কেনি ৰজাৰচ্
কেনি ৰজাৰচ্ | |
|---|---|
১৯৯৭ চনত ৰজাৰচ্ | |
| পৃষ্ঠভূমি | |
| জন্ম নাম | কেনেথ ডনাল্ড ৰজাৰচ্ |
| জন্ম | ২১ আগষ্ট, ১৯৩৮ হাষ্টন, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| মৃত্যুৰ তাৰিখ | ২০ মাৰ্চ, ২০২০ (৮১ বছৰ) চেণ্ডি স্প্ৰীং, জৰ্জিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| সংগীতৰ ধৰণ | |
| পেচা |
|
| বাদ্যযন্ত্ৰ | কণ্ঠ, বেছ গীটাৰ |
| সক্ৰিয়তাৰ বছৰ | ১৯৫৬–২০১৭ |
| লেবেল | |
| পূৰ্বে | |
| জীৱন-সঙ্গী |
|
| ৱেবছাইট | kennyrogers |
কেনেথ ৰে ৰজাৰ্ছ ইংৰাজী: Kenneth Ray Rogers জন্মগত নাম কেনেথ ডোনাল্ড ৰজাৰ্ছ। জন্ম হৈছিল ২১ আগষ্ট, ১৯৩৮ চনত আৰু মৃত্যু হৈছিল ২০ মাৰ্চ, ২০২০ চনত। তেওঁ এগৰাকী আমেৰিকাৰ গায়ক আৰু গীতিকাৰৰ লগতে অভিনেতাও আছিল। ২০১৩ চনত তেওঁক কাণ্ট্ৰী মিউজিক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।[1] ৰজাৰ্ছ বিশেষভাৱে দেশীয় দৰ্শকৰ মাজত জনপ্ৰিয় আছিল যদিও বিভিন্ন ধাৰাত ১২০ টাতকৈও অধিক হিট একক গীতৰ তালিকাত স্থান লাভ কৰিছিল। কেৱল আমেৰিকাত ২০০ৰো অধিক ব্যক্তিগত সপ্তাহ ধৰি দেশীয় আৰু পপ এলবামৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল। তেওঁ জীৱনকালত বিশ্বজুৰি ১০ কোটিতকৈও অধিক ৰেকৰ্ড বিক্ৰী কৰিছিল। যাৰ ফলত তেওঁ সৰ্বকালৰ অন্যতম সৰ্বাধিক ৰেকৰ্ড বিক্ৰী হোৱা সংগীত শিল্পী হিচাপে পৰিগণিত হৈছিল।[2]তেওঁৰ আটাইতকৈ পৰিচিত গীতসমূহৰ ভিতৰত "দ্য গেম্বলাৰ" আৰু "লুচিল" অন্যতম। তেওঁ কেইবাখনো চিনেমা আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছিল। তেওঁৰ "কেনি ৰজাৰ্ছ ৰোষ্টাৰছ" নামৰ ৰোষ্ট চিকেন ৰেষ্টুৰেণ্টৰ গৰাকীও আছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ৰজাৰ্ছে পাঁচবাৰ বিয়া কৰাইছিল আৰু তেওঁৰ পাঁচজন সন্তান আছিল। ১৯৫৮ চনৰ ১৫ মে’ত জেনিছ গৰ্ডনৰ সৈতে তেওঁৰ প্ৰথম বিবাহ সম্পন্ন হয়। ১৯৬০ চনৰ এপ্ৰিল মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।[3] ১৯৬০ চনৰ অক্টোবৰ মাহত তেওঁ দ্বিতীয় পত্নী জিনক বিয়া কৰাই আৰু ১৯৬৩ চনত তেওঁৰ বটবাহ বিচ্ছেদ হয়। ১৯৬৩ চনৰ অক্টোবৰ মাহত মাৰ্গো এণ্ডাৰছনৰ সৈতে তেওঁৰ তৃতীয় বিবাহ হয় আৰু ১৯৭৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু বিচ্ছেদৰ সময়ত তেওঁলোকৰ এটা সন্তান আছিল।[4] ১৯৭৭ চনৰ ১ অক্টোবৰত তেওঁৰ চতুৰ্থ পত্নী অভিনেত্ৰী মেৰিয়ান গৰ্ডনক বিয়া কৰায় আৰু ১৯৯৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু এজন পুত্ৰ ক্ৰিষ্টোফাৰৰ সৈতে বিবাহ বিচ্ছেদ হয়। ১৯৯৭ চনৰ ১ জুনত ৱাণ্ডা মিলাৰৰ সৈতে তেওঁৰ পঞ্চম বিবাহ হয়। তেওঁলোকৰ যমজ পুত্ৰ আছিল আৰু তেওঁৰ মৃত্যুৰ আগলৈকে ২২ বছৰ ধৰি একেলগে আছিল।
মৃত্যু
[সম্পাদনা কৰক]২০১৭ চনত ৰজাৰ্ছৰ সাত দশকৰ কেৰিয়াৰ শেষ হবলৈ ধৰে স্বাস্থ্যজনিত কাৰণত। মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ চিকাৰ হবলগীয়া হয়।[5] ২০২০ চনৰ ২০ মাৰ্চত জৰ্জিয়াৰ ছেণ্ডী স্প্ৰিংছত থকা নিজৰ ঘৰত হস্পিচে যত্ন লোৱাৰ সময়ত ৮১ বছৰ বয়সত ৰজাৰ্ছৰ মৃত্যু হয়। [6][7] আটলাণ্টাৰ অকলেণ্ড কবৰস্থানত তেওঁক সমাধিস্থ কৰা হয়। [8]
অভিনয় জীৱন
[সম্পাদনা কৰক]বোলছবি
[সম্পাদনা কৰক]| বছৰ | নামশীৰ্ষক | ভূমিকা | পৰিচালনা | Notes | Ref. |
|---|---|---|---|---|---|
| ১৯৮২ | চিক্ম পেক | ব্ৰুষ্টাৰ বেকাৰ | ডেনিয়েল পেট্ৰি | [9] | |
| ২০০১ | লংচট | পাইলট | লিয়নেল চি মাৰ্টিন | [10] |
সম্মান তথা বঁটা সমূহ
[সম্পাদনা কৰক]তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Country Hall of Fame Elects Kenny Rogers, Bobby Bare, Jack Clement". CMT News. Country Music Television. April 10, 2013. http://www.cmt.com/news/country-music/1705310/country-hall-of-fame-elects-kenny-rogers-bobby-bare-jack-clement.jhtml। আহৰণ কৰা হৈছে: April 13, 2013.
- ↑ Coulter, Barry (June 9, 2014). "Kenny Rogers touches down in Cranbrook this week". Cranbrook Daily Townsman. Archived from the original on July 14, 2014. https://web.archive.org/web/20140714145334/http://www.dailytownsman.com/breaking_news/262386041.html.
- ↑ "Kenny Rogers Is Estranged From First Child". contactmusic.com. October 6, 2012. http://www.contactmusic.com/kenny-rogers/news/kenny-rogers-is-estranged-from-first-child_3312542। আহৰণ কৰা হৈছে: April 7, 2017.
- ↑ Ollison, Rashod (December 5, 2016). "Kenny Rogers says farewell to the road". The Virginian-Pilot. Archived from the original on April 9, 2017. https://web.archive.org/web/20170409021323/http://pilotonline.com/entertainment/music/kenny-rogers-says-farewell-to-the-road/article_541300b2-4f2a-57e2-ac6e-9e49237de91a.html.
- ↑ "Kenny Rogers, pop-country singer of 'The Gambler' who dominated 1970s music charts, dies at 81". The Seattle Times. March 21, 2020. https://www.seattletimes.com/nation-world/kenny-rogers-pop-country-singer-of-the-gambler-who-dominated-1970s-music-charts-dies-at-81/.
- ↑ Hall, Kristin M. (March 21, 2020). "Actor, singer, 'The Gambler': Kenny Rogers dies at 81". ABC News. Associated Press (New York City: ABC). https://abcnews.go.com/Entertainment/wireStory/actor-singer-gambler-kenny-rogers-dies-81-69724237.
- ↑ Farmer, Blake (March 21, 2020). "Country Music Legend Kenny Rogers Dies at 81". প্ৰকাশক Gainesville, Florida: WUFT. Archived from the original on January 25, 2021. https://web.archive.org/web/20210125200317/https://www.wuft.org/nation-world/2020/03/21/country-music-legend-kenny-rogers-dies-at-81/.
- ↑ "Country legend Kenny Rogers will be buried at Oakland Cemetery more than a year after his death". WXIA-TV. July 27, 2021. https://www.11alive.com/article/entertainment/television/programs/the-a-scene/kenny-rogers-will-be-buried-at-oakland-cemetery-more-than-a-year-after-his-death/85-55e63ed0-2024-4481-9f19-68a9bebb4386। আহৰণ কৰা হৈছে: August 8, 2021.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;BFIRogersনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Brown, Scott (January 23, 2001). "Britney will appear in the film Longshot". Entertainment Weekly (United States: Meredith Corporation). Archived from the original on March 21, 2020. https://web.archive.org/web/20200321140439/https://ew.com/article/2001/01/23/britney-will-appear-film-longshot/। আহৰণ কৰা হৈছে: March 21, 2020.