কেৰেলা শাৰী

কেৰেলা শাৰী (ইংৰাজী: Kerala sari, মালয়ালম: കേരള സാരി) ভাৰতৰ কেৰালা ৰাজ্যৰ মহিলাৰ সাজ।
মুণ্ডুম নেৰিয়াথুম
[সম্পাদনা কৰক]
ইয়াক প্ৰাচীন সংজ্ঞা অনুসৰি প্ৰকৃত মুণ্ডুম নেৰিয়াথুম বুলি গণ্য কৰা নহয় যদিও ইয়াক মুণ্ডুম নেৰিয়াথুমৰ সৈতে নিবিড়ভাৱে মিল থকা কাপোৰ হিচাপে পিন্ধা হয়। পৰম্পৰাগত মুণ্ডুম নেৰিয়াথুম দুটুকুৰা কাপোৰেৰে গঠিত, আনহাতে কেৰেলাৰ শাৰী দুটুকুৰা মুণ্ডুম নেইয়াথুম ব্যৱহাৰ কৰি নাভিৰ পৰা পিন্ধাৰ সৈতে মিল আছে। অন্যথা কেৰেলাৰ শাৰীখন মুণ্ডুম নেৰিয়াথুমৰ সৈতে ওতঃপ্ৰোতভাৱে মিল আছে আৰু মালয়ালী মহিলাসকলে ইয়াক প্ৰায়ে অৰ্ধ মুণ্ডুম নেৰিয়াথুম হিচাপে পিন্ধে।
মধ্যযুগীয় কেৰালাৰ মিউৰেল চিত্ৰত মহিলাসকলে পিন্ধা তিনিটা শৈলীৰ কাপোৰৰ অস্তিত্ব চিত্ৰিত কৰা হৈছে, ইয়াৰ ভিতৰত আছে এক টুকুৰা মুণ্ডাম, এক টুকুৰা শাৰী আৰু ককালত খুচনি মাৰি ওপৰত পেলাই থোৱা দুটুকুৰা কাপোৰৰ সৈতে শাৰী। আজিকালি মহিনিয়াটম নৃত্যশিল্পীসকলে পিন্ধা আৰু দুটুকুৰা মুণ্ডাম-নেৰিয়াথুম সাজ-পোছাক যি কেৰেলা শাৰীলৈ বিকশিত হয়।[1][2][3]
বয়ন কেন্দ্ৰ
[সম্পাদনা কৰক]বালাৰামাপুৰম, চেণ্ডামংগলম আৰু কুথামপুলি কেৰেলাৰ তিনিটা প্ৰধান শাৰী বোৱা কেন্দ্ৰ, এই ঠাইবোৰক ভাৰত চৰকাৰে ভৌগোলিক সূচক টেগ দিছে আৰু তিনিওখন ঠাই সোণালী পাৰীযুক্ত বগা কপাহ বা ৰেচমৰ বস্ত্ৰৰ কাছাভু শাৰী বোৱাৰ বাবে উল্লেখযোগ্য়।
বালাৰামাপুৰম ক্লাষ্টাৰ শিপিনীসকলে পৰম্পৰাগতভাৱে কাছাভু শাৰী আৰু মুণ্ডু বয়। বালাৰামপুৰম ঠাইখন সোণৰ পাৰীৰ শাৰী বোৱাৰ বাবে জনাজাত আৰু ইয়াক কপাহ আৰু চিল্ক সূতাৰ পৰা বোৱা হয়।[4] দ্বিতীয় ঠাইখন চেণ্ডামংগলম কপাহ আৰু চিল্ক সূতাৰ আৰু ডাঠ সোণৰ পাৰীৰে শাৰী বোৱাৰ বাবে জনাজাত। বালাৰামপুৰমৰ সৈতে মিল আছে যদিও সোণালী পাৰীৰ ওপৰত কম গুৰুত্ব দিয়া হয়। চেদামংগলামত বয়ন শিল্পৰ প্ৰৱৰ্তন কৰিছিল পালিয়াম ৰাজ পৰিয়ালে। চেন্দামংগলমৰ ৰজা আৰু কোচিৰ মহাৰাজৰ বংশগত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা পলিয়াথ আচানসকল ষোল্লশ শতিকাৰ পৰাই চেন্দামংগলমৰ সৈতে জড়িত হৈ আহিছে। 'দেৱংগা চেট্টিয়াৰ সকলে পৰিয়ালটোৰ বয়নশিল্পৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এই অঞ্চলত বসতি স্থাপন কৰিছিল।[5][6][7] কুথামপুলি ক্লাষ্টাৰ থ্ৰিছুৰ জিলাত অৱস্থিত, তেওঁলোকৰ ইতিহাস ৫০০ বছৰ আগৰ যেতিয়া তেওঁলোকৰ পূৰ্বপুৰুষ মহীশূৰৰ পৰা কেৰালালৈ আহিছিল। কুথামপুল্লীৰ শিপিনীসকল কোচি ৰাজপৰিয়ালৰ পৃষ্ঠপোষকতাত আহিছিল, আৰু ৰাজপৰিয়ালৰ বাবে কাপোৰ বোৱা কাম কৰিছিল । কুথামপুলি বয়নকাৰীসকলৰ শাৰীসমূহ আন দুটা থুপতকৈ যথেষ্ট পৃথক কাৰণ ইয়াত অধিক নক্সা, বহল পাৰী আৰু মটিফ থাকে।[8]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Wall paintings in North Kerala, India: 1000 years of temple art, Albrecht Frenz, Ke. Ke Mārār, page 93
- ↑ Boulanger 1997, Ghurye 1951
- ↑ Miller, Daniel & Banerjee, Mukulika; (2004) "The Sari", Lustre press / Roli books
- ↑ Nagarajan, Saraswathy (21 August 2020). "Preserving the famous legacy of weavers in Balaramapuram in Kerala capital". The Hindu. ISSN 0971-751X. Retrieved 23 May 2024.
- ↑ Alexander, Deepa (19 September 2020). "Chendamangalam sari: a saga of hope and resilience". The Hindu. ISSN 0971-751X. Retrieved 23 May 2024.
- ↑ JAMES, SHALINI (20 December 2019). "Read about the regained looms of Chendamangalam". The Hindu. ISSN 0971-751X. Retrieved 23 May 2024.
- ↑ "Weaving Chendamangalam | Craft Documentation & Research Kerala Handloom". 18 October 2022. Retrieved 1 April 2023.
- ↑ George, Anubha (6 October 2018). "For 500 years, a Kannadiga community of weavers has produced Kerala's iconic white and gold saree". Scroll.in. Archived from the original on 1 July 2021. Retrieved 1 July 2021.