সমললৈ যাওক

কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ
স্থাপিত ২০১৯;  বছৰ  আগতে (2019)
ধৰণ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
আচাৰ্য মদন লাল মীনা
উপাচাৰ্য টি ভি কাট্টিমানী
স্থান মাৰিভালাছা, বিজিয়ানগৰ জিলা, অন্ধ্ৰপ্ৰদেশ, ভাৰত
চৌহদ নগৰ
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট www.ctuap.ac.in

কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ (CTUAP) এখন ভাৰতীয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ভাৰতঅন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ভিজিয়ানাগৰম জিলাৰ মাৰিৰিভালাছাত অৱস্থিত। এইখন এটা ট্ৰেনজিট কেম্পাছৰ পৰা চলি আছে, আৰু ইয়াৰ চূড়ান্ত স্থান এতিয়াও নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা নাই।

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশখন তেৰতম সূচী অনুসৰি অন্ধ্ৰপ্ৰদেশ পুনৰ্গঠন আইন, ২০১৪ৰ প্ৰয়োজনীয়তাৰ ভিত্তিত স্থাপন কৰিছে।[1] ২০১৫ চনত অন্ধ্ৰ প্ৰদেশ চৰকাৰে বিশ্ববিদ্যালয়খনক ভিজিয়ানাগৰাম জিলাৰ ৰেলী গাঁৱত ৫২৫ একৰ মাটিৰ আবণ্টন প্ৰদান কৰে।[2]কেন্দ্ৰীয় কেবিনেট চৰকাৰে বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে ৮৩৪ কোটি (১১৬.৯৩ মিলিয়ন ডলাৰ) অনুমোদন জনাইছে। ইয়াৰে ৪২০ কোটি (৫৮.৮৮ মিলিয়ন ডলাৰ) ক প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছিল।[3]বিজিয়ানগৰ জিলাৰ কণ্ডকাৰকম গাঁৱত অৱস্থিত অন্ধ্ৰ বিশ্ববিদ্যালয় চৌহদটো ২০১৯–২০ শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক আৰু প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰিবলৈ ট্ৰেনজিট কেম্পাছ হিচাপে লোৱা হৈছে। নিজ অট্টালিকা সম্পূৰ্ণ হোৱাৰ পিছত বিশ্ববিদ্যালয়খনক ওচৰৰ ৰেলী গাঁৱৰ নিজা ভৱনলৈ স্থানান্তৰ কৰা হ’ব।[4]অন্ধ্ৰ বিশ্ববিদ্যালয়ক মেণ্টৰ (অভিভাৱক) বিশ্ববিদ্যালয়ৰ হিচাপে দিয়া হৈছিল।[2]২০১৯ চনত বিশ্ববিদ্যালয়খন আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় বিশ্ববিদ্যালয় (সংশোধনী) আইন, ২০১৯ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হয়।[5]২০২০ চনৰ আগষ্ট মাহত বিশ্ববিদ্যালয়খনৰ প্ৰথম উপাচাৰ্য হিচাপে টি.ভি কাট্টিমানীক নিযুক্তি দিয়ে।[6]

শাসন ব্যৱস্থা

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আইন ২০০৯ৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম অনুসৰি পৰিচালনা হয়।[7]বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক মুৰব্বী তথা আচাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বিপৰীতে কাৰ্যবাহী ক্ষমতা উপাচাৰ্যৰ হাতত থাকে। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কৰ্তৃপক্ষ হৈছে আদালত, কাৰ্যনিৰ্বাহক পৰিষদ, শৈক্ষিক পৰিষদ, অধ্যয়ন ব’ৰ্ড আৰু বিত্ত সমিতি। [7]বিশ্ববিদ্যালয় আদালত হৈছে বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ কৰ্তৃপক্ষ। বিশ্ববিদ্যালয়ৰ বহল নীতি আৰু কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰাৰ ক্ষমতা, বিশ্ববিদ্যালয়ৰ উন্নতি আৰু উন্নয়নৰ বাবে ব্যৱস্থাৰ পৰামৰ্শ দিয়াৰ ক্ষমতা থাকে। কাৰ্যনিৰ্বাহক পৰিষদ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ কাৰ্যবাহী সংস্থা। একাডেমিক কাউন্সিল বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ শৈক্ষিক সংস্থা আৰু বিশ্ববিদ্যালয়ৰ শৈক্ষিক নীতিৰ সমন্বয় আৰু সাধাৰণ তত্ত্বাৱধানৰ দায়িত্বত থাকে। ইয়াৰ সকলো শৈক্ষিক বিষয়ত কাৰ্যবাহী পৰিষদক পৰামৰ্শ দিয়াৰ অধিকাৰ আছে। বিত্ত সমিতিৰ দায়িত্ব হৈছে বিত্তীয় নীতি, লক্ষ্য, বাজেটৰ পৰামৰ্শ দিয়া।[7]

শৈক্ষিক বিষয়

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়খনে স্নাতকোত্তৰ, সংহত আৰু ডিপ্লমা পাঠ্যক্ৰম আগবঢ়ায়।[8]কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সাধাৰণ প্ৰৱেশ পৰীক্ষা (CUCET) দ্বাৰা পৰিচালিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি কৰা হয়।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Andhra Pradesh Reorganisation Act, 2014". পৃষ্ঠা: 74. http://legislative.gov.in/sites/default/files/A2014-6.pdf আহৰণ কৰা হৈছে: 30 August 2020.
  2. 1 2 "Centre sanctions ₹420 crore for tribal university at Relli" (en-IN ভাষাত). The Hindu. 5 July 2019. https://www.thehindu.com/news/national/andhra-pradesh/centre-sanctions-420-crore-for-tribal-university-at-relli/article28288031.ece আহৰণ কৰা হৈছে: 22 November 2020.
  3. "AP Govt allots 526 acres of land for Tribal University in Kothavalasa". The Hans India. 12 November 2018. https://www.thehansindia.com/posts/index/Andhra-Pradesh/2018-11-12/AP-Govt-allots-526-acres-of-land-for-Tribal-University-in-Kothavalasa/440462 আহৰণ কৰা হৈছে: 12 November 2018.
  4. "Central tribal varsity of Andhra Pradesh to offer certificate courses". Deccan Chronicle. https://www.deccanchronicle.com/nation/current-affairs/230419/central-tribal-varsity-of-andhra-pradesh-to-offer-certificate-courses.html2 আহৰণ কৰা হৈছে: 23 April 2019.[সংযোগবিহীন উৎস]
  5. "The Central Universities (Amendment) Act, 2019". The Gazette of India. Government of India. 23 August 2019. https://www.education.gov.in/sites/upload_files/mhrd/files/act%202019.pdf আহৰণ কৰা হৈছে: 22 November 2020.
  6. "T.V. Kattimani appointed first V-C of tribal varsity" (en-IN ভাষাত). The Hindu. 18 August 2020. https://www.thehindu.com/news/national/andhra-pradesh/tv-kattimani-appointed-first-v-c-of-tribal-varsity/article32388779.ece আহৰণ কৰা হৈছে: 22 November 2020.
  7. 1 2 3 "Central Universities Act, 2009". Government of India. 2009-03-20. http://indiacode.nic.in/handle/123456789/2080.
  8. "Courses". Central Tribal University of Andhra Pradeshctuap.in. Archived from the original on 24 October 2020. https://web.archive.org/web/20201024142909/http://ctuap.in/Courses.html আহৰণ কৰা হৈছে: 22 November 2020.
  9. "For Admissions in CTUAP". http://www.cucet.ac.in/admission.aspx আহৰণ কৰা হৈছে: 25 April 2019.[সংযোগবিহীন উৎস]