কে. এম. বীণামোল
| কে. এম. বীণামোল | |||||||||||||||||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১০ চনত কেৰালাৰ মুখ্যমন্ত্ৰীক কুইনছ বেটন হস্তান্তৰ কৰা অৱস্থাত বীণামোল | |||||||||||||||||||||||||||||||||||||||||||||||||
| ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||||||||
| সম্পূৰ্ণ নাম | কালাইয়াথুমকুঝী মেথিউছ বীণামোল | ||||||||||||||||||||||||||||||||||||||||||||||||
| জন্ম | ১৫ আগষ্ট, ১৯৭৫ (৫১ বছৰ) কম্বিডিঞ্জাল, ইডুক্কি জিলা, কেৰালা, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||
| সক্ৰিয় হৈ থকা সময় | ১৯৯০–২০০৪ | ||||||||||||||||||||||||||||||||||||||||||||||||
| নিয়োগাধীন | ভাৰতীয় ৰেল | ||||||||||||||||||||||||||||||||||||||||||||||||
| উচ্চতা | ১৬৩ ছেমি (৫ ফুট ৪ ইঞ্চি)[1] | ||||||||||||||||||||||||||||||||||||||||||||||||
| ওজন | ৫০ কিলোগ্ৰাম (১১০ পাউণ্ড)[1] | ||||||||||||||||||||||||||||||||||||||||||||||||
| ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||||||||||||||
| দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||
| ক্ৰীড়া | ট্ৰেক এণ্ড ফিল্ড | ||||||||||||||||||||||||||||||||||||||||||||||||
| শিতান | দৌৰ (৪০০ মিটাৰ), মধ্য দূৰত্বৰ দৌৰ (৮০০ মিটাৰ), ৰিলে দৌৰ (৪ × ৪০০ মিটাৰ ৰিলে) | ||||||||||||||||||||||||||||||||||||||||||||||||
| প্ৰশিক্ষক | ৰাজু পাল | ||||||||||||||||||||||||||||||||||||||||||||||||
| সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||||||||||||||||||||||||||||||||
| ব্যক্তিগত শ্ৰেষ্ঠ | ৪০০ মিটাৰ: ৫১.২১ (কিয়েভ, ২০০০)[2] ৮০০ মিটাৰ: ২:০২.০১ (নতুন দিল্লী, ২০০২)[2] ৪ × ৪০০ মিটাৰ ৰিলে: ৩:২৬.৮৯ (এথেন্স, ২০০৪) ৰাষ্ট্ৰীয় অভিলেখ | ||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||||||||||||||||||||||||||
কালাইয়াথুমকুঝী মেথিউছ বীণামোল, যাক জনপ্ৰিয়ভাৱে কে. এম. বীণামোল (জন্ম ১৫ আগষ্ট ১৯৭৫) বুলি জনা যায়, এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় এথলীট। তেওঁ কেৰালাৰ ইডুক্কি জিলাৰ কম্বিডিঞ্জালৰ নিবাসী। তেওঁ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা। তেওঁ ২০০২ চনত বুছানত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ৮০০ মিটাৰ আৰু ৪ × ৪০০ মিটাৰ মহিলা ৰিলে দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ অৰ্জুন বঁটা, ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছে।
পেছাদাৰী এথলেটিক্স কেৰিয়াৰ
[সম্পাদনা কৰক]বীণামোল আৰু তেওঁৰ ভাতৃ কে. এম. বিনু কোনো এক ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰা প্ৰথম ভাৰতীয় সহোদৰ। বিনুৱে পুৰুষৰ ৮০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিছিল।
অলিম্পিক
[সম্পাদনা কৰক]২০০০ চনৰ জহৰকালীন অলিম্পিকৰ আগলৈকে বীণামোল বহুলাংশে অপৰিচিত আছিল। সেইবাৰ তেওঁ পি. টি. উষা আৰু চাইনী উইলছনৰ পিছত অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। উল্লেখ্য যে উষা আৰু উইলছনে ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰমে ৪০০ মিটাৰ হাৰ্ডলছ আৰু ৮০০ মিটাৰ দৌৰত এই কৃতিত্ব অৰ্জন কৰিছিল।
এছিয়ান গেমছ
[সম্পাদনা কৰক]তেওঁ ২০০২ চনত বুছানত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ৮০০ মিটাৰ আৰু ৪ × ৪০০ মিটাৰ মহিলা ৰিলে দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল।[3][4][5]
সফলতা
[সম্পাদনা কৰক]| বৰ্ষ | প্ৰতিযোগিতা | খেলৰ স্থান | স্থান | ইভেণ্ট | টোকা |
|---|---|---|---|---|---|
| ২০০০ | এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ | জাকাৰ্টা, ইণ্ডোনেছিয়া | ৪ × ৪০০ মিটাৰ ৰিলে | ৩:৩১.৫৪ | |
| ৪০০ মিটাৰ | ৫১.৪১ | ||||
| ২০০২ | এছিয়ান গেমছ | বুছান, দক্ষিণ কোৰিয়া | ৮০০ মিটাৰ | ২:০৪.১৭ | |
| ৪ × ৪০০ মিটাৰ ৰিলে | ৩:৩০.৮৪ | ||||
| ২০০৪ | অলিম্পিক গেমছ | এথেন্স, গ্ৰীচ | ষষ্ঠ | ৪ × ৪০০ মিটাৰ ৰিলে | ৩:২৬.৮৯ (ৰাষ্ট্ৰীয় অভিলেখ) |
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]এথলেটিক্স কেৰিয়াৰত লাভ কৰা অনুকৰণীয় সফলতাৰ বাবে বীণামোলক ২০০০ চনত অৰ্জুন বঁটা প্ৰদান কৰা হয়।[6] তেওঁ ২০০২-২০০৩ বৰ্ষত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা (বৰ্তমানৰ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা) লাভ কৰে। ২০০৪ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "K. M. Beenamol". sports-reference.com. https://www.sports-reference.com/olympics/athletes/be/k-m-beenamol-1.html। আহৰণ কৰা হৈছে: 20 November 2016.
- 1 2 "K. Mathews Beenamol IAAF Profile". IAAF. https://www.iaaf.org/athletes/india/k-mathews-beenamol-172839। আহৰণ কৰা হৈছে: 20 November 2016.
- ↑ "Kombodinjal basks in Beenamol, Binu's glory". Rediff. 16 October 2002. http://www.rediff.com/sports/ag/2002/oct/16beena.htm.
- ↑ Sen Gupta, Abhijit (16 May 2002). "She's been at it". The Hindu. http://www.hindu.com/thehindu/mp/2002/05/16/stories/2002051600490400.htm.
- ↑ "'Star of the Year' award for Beenamol". The Hindu. 19 November 2004. http://www.hindu.com/2004/11/19/stories/2004111905831600.htm.
- ↑ "Arjun Award - Sports". Indian Olympic Association. Archived from the original on 22 September 2016. https://web.archive.org/web/20160922142359/http://www.olympic.ind.in/arjun.html। আহৰণ কৰা হৈছে: 20 November 2016.