সমললৈ যাওক

কেলি কুউকো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেলি কুউকো
Kaley Cuoco

২০১৭ চনত কুউকো
জন্ম কেলি ক্ৰিষ্টিন কুউকো
৩০ নৱেম্বৰ, ১৯৮৫ (৪০ বছৰ)
কামাৰিল্লো, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
অন্য নাম Kaley Cuoco-Sweeting
পেচা
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯২–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী
  • ৰিয়ান চুইটিং (বি. ২০১৩; বিবাহ বিচ্ছেদ ২০১৬)
  • কাৰ্ল কুক (বি. ২০১৮; বিবাহ বিচ্ছেদ ২০২২)
অংশীদাৰ টম পেলফেৰি
(২০২২-বৰ্তমানলৈকে)
সন্তান
আত্মীয়-স্বজন ব্ৰায়ানা কুউকো (ভগ্নী)

কেলি ক্ৰীষ্টিন কুউকো (ইংৰাজী: Kaley Christine Cuoco, জন্ম ৩০ নৱেম্বৰ, ১৯৮৫) [1]এগৰাকী আমেৰিকান অভিনেত্ৰী। এবিচিৰ চিটকম ৮ চিম্পল ৰুলছ (২০০২–২০০৫)ত ব্ৰিজেট হেনেছি, চিবিএছ চিটকম দ্য বিগ বেং থিয়ৰী (২০০৭–২০১৯)ত পেনি আৰু এইচবিঅ' মেক্সৰ কমেডী থ্ৰিলাৰ দ্য ফ্লাইট এটেণ্ডেণ্ট (২০২০–২০২২)ৰ শীৰ্ষ চৰিত্ৰ হিচাপে আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ পৰিচিত।[2] তেওঁ প্ৰাইমটাইম এমি বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

কুউকোৱে ফেণ্টাচি ধাৰাবাহিক চাৰ্মড (২০০৫–২০০৬)ত বিলি জেনকিন্সৰ চৰিত্ৰত অভিনয় কৰিছে। ২০১৯ চনৰ পৰা এনিমেটেড ধাৰাবাহিক হাৰ্লি কুইনত শীৰ্ষক চৰিত্ৰত কণ্ঠদান কৰিছে আৰু কমেডী থ্ৰিলাৰ ধাৰাবাহিক বেছড অন এ ট্ৰু ষ্ট'ৰী (২০২৩)ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ চলচ্চিত্ৰকৰ্মৰ ভিতৰত আছে কেইবাখনো টেলিভিছন ছবি, যেনে-কুইকচেণ্ড: ন’ এস্কেপ (১৯৯২) আৰু গ্ৰয়িং আপ ব্ৰেডি (২০০০), লগতে ভাৰ্চুৱেচিটি (১৯৯৫), হপ (২০১১), দ্য ৱেডিং ৰিংগাৰ (২০১৫), দ্য মেন ফ্ৰম টৰণ্টো, মিট কিউট (দুয়োখন ২০২২), আৰু ৰ’ল প্লে (২০২৪)। ২০১৪ চনত তেওঁ হলিউড ৱাক অৱ ফেমত তাৰকাৰ সন্মান লাভ কৰে[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৫ চনৰ ৩০ নৱেম্বৰত কেলিফৰ্ণিয়াৰ কেমাৰিলোত কেলিয়ে জন্মগ্ৰহণ কৰিছিল। তেখেত এগৰাকী গৃহিণী লেইন এন (জন্ম উইংগেট) আৰু ৰিয়েল এষ্টেট এজেণ্ট গেৰী কাৰ্মাইন কুউকোৰ জ্যেষ্ঠ কন্যা।[4] তেওঁৰ পিতৃ ইটালীয় বংশৰ আৰু মাতৃ ইংৰাজ আৰু জাৰ্মান বংশৰ।[5]তেওঁৰ ভগ্নী ব্ৰায়ানা এগৰাকী অভিনেত্ৰী আৰু গায়িকা যিয়ে দ্য ভইচৰ পঞ্চম ছিজনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁৰ সৈতে এইচ বি অ' মেক্স ধাৰাবাহিক দ্য ফ্লাইট এটেণ্ডেণ্ট[6] আৰু হাৰ্লি কুইনত বাৰ্বাৰা গৰ্ডন/বেটগাৰ্লৰ চৰিত্ৰত অভিনয় কৰিছিল। শিশু অৱস্থাত কুউকো এগৰাকী ৰেংকিংধাৰী কিন্তু অপেছাদাৰী টেনিছ খেলুৱৈ আছিল, যিটো খেল তেওঁ তিনি বছৰ বয়সত গ্ৰহণ কৰিছিল।[7]তেওঁ ১৬ বছৰ বয়সত অভিনয় বন্ধ কৰি অভিনয়ৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ লয়।[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

দ্য বিগ বেং থিয়ৰীত কাম কৰি থকাৰ সময়ত কুউকোৱে ব্যক্তিগতভাৱে সহ অভিনেতাজনী গালেচ্কিৰ সৈতে প্ৰায় দুবছৰ, ২০০৯ চনৰ ডিচেম্বৰ মাহলৈকে ডেটিং কৰে।[9]

২০১০ চনৰ ১৩ ছেপ্টেম্বৰত ঘোঁৰা চলোৱাৰ দুৰ্ঘটনাত কুউকোৰ ভৰি ভাঙে আৰু দ্য বিগ বেং থিয়ৰীৰ দুটা খণ্ডৰ চিত্ৰগ্ৰহণত অংশ ল'ব নোৱাৰিলে।[10]

২০১১ চনৰ অক্টোবৰ মাহত তেওঁ নিচা বিশেষজ্ঞ জোছ ৰেছনিকৰ সৈতে বাগ্দান কৰে যদিও ২০১২ চনৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকৰ এংগেজমেণ্টৰ অন্ত পেলায়।[11] তিনিমাহৰ ডেটিং কৰাৰ পিছত ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত পেছাদাৰী টেনিছ খেলুৱৈ ৰিয়ান ছুইটিঙৰ সৈতে তেওঁৰ বাগ্দান হয়। ২০১৩ চনৰ ৩১ ডিচেম্বৰত কেলিফৰ্ণিয়াৰ চাণ্টা চুছানাত তেওঁলোকৰ বিবাহ হয়।[12] ২০১৫ চনৰ ২৫ ছেপ্টেম্বৰত ঘোষণা কৰা হয় যে তেওঁ আৰু ছুইটিঙে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে। .[13] ২০১৬ চনৰ ৯ মে'ত বিবাহ বিচ্ছেদ চূড়ান্ত কৰা হয়।[14]

কুউকোৱে ২০১৬ চনৰ শেষৰ ফালে অশ্বাৰোহী কাৰ্ল কুকক ডেটিং কৰিবলৈ আৰম্ভ কৰে।[15][16] ২০১৭ চনৰ ৩০ নৱেম্বৰত, কুউকোৰ ৩২ সংখ্যক জন্মদিনত তেওঁলোকৰ বাগ্দান হয়,[17] আৰু ২০১৮ চনৰ ৩০ জুনত তেওঁলোকৰ বিবাহ হয়।[44] ২০২১ চনৰ ছেপ্টেম্বৰ মাহত দম্পতীহালে বিচ্ছেদৰ কথা ঘোষণা কৰি কয় যে "আমি উপলব্ধি কৰিছো যে আমাৰ বৰ্তমানৰ পথসমূহে আমাক বিপৰীত দিশলৈ লৈ গৈছে।" [18] ২০২২ চনৰ জুন মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত কৰা হয়।[19]

কুউকোৱে ২০২২ চনৰ মে' মাহত অভিনেতা টম পেলফ্ৰেৰ সৈতে তেওঁৰ সম্পৰ্ক নিশ্চিত কৰে।[20] পাঁচ মাহৰ পিছত তেওঁ ইনষ্টাগ্ৰামত ঘোষণা কৰে যে তেওঁলোকে একেলগে প্ৰথম সন্তানৰ আশা কৰিছে।[21] ২০২৩ চনৰ ৩০ মাৰ্চত কুউকোৱে তেওঁলোকৰ কন্যা মাটিল্ডাক জন্ম দিয়ে।[22] ২০২৪ চনৰ ১৪ আগষ্টত তেওঁলোকে নিজৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰে।[23]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "8 Interesting Facts About Kaley Cuoco-Sweeting: Actor Spotlight". CBS. http://www.cbs.com/shows/big_bang_theory/news/1002993/ আহৰণ কৰা হৈছে: May 15, 2016.
  2. D'Alessandro, Anthony (July 6, 2021). "Kaley Cuoco In Talks To Star & Produce Studiocanal & Picture Company's High-Concept Thriller 'Role Play'". Deadline. https://deadline.com/2021/07/kaley-cuoco-in-talks-to-star-produce-studiocanal-picture-companys-high-concept-thriller-role-play-1234786566/ আহৰণ কৰা হৈছে: July 7, 2021.
  3. Lombardi, Ken (October 30, 2014). "Kaley Cuoco-Sweeting gets emotional over Hollywood Walk of Fame star". CBS News. https://www.cbsnews.com/news/kaley-cuoco-sweeting-gets-emotional-over-hollywood-walk-of-fame-star/.
  4. "Kaley Cuoco Biography". Yahoo!. Archived from the original on October 4, 2013. https://web.archive.org/web/20131004220359/http://ca.movies.yahoo.com/person/kaley-cuoco/biography.html আহৰণ কৰা হৈছে: November 17, 2012.
  5. "5 Things You Don't Know About Kaley Cuoco". ET Online. Archived from the original on January 6, 2014. https://web.archive.org/web/20140106034338/http://www.etonline.com/tv/139095_Five_Fun_Facts_About_Kaley_Cuoco/ আহৰণ কৰা হৈছে: October 2, 2013.
  6. Petski, Denise (December 5, 2019). "'The Flight Attendant': Briana Cuoco To Recur In HBO Max Series". Deadline Hollywood. https://deadline.com/2019/12/the-flight-attendant-recur-briana-hbo-max-series-kaley-cuoco-1202801632 আহৰণ কৰা হৈছে: February 3, 2021.
  7. "Southern California Tennis Association 1998 Year-End Junior Rankings – Girls'_14_Singles". californiatennis.com. http://www.californiatennis.com/usta/SCTARanks/SCTA1998junior.htm আহৰণ কৰা হৈছে: October 7, 2012. No. 54 in Girls' 14 Singles.
  8. Acuna, Kirsten (March 2, 2012). "25 Things You Don't Know About Newly Single Kaley Cuoco—CBS' 'Big Bang Theory' Sweetheart". Business Insider. http://www.businessinsider.com/25-things-you-dont-know-about-kaley-cuococbs-big-bang-theory-sweetheart-2012-3?op=1 আহৰণ কৰা হৈছে: October 7, 2012. "Cuoco has been an ace in Hollywood and on the tennis court, playing the sport since she was three years old. She finally made the full switch to acting in 2002"
  9. Morgan, Hudson (September 2010). "Justify Her Love". CBS Watch. http://cbswatchmagazine.com/blog/2010/09/28/justify-her-love/.
  10. Masters, Megan (October 12, 2010). "Kaley Cuoco Returns to Big Bang Theory After Injury as a-Pregnant Amputee Bartender?!". E! . http://www.eonline.com/uberblog/watch_with_kristin/b205213_kaley_cuoco_returns_big_bang_theory.html.
  11. Weiner, David (March 2, 2012). "ET Exclusive: Kaley Cuoco No Longer Engaged". Entertainment Tonight. Archived from the original on November 11, 2013. https://web.archive.org/web/20131111190844/http://omg.yahoo.com/news/et-exclusive-kaley-cuoco-no-longer-engaged-170500487.html.
  12. "'Big Bang Theory' star Kaley Cuoco gets married". Associated Press via Newsday. http://www.newsday.com/entertainment/celebrities/big-bang-theory-star-kaley-cuoco-gets-married-1.6709575 আহৰণ কৰা হৈছে: January 4, 2014.
  13. Krauser, Emily (September 25, 2015). "Kaley Cuoco Divorcing Ryan Sweeting After 21 Months of Marriage". Entertainment Tonight. http://www.etonline.com/news/172748_kaley_cuoco_ryan_sweeting_divorce/.
  14. Ungerman, Alex (May 9, 2016). "Kaley Cuoco Finalizes Divorce From Ryan Sweeting, Actress to Pay $165,000 in Spousal Support". Entertainment Tonight. http://www.etonline.com/news/188370_kaley_cuoco_divorce_from_ryan_sweeting_is_finalized/ আহৰণ কৰা হৈছে: May 10, 2016.
  15. Kile, Meredith B. (December 18, 2016). "Exclusive: Kaley Cuoco Gushes Over 'Perfect' Boyfriend Karl Cook at 'Why Him?' Premiere". Entertainment Tonight. http://www.etonline.com/news/205413_kaley_cuoco_gushes_over_perfect_boyfriend_karl_cook_at_why_him_premiere/ আহৰণ কৰা হৈছে: March 10, 2017.
  16. Mehta, Maitri (December 2017). "Kaley Cuoco Is Engaged & Her Fiancé Proposed In The Most Dramatic Way". https://www.bustle.com/p/who-is-karl-cook-kaley-cuocos-fiance-isnt-actor-but-he-knows-a-lot-about-putting-on-a-show-6760103 আহৰণ কৰা হৈছে: July 1, 2018.
  17. Mizoguchi, Karen (November 30, 2017). "Kaley Cuoco Is Engaged to Boyfriend Karl Cook — Watch Her Emotional Reaction to the Proposal". http://people.com/tv/kaley-cuoco-is-engaged-to-boyfriend-karl-cook/ আহৰণ কৰা হৈছে: November 30, 2017.
  18. "Kaley Cuoco Marries Karl Cook". July 1, 2018. https://www.eonline.com/news/948448/kaley-cuoco-marries-karl-cook আহৰণ কৰা হৈছে: July 1, 2018.
  19. Melas, Chloe (September 3, 2021). "Kaley Cuoco and Karl Cook announce they are separating". CNN. https://www.cnn.com/2021/09/03/entertainment/kaley-cuoco-karl-cook-split-trnd/index.html.
  20. Patterson, Charmaine (May 24, 2022). "Kaley Cuoco and Tom Pelphrey Make Their First Appearance as a Couple at Walk of Fame Ceremony". People. https://people.com/tv/kaley-cuoco-and-tom-pelphrey-make-first-public-appearance-as-a-couple/ আহৰণ কৰা হৈছে: May 24, 2022.
  21. Bonner, Mehera (October 11, 2022). "Kaley Cuoco and Tom Pelphrey Are Expecting Their First Child Together!". Cosmopolitan. https://www.cosmopolitan.com/entertainment/celebs/a41590915/kaley-cuoco-pregnant-baby-girl আহৰণ কৰা হৈছে: October 12, 2022.
  22. Andalora, Angela (April 1, 2023). "Kaley Cuoco and Tom Pelphrey Welcome First Baby Together, Daughter Matilda: 'Little Miracle'". People. https://people.com/parents/kaley-cuoco-tom-pelphrey-welcome-first-baby-daughter-matilda/ আহৰণ কৰা হৈছে: April 1, 2023.
  23. Strohm, Emily. "Kaley Cuoco Is Engaged to 'Ozark' Alum Tom Pelphrey!". People. https://people.com/kaley-cuoco-is-engaged-to-tom-pelphrey-8695360 আহৰণ কৰা হৈছে: August 15, 2024.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]