সমললৈ যাওক

কেশৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেশৰী

ৰামৰ সৈতে কেশৰী আৰু বানৰ সেনাৰ মুখ্যসকলৰ আলোচনা
সম্পৰ্ক বানৰ
নিবাস কিষ্কিন্ধা
পিতৃ-মাতৃ বৃহস্পতি
তাৰা
সহোদৰ ভৰদ্বাজ, কচ
সন্তান হনুমান
  • মতিমান, শ্ৰুতিমান, কেতুমান, গতিমান, ধৃতিমান বা দ্যুতিমান (অঞ্জলি পুত্ৰ)
হিন্দু পাঠ্য ৰামায়ণ

কেশৰী এক পুৰুষ বানৰ আৰু হিন্দু ধৰ্মৰ এক চৰিত্ৰ।[1] তেওঁ হনুমানৰ পিতৃ আৰু অঞ্জনাৰ স্বামী।[2]

কিংবদন্তি

[সম্পাদনা কৰক]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

শক্তিশালী কেশৰীয়ে মেৰু/সুমেৰু পৰ্বতত শাসন কৰি থকাৰ সময়ত ব্ৰহ্মাই মনাগৰ্ভ নামৰ অপ্সৰাক অভিশপ্ত কৰি, তেওঁক বানৰলৈ ৰূপান্তৰিত কৰিলে আৰু তেওঁ অঞ্জনা নামেৰে কেশৰীক বিয়া কৰাইছিলে। বহুদিন ধৰি এই দম্পতীহাল সন্তানহীন হৈ পৰিল। অঞ্জনাই এটি সন্তানৰ বাবে বায়ুক স্তুতি কৰিলে।

শৈৱ পৰম্পৰাত ৰাৱণক বধ কৰিবলৈ ৰামৰূপে অৱতাৰ ল’বলৈ ওলোৱা বিষ্ণুক সহায়ৰ বাবে শিৱক এটা পুত্ৰ জন্ম দিবলৈ অনুৰোধ কৰা হৈছিল। শিৱ আৰু পাৰ্বতীয়ে বানৰৰ ৰূপ লৈ সংগমত লিপ্ত হ’ল। বায়ু আবিৰ্ভাৱ হোৱাত দম্পতীহালে নিজৰ উপস্থিতি প্ৰকাশ কৰিলে, পাৰ্বতীয়ে নিজৰ ভিতৰৰ ভ্ৰূণটো উলিয়াই দিলে। পাৰ্বতীয়ে কৈলাশলৈ বানৰ ৰূপত ভ্ৰূণটো নিবলৈ অস্বীকাৰ কৰিলে। শিৱৰ নিৰ্দেশ অনুসৰি পাৰ্বতীয়ে সেই সন্তানটো বায়ুক আগবঢ়াই দিলে আৰু তেওঁ অঞ্জনাৰ গৰ্ভলৈ স্থানান্তৰিত কৰি হনুমানক জন্ম দিলে।[3]

পিছৰ জীৱন

[সম্পাদনা কৰক]

কেশৰী, অঞ্জনা আৰু শিশু হনুমানে তাৰ ৰজা বালী আৰু সুগ্ৰীৱৰ পিতৃ ঋক্ষৰাজৰ অনুৰোধত কিষ্কিন্ধালৈ গুচি যায়। কেশৰী মেৰু পৰ্বতত শাসন কৰাৰ সমান্তৰালভাৱে তেওঁৰ মুখ্য সেনাপতি হৈছিল। তেওঁ এজন সন্মানীয় ব্যক্তিত্ব আছিল আৰু সকলো বানৰৰ দ্বাৰা সন্মানিত আছিল আৰু ভালুকৰ ৰজা ব্ৰহ্মাৰ পুত্ৰ জাম্বৱন্তৰ বন্ধু আছিল।

জীৱনৰ পিছৰ কালছোৱাত তেওঁ ভগৱান ৰামৰ বানৰ সেনাবাহিনীৰ সৈতে লংকেশ ৰাৱণৰ বিৰুদ্ধে যুদ্ধ কৰি দেৱী সীতাক উদ্ধাৰ কৰাৰ লগতে বহু শক্তিশালী অসুৰক হত্যা কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. wisdomlib.org (2021-08-13). "The story of Kesari (Monkey characters, part 3) [Chapter 3.9"] (en ভাষাত). wisdomlib.org. https://www.wisdomlib.org/hinduism/essay/animal-kingdom-tiryak-in-epics/d/doc825662.html আহৰণ কৰা হৈছে: 2022-08-04.
  2. Keśavadāsa; Krishna Prakash Bahadur (1 January 1976). Selections from Rāmacandrikā of Keśavadāsa. Motilal Banarsidass Publ.. পৃষ্ঠা. 22. ISBN 978-81-208-2789-9. https://books.google.com/books?id=yQHpEQ8HkRMC&pg=PA22 আহৰণ কৰা হৈছে: 14 July 2012.
  3. wisdomlib.org (2014-08-03). "Keshari, Keśarī, Kesarī, Kesari, Keśāri, Kesha-ari: 28 definitions" (en ভাষাত). wisdomlib.org. https://www.wisdomlib.org/definition/keshari#purana আহৰণ কৰা হৈছে: 2022-08-04.