কেশৰবাই ক্ষীৰসাগৰ
কেশৰবাই ক্ষীৰসাগৰ (ইংৰাজী: Kesharbai Kshirsagar(১৯৩০-২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল৷ তেওঁ লোকসভালৈ তিনিবাৰ নিৰ্বাচিত হৈছিল৷
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯২৭ চনৰ ২৯ মাৰ্চত পুনেৰ নিমগাওঁ হালুংগী গাঁৱত কেশৰবাইৰ জন্ম হয়।.[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]সামাজিক কামৰ বাবে পৰিচিত ক্ষীৰসাগৰ ১৯৬২ চনত ৰাজুৰী গাঁৱৰ (বীদ) সৰপঞ্চ আৰু ১৯৬৭ চনত পঞ্চায়ত সমিতিৰ অধ্যক্ষ নিৰ্বাচিত হয়। ১৯৭২ চনত চৌছালাক প্ৰতিনিধিত্ব কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ হিচাপে মহাৰাষ্ট্ৰ বিধানসভাত যোগদান কৰে আৰু ইয়াৰ কমিটি অন পাব্লিক অণ্ডাৰটেকিংছত কাৰ্যনিৰ্বাহ কৰে।[2]
১৯৮০ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত আই এন চি (I)-এ বীড় সমষ্টিৰ পৰা ক্ষীৰসাগৰক আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে লোৱা হৈছিল। ৬৭,৫০৩ ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি তেওঁ এই আসনখন লাভ কৰে আৰু সপ্তম লোকসভাৰ সদস্য হয় (১৯৮০–৮৪)।[3] তেওঁ ১৯৮৪ আৰু ১৯৯১ চনত পুনৰ লোকসভালৈ নিৰ্বাচিত হয়। এগৰাকী সাংসদ হিচাপে তেওঁ চৰকাৰী ভাষাৰ সমিতিকে ধৰি বিভিন্ন সংসদীয় সমিতিত কাৰ্যনিৰ্বাহ কৰে।[1] পিছলৈ ক্ষীৰসাগৰে জাতীয়তাবাদী কংগ্ৰেছ দল (এনচিপি)ত যোগদান কৰে।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৫ বছৰ বয়সত কেশৰবাইৰ সোণাজিৰাও ক্ষীৰসাগৰৰ সৈতে বিবাহ সম্পন্ন হয়৷[1]তেওঁলোকৰ ৮গৰাকী সন্তান৷ তেওঁলোকৰ এজন পুত্ৰ জয়দত্তজী ক্ষীৰসাগৰ ১৯৯০ চনত মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হয়।[5] তেওঁক মৰমেৰে কেশ্বাৰকাকু বুলি কোৱা হৈছিল আৰু ২০০৬ চনৰ ৪ অক্টোবৰত মুম্বাইৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Members Bioprofile: Kshirsagar, Smt. Kesharbai". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/2775.htm। আহৰণ কৰা হৈছে: 25 November 2017.
- ↑ Committee on Public Undertakings (1974). Report. Maharashtra Legislative Assembly. পৃষ্ঠা. 40. https://books.google.com/books?id=LhIvAQAAIAAJ.
- ↑ "Statistical Reports on the General Elections, 1980 to the Seventh Lok Sabha". Election Commission of India. পৃষ্ঠা: 275. http://eci.nic.in/eci_main/StatisticalReports/LS_1980/Vol_II_LS_80.pdf। আহৰণ কৰা হৈছে: 25 November 2017.
- ↑ 4.0 4.1 "Ex-MP Kesharkaku Kshirsagar passes away". OneIndia.com. 4 October 2006. https://www.oneindia.com/2006/10/04/ex-mp-kesharkaku-kshirsagar-passes-away-1159941834.html। আহৰণ কৰা হৈছে: 25 November 2017.
- ↑ Vohra, Gautam (1992). The New Political Elite. Daya Publishing House. পৃষ্ঠা. 79. ISBN 978-81-7035-109-2. https://books.google.com/books?id=N3yn7-VMxV0C&pg=PA79.