কেমিলা বেল
| কেমিলা বেল | |
|---|---|
| জন্ম | কেমিলা বেল ৰাউথ অক্টোবৰ ২ , ১৯৮৬ (৩৯ বছৰ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯২–বৰ্তমান |
কেমিলা বেল ৰাউথ (ইংৰাজী: Camilla Belle Routh; জন্ম: ২ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। লছ এঞ্জেলছত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা বেলে ১৯৯২ চনত এনবিচিৰ থ্ৰিলাৰ 'ট্ৰেপড বিনীথ দ্য আৰ্থ'ত প্ৰথমটো মুখ্য চৰিত্ৰত অভিনয় কৰাৰ আগতে অসংখ্য টেলিভিছন বিজ্ঞাপনত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছৰেপৰা তেওঁ দ্য লষ্ট ৱৰ্ল্ড° জুৰাচিক পাৰ্ক (১৯৯৭), প্ৰেকটিকেল মেজিক (১৯৯৮), ৰিপ গাৰ্লছ (২০০০) আৰু ১০,০০০ বিচি (২০০৮) আদি বিভিন্ন চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰিছে। বেলক দ্য কুৱাইট (২০০৫) আৰু দ্য মেদ হোৱেল (২০১৭) ৰ দৰে স্বতন্ত্ৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবেও স্বীকৃতি প্ৰদান কৰা হৈছে।
অভিনয় জীৱনৰ উপৰি বেল ভেৰা ৱাঙৰ "প্ৰিন্সেস" সুগন্ধিৰ ব্ৰেণ্ড এম্বেচেডৰ আছিল আৰু নেচপ্ৰেছো তথা কটন ইনকৰ্পৰেটেডৰ দৰে ব্ৰেণ্ডৰ বিজ্ঞাপনত দেখা দিছে। তেওঁ নিজৰ ফেশ্বন চয়নৰ বাবেও পৰিচিত। তেওঁৰ ফটো অসংখ্য ফেশ্বন আলোচনীৰ বেটুপাতত প্ৰকাশ পাইছে আৰু ২০১১ চনৰ ইয়ং হলিউড এৱাৰ্ডছত তেওঁ 'ইয়ং হলিউড ফেশ্বন আইকন' বঁটা লাভ কৰিছিল।[1] বেলৰ ব্যক্তিগত জীৱন, তেওঁৰ সম্পৰ্ক আৰু ইংৰাজী তথা পৰ্তুগীজ ভাষাৰ দ্বৈত-ভাষিক পৰিৱেশত ডাঙৰ হোৱা কথাটোৱেও সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কেমিলা বেল তেওঁৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল। ১৯৮৬ চনৰ ২ অক্টোবৰত[2][3] ব্ৰাজিলীয় মূলৰ ডেবোৰা ক্ৰিষ্টিনা গৌল্ড[4] আৰু দেশীয় সংগীত শিল্পী তথা সুৰকাৰ জেক ৱেছলী ৰাউথৰ ঘৰত তেওঁৰ জন্ম হৈছিল। তেওঁ লছ এঞ্জেলছৰ কেৱল ছাত্ৰীৰ বাবে থকা হাইস্কুল 'মাৰ্লবৰো স্কুল'ত অধ্যয়ন কৰিছিল।[5] তেওঁ ইংৰাজী আৰু পৰ্তুগীজ — এই দুয়োটা ভাষা কৈ ডাঙৰ-দীঘল হৈছিল।[6] সৰু কালত তেওঁ প্ৰায়ে ব্ৰাজিলত থকা মাকৰ পৰিয়ালৰ ওচৰলৈ গৈছিল।[7] তেওঁক তেওঁৰ মাতৃৰ গভীৰ ৰোমান কেথলিক বিশ্বাসৰ মাজেৰে ডাঙৰ-দীঘল কৰা হৈছিল।[8]
কেৰিয়াৰ
[সম্পাদনা কৰক]বেলে এগৰাকী শিশু শিল্পী হিচাপে কেবেজ পেচ কিডছ, কেম্পবেল চূপ কোম্পানী, পিবিএচ আৰু ইলি লিলি ফাৰ্মাচিউটিকেলৰ দৰে ব্ৰেণ্ডৰ টেলিভিছন বিজ্ঞাপনত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পাঁচ বছৰ বয়সত বেলে তেওঁৰ প্ৰথমটো মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে। সেইখন আছিল ১৯৯৩ চনৰ এনবিচিৰ থ্ৰিলাৰ ছবি 'ট্ৰাবল শ্বুটাৰ: ট্ৰেপড বিনীথ দ্য আৰ্থ'।[3] ১৯৯৫ চনত তেওঁ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত 'এ লিটল প্ৰিন্সেছ'ত অভিনয় কৰিছিল। ১৯৯৭ চনৰ কল্পবিজ্ঞান বোলছবি 'দ্য লষ্ট ৱৰ্ল্ড° জুৰাচিক পাৰ্ক'ত তেওঁ কেথী বমেন নামৰ এগৰাকী ধনী ব্ৰিটিছ ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল, যাক এটা 'কম্পচগনাথুচ'ৰ দলে আক্ৰমণ কৰিছিল। ১৯৯৮ চনত তেওঁ 'এডভেঞ্চাৰচ ইন অডিচী' নামৰ ৰেডিঅ' নাটকত অবেৰি শ্বেপাৰ্ডৰ চৰিত্ৰত অভিনয় কৰে। 'দ্য পেট্ৰিয়ট' (১৯৯৮) ছবিত ষ্টিভেন ছিগালৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰাৰ পাছত, 'প্ৰেকটিকেল মেজিক' (১৯৯৮) ছবিত চেণ্ড্ৰা বুলকৰ চৰিত্ৰটোক শৈশৱৰ ৰূপত চিত্ৰিত কৰাৰ বাবে তেওঁ ১৯৯৯ চনৰ 'ইয়ং আৰ্টিষ্ট এৱাৰ্ড'ৰ মনোনয়ন লাভ কৰে। সেই একে বছৰতে 'ৱাকাৰ: টেক্সাছ ৰেঞ্জাৰ' ধাৰাবাহিকত অতিথি শিল্পী হিচাপে কৰা অভিনয়ৰ বাবেও তেওঁ আন এটা মনোনয়ন লাভ কৰিছিল।

তেওঁ ১৯৯৯ চনৰ টেলিভিছন ছবি 'ৰিপ্লেচিং ড্যাড' আৰু ২০০০ চনৰ ডিজনী চেনেলৰ ছবি 'ৰিপ গাৰ্লছ'ৰ জৰিয়তে ক্ৰমে তৃতীয় আৰু চতুৰ্থটো ইয়ং আৰ্টিষ্ট এৱাৰ্ডৰ মনোনয়ন লাভ কৰে।[9] বেলে ২০০১ চনত 'বেক টু দ্য চিক্ৰেট গাৰ্ডেন'ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পাছত অভিনয়ৰপৰা বিৰতি লয়। পৰৱৰ্তী সময়ত ২০০৫ চনত 'দ্য কুৱাইট' নামৰ স্বতন্ত্ৰ ছবিখনৰ জৰিয়তে তেওঁ পুনৰ অভিনয়লৈ উভতি আহে।[10] 'এছ এফ ষ্টেচন'-এ লিখিছিল যে অভিনয়ৰফালৰপৰা 'দ্য কুৱাইট' ছবিখন সম্পূৰ্ণৰূপে কেমিলা বেল আৰু ইলিছা কাথবাৰ্টৰ।[11] ২০০৬ চনত তেওঁ ভেৰা ৱাঙৰ "প্ৰিন্সেছ" সুগন্ধিৰ বিজ্ঞাপনত অভিনয় কৰিবলৈ এটা বহুবছৰীয়া চুক্তিত আবদ্ধ হয়।[12] ২০০৯ চনৰ জুলাই মাহত এই চুক্তিৰ অন্ত পৰে।[13]
২০০৬ চনত নিৰ্মিত 'ৱেন এ ষ্ট্ৰেঞ্জাৰ কলচ'ৰ ৰিমেকত তেওঁ ১৬বছৰীয়া জিল জনচনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[14] ছবিখনে বিশ্বজুৰি বক্স অফিচত ৬৭.১ নিযুত ডলাৰ উপাৰ্জন কৰিছিল।[15] ২০০৭ চনত তেওঁ কফি ব্ৰেণ্ড 'নেচপ্ৰেছো'ৰ বিজ্ঞাপনত অভিনেতা জৰ্জ ক্লুনীৰ সৈতে অভিনয় কৰে। ইয়াৰ পিছত তেওঁ ৰলেণ্ড এমেৰিকৰ নিৰ্দেশনাত নিৰ্মিত একচন-এডভেঞ্চাৰ ছবি '১০,০০০ বিচি'ত (২০০৮) মুখ্য চৰিত্ৰত অভিনয় কৰে,[16] যিখনে বক্স অফিচত ২৬৯ নিযুত ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।
২০১২ চনত বেলে অভিনেত্ৰী এমি ৰোচামৰ সৈতে কটন ইনকৰ্পৰেটেডৰ "দ্য ফেব্ৰিক অৱ মাই লাইফ" অভিযানত অংশগ্ৰহণ কৰে।[17] ২০১৬ চনত তেওঁ 'প্ৰজেক্ট ৰানৱে' ধাৰাবাহিকত এগৰাকী অতিথি বিচাৰক হিচাপে উপস্থিত হৈছিল। ২০১৭ চনত তেওঁ ড্ৰামা-থ্ৰিলাৰ ছবি 'দ্য মেদ হোৱেল'ত অভিনয় কৰে। ২০২২ চনত তেওঁ এনবিচিৰ ক্ৰাইম ড্ৰামা ধাৰাবাহিক 'ল এণ্ড অৰ্ডাৰ: অৰ্গানাইজড ক্ৰাইম'ৰ তৃতীয় ছিজনত পাৰ্ল চেৰানোৰ চৰিত্ৰত আৰু নেটফ্লিক্সৰ ছবি 'কাৰ্টাৰ'ত অভিনয় কৰিছিল।[18]
বেলে ফক্সৰ ষ্ট্ৰীমিং প্লেটফৰ্ম টুবিৰ মূল ৰোমাণ্টিক কমেডী ছবি '১০ ট্ৰুথছ এবাউট লাভ'ত (২০২২) কেৰিনাৰ চৰিত্ৰত অভিনয় কৰিছিল।[19]
ৰাজহুৱা ছবি
[সম্পাদনা কৰক]
বেলৰ ৰূপ আৰু ফেশ্বন চয়ন সংবাদ মাধ্যমৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।[20][21] তেওঁৰ ফটো অসংখ্য ফেশ্বন আলোচনীৰ বেটুপাতত প্ৰকাশ পাইছে, যাৰ ভিতৰত টিন ভৌগ, এল, হাৰ্পাৰ্ছ বজাৰ, টেটলাৰ, অচেন ড্ৰাইভ, গ্লমাৰ, নাইলন, ভেনিডেডছ, লাকী, ই এছ মেগাজিন আৰু জেনলাক্স অন্যতম। নিউয়ৰ্ক ফেশ্বন উইককে ধৰি বিভিন্ন ফেশ্বন অনুষ্ঠানত তেওঁক প্ৰায়ে অতিথি হিচাপে দেখা যায়।[22] তেওঁ এলবাৰ্টা ফেৰেটি (Alberta Ferretti)[23] আৰু 'দ্য হাৰ্ট ট্ৰুথৰ ৰেড ড্ৰেছ কালেকচন'ৰ বাবে এগৰাকী ৰেম্প মডেল হিচাপেও কাম কৰিছে।[24]
তেওঁৰ শৈলীয়ে কাচম’পলিটান, ইনষ্টাইল আৰু পিপলৰ দৰে আলোচনীৰপৰা প্ৰশংসা লাভ কৰিছে।[25][26] ২০০৭ চনত নিউয়ৰ্ক চহৰত অনুষ্ঠিত হোৱা মাৰ্চিডিজ-বেঞ্জ ফল ফেশ্বন উইকৰ সময়ত পিপল আলোচনীয়ে তেওঁক "ফেশ্বনিষ্টা অৱ দ্য উইক" (Fashionista of the Week) খিতাপ দিছিল।[27] আলোচনীখনে লিখিছিল যে বেলে মেক্স আজ্ৰিয়া, অস্কাৰ ডি লা ৰেণ্টা আৰু মিচ চিষ্টিকে ধৰি প্ৰতিটো অনুষ্ঠানতে তেওঁক আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছিল।[27] বেলে কেতিয়াও কোনো পেছাদাৰী ষ্টাইলিষ্টৰ সহায় লোৱা নাই আৰু ইয়াৰ পৰিৱৰ্তে তেওঁৰ মাকক নিজৰ ষ্টাইলিষ্ট হিচাপে গণ্য কৰে।[28] ফেশ্বনৰ ক্ষেত্ৰত বেল আৰু তেওঁৰ মাতৃ এলিজাবেথ টেলৰ আৰু পুৰণি হলিউডৰদ্বাৰা অনুপ্ৰাণিত।[29] ২০১১ চনৰ মে’ মাহত তেওঁ 'ইয়ং হলিউড ষ্টাইল আইকন' বঁটা লাভ কৰে।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বেলে ২০০৮ চনৰ ছেপ্টেম্বৰৰপৰা ২০০৯ চনৰ জুলাই মাহলৈ গায়ক জো জোনাছৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।[30][31] জোনাছ ব্ৰাদাৰ্ছৰ "লভবাগ" (Lovebug) গীতৰ মিউজিকে ভিডিঅ'ৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁলোকৰ মাজত চিনাকি হৈছিল, য’ত বেলে মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।[31] ইয়াৰ পিছত বেলে ২০১২ চনৰ অক্টোবৰৰপৰা ডিচেম্বৰ মাহলৈ আমেৰিকান ফুটবলাৰ টিম টেবোৰ সৈতে অতি কম সময়ৰ বাবে সম্পৰ্কত আছিল।[32]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Camilla Belle Suits Up In Tom Ford For Young Hollywood Awards (PHOTOS, POLL)" (en ভাষাত). HuffPost. May 22, 2011. https://www.huffpost.com/entry/camilla-belle-young-hollywood-awards_n_865210। আহৰণ কৰা হৈছে: October 4, 2024.
- ↑ "Jurassic Park 2: what becomes of Camilla Belle, the child attacked at the beginning of the film?". DashFUN. September 25, 2021. https://dashfun.net/jurassic-park-2-what-becomes-of-camilla-belle-the-child-attacked-at-the-beginning-of-the-film/.
- 1 2 "Camilla Belle Biography and Facts". Fortunecity.com. October 2, 1986. Archived from the original on September 11, 2010. https://web.archive.org/web/20100911075347/http://www.fortunecity.com/lavendar/diaz/474/bio.html। আহৰণ কৰা হৈছে: August 22, 2010.
- ↑ "Deborah Cristina Gould and Camilla Belle attend Louis Vuitton & Teen". September 20, 2016. Archived from the original on July 18, 2022. https://web.archive.org/web/20220718173410/https://www.gettyimages.com/detail/news-photo/deborah-cristina-gould-and-camilla-belle-attend-louis-news-photo/609110188। আহৰণ কৰা হৈছে: March 19, 2026.
- ↑ O'Connor, Pauline (February 12, 2006). "Starlet Behaving ... Nicely? (Published 2006)". The New York Times. https://www.nytimes.com/2006/02/12/fashion/sundaystyles/starlet-behaving-nicely.html। আহৰণ কৰা হৈছে: February 5, 2021.
- ↑ Madilyn Smith (August 30, 2017). "Who Is Camilla Belle? 5 Facts About the 'Rip Girls' Actress". Entity Mag. http://www.entitymag.com/camilla-belle-5-must-know-facts/। আহৰণ কৰা হৈছে: July 19, 2018.
- ↑ "Uma americana bem brasileira" (pt ভাষাত). ISTOÉ. Archived from the original on July 18, 2022. https://web.archive.org/web/20220718173416/http://www.terra.com.br/istoegente/edicoes/445/artigo74578-1.htm। আহৰণ কৰা হৈছে: March 17, 2008.
- ↑ "Tim Tebow, Camilla Belle: It's Over!" (en ভাষাত). Fox News. December 16, 2016. https://www.foxnews.com/entertainment/tim-tebow-camilla-belle-its-over। আহৰণ কৰা হৈছে: December 16, 2016.
- ↑ Krol, Jacklyn (February 2, 2022). "Brenda Song Shares the Truth About Raising Her and Macaulay Culkin's Baby" (en ভাষাত). PopCrush. https://popcrush.com/brenda-song-macaulay-culkin-baby-details/। আহৰণ কৰা হৈছে: February 26, 2022.
- ↑ "The Quiet". rottentomatoes.com. http://www.rottentomatoes.com/m/the_quiet/?beg=0&int=65&creamcrop_limit=27&page=all। আহৰণ কৰা হৈছে: March 27, 2018.
- ↑ Valentin, Mel. "The Quiet - SF Station". www.sfstation.com. Archived from the original on October 19, 2018. https://web.archive.org/web/20181019164204/https://www.sfstation.com/the-quiet-a2153। আহৰণ কৰা হৈছে: March 27, 2018.
- ↑ Molly (June 11, 2009). "Zoe Kravitz Named New Face of Vera Wang Princess" (en-US ভাষাত). StyleCaster. https://stylecaster.com/zoe-kravitz-named-new-face-vera-wang-princess/। আহৰণ কৰা হৈছে: July 14, 2021.
- ↑ "Ullman's Fashion Closet… Luella's Latest Moves... Vodianova to Design..." (en-US ভাষাত). WWD. June 11, 2009. https://wwd.com/fashion-news/fashion-scoops/ullmans-fashion-closet-luellas-latest-moves-food-for-thought-2164529/। আহৰণ কৰা হৈছে: July 14, 2021.
- ↑ "Camilla Belle answers 'When a Stranger Calls'" (en-US ভাষাত). heraldextra.com. https://www.heraldextra.com/lifestyles/2006/feb/05/camilla-belle-answers-when-a-stranger-calls/। আহৰণ কৰা হৈছে: February 26, 2022.
- ↑ "When a Stranger Calls". Box Office Mojo. https://www.boxofficemojo.com/release/rl3615000065/। আহৰণ কৰা হৈছে: October 4, 2024.
- ↑ Schwarzbaum, Lisa (March 12, 2008). "10,000 BC" (en ভাষাত). EW.com. https://ew.com/article/2008/03/12/10000-bc/। আহৰণ কৰা হৈছে: February 26, 2022.
- ↑ Bustos, Kristina (April 9, 2012). "Emmy Rossum, Camilla Belle for Cotton ad" (en-GB ভাষাত). Digital Spy. http://www.digitalspy.com/showbiz/a375542/emmy-rossum-camilla-belle-join-cottons-fabric-of-my-life-campaign/। আহৰণ কৰা হৈছে: February 26, 2022.
- ↑ Cordero, Rosy (August 12, 2022). "'Law & Order: Organized Crime': Camilla Belle And Gus Halper Board Season 3" (en-US ভাষাত). Deadline. https://deadline.com/2022/08/law-order-organized-crime-camilla-belle-gus-halper-season-3-1235091326/। আহৰণ কৰা হৈছে: October 4, 2024.
- ↑ "'10 Truths About Love'". February 11, 2022. https://tubitv.com.
- ↑ "Style Files: Camilla Belle" (en ভাষাত). Hello!. July 31, 2014. https://www.hellomagazine.com/fashion/celebrity-style/gallery/2014073150701/camilla-belle-style-files/1/। আহৰণ কৰা হৈছে: July 15, 2021.
- ↑ "When to Go Lighter or Darker With Your Brows?Here's One Makeup-Artist Tip" (en-US ভাষাত). Glamour. November 9, 2015. https://www.glamour.com/story/when-to-go-lighter-or-darker-w। আহৰণ কৰা হৈছে: July 15, 2021.
- ↑ "American Classics: Our Favorite Front Row Fashion Icons at Michael Kors" (en-US ভাষাত). Vogue. February 16, 2016. https://www.vogue.com/article/michael-kors-spring-2015-fashion-show-front-row। আহৰণ কৰা হৈছে: July 15, 2021.
- ↑ Clott Kanter, Sharon (January 12, 2011). "Check Out Camilla Belle on the Runway!" (en ভাষাত). InStyle. https://www.instyle.com/news/check-out-camilla-belle-runway। আহৰণ কৰা হৈছে: February 26, 2022.
- ↑ "Fashion Week Transformation" (en ভাষাত). InStyle. March 31, 2015. https://www.instyle.com/awards-events/fall-fashion-week/fashion-week-transformation। আহৰণ কৰা হৈছে: February 26, 2022.
- ↑ Nagi, Ariel (March 1, 2013). "Camilla Belle: Born a Fashionista" (en-US ভাষাত). Cosmopolitan. https://www.cosmopolitan.com/cosmo-latina/camilla-belle-interview। আহৰণ কৰা হৈছে: July 15, 2021.
- ↑ "Camilla Belle" (en ভাষাত). InStyle. April 28, 2015. https://www.instyle.com/celebrity/camilla-belle-dress। আহৰণ কৰা হৈছে: February 26, 2022.
- 1 2 "Camilla Belle: Fashionista of the Week" (en ভাষাত). people.com. February 9, 2007. https://people.com/style/camilla-belle-fashionista-of-the-week/। আহৰণ কৰা হৈছে: February 26, 2022.
- ↑ "This 31-year-old actress still lets her mother dress her up" (en-US ভাষাত). www.yahoo.com. October 18, 2017. https://www.yahoo.com/lifestyle/31-old-actress-still-lets-slideshow-wp-161203851.html। আহৰণ কৰা হৈছে: July 15, 2021.
- ↑ "Camilla Belle Spills the Crucial Beauty Tip She Got From Her Grandmother" (en-US ভাষাত). Us Weekly. February 12, 2019. https://www.usmagazine.com/stylish/news/camilla-belle-on-family-beauty-and-fashion-tricks/। আহৰণ কৰা হৈছে: February 26, 2022.
- ↑ "Joe Jonas Has a New Girlfriend" (EN ভাষাত). People. https://people.com/celebrity/joe-jonas-has-a-new-girlfriend/.
- 1 2 "It's Official: Joe Jonas and Camilla Belle Have Split" (EN ভাষাত). people.com. https://people.com/celebrity/its-official-joe-jonas-and-camilla-belle-have-split/। আহৰণ কৰা হৈছে: July 6, 2020.
- ↑ "Jets' Tim Tebow and Actress Camilla Belle Reportedly Break Up". Bleacher Report. December 20, 2012. https://bleacherreport.com/articles/1451199-jets-tim-tebow-and-actress-camilla-belle-reportedly-break-up। আহৰণ কৰা হৈছে: August 13, 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Camilla Belle সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- কেমিলা বেল সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত কেমিলা বেল