সমললৈ যাওক

কেৰোলিনা গোমেজ কোৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেৰোলিনা গোমেজ

২০১২ চনত গোমেজ
জন্ম কেৰোলিনা গোমেজ কোৰিয়া
২৬ ফেব্ৰুৱাৰী, ১৯৭৫ (৫১ বছৰ)
কেলি, কলম্বিয়া
উচ্চতা ১.৭৬ মিটাৰ (U=ft}})
দাম্পত্যসঙ্গী
  • নিকোলাছ হয়োচ (বি. ১৯৯৬; বিবি. ১৯৯৯)
  • জেইম চাঞ্চেজ ক্ৰিষ্টো (বি. ২০০২; বিবি. ২০০৮)
  • বোৰ্জা আগুইৰে (বি. ২০১৩; বিবি. ২০২১)
সন্তান
'Beauty pageant titleholder'
Title মিছ বগোটো ১৯৯৩
মিছ কলম্বিয়া ১৯৯৩
Hair color মুগা
Eye color হেজেল
Major
competition(s)
মিছ কলম্বিয়া ১৯৯৩ (বিজয়ী)
মিছ ইউনিভাৰ্ছ ১৯৯৪ (প্ৰথম ৰানাৰ্ছ-আপ)

কেৰোলিনা গোমেজ কোৰিয়া (ইংৰাজী: Carolina Gómez Correa; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, টিভি সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ কলম্বিয়া ১৯৯৩ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল আৰু মিছ ইউনিভাৰ্ছ ১৯৯৪ত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।

সৌন্দৰ্য প্ৰতিযোগিতা

[সম্পাদনা কৰক]

চিনিয়ৰিটা কলম্বিয়া

[সম্পাদনা কৰক]

তেওঁ বগোটোক প্ৰতিনিধিত্ব কৰি ১৯৯৩ চনত মিছ কলম্বিয়া খিতাপ জয় কৰিছিল।[1][2] ১৮ বছৰ বয়সত কলেজো নুৱেভা গ্ৰানাডাৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়তে তেওঁ এই মুকুট লাভ কৰে।[3]

মিছ ইউনিভাৰ্ছ

[সম্পাদনা কৰক]

তেওঁ মিছ ইউনিভাৰ্ছ ১৯৯৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ-আপ হিচাপে স্থান লাভ কৰে। পাওলা টুৰ্বে (১৯৯২) আৰু পাওলা আন্দ্ৰিয়া বেটানকুৰৰ (১৯৯৩) পিছত কেৰোলিনা গোমেজ আছিল একেৰাহে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ-আপ হোৱা তৃতীয়গৰাকী কলম্বিয়ান।

কেৰিয়াৰ

[সম্পাদনা কৰক]

খিতাপ জয়ৰ পিছত গোমেজে মডেলিং জগতত প্ৰৱেশ কৰে আৰু ইটালী তথা মায়ামীত সফলতা অৰ্জন কৰে। তেওঁ ষ্টাৰছ নামৰ এটা টেলিভিছন অনুষ্ঠানৰ সূত্ৰধাৰ আছিল, য'ত বহুতো শিল্পী আৰু চেলিব্ৰিটিৰ সাক্ষাৎকাৰ লোৱা হৈছিল। পৰৱৰ্তী সময়ত তেওঁ লোকোছ ভিডিঅ'ছ অনুষ্ঠানত জেইম গাৰ্জনৰ উত্তৰাধিকাৰী হয়। তেওঁ এগৰাকী টিভি প্ৰযোজক হিচাপেও কাম কৰিছিল। ২০০৪ চনত এল অটেণ্টিকো ৰড্ৰিগো লিয়াল নামৰ ধাৰাবাহিকৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। তেওঁৰ অভিনয়শৈলীয়ে যথেষ্ট প্ৰশংসা বুটলে আৰু ইয়াৰ পিছতে তেওঁ ২০০৬ চনত লা বিউডা ডি লা মাফিয়া নামৰ আন এখন ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০০৭ চনৰপৰা ২০১০ চনৰ ভিতৰত তেওঁ মুজেৰেছ আচেচিনাছ, চিন ৰেটৰ্ণো, টিম্পো ফাইনেল আৰু কাৰাবুজানৰ দৰে ধাৰাবাহিকত অভিনয় কৰে। শেহতীয়াকৈ তেওঁক এপল টিভিৰ অনুষ্ঠান আকাপুলকোত দেখা গৈছে।

তেওঁ কেইবাখনো চলচ্চিত্ৰতো অভিনয় কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ব্লফ (২০০৭)। এই চিনেমাখনে কলম্বিয়াত যথেষ্ট সমাদৰ লাভ কৰিছিল। ২০১০ চনত তেওঁ লছ এঞ্জেলছলৈ গৈ জনপ্ৰিয় কমেডিয়ান ৰব স্নাইডাৰৰ সৈতে দ্য চুজেন ৱান ছবিত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ ব্ৰাজিলৰ একচন ছবি ফেডাৰেল আৰু এল পাচিঅ' নামৰ কমেডী ছবিটো অভিনয় কৰিছে।[4]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • ৰিয়েলিটী হাই (২০১৭)
  • আডেলাইডা (২০১৪)
  • লা লেকটোৰা (২০১২)
  • গ্ৰীটিংছ টু দ্য ডেভিল (২০১১)
  • দ্য চুজেন ৱান (২০১০)
  • ফেডাৰেল (২০১০)
  • এল পাচিঅ' (২০১০)
  • ব্লফ (২০০৭)
  • মাৰ্টিনিচ অল অটাৰ্ডেচাৰ (২০০৪)

টেলিভিছন

[সম্পাদনা কৰক]
  • আকাপুলকো (২০২৪)
  • ভেণ্টিনো: এল প্ৰেচিঅ' ডি লা গ্ল'ৰিয়া (২০২৩)
  • হাৰ মাডাৰ্চ কিলাৰ (২০২০)
  • এল বাৰন (২০১৯)
  • চিল টিম (২০১৮)
  • চাংগ্ৰে ডি মি টিয়েৰা (২০১৭-২০১৮)
  • লুচিফাৰ (২০১৬)[5]
  • ব্লক ডি বাছকুৱেডা (২০১৬)
  • লোচ হোমব্ৰেচ টাম্বিয়েন ল'ৰান (২০১৪)
  • মেণ্টিৰাচ পাৰফেক্টাছ (২০১৩)
  • লা টিচাৰ ডি ইংলেচ (২০১১)
  • এ কোৰাজন অবিয়েৰ্টো (২০১০)
  • কাৰাবুজান (২০১০)
  • আমাচ ডি কাচা ডেচপাৰাডাছ (২০১০)
  • টিম্পো ফাইনেল (২০০৯)
  • চিন ৰেটৰ্ণো (২০০৮)
  • মুজেৰেছ আচেচিনাছ (২০০৭)
  • মাৰিডো এ চুৱেলডো (২০০৭)
  • লা বিউডা ডি লা মাফিয়া (২০০৪)
  • এল অটেণ্টিকো ৰড্ৰিগো লিয়াল (২০০৩)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Cetina, Eccehomo (1994) (es ভাষাত). Jaque a la reina mafia y corrupción en Cartagena. প্ৰকাশক Santafé de Bogotá, D.C., Colombia: Planeta. পৃষ্ঠা. 42, 147–148, 150–154, 177, 267. ISBN 958-614-425-9. https://archive.org/details/jaquelareinamafi00ceti/page.
  2. Nichols, Elizabeth Gackstetter; Robbins, Timothy R. (2015). Pop Culture in Latin America and the Caribbean. Entertainment and society around the world. প্ৰকাশক Santa Barbara, California: ABC-CLIO, an imprint of ABC-CLIO, LLC. পৃষ্ঠা. 163. ISBN 978-1-61069-753-8. https://archive.org/details/popcultureinlati0000nich.
  3. "Srta. Colombia 1993 - Carolina Gómez Correa". stracolombia.org. Archived from the original on 2018-11-12. https://web.archive.org/web/20181112021618/https://www.srtacolombia.org/es/reinas/srta-colombiar-1993-carolina-gomez-correa আহৰণ কৰা হৈছে: 2018-11-11.
  4. "Carolina Gómez - IMDb". imdb.com. https://www.imdb.com/name/nm1518529/ আহৰণ কৰা হৈছে: 2014-07-11.
  5. "Programmes télé" (fr ভাষাত). Soirmag. https://soirmag.lesoir.be/programme-tv/p/1479102022/lucifer আহৰণ কৰা হৈছে: 2024-12-13.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]