কেণ্ডিচ স্বানেপোৱেল
| কেণ্ডিচ স্বানেপোৱেল | |
|---|---|
২০১৩ চনত মেক্স ফেক্টৰৰ বাবে স্বানেপোৱেল | |
| জন্ম | কেণ্ডিচ চুজান স্বানেপোৱেল ২০ অক্টোবৰ, ১৯৮৮ (৩৭ বছৰ) মুই ৰিভাৰ, নাটাল, দক্ষিণ আফ্ৰিকা |
| পেচা | মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০৩–বৰ্তমান |
| অংশীদাৰ | হাৰমেন নিকোলি (২০০৫–২০১৮) |
| সন্তান | ২ |
| 'Modeling information' | |
| Height | ৫ ফুট ১০ ইঞ্চি[1] |
| Hair color | সোণালী[1] |
| Eye color | নীলা[1] |
| Agency | দ্য লায়ন্স (নিউয়ৰ্ক), মডেলৱাৰ্ক (হামবুৰ্গ), মিউনিক মডেল (মিউনিক), ৱে মডেল মেনেজমেণ্ট (ছাও পাওলো), এলাইট মডেল মেনেজমেণ্ট (পেৰিছ)[2] |
| ৱেবছাইট | |
| candiceswanepoel | |
কেণ্ডিচ চুজান স্বানেপোৱেল (ইংৰাজী: Candice Susan Swanepoel; জন্ম: ২০ অক্টোবৰ ১৯৮৮) এগৰাকী দক্ষিণ আফ্ৰিকীয় মডেল। তেওঁ মুখ্যত ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত। ২০১০ চনত তেওঁ এগৰাকী ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল হৈছিল।[3] ২০১৬ চনত তেওঁ ফৰ্বছৰ সৰ্বাধিক উপাৰ্জনকাৰী মডেলৰ তালিকাত অষ্টম স্থান লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]স্বানেপোৱেলৰ জন্ম হৈছিল জিম্বাবৱেৰ মুটাৰেৰ উইলিয়াম স্বানেপোৱেল আৰু আইলিন স্বানেপোৱেলৰ (পূৰ্বৰ নাম গ্ৰীণ) কোলাত। তেওঁ দক্ষিণ আফ্ৰিকাৰ মুই ৰিভাৰৰ এখন ফাৰ্মত ডাঙৰ-দীঘল হৈছিল।[4] স্বানেপোৱেল এজন ডাচ্চ মূলৰ আফ্ৰিকানাৰ পৰিয়ালৰ সন্তান, আনহাতে তেওঁৰ মাতৃ ব্ৰিটিছ মূলৰ। তেওঁৰ ষ্টিফেন নামৰ এজন জ্যেষ্ঠ ভাতৃ আছে।[5][6] ডাঙৰ হৈ অহাৰ সময়ত স্বানেপোৱেল এগৰাকী বেলে নৃত্যশিল্পী আছিল। তেওঁ ওচৰৰে হিলটন নামৰ চহৰখনৰ ছেইণ্ট এনছ ডাইঅচেচান কলেজত আৱাসিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।[7] ১৫ বছৰ বয়সত ডাৰবানৰ এটা বজাৰত এগৰাকী মডেল স্কাউটে তেওঁক পোনপ্ৰথমবাৰৰ বাবে লক্ষ্য কৰিছিল।[8]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]স্বানেপোৱেল আফ্ৰিকানী, ইংৰাজী আৰু পৰ্তুগীজ ভাষাত পাকৈত। পৰ্তুগীজ ভাষা তেওঁ তেওঁৰ প্ৰাক্তন বাগদত্ত তথা ব্ৰাজিলীয় মডেল হাৰমেন নিকোলিৰপৰা শিকিছিল।[9] ১৭ বছৰ বয়সত পেৰিছত তেওঁলোকৰ প্ৰথম দেখা-দেখি হৈছিল (সেই সময়ত নিকোলিৰ বয়স আছিল ২৩ বছৰ) আৰু তাৰ পিছৰপৰাই তেওঁলোকে ডেটিং আৰম্ভ কৰিছিল।[10] ২০১৫ চনৰ আগষ্ট মাহত এই দম্পতীহালে তেওঁলোকৰ বাগদানৰ কথা ঘোষণা কৰে।[11] তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে, যাৰ জন্ম ২০১৬ চনৰ অক্টোবৰ আৰু ২০১৮ চনৰ জুন মাহত হৈছিল। ২০১৮ চনৰ নৱেম্বৰ মাহত দম্পতীহালৰ মাজত বিচ্ছেদ ঘটে।[12]
২০১৮ চনৰ তথ্য অনুসৰি, তেওঁ ব্ৰাজিল আৰু নিউয়ৰ্ক চহৰৰ মাজত নিজৰ সময় অতিবাহিত কৰে।[13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 "CANDICE SWANEPOEL - Munich Models". Munich Models. https://www.munich-models.de/image/613-candice-swanepoel/। আহৰণ কৰা হৈছে: 10 November 2023.
- ↑ "Candice Swanepoel - Model Profile - Photos & latest news". models.com. https://models.com/models/candice-swanepoel। আহৰণ কৰা হৈছে: 10 November 2023.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;Vasilieva (2012)নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ McGurk, Stuart (2014-08-06). "Victoria's Top Secret: Candice Swanepoel". GQ Magazine. https://www.gq-magazine.co.uk/article/candice-swanepoel-victorias-secret-photos-interview-2012। আহৰণ কৰা হৈছে: 2023-07-09.
- ↑ Blasberg, Derek (18 December 2012). "A Candid Interview with the Impossibly Beautiful Candice". http://www.mrblasberg.com/2012/12/18/a-candid-conversation-with-the-impossibly-beautiful-candice/.
- ↑ "Model Profile: Candice Swanepoel". New York. Archived from the original on 15 August 2013. https://web.archive.org/web/20130815140230/http://nymag.com/fashion/models/cswanepoel/candiceswanepoel/। আহৰণ কৰা হৈছে: 19 June 2013.
- ↑ Mbuyazi, Nondumiso. "We found Candice, says agency". http://www.iol.co.za/entertainment/we-found-candice-says-agency-1622579.
- ↑ Govender, Devi Sankaree (presenter); First Edit (producer) (29 May 2005). "Mooiriver magic". Carte Blanche. M-Net. Archived from the original on 13 December 2007. Retrieved 2 February 2015.
- ↑ "'Pretendo Morar no Brasil', Conta a Angel Candice Swanepoel. Confira! ['I Want to Live in Brazil', Says the Angel Candice Swanepoel. Confira!]" (pt ভাষাত). 180graus. 29 January 2011. http://180graus.com/gente/pretendo-morar-no-brasil-conta-a-angel-candice-swanepoelconfira-398316.html। আহৰণ কৰা হৈছে: 2 February 2015.
- ↑ "GQ Girl: Candice Swanepoel". GQ South Africa. May 2010. http://img208.imagevenue.com/img.php?image=63159_2_122_451lo.jpg। আহৰণ কৰা হৈছে: 2 February 2015. (Full article[usurped], pp. cover, 8, 66–72.)
- ↑ Bacardi, Francesca (15 August 2015). "Candice Swanepoel Is Engaged! Model Set to Marry Longtime Boyfriend Hermann Nicoli". E!. http://www.eonline.com/news/686434/candice-swanepoel-is-engaged-model-set-to-marry-longtime-boyfriend-hermann-nicoli.
- ↑ Guthrie, Susannah. "Inside Candice Swanepoel's Relationship With Hermann Nicoli" (en ভাষাত). Harper's BAZAAR. https://www.harpersbazaar.com.au/celebrity/candice-swanepoel-husband-17938। আহৰণ কৰা হৈছে: 2019-12-16.
- ↑ "Candice Swanepoel sobre relacionamento EUA-Brasil: "Estou tentando morar mais aqui"" (pt ভাষাত). Vogue Brasil. 19 June 2018. https://vogue.globo.com/desfiles/noticia/2014/04/candice-swanepoel-fala-sobre-relacionamento-meio-eua-meio-brasil.ghtml। আহৰণ কৰা হৈছে: 19 June 2018.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত কেণ্ডিচ স্বানেপোৱেল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিউদ্ধৃতিত কেণ্ডিচ স্বানেপোৱেল বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- [http:// আধিকাৰিক ৱেবছাইট]
- কেণ্ডিচ স্বানেপোৱেল সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
