সমললৈ যাওক

কেলকাতা ফিল্ম ছচাইটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেলকাতা ফিল্ম ছচাইটি
গঠন ৫ অক্টোবৰ ১৯৪৭
উদ্দেশ্য চলচ্চিত্ৰ সমাজ
Location
  • বি-৫, ভাৰত ভৱন ৩, চিত্তৰঞ্জন এভিনিউ, কলকাতা[1]
Affiliations ফেডাৰেচন অব ফিল্ম ছচাইটিজ অব ইণ্ডিয়া[2]

কেলকাতা ফিল্ম ছচাইটি (ইংৰাজী: Calcutta Film Society) আছিল ভাৰতপশ্চিমবঙ্গকলকাতা চহৰৰ দ্বিতীয়খন চলচ্চিত্ৰ সমাজ। ১৯৪৭ চনত স্বাধীনতাৰ ঠিক পাছতেই সত্যজিৎ ৰায়, চিদানন্দ দাসগুপ্ত, সুনীল জানাহ, আৰ পি গুপ্তা, বংশী চন্দ্ৰগুপ্ত, হৰিসাধন দাসগুপ্ত আৰু অন্যান্যসকলে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। ছেৰ্গেই আইজেনষ্টাইনৰদ্বাৰা পৰিচালিত ১৯২৫ চনৰ নিৰ্বাক কথাছবি দ্য বেটলশ্বিপ পটেমকিন আছিল এই চলচ্চিত্ৰ সমাজত প্ৰদৰ্শিত প্ৰথমখন ছবি।[3] বছৰ বছৰ ধৰি এই সমাজখনে দেশৰ "আটাইতকৈ চিনেমা-শিক্ষিত দৰ্শক" থকা বুলি খ্যাতি অৰ্জন কৰিছিল।[4][5] ১৯৫৬ চনত দাসগুপ্ত, বিজয়া মূলে, দীপ্তেন্দু প্ৰামাণিক আৰু সত্যজিৎ ৰায়ৰ দৰে ব্যক্তিৰ প্ৰচেষ্টাত ইয়াক পুনৰুজ্জীৱিত কৰা হয়।[6]

১৯৫৬ চনত কেলকাতা ফিল্ম ছচাইটিৰ পুনৰুজ্জীৱন।

বৰ্তমান ইয়াক ভাৰতৰ 'নিউ ৱেভ চিনেমা'ৰ এক গুৰুত্বপূৰ্ণ অগ্ৰদূত হিচাপে গণ্য কৰা হয়, কাৰণ ই স্থানীয় দৰ্শকক বিশ্ব চলচ্চিত্ৰৰ পোনপটীয়া সোৱাদ ল’বলৈ দিছিল আৰু কালক্ৰমত ভাৰতত চলচ্চিত্ৰ সমাজ আন্দোলনৰ সূচনা কৰিছিল।[7]

যদিও ১৯৪২ চনত বোম্বেত তথ্যচিত্ৰ নিৰ্মাতাসকলে এখন চলচ্চিত্ৰ সমাজ গঠন কৰিছিল, তথাপি ই আছিল কাহিনী চিত্ৰৰ বাবে উৎসৰ্গিত প্ৰথমখন চলচ্চিত্ৰ সমাজ। সত্যজিৎ ৰায়, যি তেতিয়া এজন ডেকা আশাবাদী চলচ্চিত্ৰ নিৰ্মাতা আছিল, তেওঁ চলচ্চিত্ৰ সম্পৰ্কীয় কিতাপ আৰু আলোচনীৰ যোগান ধৰিছিল, আনহাতে চিদানন্দ দাসগুপ্তই সভা অনুষ্ঠিত কৰিবলৈ তেওঁৰ ঘৰৰ এটা কোঠা আগবঢ়াইছিল। ব্ৰিটিছ ৰাজৰ কঠোৰ চেন্সৰশ্বিপ নীতি "ইণ্ডিয়ান চিনেমাটোগ্ৰাফ এক্ট ১৯১৮" ৰ অধীনত চলচ্চিত্ৰ দৰ্শনৰ বাবে হোৱা সকলো সমাৱেশতে চেন্সৰশ্বিপ নিয়ম বলবৎ থকা সত্ত্বেও, তেওঁলোকে প্ৰথম পাঁচ বছৰত মূলতঃ ৰাছিয়ান আৰু ইউৰোপীয় ছবি প্ৰদৰ্শন কৰি কম সদস্য সংখ্যাৰ মাজতো টিকে আছিল। সমাজখনে ৰায়ৰদ্বাৰা নক্সা কৰা এটা বুলেটিনো আৰম্ভ কৰিছিল আৰু তেওঁৰ কেইবাটাও প্ৰবন্ধ পৰৱৰ্তী সময়ত আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ (১৯৭২) নামৰ গ্ৰন্থখনত প্ৰকাশ পাইছিল। প্ৰখ্যাত চলচ্চিত্ৰ ব্যক্তিত্বসকলক সমাজত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল, যাৰ ভিতৰত আছিল ৰাছিয়ান অভিনেতা নিকোলাই চেৰকাছভ, পৰিচালক জিন ৰেনোয়াৰ, জন হিউষ্টন আদি। ৰায়ে পৰৱৰ্তী সময়ত ৰেনোয়াৰৰ সৈতে হোৱা তেওঁৰ সাক্ষাতক তেওঁৰ প্ৰথম ছবি পথেৰ পাঁচালীৰ চিনেমেটিক দৃষ্টিভংগী গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মোৰ হিচাপে উল্লেখ কৰিছিল। ৰেনোয়াৰে তেওঁৰ ছবি দ্য ৰিভাৰৰ বাবে স্থান চাবলৈ ভাৰত ভ্ৰমণ কৰোঁতে ৰায়ে তেওঁক সহায় কৰিছিল।[8]

পৰৱৰ্তী বছৰবোৰত, যেতিয়া ১৯৫২ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰা হৈছিল, তেতিয়া মহোৎসবলৈ আমন্ত্ৰণ জনাবলগীয়া ছবিসমূহৰ বাবে এই সমাজখনৰ সৈতে ব্যাপক আলোচনা কৰা হৈছিল। চলচ্চিত্ৰ ইতিহাসবিদ জেৰ্জি টোপ্লিটজৰ মতে, এই মহোৎসৱটো ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত এক টাৰ্নিং পইণ্টত পৰিণত হৈছিল কাৰণ ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভাৰতীয় দৰ্শকে ইটালীয় নব্য বাস্তৱবাদৰ লগতে নতুন জাপানী চিনেমাৰ সোৱাদ পাইছিল।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Calcutta Film Society". http://www.penrose-press.com/idd/SOC16165.card আহৰণ কৰা হৈছে: 18 September 2010.
  2. Eastern Region : List of Societies Archived 2011-07-21 at the Wayback Machine Federation of Film Societies of India website.
  3. Calcutta Film Society Archived 25 November 2013 at the Wayback Machine Satyajit Ray website.
  4. "The film fan frat". Business Standard. 4 September 2010. http://www.business-standard.com.
  5. Banerjee, Malini (25 May 2008). "The End". The Telegraph. https://www.telegraphindia.com/1080525/jsp/calcutta/story_9316488.jsp আহৰণ কৰা হৈছে: 2 August 2018.
  6. Cherian, VK (2016). India's Film Society Movement: The Journey and its Impact. Sage Publications India Pvt Ltd. পৃষ্ঠা. 264. ISBN 9789385985621. https://books.google.com/books?id=iytwDQAAQBAJ&q=pramanick আহৰণ কৰা হৈছে: 25 April 2019.
  7. Armes, Roy (1987). Third World film making and the West. University of California Press. পৃষ্ঠা. 118, 123. ISBN 0-520-05690-6. https://books.google.com/books?id=qFDnqIwdr8EC&dq=Calcutta+Film+Society&pg=PA118.
  8. Robinson, Andrew (1989). Satyajit Ray: the inner eye. University of California Press. পৃষ্ঠা. 65. ISBN 0-520-06946-3. https://archive.org/details/satyajitrayinner00robi_0. "Calcutta Film Society."
  9. Binford, Mira Reym (1983). Media policy as a catalyst to creativity: the role of government in the development of India's new cinema. University of Wisconsin--Madison. পৃষ্ঠা. 72.