সমললৈ যাওক

কেথেৰিন লেংফোৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেথেৰিন লেংফোৰ্ড

২০১৮ চনত লেংফোৰ্ড
জন্ম ২৯ এপ্ৰিল, ১৯৯৬ (২৯ বছৰ)
পাৰ্থ, অষ্ট্ৰেলিয়া
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৫–বৰ্তমান
আত্মীয়-স্বজন জোচেফিন লেংফোৰ্ড (ভগ্নী)


কেথেৰিন লেংফোৰ্ড (ইংৰাজী: Katherine Langford; জন্ম: ২৯ এপ্ৰিল ১৯৯৬)[1] এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী। কেইবাখনো স্বতন্ত্ৰ ছবিত অভিনয় কৰাৰ পাছত নেটফ্লিক্সৰ টেলিভিছন ধাৰাবাহিক ১৩ ৰিজনছ ৱাই (২০১৭–২০১৮)ত হান্না বেকাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে, যাৰ ফলত তেওঁ গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।[2] ইয়াৰ পিছত তেওঁ লাভ, চাইমন (২০১৮) আৰু নাইভছ আউট (২০১৯) ছবিত অভিনয় কৰে, আৰু ডাৰ্ক কমেডী স্পণ্টেনিয়াছ (২০২০) আৰু নেটফ্লিক্স ধাৰাবাহিক কাৰ্ছড (২০২০)ত মুখ্য ভূমিকাত অভিনয় কৰে।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

লেংফোৰ্ডৰ জন্ম পশ্চিম অষ্ট্ৰেলিয়াৰ পাৰ্থত হৈছিল,[1] আৰু পাৰ্থৰ নদীপাৰস্থিত উপনগৰী এপলক্ৰছত তেওঁ ডাঙৰ-দীঘল হৈছিল।[3] তেওঁ এলিজাবেথ লেংফোৰ্ড (নী গ্ৰীণ), এগৰাকী শিশু চিকিৎসক, আৰু ষ্টিফেন লেংফোৰ্ড, ৰয়েল ফ্লাইং ডক্টৰ ছাৰ্ভিছ পশ্চিম অভিযানৰ উড্ডীয়ন চিকিৎসক আৰু চিকিৎসা সেৱাৰ পৰিচালক, এই দম্পতীৰ জ্যেষ্ঠ কন্যা।[3][4][5][6] তেওঁৰ সৰু ভগ্নী জোচেফিন লেংফোৰ্ডো এগৰাকী অভিনেত্ৰী।

২০০৫ চনত লেংফোৰ্ডে হেইডি লেকৰ সৈতে কণ্ঠশিক্ষা আৰম্ভ কৰে আৰু ধ্ৰুপদী, জ্যাজ আৰু সমসাময়িক সংগীতত প্ৰশিক্ষণ লাভ কৰে। তেওঁ জ্যেষ্ঠ মাধ্যমিক শিক্ষাৰ বাবে পাৰ্থ মডাৰ্ন স্কুলত ভৰ্তিৰ সুযোগ লাভ কৰে,[7][8] য’ত তেওঁ সংগীত আৰু নাট্য অধ্যয়ন কৰিছিল আৰু ক্ৰীড়া অধিনায়িকা হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ জাতীয় স্তৰত ৰেংকিং পোৱা এগৰাকী সাঁতোৰুৱাও আছিল।[9][10]

প্ৰথমতে বিদ্যালয় জীৱনত তেওঁ চিকিৎসা বিজ্ঞান আৰু ৰাজনীতিৰ প্ৰতি আগ্ৰহী আছিল। ২০১২ চনত কিশোৰী অৱস্থাত তেওঁ লেডি গাগাৰ “বৰ্ণ দিছ ৱে বল” সংগীতানুষ্ঠানত উপস্থিত থাকে, যিয়ে তেওঁক পিয়ানো শিকিবলৈ অনুপ্ৰাণিত কৰে।[11] তেওঁ নিজে লিখা তিনিটা মৌলিক গীত—“আইভ গট আ ক্ৰাশ অন জোই বশ”, “ইয়ং এণ্ড ষ্টুপিড”, আৰু “থ্ৰী ৱাৰ্ডছ”—গাই ভিডিঅ’ শ্বেয়াৰ কৰিছিল।[12][13] “ইয়ং এণ্ড ষ্টুপিড” গীতটো ২০১৩ চনত পাৰ্থৰ তিনিজন কিশোৰৰ মৃত্যুৰ পাছত লিখা এক আত্মহত্যা-বিৰোধী গীত।[14] পাৰ্থ মডাৰ্নত শেষ বৰ্ষত তেওঁ সাঁতোৰ এৰি সংগীত আৰু অভিনয়ত মনোনিৱেশ কৰে।[15] তেওঁ কেইবাটাও সংগীত আৰু নাট্য প্ৰতিযোগিতাত সফল হয়। ২০১৩ চনত বিদ্যালয়ৰ ‘হোটেল ছ'ৰেণ্ট'’ নাটকত অভিনয় কৰে আৰু সেই বছৰেই স্নাতক হয়।[16]

২০১৪ চনৰপৰা ২০১৫ চনলৈকে তেওঁ প্ৰিন্সিপাল একাডেমী অৱ ডান্স এণ্ড থিয়েটাৰ আৰ্টছত সংগীত-নাট্য বিষয়ত অধ্যয়ন কৰে আৰু ‘Godspell’ প্ৰযোজনাত অংশগ্ৰহণ কৰে। ২০১৫ চনত তেওঁ নেচনেল ইনষ্টিটিউট অৱ ড্ৰামাটিক আৰ্ট (NIDA)ৰ এডভান্সড এক্টৰছ ৰেছিডেন্সীত অংশ ল’বলৈ নিৰ্বাচিত পাঁচজন শিক্ষাৰ্থীৰ মাজৰ এজন আছিল। সেই বছৰেই নিকলছনছ একাডেমী অৱ স্ক্ৰিন এক্টিংত প্ৰশিক্ষণ গ্ৰহণ কৰি ‘Evita’ নাট্য প্ৰযোজনাত জুৱান পেৰনৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰে।[16] তেওঁ ৱেষ্টাৰ্ন অষ্ট্ৰেলিয়ান একাডেমী অৱ পাৰফৰ্মিং আৰ্টছত অভিনয় বিষয়ত বেচেলৰ অৱ আৰ্টছ অধ্যয়নৰ সুযোগ লাভ কৰিছিল আৰু ২০১৬ চনত অধ্যয়ন আৰম্ভ কৰাৰ উদ্দেশ্য আছিল। কিন্তু শেষত তেওঁ সেই পাঠ্যক্ৰমত ভৰ্তি নহৈ পেছাদাৰী অভিনয় কেৰিয়াৰ আৰম্ভ কৰে।[10]

কেৰিয়াৰ

[সম্পাদনা কৰক]
২০১৮ চনত এমটিভি মুভি এণ্ড টিভি এৱাৰ্ডছত লেংফোৰ্ড

লেংফোৰ্ডে প্ৰথমতে কেইবাখনো সৰু স্বতন্ত্ৰ ছবিত অভিনয় কৰে, যেনে ষ্ট’ৰি অৱ মিছ অক্সিজেন (২০১৫), ইমপাৰফেক্ট কোৱাড্ৰেণ্ট (২০১৬), আৰু ড’টাৰ (২০১৬)।[16] [17] তেওঁ ড’টাৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, যিখন ২০১৬ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[18][19] ২০১৬ চনত ৱেষ্টাৰ্ন অষ্ট্ৰেলিয়ান একাডেমী অৱ পাৰফৰ্মিং আৰ্টছৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছত লেংফোৰ্ডে উইল নামৰ টেলিভিছন ধাৰাবাহিকৰ বাবে অডিশ্যন দিয়ে, যিখন উইলিয়াম শ্বেক্সপীয়ৰৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত। কিন্তু তেওঁ সেই চৰিত্ৰ লাভ নকৰিলে।[10]

তাৰ পিছত তেওঁ ৰহস্যধৰ্মী কিশোৰ নাট্যধাৰাবাহিক ১৩ ৰিজনছ ৱাইত হান্না বেকাৰৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে আৰু প্ৰথম দুটা ছিজনত অভিনয় কৰে।[20] এই চৰিত্ৰ লাভ কৰাৰ সময়ত তেওঁ মাত্ৰ ১০ দিনৰ ভিতৰত O-1 ভিছা সংগ্ৰহ কৰিবলগীয়া হৈছিল।[21] চৰিত্ৰটোৰ বাবে তেওঁ “It’s On Us” অভিযানৰ এজন প্ৰতিনিধি আৰু এজন মানসিক চিকিৎসকৰ সৈতে আলোচনা কৰিছিল।[22] এই চৰিত্ৰৰ বাবে তেওঁ গোল্ডেন গ্ল’ব বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰী – টেলিভিছন ধাৰাবাহিক (ড্ৰামা) শাখাত মনোনয়ন লাভ কৰে।[23][24] ২৫ মে’ ২০১৮ তাৰিখে তেওঁ ঘোষণা কৰে যে তৃতীয় ছিজনত তেওঁ ঘূৰি নাহিব।[25]

২০১৬ চনৰ ডিচেম্বৰ মাহত তেওঁ উইলিয়াম মৰিছ এণ্ডেভাৰৰ সৈতে চুক্তিবদ্ধ হয়।[26] তাৰ পিছত তেওঁ দ্য মিসগাইডেড ছবিত অভিনয় কৰে, যিখন ২০১৮ চনত মুক্তি পায়।[27] একে বছৰতে তেওঁ লাভ, চাইমন ছবিত অভিনয় কৰে।[28][29] ২০১৮ চনৰ অক্টোবৰ মাহত তেওঁ এভেঞ্জাৰ্ছ: এণ্ডগেম ছবিত অভিনয়ৰ বাবে নিৰ্বাচিত হৈছিল, কিন্তু পিছলৈ দৃশ্যসমূহ চূড়ান্ত সংস্কৰণৰপৰা বাদ দিয়া হয়।[30]

২০১৯ চনত তেওঁ হত্যাৰহস্যধৰ্মী ছবি নাইভছ আউটত সহ-অভিনয় কৰে।[31] এই ছবিৰ বাবে তেওঁ ক্ৰিটিকছ’ চয়িচ বঁটাত সমষ্টিগত অভিনয় শাখাত মনোনয়ন লাভ কৰা দলৰ অংশ আছিল।[32]

২০২০ চনত তেওঁ স্পণ্টেনিয়াছ ছবিত অভিনয় কৰে আৰু ক্ৰিটিকছ’ চয়িচ ছুপাৰ এৱাৰ্ডছত মনোনয়ন লাভ কৰে।[29] তেওঁ কাৰ্ছড নামৰ ৱেব ধাৰাবাহিকত নিমুয়েৰ চৰিত্ৰত অভিনয় কৰে, যিখন ২০২০ চনত নেটফ্লিক্সত মুক্তি পায়।[33]

২০২২ চনত তেওঁ দ্য ভেনেৰী অৱ সামান্থা বাৰ্ড ধাৰাবাহিকত অভিনয়ৰ বাবে নিৰ্বাচিত হয়।[34] ২০২৩ চনত ৰাইটাৰ্ছ গিল্ড অৱ আমেৰিকা আন্দোলনৰ বাবে প্ৰযোজনা স্থগিত ৰখা হয়।[35] ২৩ ছেপ্টেম্বৰ ২০২৪ তাৰিখে তেওঁ ৰংমঞ্চত প্ৰথম অভিনয় কৰে আৰু কেবাৰে সংগীতনাট্যত ছেলি বাউল্‌ছৰ চৰিত্ৰ গ্ৰহণ কৰে।[36]

ফিল্ম'গ্ৰাফি

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বছৰ শিৰোনাম চৰিত্ৰ টোকা
২০১৮ লাভ, চাইমন লিয়া বাৰ্ক
২০১৮ দ্য মিসগাইডেড ভেছনা
২০১৯ নাইভছ আউট মেগ থ্ৰম্বি
২০২০ স্পণ্টেনিয়াছ মাৰা কাৰ্লাইল

দূৰদৰ্শন

[সম্পাদনা কৰক]
বছৰ শিৰোনাম চৰিত্ৰ টোকা
২০১৭–২০১৮ ১৩ ৰিজনছ ৱাই হান্না বেকাৰ মুখ্য চৰিত্ৰ (ছিজন ১–২)
২০১৮ ৰ’বট চিকেন ষ্টেফি, পত্নী, কইনাৰ (কণ্ঠ) খণ্ড° “No Wait, He Has a Cane”
২০২০ কাৰ্ছড নিমুয়ে মুখ্য চৰিত্ৰ
২০২২ ছেভেজ ৰিভাৰ মিকি এণ্ডাৰছন
বছৰ শিৰোনাম চৰিত্ৰ স্থান
২০২৪ কেবাৰে ছেলি বাউল্‌ছ প্লেহাউচ থিয়েটাৰ

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বছৰ বঁটা শ্ৰেণী মনোনীত কৰ্ম ফলাফল
২০১৮ গোল্ডেন গ্ল’ব বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – টেলিভিছন ধাৰাবাহিক (নাটক) ১৩ ৰিজনছ ৱাই মনোনীত
২০১৮ এমটিভি মুভি এণ্ড টিভি এৱাৰ্ডছ এটা শ্ব’ত শ্ৰেষ্ঠ অভিনেতা/অভিনেত্ৰী ১৩ ৰিজনছ ৱাই মনোনীত
২০১৮ পিপল্‌ছ চয়েছ এৱাৰ্ডছ ২০১৭ চনৰ নাটকীয় টিভি তাৰকা ১৩ ৰিজনছ ৱাই মনোনীত
২০১৮ ছেটেলাইট এৱাৰ্ডছ শ্ৰেষ্ঠ অভিনেত্ৰী – টেলিভিছন ধাৰাবাহিক (নাটক) ১৩ ৰিজনছ ৱাই মনোনীত
২০১৯ নেচনেল ব’ৰ্ড অৱ ৰিভিউ শ্ৰেষ্ঠ কাষ্ট নাইভছ আউট বিজয়ী
২০২০ ক্ৰিটিকছ চয়েছ এৱাৰ্ডছ শ্ৰেষ্ঠ অভিনয় এনছেম্বল নাইভছ আউট মনোনীত
২০২০ ছেটেলাইট এৱাৰ্ডছ শ্ৰেষ্ঠ কাষ্ট – চলচ্চিত্ৰ নাইভছ আউট বিজয়ী
২০২১ ক্ৰিটিকছ চয়েছ ছুপাৰ এৱাৰ্ডছ বিজ্ঞান কল্পকাহিনী/ফেণ্টাছী ছবিত শ্ৰেষ্ঠ অভিনেত্ৰী স্পণ্টেনিয়াছ মনোনীত

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Katherine Langford Biography". The Repute. https://therepute.com/biography/katherine-langford/. 
  2. King, Brittany (31 March 2017). "13 Reasons Why Star Katherine Langford Talks Teen Depression: 'It's Not a Beautiful Tragedy, It's Hell'". People. http://people.com/tv/13-reasons-why-katherine-langford-teen-depressionl/. 
  3. 3.0 3.1 McRae, Rose (19 May 2017). "Netflix star Katherine Langford reminisces on happy days at Perth Mod". The West Australian. https://thewest.com.au/entertainment/celebrity-gossip/netflix-star-katherine-langford-reminisces-on-happy-days-at-perth-mod-ng-b88481496z. 
  4. "The Author (Dr. Elizabeth Green)". Parenting is Forever. http://parentingisforever.com.au/the-author.html। আহৰণ কৰা হৈছে: 1 January 2018. 
  5. "Dr. Stephen Langford". UWA Publishing. https://uwap.uwa.edu.au/collections/stephen-langford। আহৰণ কৰা হৈছে: 12 March 2018. 
  6. Marriner, Cosima (16 June 2017). "Katherine Langford: I feel lucky to have a new platform to talk about important issues". The Sydney Morning Herald. https://www.smh.com.au/lifestyle/celebrity/katherine-langford-i-feel-lucky-to-have-a-new-platform-to-talk-about-important-issues-20170615-gwrifn.html. 
  7. "Katherine Langford joins fight to save Perth Modern". The West Australian. 26 May 2017. https://thewest.com.au/news/wa/reasons-for-saving-perth-mod-ng-b88485304z. 
  8. "13 Reasons Why star joins fight to save Perth school". https://au.news.yahoo.com/wa/a/35664464/13-reasons-why-katherine-langford-fights-to-save-perth-modern-school/#page1. 
  9. Stone, Russell (16 April 2017). "Who's That Girl: Meet Katherine Langford". i-D Magazine. Archived from the original on 21 April 2017. https://web.archive.org/web/20170421201423/https://thefifthsense.i-d.co/en_us/article/katherine-langford/। আহৰণ কৰা হৈছে: 23 April 2017. 
  10. 10.0 10.1 10.2 Christmass, Pip (15 January 2017). "Katherine Langford – A young star seriously on the rise". The Sunday Times (London). https://www.pressreader.com/australia/the-sunday-times/20170115/282892320350320. 
  11. Hirsh, Sophie (27 April 2017). "Fans Have Uncovered Hannah from 13 Reasons Why's Old Music Videos". Teen Vogue. http://www.teenvogue.com/story/katherine-langford-music. 
  12. "13 Reasons Why star Katherine Langford is also an amazing singer: Watch". Nine.com.au. 16 April 2017. http://thefix.nine.com.au/2017/04/16/14/38/katherine-langford-is-an-amazing-singer. 
  13. Pehanick, Maggie (9 April 2017). "Um, 13 Reasons Why's Katherine Langford Is an Incredible Singer". Popsugar Entertainment. https://www.popsugar.com/entertainment/photo-gallery/43401070/video/43401071/Ive-Got-Crush-Zoe-Bosch. 
  14. "'13 Reasons Why' Katherine Langford's anti-suicide song found, other song sparks gay comments". International Business Times. 28 April 2017. http://www.ibtimes.com.au/13-reasons-why-katherine-langfords-anti-suicide-song-found-other-song-sparks-gay-comments-1551885. 
  15. Highfill, Samantha (3 April 2017). "'13 Reasons Why': Get to Know Series Star Katherine Langford". Entertainment Weekly. https://ew.com/tv/2017/04/03/13-reasons-why-katherine-langford/। আহৰণ কৰা হৈছে: 23 April 2017. 
  16. 16.0 16.1 16.2 "Katherine Langford". RGM Artists Group. Archived from the original on 12 April 2017. https://web.archive.org/web/20170412144101/http://www.rgmwa.com.au/uploads/1b60624e0ac26ed197c3554e83c7ad50d6269aa2.pdf. 
  17. "YA adaptation '13 Reasons Why' casts Dylan Minnette, Katherine Langford". Agence France-Presse. 9 June 2016. Archived from the original on 4 April 2017. https://web.archive.org/web/20170404221520/https://www.yahoo.com/news/ya-adaptation-13-reasons-why-casts-dylan-minnette-121259866.html. 
  18. Hammond, Pete (19 November 2020). "'Palm Springs', 'Lovecraft Country' Top Movie And Series Nominations For Inaugural Critics Choice Super Awards; Netflix Lands 35 Nods". Deadline Hollywood. https://deadline.com/2020/11/palm-springs-lovecraft-country-lead-critcs-choice-super-awards-nominations-1234618498/। আহৰণ কৰা হৈছে: 13 December 2020. 
  19. "YA adaptation '13 Reasons Why' casts Dylan Minnette, Katherine Langford". Agence France-Presse. 9 June 2016. Archived from the original on 4 April 2017. https://web.archive.org/web/20170404221520/https://www.yahoo.com/news/ya-adaptation-13-reasons-why-casts-dylan-minnette-121259866.html. 
  20. Devoe, Noelle (14 November 2017). ""13 Reasons Why" Star Katherine Langford Says Hannah Will Have a HUGE Role In Season 2". Seventeen. https://www.seventeen.com/celebrity/movies-tv/a13602396/13-reasons-why-star-katherine-langford-says-hannah-will-have-a-huge-role-in-season-2/. 
  21. Keaney, Quinn (7 April 2017). "How Netflix's 13 Reasons Why Is the Most Important YA Adaptation Yet". PopSugar Celebrity UK. Archived from the original on 11 April 2017. https://web.archive.org/web/20170411031906/https://www.popsugar.co.uk/celebrity/13-Reasons-Why-Interview-Dylan-Minnette-Katherine-Langford-43403798. 
  22. Highfill, Samantha (4 April 2017). "'13 Reasons Why' Star Katherine Langford Opens Up About 'Tough' Scenes". Entertainment Weekly. https://ew.com/tv/2017/04/04/13-reasons-why-katherine-langford-tough-scenes/. 
  23. "Katherine Langford – Golden Globe Awards Nominee". Golden Globe Awards. https://www.goldenglobes.com/nominees/katherine-langford। আহৰণ কৰা হৈছে: 10 December 2017. [সংযোগবিহীন উৎস]
  24. "Golden Globes: The Complete List of Nominees". The Hollywood Reporter. 11 December 2017. https://www.hollywoodreporter.com/lists/golden-globes-nominations-2018-list-1067796. 
  25. Highfill, Samantha (25 May 2018). "13 Reasons Why: Katherine Langford says goodbye to Hannah Baker". Entertainment Weekly. https://ew.com/tv/2018/05/25/13-reasons-why-katherine-langford-goodbye-hannah-baker/. 
  26. Ford, Rebecca (11 April 2017). "WME Signs 'Thirteen Reasons Why' Star Katherine Langford (Exclusive)". The Hollywood Reporter. https://www.hollywoodreporter.com/news/wme-signs-thirteen-reasons-why-star-katherine-langford-956178. 
  27. Collinson, Gary (15 January 2018). "Trailer for the Misguided starring 13 Reasons Why's Katherine Langford". Flickering Myth. https://www.flickeringmyth.com/2018/01/trailer-misguided-starring-13-reasons-whys-katherine-langford/. 
  28. McNary, Dave (9 March 2017). "'Veep' Star Tony Hale Joins Jennifer Garner in 'Simon vs. the Homo Sapiens Agenda' (Exclusive)". Variety. https://variety.com/2017/film/news/tony-hale-simon-vs-the-homo-sapiens-agenda-1202005032/। আহৰণ কৰা হৈছে: 21 April 2017. 
  29. 29.0 29.1 Hipes, Patrick (12 January 2017). "Katherine Langford Lands Female Lead In 'Simon Vs The Homo Sapiens Agenda'". Deadline Hollywood. https://deadline.com/2017/01/simon-vs-the-homo-sapiens-agenda-katherine-langford-movie-1201884059/। আহৰণ কৰা হৈছে: 21 April 2017. 
  30. Bradley, Laura (6 May 2019). "Why Avengers: Endgame and the Russos Cut Katherine Langford's Role". Vanity Fair. https://www.vanityfair.com/hollywood/2019/05/avengers-endgame-katherine-langford-role-details-why-cut। আহৰণ কৰা হৈছে: 6 May 2019. 
  31. Weintraub, Steve (25 November 2019). "Katherine Langford and Jaeden Martell Talk 'Knives Out' and Instagram". Collider. https://collider.com/knives-out-katherine-langford-jaeden-martell-interview/. 
  32. Holmes, Linda (27 November 2019). "'Knives Out,' A Classic Comic Mystery Of Uncommon Sharpness". https://www.npr.org/2019/11/27/782165138/knives-out-a-classic-comic-mystery-of-uncommon-sharpness. 
  33. Andreeva, Nellie (12 September 2018). "'13 Reasons Why's Katherine Langford To Star In Netflix's Arthurian Series 'Cursed'". Deadline Hollywood. https://deadline.com/2018/09/katherine-langford-cast-cursed-netflix-arthurian-series-13-reasons-why-star-zetna-fuentes-direct-frank-miller-1202463244/. 
  34. Petski, Denise (6 October 2022). "'The Venery of Samantha Bird' Starring Katherine Langford Gets Starz Series Order". Deadline. https://deadline.com/2022/10/the-venery-of-samantha-bird-katherine-langford-starz-series-order-1235137435/. 
  35. "The Venery Of Samantha Bird". Production List. 14 November 2022. https://productionlist.com/production/venery-samantha-bird/. 
  36. Gans, Andrew (12 August 2024). "West End Revival of Cabaret to Welcome Adam Gillen and Katherine Langford". Playbill. https://playbill.com/article/west-end-revival-of-cabaret-to-welcome-adam-gillen-and-katherine-langford। আহৰণ কৰা হৈছে: 23 September 2024. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]