কে আৰ বিজয়া
কে আৰ বিজয়া | |
---|---|
জন্ম | দেৱনায়কী চেন্নাই, তামিলনাডু |
অন্য নাম | পুন্নগাই আৰাচী |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৬৩-বৰ্তমান |
দাম্পত্যসঙ্গী | মদাথিল ভেলায়ুথান (বি. ১৯৬৬; মৃ. ২০১৬) |
পিতৃ-মাতৃ | ৰামচন্দ্ৰন নায়াৰ কল্যাণী |
সন্তান | হেমলতা (b. 1967) |
দেৱনায়কী (ইংৰাজী: K. R. Vijaya ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম, তেলেগু আৰু কানাড়া ছবিত অভিনয় কৰিছে। তেওঁ কে আৰ বিজয়া মঞ্চনাম অধিক পৰিচিত। ১৯৬৩ চনৰ পৰা আৰম্ভ কৰি ছয় দশকৰো অধিক সময় দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত তেওঁ অভিনয় কৰি আহিছে। অভিনেত্ৰীগৰাকীয়ে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰায় সকলো দিগগজৰ সৈতে কাম কৰিছে আৰু বহুতো বিশিষ্ট ভূমিকাত অভিনয় কৰিছে।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৬৬ চনত মদাথিল ভেলায়ুথান নামৰ এজন ব্যৱসায়ীক বিয়া কৰায়। তেওঁৰ স্বামী সুদৰ্শন ট্ৰেডিং কোম্পানীৰ মুখ্য কাৰ্যবাহী আৰু চলচ্চিত্ৰ প্ৰযোজক আছিল। এই দম্পতীৰ হেমলতা নামৰ এজনী কন্যা আছে।[2] ২০১৬ চনৰ ২৬ মাৰ্চত ৮২ বছৰ বয়সত এম ভেলায়ুথানৰ মৃত্যু হয়।[3][4]
কৰ্মজীৱন
[সম্পাদনা কৰক]বিজয়াৰ তেওঁৰ প্ৰথম ছবি কাৰ্পাগমত (১৯৬৩) নায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ উল্লেখযোগ্য ছবিসমূহ হ’ল ইধয়া কমলাম (১৯৬৫), ওদায়িল নিন্নু (১৯৬৫), সৰস্বতী সবাথাম (১৯৬৬), চেলভাম (১৯৬৬), নেঞ্জিৰুক্কুম বাৰৈ (১৯৬৭), ইৰু মালাৰগাল (১৯৬৭), নম্মা ভেট্টু দেয়ৱম (১৯৭০), ধীৰগা সুমংগলী (১৯৭৪), থাংগাহাক্কম (১৯৭৪), থিৰিছুলাম (১৯৭৯) আৰু ইথিৰি পুভে চুভান্নাপুভে (১৯৮৪)। তেওঁৰ ১৯৬৭ চনত একে বছৰতে সন্তান জন্ম দিয়াৰ উপৰিও ১৮খন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুকীয়া অভিলেখ আছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Senior Actress K.R Vijaya: Open Heart with RK- Promo | ap7am". Archived from the original on 20 April 2022. https://web.archive.org/web/20220420005610/https://www.ap7am.com/lv-291365-senior-actress-kr-vijaya-open-heart-with-rk-promo.html। আহৰণ কৰা হৈছে: 3 April 2021.
- ↑ The Illustrated Weekly of India. Published for the proprietors, Bennett, Coleman & Company, Limited, at the Times of India Press. 1988. https://books.google.com/books?id=vqCbp5XbiIEC। আহৰণ কৰা হৈছে: 5 February 2019.
- ↑ Vandhana (24 September 2017). "'Back Then, There Was No Pressure To Maintain Our Waistlines': Interview With KR Vijaya" (en-US ভাষাত). Silverscreen.in. Archived from the original on 7 February 2019. https://web.archive.org/web/20190207014946/https://silverscreen.in/features/kr-vijaya-interview/। আহৰণ কৰা হৈছে: 5 February 2019.
- ↑ S. N. Sadasivan (2000). A Social History of India. APH Publishing. পৃষ্ঠা. 679–682. ISBN 978-81-7648-170-0. https://books.google.com/books?id=Be3PCvzf-BYC&pg=PA679.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- কে আৰ বিজয়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।