কেথলিন মেকমেহন
| কেথলিন মেকমেহন | |
|---|---|
| জন্ম | ডাবলিন, আয়াৰলেণ্ড |
| পেচা | ৰেডিঅ' আৰু টেলিভিছনৰ সাংবাদিক, ঔপন্যাসিক |
| উল্লেখযোগ্য কৰ্ম | দিছ ইজ হাও ইট এণ্ডচ (২০১২); দা লং হট চামাৰ (২০১৫); নাথিং বাট ব্লু স্কাই (২০২০) |
| আত্মীয়-স্বজন | মেৰী লেভিন (আইতাক) |
| ৱেবছাইট | |
| http://kathleenmacmahon.com/ | |
কেথলিন মেকমেহন এগৰাকী আইৰিছ লেখিকা আৰু প্ৰাক্তন ৰেডিঅ' আৰু টেলিভিছন সাংবাদিক যিয়ে আয়াৰলেণ্ডৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক আৰ টি ইৰ সৈতে কাম কৰিছিল।
শৈশৱ আৰু পৰিয়াল
[সম্পাদনা কৰক]কিলকেনিত জন্মগ্ৰহণ কৰা মেকমেহন লেখিকা মেৰী লেভিনৰ নাতিনী আৰু দ্য আইৰিছ টাইমছৰ সাহিত্য সম্পাদিকা কেৰ’লিন ৱালছৰ ভতিজী। তেওঁৰ পিতৃ ডেছ মেকমেহন আৰু মাতৃৰ নাম ভালডি ৱালছ, যি ২০১০ চনৰ নৱেম্বৰ মাহত মৃত্যুবৰণ কৰে।[1] মেকমেহনৰ এজন ভাতৃ-ভগ্নী কেভিন আৰু মেগ আছে। নিকাৰাগুয়া আৰু ব্ৰাজিলৰপৰা পৰিয়াল আয়াৰলেণ্ডলৈ উভতি অহাৰ পাছত মেকমেহনে ডাবলিনৰ মাউণ্ট এনভিল মাধ্যমিক বিদ্যালয়ত পঢ়িছিল।[2] তাৰ পিছত তেওঁ ইউনিভাৰ্চিটি কলেজ ডাবলিন আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ডিগ্ৰী লাভ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]প্ৰথমখন কিতাপ প্ৰকাশ পোৱাৰ পূৰ্বে ১৫ বছৰ ধৰি আৰ টি ইত ৰেডিঅ’ আৰু টেলিভিছনৰ সাংবাদিক হিচাপে কাম কৰিছিল। মৰ্নিং আয়াৰলেণ্ডত কাম কৰাৰ সময়ত মেকমেহনে নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ বাবে ৰাষ্ট্ৰীয় মিডিয়া বঁটা লাভ কৰে। ৰেডিঅ’ত তেওঁৰ পাঁচ বছৰ আৰ টি ই নিউজ এট ৱান অনুষ্ঠানৰ বাবে ৰিপ’ৰ্ট কৰি কটায়। প্ৰকাশক লিটল, ব্ৰাউনে তেওঁৰ প্ৰথম দুখন কিতাপৰ ইংৰাজী অধিকাৰৰ বাবে ৬ লাখ পাউণ্ড দিলে তেওঁ নিজেই এই খবৰটো দিছিল।[3]
মেকমেহনৰ প্ৰথমখন কিতাপ ডিছ ইজ হাউ ইট এণ্ডছ (২০১২) ২০টা ভাষালৈ অনুবাদ কৰা হয় আৰু কেৰী গ্ৰুপ আইৰিছ বুক অৱ দ্য য়েৰ বঁটা, দুটা বৰ্ড গেছ এনাৰ্জী আইৰিছ বুক বঁটা আৰু ২০১২ চনৰ বুক অৱ দ্য য়েৰৰ বাবে আৰ টি ই লাইভলাইনৰ শ্ৰোতাৰ সমীক্ষাকে ধৰি কেইবাটাও বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হয়। ব্ৰিটেইনত ৰিচাৰ্ড আৰু জুডিৰ পছন্দও আছিল। তেওঁৰ দ্বিতীয়খন কিতাপ দ্য লং হট ছামাৰ (২০১৫)ও বেষ্টচেলাৰ আছিল। ২০২০ চনত পেংগুইন বুকছৰ ছেণ্ডিক’ভ প্ৰেছৰ ছাপত তেওঁৰ তৃতীয়খন উপন্যাস নথিং বাট ব্লু স্কাই প্ৰকাশ পাইছিল। ২০২১ চনৰ মাৰ্চ মাহত ঘোষণা কৰা হয় যে নথিং বাট ব্লু স্কাইক কল্পকাহিনীৰ মহিলা বঁটাৰ বাবে লংলিষ্ট কৰা হৈছে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মেকমেহনে তেওঁৰ স্বামী মাৰ্ক আৰু তেওঁলোকৰ যমজ কন্যাৰ সৈতে ডাবলিনত থাকে।[4][5][6][7][8][9][10][11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "MacMAHON, Valdi : Death notice". Irish Times Family Notices. 2010-11-29. Archived from the original on 2026-01-25. https://web.archive.org/web/20260125023112/https://notices.irishtimes.com/death/macmahon-valdi/6969439। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ "Kathleen MacMahon Interview". RTE.ie. 2015-08-15. https://www.rte.ie/entertainment/books/2015/0815/721490-kathleen-macmahon-interview/। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ Cowdrey, Katherine (2018-10-22). "Kathleen MacMahon moves to Penguin Ireland". The Bookseller. https://www.thebookseller.com/news/kathleen-macmahon-moves-penguin-ireland-876316। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ Unknown (2013-11-03). "Me, Myself & I: Kathleen MacMahon, Author". Independent.ie. https://www.independent.ie/lifestyle/me-myself-i-kathleen-macmahon-author-29719734.html। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ "Kathleen MacMahon". Fantastic Fiction. https://www.fantasticfiction.com/m/kathleen-macmahon/। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ "Writer's Block with Kathleen MacMahon". The Gloss Magazine. 2015-10-01. https://thegloss.ie/writers-block-with-kathleen-macmahon/। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ "This Is How It Ends, Kathleen MacMahon". Writing.ie. 2012-05-02. https://www.writing.ie/interviews/this-is-how-it-ends-kathleen-macmahon/। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ "Kathleen MacMahon Books". Hachette Australia. https://www.hachette.com.au/kathleen-macmahon/। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ Saturday (2015-08-08). "Book review: The Long Hot Summer". irishexaminer.com. https://www.irishexaminer.com/lifestyle/artsfilmtv/books/book-reviewthe-long-hot-summer-347033.html। আহৰণ কৰা হৈছে: 2020-01-10.
- ↑ "Obituaries 5th July 2014". Meath Chronicle. 2014-07-09. https://www.meathchronicle.ie/news/roundup/articles/2014/07/09/4031390-obituaries-5th-july-2014। আহৰণ কৰা হৈছে: 2020-01-10.[সংযোগবিহীন উৎস]
- ↑ Dwyer, Ciara (2012-04-30). "now kathleen is the big news". Independent.ie. https://www.independent.ie/lifestyle/now-kathleen-is-the-big-news-26848572.html। আহৰণ কৰা হৈছে: 2020-01-10.