সমললৈ যাওক

কেৰেন গিলান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেৰেন গিলান

২০২৩ চনত গিলান
জন্ম কেৰেন শ্বিলা গিলান
২৮ নৱেম্বৰ, ১৯৮৭ (৩৮ বছৰ)
ইনভাৰনেছ, স্কটলেণ্ড
পেচা অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা
সক্ৰিয় হৈ থকা সময় ২০০৬–বৰ্তমান
দাম্পত্যসঙ্গী নিক ক’চাৰ (বিবাহ ২০২২)
সন্তান
আত্মীয়-স্বজন কেইটলিন ব্লেকউড (সম্পৰ্কীয় ভগ্নী)
স্বাক্ষৰ


কেৰেন শ্বিলা গিলান (ইংৰাজী: Karen Sheila Gillan; জন্ম ২৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী স্কটিছ অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা। ব্ৰিটিছ চলচ্চিত্ৰ আৰু টেলিভিছনত কৰা কামৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰিছে। বিশেষকৈ বিজ্ঞানভিত্তিক ধাৰাবাহিক ডক্টৰ হু (২০১০–২০১৩)-ত একাদশ ডক্টৰৰ মুখ্য সংগী এমি পণ্ডৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ জনাজাত। তেওঁৰ আৰম্ভণিৰ চলচ্চিত্ৰসমূহৰ ভিতৰত আছে থ্ৰিলাৰ ছবি আউটকাষ্ট (২০১০) আৰু ৰোমান্টিক কমেডী নট এনাডাৰ হেপ্পী এণ্ডিং (২০১৩)। ব্ৰিটেইনত থকাৰ সময়ত তেওঁ জন অছবৰ্ণৰ নাটক ইনাডমিচিবল এভিডেঞ্চ (২০১১)-ত অভিনয় কৰি মঞ্চতো কাম কৰিছিল।

গিলানে হৰৰ ছবি অকুলাচ (২০১৩)-ৰ জৰিয়তে হলিউডলৈ যাত্ৰা আৰম্ভ কৰে আৰু এবিচি (ABC) চেনেলৰ চিটকম চেলফি (২০১৪)-ত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ কেইবাখনো ছবিত (২০১৪–২০২৩) নেবুলা চৰিত্ৰত অভিনয় কৰি বিশ্বজুৰি তাৰকা খ্যাতি লাভ কৰে। এই ছবিসমূহ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিসমূহৰ ভিতৰত অন্যতম। ইয়াৰ উপৰিও তেওঁ ফেণ্টাচি ছবি জুমানজি: ৱেলকাম টু দ্য জংঘল (২০১৭) আৰু জুমানজি: দ্য নেক্সট লেভেল (২০১৯)-ত ৰুবী ৰাউণ্ডহাউচৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ নিজে ড্ৰামা ছবি দ্য পাৰ্টিছ জাষ্ট বিগিনিং (২০১৮) লিখিছিল আৰু পৰিচালনা কৰিছিল, য’ত তেওঁ নিজেও অভিনয় কৰিছিল।

২০২০-ৰ দশকত গিলানে একচন থ্ৰিলাৰ ছবি গানপাউডাৰ মিল্কশ্বেক (২০২১), থ্ৰিলাৰ ছবি ডুৱেল (২০২২), কমেডী-ড্ৰামা লেট ব্লুমাৰ্ছ (২০২৩) আৰু দ্য লাইফ অৱ চাক (২০২৪)-ত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ ডগলাছ ইজ কেন্সেলড (২০২৪) ধাৰাবাহিকখনৰ জৰিয়তে পুনৰ ব্ৰিটিছ টেলিভিছনলৈ উভতি আহে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কেৰেন শ্বিলা গিলানৰ জন্ম ১৯৮৭ চনৰ ২৮ নৱেম্বৰত ইনভাৰনেছত হৈছিল।[1] তেওঁ মেৰী আৰু ৰেমণ্ড জন গিলানৰ কন্যা। তেওঁৰ পিতৃ উত্তৰ-পূব ইংলেণ্ডৰ ছাণ্ডাৰলেণ্ডৰ বাসিন্দা।[2] যদিও তেওঁ এক কেথলিক পৰিৱেশৰ পৰা আহিছে, তেওঁ উল্লেখ কৰিছে যে তেওঁ দীক্ষিত হোৱা নাই আৰু কোনো ধৰ্ম পালন নকৰে।[3] তেওঁ আঠ বছৰ বয়সৰ পৰাই পিয়ানো শিকিছিল।

১৬ বছৰ বয়সত গিলান এডিনবাৰ্গলৈ গুচি যায় আৰু টেলফৰ্ড কলেজত এক্টিং এণ্ড পাৰফৰমেন্সৰ এক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।[4] ১৮ বছৰ বয়সত তেওঁ লণ্ডনলৈ গৈ ইটালিয়া কন্টি একাডেমী অৱ থিয়েটাৰ আৰ্টছত অধ্যয়ন কৰে।[5] তাত থকাৰ সময়তে তেওঁক এখন মডেলিং এজেন্সিয়ে বিচাৰি পায়। অভিনয় জীৱনৰ আগতে তেওঁ এগৰাকী মডেল হিচাপে কাম কৰিছিল আৰু ২০০৭ চনত লণ্ডন ফেশ্বন উইকত আত্মপ্ৰকাশ কৰিছিল। কেৰেন গিলানে উল্লেখ কৰিছে যে তেওঁ মডেলিং উপভোগ কৰিলেও অভিনয়হে তেওঁৰ মূল আগ্ৰহ আৰু লক্ষ্য আছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Happy Birthday, 'Doctor Who' Companion Karen Gillan!". Geek.com. 28 November 2017. Archived from the original on 29 November 2017. https://web.archive.org/web/20171129022636/https://www.geek.com/television/happy-birthday-doctor-who-companion-karen-gillan-1724182/। আহৰণ কৰা হৈছে: 29 November 2017. 
  2. Lawson, Jim (19 January 2014). "Dad of former Doctor Who star Karen Gillan aims to follow his daughter into the movie business with film about football star Len Shackleton". dailyrecord. http://www.dailyrecord.co.uk/entertainment/tv-radio/dad-former-doctor-who-star-3037872। আহৰণ কৰা হৈছে: 1 July 2020. 
  3. Jamieson, Teddy (15 June 2013). "Karen Gillan on life, love and Doctor Who". The Herald. http://www.heraldscotland.com/arts-ents/film/karen-gillan-on-life-love-and-doctor-who.21351833. 
  4. "Interview Karen Gillan". The Scotsman. 3 April 2010. http://www.scotsman.com/news/interview-karen-gillan-doctor-who-actress-1-1234469. 
  5. Macleod, Calum (26 March 2010). "Who's that girl?". Inverness Courier (Scottish Provincial Press). Archived from the original on 10 November 2013. https://web.archive.org/web/20131110122017/http://www.inverness-courier.co.uk/Home/Whos-that-girl-5705502.htm. 
  6. Gilbert, Gerard (6 May 2011). "Karen Gillan: Obsessive fans, short skirts and life with Doctor Who". The Independent. https://www.independent.co.uk/arts-entertainment/tv/features/karen-gillan-obsessive-fans-short-skirts-and-life-with-doctor-who-2278843.html. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]