কেথেৰিন অ’হাৰা
| কেথেৰিন অ’হাৰা OC | |
|---|---|
![]() ২০০৫ চনত অ’হাৰা | |
| জন্ম | কেথেৰিন এনি অ’হাৰা ০৪ মাৰ্চ, ১৯৫৪ টৰণ্টো, অন্টাৰিঅ’, কানাডা |
| মৃত্যু | ৩০ জানুৱাৰী, ২০২৬ (৭১ বছৰ) ছাণ্টা মনিকা, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| নাগৰিকত্ব | কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী, ধেমেলীয়া শিল্পী |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৪–২০২৫ |
| দাম্পত্যসঙ্গী | বো ৱেল্চ (বি. ১৯৯২) |
| সন্তান | ২ |
| আত্মীয়-স্বজন | মেৰী মাৰ্গাৰেট অ’হাৰা (ভনীয়েক) |
| স্বাক্ষৰ | |
কেথেৰিন এনি অ’হাৰা (জন্ম: ৪ মাৰ্চ, ১৯৫৪ – ৩০ জানুৱাৰী, ২০২৬) এগৰাকী কানাডিয়ান আৰু আমেৰিকান অভিনেত্ৰী তথা ধেমেলীয়া শিল্পী আছিল, যাৰ কৰ্মজীৱন ৫০ বছৰতকৈও অধিক সময়জুৰি বিস্তৃত আছিল। অ’হাৰাই প্ৰথমে চলচ্চিত্ৰ আৰু টেলিভিছনত স্কেচ কমেডী আৰু ইম্প্ৰ’ভাইজেচনেল কমেডীৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত অভিনয়ৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ড্ৰামাটিক চৰিত্ৰত অভিনয় কৰিবলৈ লয়। তেওঁ দুটাকৈ প্ৰাইমটাইম এমি বঁটা, এটা গোল্ডেন গ্ল’ব বঁটা আৰু চাৰিটাকৈ স্ক্ৰীন এক্টৰ্ছ গিল্ড বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছিল। তেওঁ অভিনয় কৰা ছবিসমূহে বিশ্বজুৰি ৪.৩ বিলিয়ন আমেৰিকান ডলাৰতকৈও অধিক উপাৰ্জন কৰিছে। ২০১৭ চনত তেওঁক 'অফিচাৰ অফ দি অৰ্ডাৰ অফ কানাডা' হিচাপে নিযুক্তি দিয়া হৈছিল।
অ’হাৰাই ১৯৭৫ চনত চিবিচি টেলিভিছনৰ শিশুসকলৰ ধাৰাবাহিক কামিং আপ ৰোজিত মুখ্য চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ স্কেচ কমেডী ধাৰাবাহিক ছেকেণ্ড চিটি টেলিভিছনৰ (SCTV; ১৯৭৬–১৯৮৪) জৰিয়তে জনপ্ৰিয়তা লাভ কৰে, যাৰ বাবে তেওঁ এটা প্ৰাইমটাইম এমি বঁটা লাভ কৰিছিল। তেওঁ আফটাৰ আৱাৰ্ছ (১৯৮৫), হাৰ্টবাৰ্ণ (১৯৮৬), বিটলজুচ (১৯৮৮), হোম এলোন (১৯৯০) আৰু হোম এলোন ২: লষ্ট ইন নিউয়ৰ্ক (১৯৯২) আদি ছবিত অভিনয় কৰি প্ৰশংসা বুটলিছিল। তেওঁ সঘনাই ক্ৰিষ্টোফাৰ গেষ্টৰ সৈতে কাম কৰিছিল আৰু তেওঁৰ মকুমেণ্টৰী ছবি ৱেটিং ফৰ গাফমেন (১৯৯৬), বেষ্ট ইন শ্ব' (২০০০), এ মাইটি উইণ্ড (২০০৩) আৰু ফৰ ইউৰ কনচিডাৰেচন (২০০৬)ত অভিনয় কৰিছিল। তেওঁ কণ্ঠদান কৰা ছবিসমূহৰ ভিতৰত আছে দ্য নাইটমেয়াৰ বিফোৰ খ্ৰীষ্টমাছ (১৯৯৩), চিকেন লিটল (২০০৫), অভাৰ দ্য হেজ (২০০৬), মন্সটাৰ হাউচ (২০০৬), হোৱেৰ দ্য ৱাইল্ড থিংছ আৰ (২০০৯), ফ্ৰেংকেনউইনী (২০১২), এলিমেণ্টেল (২০২৩) আৰু দ্য ৱাইল্ড ৰবট (২০২৪)।
SCTV আৰু গেষ্টৰ ছবিসমূহৰ সঘন সহ-অভিনেতা ইউজিন লেভিৰ বিপৰীতে অভিনয় কৰি অ’হাৰাই চিবিচিৰ ধাৰাবাহিক ছিটছ ক্ৰীকত (২০১৫–২০২০) মোইৰা ৰোজৰ চৰিত্ৰটোৰ বাবে কৰ্মজীৱনত পুনৰ চৰ্চালৈ আহে। এই চৰিত্ৰটোৰ বাবে তেওঁ কমেডী ধাৰাবাহিকৰ শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ এটা প্ৰাইমটাইম এমি বঁটা আৰু এটা গোল্ডেন গ্ল’ব বঁটা লাভ কৰে। এইচবিঅ’ৰ ছবি টেম্পল গ্ৰেণ্ডিনত (২০১০) টেম্পল গ্ৰেণ্ডিনৰ মাহীয়েকৰ চৰিত্ৰত অভিনয় কৰি তেওঁ এমি মনোনয়ন লাভ কৰিছিল। তেওঁৰ অন্যান্য টেলিভিছন কামৰ ভিতৰত আছে এইচবিঅ’ৰ ড্ৰামা ধাৰাবাহিক চিক্স ফীট আণ্ডাৰ (২০০৩–২০০৫), নেটফ্লিক্সৰ ধাৰাবাহিক এ চিৰিজ অফ আনফৰচুনেট ইভেণ্টছ (২০১৭–২০১৯) আৰু এইচবিঅ’ৰ উত্তৰ-এপোকালিপ্টিক ড্ৰামা ধাৰাবাহিক দ্য লাষ্ট অফ আছ (২০২৫)। এপল টিভি প্লাছৰ কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ' ত (২০২৫) কৰা অভিনয়ৰ বাবে তেওঁক মৰণোত্তৰভাৱে কমেডী ধাৰাবাহিকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ এক্টৰ বঁটা প্ৰদান কৰা হয়।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কেথেৰিন এনি অ’হাৰাৰ জন্ম হৈছিল ১৯৫৪ চনৰ ৪ মাৰ্চত টৰণ্টোত আৰু তেওঁ তাতেই ডাঙৰ-দীঘল হৈছিল।[1] তেওঁৰ পৰিয়াল কেথলিক ধৰ্মাৱলম্বী আৰু আইৰিছ বংশোদ্ভূত।[2][3] তেওঁ মাৰ্গাৰেট এন আৰু মাৰ্কাছ চাৰ্লছ অ’হাৰাৰ সাতগৰাকী সন্তানৰ ভিতৰত ষষ্ঠ আছিল। তেওঁ সংগীতজ্ঞ তথা অভিনেত্ৰী মেৰী মাৰ্গাৰেট অ’হাৰাৰ ভগ্নী।[4] ১৯৭৪ চনত তেওঁ বাৰ্নহামথৰ্প কলিজিয়েট ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে, য’ত মিচিচাগাৰ ভৱিষ্যতৰ মেিয়ৰ কেৰোলিন পাৰিছে তেওঁক পঢ়ুৱাইছিল।[5][6][7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Arkin, Daniel; Bouarrouj, Meriam (January 30, 2026). "Catherine O'Hara, comedy star of 'Home Alone' and 'Schitt's Creek,' dies at 71". NBC News. https://www.nbcnews.com/pop-culture/pop-culture-news/catherine-ohara-comedy-star-home-alone-schitts-creek-dies-71-rcna256748.
- ↑ "Catherine O'Hara". Governor General's Performing Arts Awards. https://ggpaa.ca/award-recipients/2020/o-hara,-catherine.aspx। আহৰণ কৰা হৈছে: September 21, 2020.
- ↑ "Proust Questionnaire: Catherine O'Hara". Vanity Fair. http://www.vanityfair.com/hollywood/2013/11/proust-questionnaire-catherine-o-hara। আহৰণ কৰা হৈছে: November 20, 2016.
- ↑ Blair, Caroline (January 30, 2026). "Catherine O'Hara's 6 Siblings: All About the Late Actress' Sisters and Brothers". People. https://people.com/all-about-catherine-ohara-siblings-11896320। আহৰণ কৰা হৈছে: January 31, 2026.
- ↑ Mayor Carolyn Parrish [@carolynhparrish] (January 30, 2026). "So sad to hear of the death of Catherine O’Hara. This photo is actually more how I remember teaching her at Burnhamthorpe Collegiate in Etobicoke. Brilliant, funny, popular, caring. She went on to win 2 Emmys, a Golden Globe and 2 Screen Actors Guild Awards. Amazing human being.". https://twitter.com/carolynhparrish/status/2017315839502938273.
- ↑ Mahon, Andrew (October 24, 1979). "Striking Etobicoke's funny bone". Etobicoke Guardian: পৃষ্ঠা B1. https://www.newspapers.com/article/etobicoke-guardian-striking-etobicokes/170698011/.
- ↑ Stieren, Carl (June 3, 1976). "Cathy worked hard to reach top: From Burnhamthorpe to Second City Revue". Etobicoke Gazette: পৃষ্ঠা 12. https://www.newspapers.com/article/etobicoke-gazette/168481365/.
