সমললৈ যাওক

কেণ্ডিচ স্বানেপোৱেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেণ্ডিচ স্বানেপোৱেল

২০১৩ চনত মেক্স ফেক্টৰৰ বাবে স্বানেপোৱেল
জন্ম কেণ্ডিচ চুজান স্বানেপোৱেল
২০ অক্টোবৰ, ১৯৮৮ (৩৭ বছৰ)
মুই ৰিভাৰ, নাটাল, দক্ষিণ আফ্ৰিকা
পেচা মডেল
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমান
অংশীদাৰ হাৰমেন নিকোলি (২০০৫–২০১৮)
সন্তান
'Modeling information'
Height ৫ ফুট ১০ ইঞ্চি[1]
Hair color সোণালী[1]
Eye color নীলা[1]
Agency দ্য লায়ন্স (নিউয়ৰ্ক), মডেলৱাৰ্ক (হামবুৰ্গ), মিউনিক মডেল (মিউনিক), ৱে মডেল মেনেজমেণ্ট (ছাও পাওলো), এলাইট মডেল মেনেজমেণ্ট (পেৰিছ)[2]
ৱেবছাইট
candiceswanepoel.com

কেণ্ডিচ চুজান স্বানেপোৱেল (ইংৰাজী: Candice Susan Swanepoel; জন্ম: ২০ অক্টোবৰ ১৯৮৮) এগৰাকী দক্ষিণ আফ্ৰিকীয় মডেল। তেওঁ মুখ্যত ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত। ২০১০ চনত তেওঁ এগৰাকী ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল হৈছিল।[3] ২০১৬ চনত তেওঁ ফৰ্বছৰ সৰ্বাধিক উপাৰ্জনকাৰী মডেলৰ তালিকাত অষ্টম স্থান লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

স্বানেপোৱেলৰ জন্ম হৈছিল জিম্বাবৱেৰ মুটাৰেৰ উইলিয়াম স্বানেপোৱেল আৰু আইলিন স্বানেপোৱেলৰ (পূৰ্বৰ নাম গ্ৰীণ) কোলাত। তেওঁ দক্ষিণ আফ্ৰিকাৰ মুই ৰিভাৰৰ এখন ফাৰ্মত ডাঙৰ-দীঘল হৈছিল।[4] স্বানেপোৱেল এজন ডাচ্চ মূলৰ আফ্ৰিকানাৰ পৰিয়ালৰ সন্তান, আনহাতে তেওঁৰ মাতৃ ব্ৰিটিছ মূলৰ। তেওঁৰ ষ্টিফেন নামৰ এজন জ্যেষ্ঠ ভাতৃ আছে।[5][6] ডাঙৰ হৈ অহাৰ সময়ত স্বানেপোৱেল এগৰাকী বেলে নৃত্যশিল্পী আছিল। তেওঁ ওচৰৰে হিলটন নামৰ চহৰখনৰ ছেইণ্ট এনছ ডাইঅচেচান কলেজত আৱাসিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।[7] ১৫ বছৰ বয়সত ডাৰবানৰ এটা বজাৰত এগৰাকী মডেল স্কাউটে তেওঁক পোনপ্ৰথমবাৰৰ বাবে লক্ষ্য কৰিছিল।[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

স্বানেপোৱেল আফ্ৰিকানী, ইংৰাজী আৰু পৰ্তুগীজ ভাষাত পাকৈত। পৰ্তুগীজ ভাষা তেওঁ তেওঁৰ প্ৰাক্তন বাগদত্ত তথা ব্ৰাজিলীয় মডেল হাৰমেন নিকোলিৰপৰা শিকিছিল।[9] ১৭ বছৰ বয়সত পেৰিছত তেওঁলোকৰ প্ৰথম দেখা-দেখি হৈছিল (সেই সময়ত নিকোলিৰ বয়স আছিল ২৩ বছৰ) আৰু তাৰ পিছৰপৰাই তেওঁলোকে ডেটিং আৰম্ভ কৰিছিল।[10] ২০১৫ চনৰ আগষ্ট মাহত এই দম্পতীহালে তেওঁলোকৰ বাগদানৰ কথা ঘোষণা কৰে।[11] তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে, যাৰ জন্ম ২০১৬ চনৰ অক্টোবৰ আৰু ২০১৮ চনৰ জুন মাহত হৈছিল। ২০১৮ চনৰ নৱেম্বৰ মাহত দম্পতীহালৰ মাজত বিচ্ছেদ ঘটে।[12]

২০১৮ চনৰ তথ্য অনুসৰি, তেওঁ ব্ৰাজিল আৰু নিউয়ৰ্ক চহৰৰ মাজত নিজৰ সময় অতিবাহিত কৰে।[13]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "CANDICE SWANEPOEL - Munich Models". Munich Models. https://www.munich-models.de/image/613-candice-swanepoel/ আহৰণ কৰা হৈছে: 10 November 2023.
  2. "Candice Swanepoel - Model Profile - Photos & latest news". models.com. https://models.com/models/candice-swanepoel আহৰণ কৰা হৈছে: 10 November 2023.
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Vasilieva (2012) নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. McGurk, Stuart (2014-08-06). "Victoria's Top Secret: Candice Swanepoel". GQ Magazine. https://www.gq-magazine.co.uk/article/candice-swanepoel-victorias-secret-photos-interview-2012 আহৰণ কৰা হৈছে: 2023-07-09.
  5. Blasberg, Derek (18 December 2012). "A Candid Interview with the Impossibly Beautiful Candice". http://www.mrblasberg.com/2012/12/18/a-candid-conversation-with-the-impossibly-beautiful-candice/.
  6. "Model Profile: Candice Swanepoel". New York. Archived from the original on 15 August 2013. https://web.archive.org/web/20130815140230/http://nymag.com/fashion/models/cswanepoel/candiceswanepoel/ আহৰণ কৰা হৈছে: 19 June 2013.
  7. Mbuyazi, Nondumiso. "We found Candice, says agency". http://www.iol.co.za/entertainment/we-found-candice-says-agency-1622579.
  8. Govender, Devi Sankaree (presenter); First Edit (producer) (29 May 2005). "Mooiriver magic". Carte Blanche. M-Net. Archived from the original on 13 December 2007. Retrieved 2 February 2015.
  9. "'Pretendo Morar no Brasil', Conta a Angel Candice Swanepoel. Confira! ['I Want to Live in Brazil', Says the Angel Candice Swanepoel. Confira!]" (pt ভাষাত). 180graus. 29 January 2011. http://180graus.com/gente/pretendo-morar-no-brasil-conta-a-angel-candice-swanepoelconfira-398316.html আহৰণ কৰা হৈছে: 2 February 2015.
  10. "GQ Girl: Candice Swanepoel". GQ South Africa. May 2010. http://img208.imagevenue.com/img.php?image=63159_2_122_451lo.jpg আহৰণ কৰা হৈছে: 2 February 2015. (Full article[usurped], pp. cover, 8, 66–72.)
  11. Bacardi, Francesca (15 August 2015). "Candice Swanepoel Is Engaged! Model Set to Marry Longtime Boyfriend Hermann Nicoli". E!. http://www.eonline.com/news/686434/candice-swanepoel-is-engaged-model-set-to-marry-longtime-boyfriend-hermann-nicoli.
  12. Guthrie, Susannah. "Inside Candice Swanepoel's Relationship With Hermann Nicoli" (en ভাষাত). Harper's BAZAAR. https://www.harpersbazaar.com.au/celebrity/candice-swanepoel-husband-17938 আহৰণ কৰা হৈছে: 2019-12-16.
  13. "Candice Swanepoel sobre relacionamento EUA-Brasil: "Estou tentando morar mais aqui"" (pt ভাষাত). Vogue Brasil. 19 June 2018. https://vogue.globo.com/desfiles/noticia/2014/04/candice-swanepoel-fala-sobre-relacionamento-meio-eua-meio-brasil.ghtml আহৰণ কৰা হৈছে: 19 June 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]