সমললৈ যাওক

সৌন্দৰ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কে এছ সৌম্যাৰ পৰা পুনঃনিৰ্দেশিত)
সৌন্দৰ্যা

২০০২ চনত সৌন্দৰ্যা
জন্ম কে এছ সৌম্যা
১৮ জুলাই, ১৯৭২[1]
গাঞ্জিগুণ্টে, মুলবাগাল, মহীশূৰ ৰাজ্য, (এতিয়া কৰ্ণাটক), ভাৰত
মৃত্যু ১৭ এপ্ৰিল, ২০০৪ (৩১ বছৰ)
বেংগালুৰু, কৰ্ণাটক, ভাৰত
মৃত্যুৰ কাৰণ বিমান দুৰ্ঘটনা
পেচা অভিনেত্ৰী[1]
সক্ৰিয় হৈ থকা সময় ১৯৯২—২০০৪
দাম্পত্যসঙ্গী জি এছ (বি. ২০০৩)

কে এছ সৌম্যা (ইংৰাজী: K. S. Sowmya; (১৮ জুলাই ১৯৭২ – ১৭ এপ্ৰিল ২০০৪),[1] সৌন্দৰ্যা নামেৰে পৰিচিত ভাৰতীয় অভিনেত্ৰীগৰাকী তেলেগু চলচ্চিত্ৰৰ উপৰিও কন্নড় আৰু তামিল চলচ্চিত্ৰতো অভিনয় কৰিছিল।[2] তেওঁ ২০০২ চনত কন্নড় চলচ্চিত্ৰ “দ্বিপা”ৰ প্ৰযোজকৰ শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ইয়াৰোপৰি তেওঁ নন্দী বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে দুটা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু কেইবাখনো চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ বাবে ফিল্মফেয়াৰ বঁটা দক্ষিণ লাভ কৰিছে। যেনে- অম্মোৰু (১৯৯৪), পবিত্ৰ বন্ধম (১৯৯৬), অন্থাহপুৰাম (১৯৯৮), ৰাজা (১৯৯৯), দোনী চাগালী (১৯৯৮), দ্বীপ (২০০২), আৰু আপথামিত্ৰা (২০০৪)।[2][3] সৌন্দৰ্যাই ১২ বছৰত প্ৰায় ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল৷[4][5] তেওঁক তেলেগু চলচ্চিত্ৰৰ ইতিহাসৰ এগৰাকী শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা হৈছিল।[4]

ব্যক্তিগত জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭২ চনৰ ১৮ জুলাইত কোলাৰ জিলাৰ মুলবাগালৰ গাঞ্জিগুণ্টে নামৰ এখন গাঁৱত সৌন্দৰ্যাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল কে এছ সত্যনাৰায়ণ আৰু মাতৃ মঞ্জুলা। তেওঁৰ দেউতাক এগৰাকী কন্নড় চলচ্চিত্ৰৰ লেখক-প্ৰযোজক আছিল। বাংগালোৰত প্ৰথম বছৰৰ পিছত তেওঁ এমবিবিএছ পঢ়া বাদ দিয়ে।[6][7]

২০০৩ চনত তেওঁৰ মাতৃ সম্পৰ্কীয় জি. এছ. ৰঘুৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়, যি পেছাত এগৰাকী ছফ্টৱেৰ অভিযন্তা আছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

সৌন্দৰ্যাৰ প্ৰথম অভিনিত চলচ্চিত্ৰখন হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত কন্নড় চলচ্চিত্ৰ গন্ধৰ্ব। সেইটো বছৰতে তেওঁ ত্ৰিপুৰানেনী শ্ৰীপ্ৰসাদ ওৰফে বৰাপ্ৰসাদৰ দ্বাৰা পৰিচালিত তেলেগু চলচ্চিত্ৰ ৰাইথু ভাৰতমত কৃষ্ণাৰ সৈতে অভিনয় কৰে। ১২ বছৰত তেওঁ প্ৰায় ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল, প্ৰধানকৈ তেলেগু ভাষাত। তেলেগু অভিনেতা ভেঙ্কাটেশে তেওঁক “ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী সম্পূৰ্ণ অভিনেত্ৰী” ("A thorough actress in Indian Cinema") বুলি বৰ্ণনা কৰিছে।[8]

সৌন্দৰ্যাই তেওঁৰ মাতৃভাষা কন্নড় ভাষাৰ চলচ্চিত্ৰৰ পৰা মুখ্য চৰিত্ৰত অভিনয় আৰম্ভ কৰিলেও তেওঁ তেলেগু চলচ্চিত্ৰৰ পৰাহে বেছি জনপ্ৰিয়তা লাভ কৰে। তেলেগু ভাষাত হিৰোইন হিচাপে তেওঁৰ প্ৰথম হিট ছবি আছিল এছ ভি কৃষ্ণ ৰেড্ডীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ ৰাজেন্দ্ৰুদু গজেন্দ্ৰুডু৷[উদ্ধৃতিৰ প্ৰয়োজন] প্ৰকৃত বাণিজ্যিক স্বীকৃতি তেওঁ ই ভি ভি সত্যনাৰায়ণৰ দ্বাৰা পৰিচালিত ১৯৯৪ চনৰ চলচ্চিত্ৰ হেলো ব্ৰাদাৰৰ পৰাহে পায়, য'ত তেওঁ নাগাৰ্জুন আৰু ৰাম্য কৃষ্ণৰ সৈতে অভিনয় কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] কোডি ৰামকৃষ্ণৰ দ্বাৰা পৰিচালিত অম্মোৰুত বঁটা বিজয়ী চৰিত্ৰত অভিনয় কৰিছিল, য'ত তেওঁ দেৱী অম্মোৰুৰ ভক্ত ভৱানীৰ চৰিত্ৰত ৰাম্য কৃষ্ণ আৰু সুৰেশৰ সৈতে অভিনয় কৰিছিল। ১৯৯৫ চনত তেওঁৰ ইলেভেন (eleven) মুক্তি পাইছিল।[8] তামিল ভাষাত, পোন্নুমণিত তেওঁ কাৰ্তিক আৰু শিৱকুমাৰৰ বিপৰীতে এগৰাকী মানসিকভাৱে অক্ষম ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে মুখ্য প্ৰশংসা লাভ কৰে।

নিৰন্তৰ সফলতা, সমালোচকৰ প্ৰশংসা আৰু জনপ্ৰিয়তা

[সম্পাদনা কৰক]

ডি. ৰামানাইডুৰ মতে, “তেলেগু চলচ্চিত্ৰৰ আটাইতকৈ ধুনীয়া যোৰ” ("Most Beautiful Pairs of Telugu cinema") হৈছে এন টি আৰ আৰু সাবিত্ৰী, এ এন আৰ আৰু বাণীশ্ৰী, চিৰঞ্জীৱী আৰু বিজয়শান্তি, ডাগ্গুবাটি ভেঙ্কাটেশ আৰু সৌন্দৰ্যা।

১৯৯৭ চনত, তেওঁ পবিত্ৰ বন্ধম, পেলি চেচুকুন্দম, আম্মা ডোংগা, মা আয়ানা বংগৰাম, অচি না মাৰাদালা আৰু আৰো প্ৰণামৰ যোগেদি সফলতা লাভ কৰে আৰু তেওঁৰ প্ৰদৰ্শনৰ বাবে সমগ্ৰ উদ্যোগৰ পৰা প্ৰশংসা লাভ কৰে। দক্ষিণ ভাৰতীয় চুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে তেওঁ অৰুণাচলমত অভিনয় কৰিছিল, যি ১৯৯৭ চনৰ তামিল চলচ্চিত্ৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছিল। উদ্যোগটোৱে যদিও তেওঁক সোণৰ হাত বুলি গণ্য কৰিছিল; তেওঁ এগৰাকী প্ৰাক্তন পৰিচালকৰ জীয়ৰী হিচাপে সদায় এই সফলতাক এগৰাকী ব্যক্তিৰ অনুষ্ঠান হিচাপে নহয় বৰং ৩৬টা বিভাগৰ দলবদ্ধ কাম হিচাপেহে গণ্য কৰিছিল।[8]

১৯৯৮ চনত গুণশেখৰৰ দ্বাৰা পৰিচালিত চূদালানী ভুন্দীত চিৰঞ্জীৱীৰ বিপৰীতে অভিনয় কৰি সৌন্দৰ্যাই গুৰুত্বপূৰ্ণ সফলতাৰে আগবাঢ়ি যায়। তেওঁ সিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত তামিল চলচ্চিত্ৰ কাথালা কাথালাত কমল হাচান আৰু প্ৰভুদেৱাৰ সৈতে অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰক সেইটো বছৰতে তেলেগু ভাষালৈ ডাব কৰা হৈছিল নাভান্দি লাভান্দি নামেৰে। তেলেগু চলচ্চিত্ৰ পেল্লী পিতালু, শ্ৰী ৰামুলায়, নিন্নে প্ৰেমীষ্টা আৰু কন্নড় চলচ্চিত্ৰ দোনী চাগালী বাণিজ্যিকভাৱে সফল হৈছিল। কৃষ্ণ বংশীৰ দ্বাৰা পৰিচালিত অন্থাহপুৰামে সৌন্দৰ্যাৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হয়, তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ৰাজ্যিক নন্দী বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে তেওঁ একেৰাহে দুবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।

তেওঁৰ ১৯৯৯ চনত মুক্তি প্ৰাপ্ত ৰাজা চলচ্চিত্ৰত ভেঙ্কাটেশৰ বিপৰীতে অভিনয় কৰে, যিখন ব্লকবাষ্টাৰ ছবি আছিল আৰু তেওঁ তৃতীয় বাৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁৰ মুক্তপ্ৰাপ্ত আন আন চলচ্চিত্ৰবোৰ হৈছে- ৰজনীকান্তৰ বিপৰীতে পাদায়াপ্পা, নাগাৰ্জুনৰ বিপৰীতে আজাদ আৰু প্ৰেমাকু ভেলেয়াৰা, প্ৰেমাকু স্বাগতম আৰু অৰুন্ধতীয়ে তেওঁৰ স্থিতি অধিক দৃঢ় কৰে। সেইটো বছৰতে, তেওঁ হিন্দী চলচ্চিত্ৰ সূৰ্যবংশমত অমিতাভ বচ্চনৰ বিপৰীতে অভিনয় কৰে।[8]

২০০০ চনত তেওঁ চিৰঞ্জীৱীৰ বিপৰীতে অন্নায়াত অভিনয় কৰে, জয়ম মানাদেৰা আৰু দেৱী পুত্ৰুডুত ভেঙ্কাটেশৰ বিপৰীতে, নিন্নে প্ৰেমীষ্টাত নাগাৰ্জুন আৰু শ্ৰীকান্তৰ বিপৰীতে আৰু তেওঁ আন কেইবাজনৰো সৈতে অভিনয় প্ৰদৰ্শন কৰে, যেনে চিৰঞ্জীৱীৰ বিপৰীতে এদুৰুলেনী মনীষী আৰু শ্ৰীমঞ্জুনাথ, অৰ্জুন সৰজা, অম্বৰীশ আৰু সুমালতা আৰু ৰজনীকান্তৰ বিপৰীতে নৰসিংহ আৰু ৰাম্যাকৃষ্ণৰ বিপৰীতে পেল্লী পেটালু, ডঙাটা আৰু নাগদেৱতা।[8] তেওঁ গীতত গেষ্ট এপিয়াৰেঞ্চ হিচাপেও অভিনয় কৰিছিল।

২০০৪ চনত বালকৃষ্ণই হায়দৰাবাদৰ এটা উন্মোচন অনুষ্ঠান অনুষ্ঠিত হৈ নৰ্তানাচালাৰ পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰে। সৌন্দৰ্যাই দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল[9] কিন্তু তেওঁৰ মৃত্যুৰ পিছত ছবিখন স্থগিত ৰখা হৈছিল।

অন্যান্য ভাষা

[সম্পাদনা কৰক]

সৌন্দৰ্যাই অমিতাভ বচ্চনৰ বিপৰীতে হিন্দী চলচ্চিত্ৰ সূৰ্যবংশমত অভিনয় কৰিছিল। তেওঁ ৰজনীকান্ত আৰু কাধলা কাধলাৰ সৈতে অৰুণাচলম আৰু পাদয়াপ্পাকে ধৰি কেইবাটাও তামিল চুপাৰ-হিট ছবিত অভিনয় কৰিছিল। তেওঁ মালয়ালম চলচ্চিত্ৰ কিলিচুন্দন মামপাজামত অভিনয় কৰিছিল।

পৰোপকাৰ

[সম্পাদনা কৰক]

সৌন্দৰ্যাই বাংগালোৰত অনাথ শিশুসকলৰ বাবে তেওঁৰ দেউতাকৰ নামত তিনিখন বিদ্যালয় খুলিছিল। সৌন্দৰ্যাৰ মৃত্যুৰ পিছত, তেওঁৰ মাতৃ মঞ্জুলাই বাংগালোৰত “অমৰসৌন্দৰ্যা বিদ্যালয়াছ” নামেৰে অধিক বিদ্যালয়, প্ৰতিষ্ঠান আৰু অনাথ আশ্ৰম আৰম্ভ কৰিছিল।

২০০৪ চনৰ ১৭ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাংগালোৰৰ পৰা কৰিমনগৰলৈ যাত্ৰা কৰি থাকোঁতে তেওঁৰ ভাতৃ অমৰনাথৰ সৈতে বিমান দুৰ্ঘটনাত সৌন্দৰ্যাৰ মৃত্যু হয়, য’ত তেওঁ সেইটো বছৰতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।[10]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
চন বঁটা বঁটাৰ ধৰণ চলচ্চিত্ৰ চৰিত্ৰ
২০০৩ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাদ্বীপপ্ৰযোজক
১৯৯৮কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীদোনী চাগালীক্ষমা
২০০৩কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীদ্বীপানাগী
১৯৯৫ফিল্মফেয়াৰ বঁটা দক্ষিণফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - তেলেগুঅম্মোৰু ভৱানী
১৯৯৮ফিল্মফেয়াৰ বঁটা দক্ষিণফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - তেলেগুঅন্থাহপুৰাম ভানুমতী
১৯৯৯ফিল্মফেয়াৰ বঁটা দক্ষিণফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - তেলেগুৰাজা[11]অঞ্জলী
২০০২ফিল্মফেয়াৰ বঁটা দক্ষিণফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট চাপৰ্টিং এক্ট্ৰেছ - তামিলইভান (Nominated)দিক্ষাণ্যা
২০০৩ফিল্মফেয়াৰ বঁটা দক্ষিণফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - কন্নড়দ্বীপানাগী
২০০৩ফিল্মফেয়াৰ বঁটা দক্ষিণফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট ফিল্ম - কন্নড়দ্বীপা[12]প্ৰযোজক
২০০৪ফিল্মফেয়াৰ বঁটা দক্ষিণফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট এক্ট্ৰেছ - কন্নড়আপথামিত্ৰা (Posthumously awarded)গংগা/ নাগাবাল্লী
১৯৯৬নন্দী বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীপৱিত্ৰ বন্ধনৰাধা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Pandya, Haresh (10 May 2003). "Obituary: Soundarya". The Guardian. https://www.theguardian.com/news/2004/may/10/guardianobituaries.film আহৰণ কৰা হৈছে: 6 May 2016.
  2. 1 2 Pandya, Haresh (2004-05-10). "Soundarya". Online edition (The Guardian). https://www.theguardian.com/news/2004/may/10/guardianobituaries.film.
  3. "International Film Festival of India-2002". Pib.nic.in. 2002-09-26. http://pibarchive.nic.in/archieve/iffi/iffi2002/dweepa.html আহৰণ কৰা হৈছে: 2013-05-29.
  4. 1 2 https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/soundaryas-44th-birth-anniversary-remembering-the-evergreen-actress-of-telugu-cinema/photostory/77037141.cms
  5. https://www.ibtimes.co.in/mahanati-success-inspires-filmmaker-plan-soundaryas-biopic-769389
  6. TIMESOFINDIA, TIMESOFINDIA. "Soundarya's 44th Birth Anniversary: Remembering the evergreen actress of Telugu cinema". TIMESOFINDIATIMESOFINDIA. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/soundaryas-44th-birth-anniversary-remembering-the-evergreen-actress-of-telugu-cinema/photostory/77037141.cms আহৰণ কৰা হৈছে: 5 June 2021.
  7. Upadhyaya, Prakash. "After Savithri biopic Mahanati's success, filmmaker ponders next one on Soundarya". International Business TimesInternational Business Times. https://www.ibtimes.co.in/mahanati-success-inspires-filmmaker-plan-soundaryas-biopic-769389 আহৰণ কৰা হৈছে: 5 June 2021.
  8. 1 2 3 4 5 Kumar, Ch Sushil (1998-03-28). "Child, woman, star". Interview (Rediff.com). http://www.rediff.com/entertai/1998/mar/28sou.htm.
  9. "PressReader.com - Connecting People Through News". www.pressreader.com. http://www.pressreader.com/india/deccan-chronicle/20121024/282518655747664.
  10. Press Trust of India (2004-04-17). "Soundarya killed in plane crash. its a tragedy". The Indian Express. Archived from the original on 2013-01-23. https://archive.ph/20130123013859/http://www.expressindia.com/news/fullstory.php?newsid=30461.
  11. "Rahman bags 12th Filmfare award". Pvv.ntnu.no. http://www.pvv.ntnu.no/~kailasan/news/rahman_bags_12th_filmfare_award.htm আহৰণ কৰা হৈছে: 19 October 2013.
  12. "Archived copy". Archived from the original on July 21, 2011. https://web.archive.org/web/20110721152719/http://portal.bsnl.in/intranetnews.asp?url=%2Fbsnl%2Fasp%2Fcontent%20mgmt%2Fhtml%20content%2Fentertainment%2Fentertainment14489.html আহৰণ কৰা হৈছে: October 19, 2009.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]