কেৰ’লিন ব্ৰেইটিংগাৰ
| কেৰ’লিন ব্ৰেইটিংগাৰ | |
|---|---|
| জন্ম | ৪ মে’ ১৮৫১ জাৰ্মানীৰ কুনজেলচাউ |
| মৃত্যু | ৬ ছেপ্তেম্বৰ ১৯৩২ জাৰ্মানীৰ এছলিংগেন |
| পেচা | চিকিৎসক |
| জনা যায় | ৱুৰ্টেমবাৰ্গৰ প্ৰথমগৰাকী মহিলা চিকিৎসক |
কেৰ’লিন ব্ৰেইটিংগাৰ (জন্ম ৪ মে’ ১৮৫১ চনত কুনজেলচাউত – মৃত্যু ৬ ছেপ্টেম্বৰ ১৯৩২ চনত এছলিংগেনত) এগৰাকী জাৰ্মান চিকিৎসক আছিল যিয়ে ৱুৰ্টেমবাৰ্গৰ প্ৰথম মহিলা চিকিৎসক হিচাপে পৰিগণিত হৈছিল।
জীৱন আৰু কৰ্ম
[সম্পাদনা কৰক]কেৰ’লিন ব্ৰেইটিংগাৰ হাইনৰিখ ব্ৰেইটিংগাৰ, তামৰ মিস্ত্ৰীৰ জন্ম হোৱা সাতজন ভাই-ভনীৰ ভিতৰত সৰু হিচাপে ডাঙৰ হৈছিল। সৰুতেই তাই মাকক হেৰুৱাইছিল। সেই সময়ত ছোৱালীক হাইস্কুলত পঢ়িবলৈ দিয়া হোৱা নাছিল, সেয়েহে ১৮৭১ চনৰপৰা তেওঁ অষ্ট্ৰিয়াৰ ছালজবাৰ্গত এজন ভাতৃৰ সৈতে বাস কৰিছিল। ১৮৮১ চনৰপৰা ১৮৮৬ চনলৈকে তেওঁ অষ্ট্ৰিয়াৰ লিনজৰ পেডাগজিয়ামত শিক্ষক হিচাপে প্ৰশিক্ষণ লয় আৰু ১৮৮৬ চনত তেওঁ জাৰ্মানীৰ মাৰ্কগ্ৰ'নিংগেনত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ আনুষ্ঠানিক ডিপ্লমা লাভ কৰে।[1][2][3]
কেৰিয়াৰ
[সম্পাদনা কৰক]১৮৮৯ চনৰ গ্ৰীষ্মকালীন ষাণ্মাসিকৰপৰা ছুইজাৰলেণ্ডৰ জুৰিখত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু তেওঁৰ বিকল্প পৰীক্ষাক অফিচিয়েল হাইস্কুল ডিপ্লমা হিচাপে স্বীকৃতি নোপোৱাৰ বাবে পিছলৈ তেওঁ চুইজাৰলেণ্ডৰ বাৰ্নলৈ গুচি যায় আৰু তাত মহিলাসকলক বিশ্ববিদ্যালয়ত অধ্যয়নৰ অনুমতি দিয়া হয়। শিশুহত্যাৰ কাৰণ আৰু ইয়াক প্ৰতিৰোধৰ উপায়ৰ ওপৰত থিছিছ লৈ ডক্টৰেট ডিগ্ৰীৰ অধ্যয়ন সম্পূৰ্ণ কৰে।[1] এই ডক্টৰেট ডিগ্ৰীয়ে তেওঁক চিকিৎসা চৰ্চা কৰিবলৈ চুইজাৰলেণ্ডৰ অনুজ্ঞাপত্ৰৰ অধিকাৰী কৰি তুলিছিল, কিন্তু জাৰ্মান অনুজ্ঞাপত্ৰৰ অধিকাৰী নাছিল।[3]
ব্ৰেইটিংগাৰক জাৰ্মানীৰ হাইডেলবাৰ্গ বা টিউবিংগেনত চিকিৎসক হিচাপে থিতাপি ল’বলৈ দিয়া নহ’ল গতিকে তেওঁ এছলিংগেনলৈ গৈ চিকিৎসালয় খুলিলে। তাতো ডক্টৰেট ডিগ্ৰীৰ বিদেশী উৎপত্তিৰ বাবে তাইক সীমিতভাৱে আৰু ঔষধ নিদিয়াকৈহে প্ৰেকটিছ কৰিবলৈ দিয়া হৈছিল। ইয়াৰ ফলত তেওঁৰ কাম অতি কঠিন হৈ পৰিছিল, সেয়েহে তেওঁ চিকিৎসাৰ বাবে জাৰ্মান অনুজ্ঞাপত্ৰ বিচাৰি থাকিল।[1]
জাৰ্মান ৰাজ্যিক পৰীক্ষা দিবলৈ অনুমতি পাবলৈ পুনৰ চেষ্টা কৰিছিল যদিও বিশ্ববিদ্যালয়ৰ পুৰুষৰ প্ৰতিৰোধৰ বাবে তেওঁক অস্বীকাৰ কৰা হৈছিল।[1] আনকি এছলিংগেনৰ ১৪০০ মহিলাৰ স্বাক্ষৰ থকা ৰাজ্যৰ সংসদলৈ প্ৰেৰণ কৰা আবেদনেও তেওঁক কোনো সহায় কৰা নাছিল। ১৯০৫ চনত পৰীক্ষাৰ নিয়মৰ পৰিৱৰ্তনেহে, যাৰ ফলত ৰিয়েলজিমনেছিয়ামৰ স্নাতকসকলক চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে নামভৰ্তি কৰা হৈছিল, যিয়ে তেওঁক সফলতা লাভ কৰাত সহায় কৰিছিল।[3]
ষ্ট্ৰাছবাৰ্গত অধ্যয়ন কৰি অৱশেষত ১৯০৯ চনত জাৰ্মানীত চিকিৎসা বিজ্ঞানৰ অনুজ্ঞাপত্ৰ লাভ কৰি ৱুৰ্টেমবাৰ্গৰ প্ৰথমগৰাকী মহিলা চিকিৎসক হিচাপে পৰিগণিত হয়।[4] ১৯১১ চনলৈকে কেইবাখনো চিকিৎসালয়ত কাম কৰিছিল আৰু ৬০ বছৰ বয়সত এছলিংগেনত স্থায়ীভাৱে বসতি স্থাপন কৰিছিল আৰু তাৰপৰাই তেওঁ নিজৰ প্ৰেকটিছ স্থাপন কৰিছিল আৰু আৰু বিছ বছৰ ৰোগীৰ চিকিৎসা কৰিছিল। তেখেত এগৰাকী জনপ্ৰিয় চিকিৎসক আছিল আৰু প্ৰায়ে তেওঁৰ চিকিৎসাৰ বাবে ৰোগীৰপৰা মাচুল ল'বলৈ অস্বীকাৰ কৰিছিল।[1][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 Biehal, Margarete. "Stadtgeschichte Künzelsau von A - Z" (de ভাষাত). https://stadtgeschichtekuenzelsau.de/index_htm_files/Breitinger%20Regine%20Karoline-.pdf। আহৰণ কৰা হৈছে: 2022-07-18.
- ↑ "Kuenzelsauer Zeitstrahl bis 1948". stadtgeschichtekuenzelsau.de. https://stadtgeschichtekuenzelsau.de/timeline%201806-1948.htm। আহৰণ কৰা হৈছে: 2022-07-18.
- 1 2 3 4 "Ärztinnen im Kaiserreich". geschichte.charite.de. https://geschichte.charite.de/aeik/biografie.php?ID=AEIK00164। আহৰণ কৰা হৈছে: 2022-07-18.
- ↑ "Karoline-Breitinger-Schule". kbs-kuen.de. https://kbs-kuen.de/wp/। আহৰণ কৰা হৈছে: 2022-07-18.