কেথেৰিন, প্ৰিন্সেছ অৱ ৱেলছ
কেথেৰিন, প্ৰিন্সেছ অফ ৱেলছ (ইংৰাজী: Catherine, Princess of Wales; জন্ম: কেথেৰিন এলিজাবেথ মিডলটন; ৯ জানুৱাৰী ১৯৮২) ব্ৰিটিছ ৰাজপৰিয়ালৰ এগৰাকী সদস্য। তেওঁ ব্ৰিটিছ ৰাজসিংহাসনৰ উত্তৰাধিকাৰী উইলিয়াম, প্ৰিন্স অফ ৱেলছৰ পত্নী।
বাৰ্কশায়াৰৰ ৰিডিঙত জন্মগ্ৰহণ কৰা কেথেৰিনে বাকলবাৰীত ডাঙৰ-দীঘল হয়। চেইণ্ট এণ্ড্ৰিউজ স্কুল আৰু মাৰ্লবৰ' কলেজত শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ স্কটলেণ্ডৰ ইউনিভাৰ্ছিটি অফ চেইণ্ট এণ্ড্ৰিউজৰ পৰা কলা ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰে। ২০০১ চনত এই বিশ্ববিদ্যালয়তে তেওঁ প্ৰিন্স উইলিয়ামক লগ পায় আৰু ২০০৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১০ চনৰ নৱেম্বৰত তেওঁলোকৰ বাগদানৰ কথা ঘোষণা কৰাৰ আগতে কেথেৰিনে কেইবাটাও চাকৰি কৰিছিল আৰু সমাজসেৱামূলক কাম-কাজৰ সৈতে জড়িত আছিল। ২০১১ চনৰ ২৯ এপ্ৰিলত ৱেষ্টমিনিষ্টাৰ এবেত তেওঁলোকৰ বিবাহ সম্পন্ন হয় আৰু তেওঁ ডাচছ অফ কেম্ব্ৰিজ হয়। এই দম্পতীৰ তিনিটা সন্তান আছে: জৰ্জ, চাৰ্লট আৰু লুই। ২০২২ চনৰ ৯ ছেপ্টেম্বৰত উইলিয়ামৰ পিতৃ ৰজা চাৰ্লছ তৃতীয়ই তেওঁক প্ৰিন্স অফ ৱেলছ হিচাপে ঘোষণা কৰাৰ পিছত কেথেৰিন প্ৰিন্সেছ অফ ৱেলছ হয়। ২০২৪ চনৰ আৰম্ভণিতে তেওঁৰ দেহত কেন্সাৰ ধৰা পৰিছিল আৰু কেমোথেৰাপীৰ অন্তত সেই বছৰৰে শেষৰ ফালে তেওঁ পুনৰ নিজৰ দায়িত্বসমূহলৈ উভতি আহে।
বিবাহৰ পিছত কেথেৰিনে ৰজাৰ সমৰ্থনত বিভিন্ন ৰাজকীয় দায়িত্ব পালন কৰি আহিছে আৰু চৰকাৰী বিদেশ ভ্ৰমণত ৰাজপৰিয়ালক প্ৰতিনিধিত্ব কৰিছে। তেওঁৰ সমাজসেৱামূলক কামবোৰ মূলতঃ ৰয়েল ফাউণ্ডেচনৰ জৰিয়তে পৰিচালিত হয়, যিবোৰে প্ৰাৰম্ভিক শৈশৱৰ শিক্ষা, নিচা মুক্তি আৰু কলাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ আনা ফ্ৰয়েড চেণ্টাৰ, একচন ফৰ চিলড্ৰেন, স্পৰ্টছ এইড আৰু লণ্ডনৰ নেশ্যনেল পৰ্ট্ৰেইট গেলেৰীকে ধৰি কেইবাটাও দানশীল আৰু সামৰিক সংগঠনৰ পৃষ্ঠপোষক। মানসিক স্বাস্থ্যৰ বিষয়ে ৰাজহুৱা আলোচনা উৎসাহিত কৰিবলৈ তেওঁ ২০১৬ চনৰ এপ্ৰিলত উইলিয়াম আৰু তেওঁৰ দেওৰেক প্ৰিন্স হেৰীৰ সৈতে মিলি 'হেডছ টুগেদাৰ' নামৰ এক অভিযান আৰম্ভ কৰিছিল।
সংবাদ মাধ্যমৰ সৈতে কেথেৰিনৰ সম্পৰ্কই সদায় মনোযোগ আকৰ্ষণ কৰি আহিছে, বিশেষকৈ ৰাজহুৱা আগ্ৰহৰ মাজতো নিজৰ গোপনীয়তা ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ কৰা প্ৰচেষ্টাই বিশেষ চৰ্চা লাভ কৰিছে। ফেশ্বন জগতত তেওঁৰ প্ৰভাৱক "কেট মিডলটন ইফেক্ট" বুলি কোৱা হয়। কেথেৰিনক ২০১১, ২০১২ আৰু ২০১৩ চনত টাইম আলোচনীয়ে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত এজন হিচাপে নিৰ্বাচিত কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]কেথেৰিন এলিজাবেথ মিডলটনৰ জন্ম ১৯৮২ চনৰ ৯ জানুৱাৰীত বাৰ্কশায়াৰৰ ৰিডিঙৰ ৰয়েল বাৰ্কশায়াৰ হাস্পতালত হৈছিল। তেওঁ মাইকেল মিডলটন আৰু কেৰল মিডলটনৰ জ্যেষ্ঠ সন্তান।[1][2] তেওঁৰ পিতৃ-মাতৃ ব্ৰিটিছ এয়াৰৱেজৰ কৰ্মচাৰী আছিল; পিতৃ এজন ফ্লাইট ডিচপেচাৰ আৰু মাতৃ এগৰাকী বিমান পৰিচাৰিকা (flight attendant) আছিল। ১৯৮২ চনৰ ২০ জুনত স্থানীয় পেৰিছ চাৰ্চ চেইণ্ট এণ্ড্ৰিউজ ব্ৰেডফিল্ডত তেওঁক বাপ্তাইজ কৰা হৈছিল।[3] কেথেৰিনৰ দুগৰাকী কনিষ্ঠ ভাই-ভনী আছে— ফিলিপা ("পিপ্পা") (জন্ম ১৯৮৩) আৰু জেমছ (জন্ম ১৯৮৭)।[4] তেওঁৰ পিতৃৰ ফালৰ আত্মীয়সকলে পৰিয়ালৰ ট্ৰাষ্ট ফাণ্ডৰ পৰা সহায় লাভ কৰিছিল আৰু তেওঁলোকক উচ্চ-মধ্যবিত্ত শ্ৰেণীৰ বুলি গণ্য কৰা হৈছিল। তেওঁৰ আজো-ককাদেউতাক নোৱেল আৰু অলিভ মিডলটনে ১৯২০ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্যসকলক আতিথ্য প্ৰদান কৰিছিল। আনহাতে, তেওঁৰ মাতৃৰ ফালৰ পৰিয়ালটো কয়লা খনিৰ শ্ৰমিকৰ বংশধৰ আছিল আৰু তেওঁলোকক শ্ৰমিক শ্ৰেণীৰ বুলি অভিহিত কৰা হৈছে।[5]
১৯৮৪ চনত মিডলটন পৰিয়াল বাৰ্কশায়াৰৰ পৰা জৰ্দানৰ আম্মানলৈ স্থানান্তৰিত হয় আৰু তাত কেথেৰিনে এখন ইংৰাজী মাধ্যমৰ নাৰ্ছাৰী স্কুলত অধ্যয়ন কৰে।[6]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Westfahl 2015.
- ↑ Bradbury, Poppy (3 May 2011). "Kate Middleton's mum's old school hosts royal wedding party". Ealing Gazette. https://www.ealinggazette.co.uk.[সংযোগবিহীন উৎস]
- ↑ Spencer, Julie (10 June 2017). "Church where Kate Middleton was baptised could become houses". Reading Post. https://www.getreading.co.uk.
- ↑ Nicholl 2015.
- ↑ "Class no barrier for Kate Middleton". The Sydney Morning Herald. 15 April 2011. https://www.smh.com.au.
- ↑ Köhler, Nicholas. "Kate Middleton: An uncommon princess". Maclean's. https://www.macleans.ca। আহৰণ কৰা হৈছে: 15 September 2021.