সমললৈ যাওক

কেলিয়ানাছা (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেলিয়ানাছা
নেৰেইডছ-ৰ সদস্য
নিবাস সাগৰ
পিতৃ-মাতৃ নেৰিয়াছ আৰু ড'ৰিছ
সহোদৰ সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল

কেলিয়ানাছা (প্ৰাচীন গ্ৰীক: Καλλιάνασσα, ইংৰাজী: Callianassa; আক্ষৰিক অৰ্থ: 'মৰমলগা ৰাণী' বা 'সুন্দৰ ৰাণী')[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড[1]

কিংবদন্তি

[সম্পাদনা কৰক]

কেলিয়ানাছা গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছনেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[2][3][1] হোমাৰইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত কেলিয়ানাছায়ো আছিল।[4]

প্ৰাণীবিজ্ঞান

[সম্পাদনা কৰক]

এই নেৰেইডগৰাকীৰ নামেৰে প্ৰাণীবিজ্ঞানত কেলিয়ান্সা (Callianassa) নামৰ গণ আৰু কেলিয়ান্সিডিয়া (Callianassidae) নামৰ পৰিয়ালৰ নামকৰণ কৰা হৈছে৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9. 
  2. Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  3. Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
  4. Homer, Iliad 18.39