময় ২০০৯–২০১১
সন্তান
'Modeling information'
Hair color মুগা
Eye color নীলা
Agency মডেলছ ইণ্টাৰনেচনেল, আইচ মডেলছ

কেণ্ডিচ বুচাৰ (ইংৰাজী: Candice Boucher) এগৰাকী দক্ষিণ আফ্ৰিকান মডেল আৰু অভিনেত্ৰী। ২০১০ চনত বুচাৰ প্লেবয় আৰু স্পৰ্টছ ইলাষ্ট্ৰেটেড আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছিল। ২০১১ চনত তেওঁ বলিউডৰ ছবি আজানত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু মডেলিং

[সম্পাদনা কৰক]

কেণ্ডিচ বুচাৰৰ জন্ম দক্ষিণ আফ্ৰিকাৰ ডাৰবানত হৈছিল।[1] সোতৰ বছৰ বয়সত তেওঁ বন্ধু-বান্ধৱীৰ অনুৰোধত হাইস্কুলৰ বাৰ্ষিক সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[2] তেওঁ প্ৰতিযোগিতাত জয়ী হয় আৰু এজন স্থানীয় ফটোগ্ৰাফাৰৰ সৈতে ফটো শ্বুট কৰাৰ সুযোগ পায়। ফটোগ্ৰাফাৰজনে বুচাৰৰ ফটোবোৰ দক্ষিণ আফ্ৰিকাৰ মডেলিং সংস্থা 'মডেলছ ইণ্টাৰনেচনেল'লৈ প্ৰেৰণ কৰে। কোম্পানীটোৱে বুচাৰৰ সৈতে যোগাযোগ কৰি তেওঁক কামৰ প্ৰস্তাৱ দিয়ে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

হাইস্কুলৰ শিক্ষা সমাপ্ত কৰি বুচাৰ মডেলিং কেৰিয়াৰ আগবঢ়াই নিবলৈ কেপ টাউনলৈ গুচি যায়।[2] বুচাৰ কচম’পলিটান আলোচনীৰ কভাৰ মডেল হোৱাৰ লগতে এফ এইচ এম, জি কিউ, ফিলা, স্পিড’, স্পৰ্টছ ইলাষ্ট্ৰেটেড আৰু এল আলোচনীৰ বাবে মডেলিং কৰিছে।[1]

২০০৯ চনত বুচাৰ 'গেছ' (Guess) নামৰ ব্ৰেণ্ডটোৰ নতুন মডেল হিচাপে নিৰ্বাচিত হয়। ২০১০ চনৰ এপ্ৰিল মাহত তেওঁ প্লেবয়ৰ বেটুপাতত স্থান পায়। কেনিয়াত কৰা এই ফটো শ্বুটটোৰ শিৰোনাম আছিল "আনড্ৰেছড ইন আফ্ৰিকা।" ইয়াৰ কেইমাহমানৰ পিছত অক্টোবৰত তেওঁ স্পৰ্টছ ইলাষ্ট্ৰেটেডৰ বেটুপাতত স্থান লাভ কৰে।[3] ২০১১ চনত তেওঁ শচীন জে যোশীৰ সৈতে আজান ছবিত অভিনয় কৰে।[4]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষশীৰ্ষকচৰিত্ৰটোকা
২০১১আজানআফ্ৰিনচলচ্চিত্ৰত অভিষেক

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

বুচাৰ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰনিউয়ৰ্ক চহৰত বাস কৰে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Local model in Playboy". iAfrica. 5 September 2013. http://entertainment.iafrica.com/news/2320583.htm আহৰণ কৰা হৈছে: 13 January 2020.
  2. 1 2 Muhlenberg, Dylan (20 May 2011). "Candice Boucher chats about beauty | IOL" (en ভাষাত). Independent Online. https://www.iol.co.za/lifestyle/style-beauty/fashion/candice-boucher-chats-about-beauty-1071663 আহৰণ কৰা হৈছে: 13 January 2020.
  3. "Candice Boucher: Sports Illustrated's Swimwear cover" (en ভাষাত). Biz Community. https://www.bizcommunity.com/Article/196/430/53342.html আহৰণ কৰা হৈছে: 13 January 2020.
  4. Khan, Rubina A. (17 May 2011). "She did it at Cannes, but can Candice Boucher sizzle up Bollywood" (en ভাষাত). Firstpost. https://www.firstpost.com/entertainment/she-did-it-at-cannes-but-can-candice-boucher-sizzle-up-bollywood-11071.html আহৰণ কৰা হৈছে: 13 January 2020.
  5. Ndebele, Gabisile (24 March 2010). "SA model on Playboy cover". Times Live. Archived from the original on 28 March 2010. https://web.archive.org/web/20100328123028/http://www.timeslive.co.za/entertainment/article371849.ece আহৰণ কৰা হৈছে: 13 January 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]