কেমিল কষ্টেক
| কেমিল কষ্টেক | |
|---|---|
২০২৩ চনৰ ফেব্ৰুৱাৰীত কষ্টেক | |
| জন্ম | কেমিল ভেৰোনিকা কষ্টেক ১৯ ফেব্ৰুৱাৰী, ১৯৯২ (৩৪ বছৰ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানেকটিকাটৰ কিলিংৱৰ্থ |
| শিক্ষানুষ্ঠান | ইষ্টাৰ্ণ কানেকটিকাট ষ্টেট ইউনিভাৰ্চিটি |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমান |
| অংশীদাৰ | ৰব গ্ৰনকোভস্কি (২০১৫–বৰ্তমান) |
| 'Modeling information' | |
| Height | ৫ ফুট ৮ ইঞ্চি (১.৭৩ মিটাৰ) |
| Hair color | সোণালী |
| Eye color | নীলা-সেউজীয়া |
| Agencies | মেগী (বষ্টন) চিলেক্ট মডেল মেনেজমেণ্ট (লছ এঞ্জেলছ) এলিট মডেল মেনেজমেণ্ট (মায়ামি) ৱান মেনেজমেণ্ট (নিউয়ৰ্ক চিটি) |
কেমিল ভেৰোনিকা কষ্টেক (ইংৰাজী: Camille Veronica Kostek; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৯২) এগৰাকী আমেৰিকান মডেল, উপস্থাপিকা আৰু অভিনেত্ৰী।[1][2] তেওঁ স্পৰ্টছ ইলাষ্ট্ৰেটেড চুইমচুট ইছ্যুত আত্মপ্ৰকাশ কৰিছিল আৰু আলোচনীখনৰ ২০১৯ চনৰ সংস্কৰণৰ বেটুপাতত তেওঁৰ ফটো প্ৰকাশ পাইছিল।[3][4] কষ্টেক টিবিএছৰ গেম শ্ব’ ৱাইপআউটৰ ফিল্ড হোষ্ট হিচাপে কৰ্মৰত আছিল আৰু ২০২২ চনত এনবিচিৰ ডান্সিং উইথ মাইচেল্ফ উপস্থাপন কৰিছিল।[5] তেওঁ ২০২১ চনৰ বোলছবি ফ্ৰী গাইতো অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৯২ চনৰ ১৯ ফেব্ৰুৱাৰীত কানেকটিকাটৰ কিলিংৱৰ্থত কেমিল কষ্টেকৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এলান এজন সাধাৰণ ঠিকাডাৰ আছিল আৰু মাতৃ ক্ৰীষ্টিনা (পূৰ্বৰ উপাধি ডেকোষ্টা) এগৰাকী জিম মেনেজাৰ আছিল।[6] তেওঁ চাৰিজন ভাই-ভনীৰ ভিতৰত আটাইতকৈ ডাঙৰ। তেওঁ পলিছ, আইৰিছ আৰু জামাইকান মূলৰ।[6] তিনি বছৰ বয়সৰপৰাই তেওঁ বেলে নৃত্যৰ শিক্ষা ল’বলৈ আৰম্ভ কৰিছিল আৰু নিউয়ৰ্ক চহৰৰ ব্ৰডৱে ডান্স চেণ্টাৰত প্ৰশিক্ষণ অব্যাহত ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[6]
হিজ্ঞানামৰ হাডাম-কিলিংৱৰ্থ হাইস্কুলত পঢ়ি থকা সময়ত তেওঁ এগৰাকী চিয়াৰলিডাৰ,[7] লক্ৰোছ ভাৰ্চিটি দলৰ অধিনায়ক,[8] আৰু তেওঁৰ হাইস্কুলৰ ব্ৰডকাষ্টিং প্ৰগ্ৰেমৰ পৰিচালিকা আছিল।[9] তেওঁ ইষ্টাৰ্ণ কানেকটিকাট ষ্টেট ইউনিভাৰ্চিটিত কমিউনিকেচন বিষয়ত মেজৰ আৰু ব্যাৱসায়িক বিষয়ত মাইনৰ লৈ শিক্ষা গ্ৰহণ কৰিছিল। ইষ্টাৰ্ণৰ নৃত্য দলৰ পূৰ্ণকালীন সদস্য হোৱাৰ আগতে তেওঁ ইষ্টাৰ্ণৰ হৈ লক্ৰোছ খেলিছিল আৰু তেওঁলোকৰ নেটৱৰ্ক শ্ব’ৰ এংকৰ হিচাপে কাম কৰিছিল।[10][11] কষ্টেক এগৰাকী প্ৰমাণিত বাৰে প্ৰশিক্ষক।[12][13]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৫ চনৰ পৰা[14] কষ্টেক আমেৰিকান ফুটবলাৰ ৰব গ্ৰনকোভস্কিৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।[4] শেহতীয়া তথ্য অনুসৰি তেওঁলোকৰ এই সম্পৰ্কই ১০ বছৰ অতিক্ৰম কৰিছে। তেওঁলোকে মাছাচুচেটছৰ ফক্সবৰ’ আৰু ফ্ল’ৰিডাৰ টাম্পাত একেলগে বসবাস কৰে।[15][16] তেওঁলোকৰ এটা ফ্ৰেন্স বুলডগ (কুকুৰ) আছে, যাৰ নাম ৰেলফী।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Camille Kostek lands SI Swimsuit 2019 cover". Sports Illustrated. May 8, 2019. https://www.si.com/swim-daily/2019/04/26/camille-kostek-sports-illustrated-swimsuit-cover-model-2019। আহৰণ কৰা হৈছে: May 8, 2019.
- ↑ "A Day in the Life: SI Swimsuit Model Camille Kostek". Yahoo!. Archived from the original on May 8, 2019. https://web.archive.org/web/20190508100750/https://sports.yahoo.com/day-life-si-swimsuit-model-131504345.html। আহৰণ কৰা হৈছে: February 16, 2019.
- ↑ Kickham, Debbi (November 26, 2019). "Sports Illustrated Swimsuit Cover Girl Camille Kostek: My Favorite Trips and Travel Tips". Forbes. https://www.forbes.com/sites/debbikickham/2019/11/26/sports-illustrated-swimsuit-cover-girl-camille-kostek-my-favorite-trips-and-travel-tips/। আহৰণ কৰা হৈছে: December 28, 2019.
- 1 2 Talarico, Brittany (May 8, 2019). "Model Camille Kostek Lands Her First Sports Illustrated Swimsuit Cover – as a Rookie!". People. https://people.com/style/camille-kostek-covers-sports-illustrated-swimsuit-as-a-rookie/। আহৰণ কৰা হৈছে: May 8, 2019.
- ↑ Cordero, Rosy (2022-03-15). "'Dancing With Myself': Shaquille O'Neal & Liza Koshy Join Shakira As Series Creators; Camille Kostek To Host" (en-US ভাষাত). Deadline. https://deadline.com/2022/03/dancing-with-myself-shaquille-oneal-liza-koshy-camille-kostek-1234979228/। আহৰণ কৰা হৈছে: 2022-03-19.
- 1 2 3 photographer, Engel LaurenEurasian; vids 📍LA, I. make (April 19, 2016). "Living in Boston- Camille Kostek by Lauren Engel". C-Heads Magazine. https://www.c-heads.com/2016/04/19/living-in-boston-camille-kostek-by-lauren-engel/। আহৰণ কৰা হৈছে: February 25, 2019.
- ↑ Staff reports. "Shoreline Conference honors 117 Scholar Athletes". Shoreline Times. http://www.shorelinetimes.com/sports/shoreline-conference-honors-scholar-athletes/article_a2053351-0a41-5c24-9d77-6874068f6f8b.html। আহৰণ কৰা হৈছে: May 23, 2019.
- ↑ Cassandra Day (October 12, 2017). "Small-town Connecticut girl defies modeling convention, lands Sports Illustrated's coveted swimsuit issue". The Middletown Press. https://www.middletownpress.com/news/article/Small-town-Connecticut-girl-defies-modeling-12273870.php। আহৰণ কৰা হৈছে: February 25, 2019.
- ↑ "Official Website of the New England Patriots | Cheerleaders – Spotlight". November 27, 2013. Archived from the original on November 27, 2013. https://web.archive.org/web/20131127213652/http://www.patriots.com/cheerleaders/spotlight.html। আহৰণ কৰা হৈছে: April 17, 2019.
- ↑ "CT woman featured in Sports Illustrated Swimsuit magazine". FOX 61. November 24, 2017. https://fox61.com/2017/11/24/ct-woman-graces-cover-of-sports-illustrated-swimsuit-magazine/। আহৰণ কৰা হৈছে: August 24, 2019.
- ↑ "Patriots cheerleader, Killingworth woman, rides wave of Super Bowl win". New Haven Register. February 2, 2015. https://www.nhregister.com/connecticut/article/Patriots-cheerleader-Killingworth-woman-rides-11360554.php। আহৰণ কৰা হৈছে: February 25, 2019.
- ↑ Ceneviva, Alex (March 10, 2015). "Learn a Modern Barre Workout from an NFL cheerleader". WTNH. https://www.wtnh.com/ct-style/health-and-fitness/learn-a-modern-barre-workout-from-an-nfl-cheerleader/1123494994। আহৰণ কৰা হৈছে: March 5, 2019.[সংযোগবিহীন উৎস]
- ↑ CT STYLE (March 10, 2015), Learn a Modern Barre Workout from an NFL cheerleader, https://www.youtube.com/watch?v=A1R3AZiq1ms, আহৰণ কৰা হৈছে: March 5, 2019
- ↑ "Patriots' Rob Gronkowski and model Camille Kostek 'Really Enjoy Being with Each Other,' Source Says". People. https://people.com। আহৰণ কৰা হৈছে: February 16, 2019.
- ↑ "Rob Gronkowski, Camille Kostek Donate Masks To Foxboro Fire Department" (en-US ভাষাত). CBS Boston. May 23, 2020. https://boston.cbslocal.com। আহৰণ কৰা হৈছে: May 26, 2020.
- ↑ "Rob Gronkowski leaves lasting impression on Bucs" (en ভাষাত). Tampa Bay Times. https://www.tampabay.com। আহৰণ কৰা হৈছে: January 2, 2021.