কেশৱ (বিষ্ণু)
অৱয়ব

কেশৱ (সংস্কৃত:केशव,আক্ষৰিক অৰ্থ, 'সুন্দৰ দীঘল চুলিৰ অধিকাৰী বা কেশী নামৰ অসুৰ বধ কৰোঁতা') হিন্দু পৰম্পৰাত বিষ্ণুৰ এটা উপনাম।[1] মহাভাৰতৰ বিষ্ণু সহস্ৰনামত এই নামটো ২৩ আৰু ৬৪৮ নং নাম হিচাপে দেখা যায়। যন্ত্ৰণা বা দুৰ্ভাগ্য ৰোধ কৰিব বিচৰা ব্যক্তিসকলেও কেশৱক পূজন কৰে। তেওঁৰ পত্নী কীৰ্তি (লক্ষ্মী)।[2] কেশৱ বিষ্ণুৰ এক প্ৰতিমূৰ্তি ৰূপ।
শব্দৰ ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]কেশৱৰ অৰ্থ হৈছে "সুন্দৰ দীঘল (নকটা) চুলি থকাজন" বা "কেশী দানৱৰ হত্যাকাৰী"। পদ্ম পুৰাণৰ মতে এই নামটোৱে কৃষ্ণৰ দীঘল, দেখাত ধুনীয়া নকটা চুলিক বুজায়।[3] নাৰায়ণ পণ্ডিতচাৰ্যৰ সংগ্ৰহ ৰামায়ণৰ কথা উল্লেখ কৰি লেখক মীনাক্ষী ভাৰত আৰু মধু গ্ৰভাৰে কৈছে যে "কেশৱ নামে বিষ্ণুক বুজায়।" ‘ক’ আখৰটোৱে ব্ৰহ্মাক বুজায় আৰু ‘ঈশ’ আখৰটোৱে শিৱক বুজায়। কেশৱ শব্দই ব্ৰহ্মা আৰু শিৱ উভয়কে সজীৱ কৰাক বুজায়"।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ wisdomlib.org (2009-04-12). "Kesava, Keshava, Keśava, Keśavā: 30 definitions" (en ভাষাত). wisdomlib.org. https://www.wisdomlib.org/definition/kesava#vaishnavism। আহৰণ কৰা হৈছে: 2022-08-02.
- ↑ The Illustrated Dictionary of Hindu Iconography, Margaret Stutley, pp. 71, 73
- ↑ Alain Daniélou (1991). The Myths and Gods of India: The Classic Work on Hindu Polytheism from the Princeton Bollingen Series. Inner Traditions / Bear & Co. পৃষ্ঠা. 154. ISBN 9780892813544. https://books.google.com/books?id=1HMXN9h6WX0C&pg=PA154.
- ↑ Bharat & Grover 2019, পৃষ্ঠা. 205.