সমললৈ যাওক

কেৰী উইলিয়ামছ ক্লিফৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেৰী উইলিয়ামছ ক্লিফৰ্ড
an oval-shaped portrait of Carrie Williams Clifford
জন্ম ১৮৬২, ছেপ্তেম্বৰ
অহাইঅ'
মৃত্যু ১০ নৱেম্বৰ, ১৯৩৪ (৭২ বছৰ)
ৰাষ্ট্ৰীয়তা আমেৰিকীয়
জনা যায় কাব্য, নাগৰিক অধিকাৰ কৰ্মৰাজি, মহিলা অধিকাৰ কৰ্মৰাজি
দাম্পত্যসঙ্গী উইলিয়াম এইচ্ছ ক্লিফৰ্ড (১৮৮৬-১৯৩৪)
সন্তান

কেৰী উইলিয়ামছ ক্লিফৰ্ড (ইংৰাজী: Carrie Williams Clifford) আছিল এগৰাকী লেখিকা, ক্লাব মহিলা আৰু আমেৰিকাৰ মহিলা অধিকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।[1]

অহাইঅ'ৰ চিলিকোথেত জন্মগ্ৰহণ কৰা[2] আৰু তাতেই ডাঙৰ-দীঘল হৈ শিক্ষা গ্ৰহণ কৰা ক্লিফৰ্ডে ৰাজ্যখন এৰি পশ্চিম ভাৰ্জিনিয়াৰ পাৰ্কাৰছবাৰ্গত তিনি বছৰ শিক্ষকতা কৰে।[1][3] ১৮৮৬ চনত তেওঁ অহাইঅ'ৰ ক্লিভলেণ্ডলৈ উভতি যায় আৰু অহাইঅ' ৰাজ্যৰ বিধায়ক উইলিয়াম এইচ ক্লিফৰ্ডক বিয়া কৰায় আৰু এগৰাকী নিয়োজিত ক্লাব মহিলা হয়।[1] ৯০৮ চনত তেওঁ স্বামী আৰু দুটা সন্তান মৰিছ আৰু জোছুয়াৰ সৈতে ৱাশ্বিংটন ডি.চি.লৈ যায়৷ ১৯৩৪ চনৰ ১০ নৱেম্বৰত ক্লিফৰ্ডৰ মৃত্যু হয়,[1] আৰু তেওঁক অহাইঅ'ৰ ক্লিভলেণ্ডৰ উডলেণ্ড কবৰস্থানত সমাধিস্থ কৰা হয়।[3] [4]

ক্লিফৰ্ডত থকাৰ সময়তে ক্লিফৰ্ডে মিনাৰ্ভা ৰিডিং ক্লাব প্ৰতিষ্ঠা কৰে, যিয়ে বৰ্তমানৰ সামাজিক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে।[5] নেচনেল এছ'চিয়েচন অৱ কালাৰ্ড উইমেনৰ সহকাৰী ৰেকৰ্ডিং সম্পাদিকা হিচাপে আগবঢ়োৱা তেওঁৰ কামৰ ফলত ১৯০১ চনত তেওঁ অহাইঅ' ফেডাৰেচন অৱ কালাৰ্ড ৱমেনছ ক্লাব প্ৰতিষ্ঠা কৰে।[1][5] ক্লিভলেণ্ডত থকাৰ সময়ত তেওঁ সংস্থাটোৰ প্ৰথম সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]

ক্লিফৰ্ডে ৰেচ ৰাইমছ (১৯১১)[6]আৰু দ্য ৱাইডেনিং লাইট (১৯২২)[7] নামৰ দুখন কবিতা পুথি লিখিছিল৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 Murphy, Mary-Elizabeth. "Biographical Sketch of Carrie Williams Clifford | Alexander Street, a ProQuest Company". search.alexanderstreet.com. https://search.alexanderstreet.com/view/work/bibliographic_entity%7Cbibliographic_details%7C3292120#page/1/mode/1/chapter/bibliographic_entity%7Cbibliographic_details%7C3292120 আহৰণ কৰা হৈছে: 2020-02-23.
  2. Mohr, Diane L.. "Carrie Williams Clifford - Writer, editor, women's and civil rights activist, 1862-1934". DC Public LibraryDC Library Labs: The Black Renaissance in Washington. http://dclibrarylabs.org/blkren/bios/cliffordcw.html আহৰণ কৰা হৈছে: November 6, 2022.
  3. 1 2 "Carrie W. Clifford - Ohio History Central". ohiohistorycentral.org. Archived from the original on 2020-03-19. https://web.archive.org/web/20200319235104/https://ohiohistorycentral.org/w/Carrie_W._Clifford আহৰণ কৰা হৈছে: 2020-03-19.
  4. "CLIFFORD, CARRIE WILLIAMS" (en ভাষাত). Encyclopedia of Cleveland History | Case Western Reserve University. 2018-05-11. https://case.edu/ech/articles/c/clifford-carrie-williams আহৰণ কৰা হৈছে: 2020-04-17.
  5. 1 2 Carter, Linda M. (1992). "Carrie Williams Clifford". In Smith, Jessie Carney (en ভাষাত). Notable Black American Women. VNR AG. পৃষ্ঠা. 105–108. ISBN 978-0-8103-9177-2. https://books.google.com/books?id=ssMBzqrUpjwC.
  6. Clifford, Carrie Williams (1911). Race Rhymes. The Library of Congress. Washington [Printed by R. L. Pendleton]. http://archive.org/details/racerhymes00clif.
  7. Clifford, Carrie Williams (1922) (en ভাষাত). The Widening Light. Walter Reid. https://books.google.com/books?id=I8kvAQAAMAAJ&dq=the%20widening%20light&pg=PR1.