সমললৈ যাওক

কৃষ্ণকুমাৰ কুনাথ (কেকে)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কে কেৰ পৰা পুনঃনিৰ্দেশিত)
কেকে
জন্ম কৃষ্ণকুমাৰ কুন্নথ
২৩ আগষ্ট, ১৯৬৮
দিল্লী, ভাৰত
মৃত্যু ৩১ মে', ২০২২ (৫৩ বছৰ)
কলিকতা, পশ্চিম বংগ, ভাৰত
অন্য নাম কে কে
শিক্ষানুষ্ঠান কিৰোৰী মল কলেজ, দিল্লী বিশ্ববিদ্যালয়
পেচা গায়ক
সক্ৰিয় হৈ থকা সময় ১৯৯৬-২০২২
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ
  • ভাৰতীয় পপ সংগীত
  • ৰ’ক মিউজিক
  • বলিউডী সংগীত

কৃষ্ণকুমাৰ কুনাথ (ইংৰাজী : Krishnakumar Kunnath; ২৩ আগষ্ট ১৯৬৮ – ৩১ মে' ২০২২) হৈছে এজন ভাৰতীয় নেপথ্য গায়ক।[1] তেওঁ কেকে নামেৰে অধিক পৰিচিত। তেওঁ হিন্দী, তামিল, তেলেগু, কন্নড়, মালয়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ ছবিত গীত বাণীবদ্ধ কৰিছে। ২০০০ চনৰ আটাইতকৈ সফল ভাৰতীয় কণ্ঠশিল্পী সকলৰ ভিতৰত তেওঁ এজন।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মালয়ালী পিতৃ-মাতৃ চি. এছ. মেনন আৰু কুনাথ কনকভালিৰ সন্তান[4] কেকে দিল্লীত ডাঙৰ দীঘল হৈছিল। বলীউডত প্ৰৱেশ কৰাৰ আগতে তেওঁ ৩৫০০টা জিংগল গাইছিল।[5] তেওঁ দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰীছ স্কুল[6]ৰ প্ৰাক্তন ছাত্ৰ আছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মল কলেজৰ[7] পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৯৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনত তেওঁ "জৌছ অৱ ইণ্ডিয়া" গীতত কণ্ঠদান কৰিছিল।[8]

১৯৯১ চনত, কেকে জ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[9]তেওঁৰ পুত্ৰ নকুল কৃষ্ণ কুনাথে তেওঁৰ সৈতে তেওঁৰ এলবাম "হমচফৰ"ত "মস্তি" নামেৰ এটা গীত গাইছিল।[10]কেকেৰ তামাৰা কুন্নথ নামৰ এগৰাকী কন্যাও আছে।

কণ্ঠ আৰু সংগীত শৈলী

[সম্পাদনা কৰক]

গায়ক কিশোৰ কুমাৰে কেকেক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল আৰু কেকেৰ প্ৰিয় আন্তঃৰাষ্ট্ৰীয় গায়ক আৰু বেণ্ডৰ ভিতৰত সংগীত পৰিচালক আৰ. ডি. বৰ্মন, মাইকেল জেকচন, বিলি জোৱেল, ব্ৰায়ান এডামছ, লেড জেপেলিন আদি অন্যতম। তেওঁ উল্লেখ কৰিছে যে, এজন গায়কৰ মুখখন ভালদৰে দেখা পোৱাটো গুৰুত্বপূৰ্ণ নহয় – গুৰুত্বপূৰ্ণ কথাটো হ'ল "এজন গায়কক শুনিব লাগিব।" [11] কেকেই কেতিয়াও সংগীতৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰা নাই।[12]

বৰ্ষ এলবাম(s) সংগীত পৰিচালক(s)
একক এলবাম
১৯৯৯ পল লেজলি লেৱিছ
২০০৮ হমচফৰ কেকে
সংকলন
২০০২ হমৰাজ হিমেশ ৰেশমিয়া
২০১০ Kavalan কেকে, ৰীতা[স্পষ্টীকৰণৰ প্ৰয়োজন]
২০১১ চলফুল ভইচ কেকে বিভিন্ন
২০১৪ Now Playing: KK Hits বিভিন্ন
২০১৩ KK: Best Of Me বিভিন্ন
২০১৫ Musical Bond: Pritam & KK প্ৰীতম চক্ৰৱৰ্তী

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

কেকেই খোদা জানে গীতৰ বাবে, ২০০৯ চনত শ্ৰেষ্ঠ নেপথ্য গায়কৰ ষ্টাৰ স্ক্ৰীন বঁটা লাভ কৰিছিল।[13]

২০২২ চনৰ ৩১ মে'ত ৫৩ বছৰ বয়সত কলিকতাত অনুষ্ঠিত এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থাকোঁতে হৃদক্ৰিয়া বন্ধ হৈ জনপ্ৰিয় গায়কগৰাকী মৃত্যুমুখত পৰে।[14]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. K, K. "Hindustan Times KK Death". https://www.hindustantimes.com/entertainment/music/singer-kk-dies-at-53-during-live-performance-in-kolkata-101654020481631.html.
  2. "The right note". The Hindu. 9 December 2006. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/the-right-note/article3204274.ece আহৰণ কৰা হৈছে: 2 October 2017.
  3. "Best KK songs-Top 10". http://www.indicine.com/movies/bollywood/best-kk-songs-top-10/ আহৰণ কৰা হৈছে: 3 April 2017.
  4. Lasrado, Richie (25 November 2006). "A Kandid Konversation with KK". Daijiworld.com. http://www.daijiworld.com/chan/exclusive_arch.asp?ex_id=491.
  5. R, Balaji (6 June 2005). "The KK factor". The Hindu. http://www.hindu.com/mp/2005/06/06/stories/2005060600820300.htm.
  6. "KK". Archived from the original on 2015-04-12. https://web.archive.org/web/20150412045509/http://www.sify.com/movies/bollywood/fullstory.php?id=14884031&cid=2359 আহৰণ কৰা হৈছে: 1-6-2022.
  7. "KK". saavn.com. https://www.saavn.com/s/artist/kk-bio/K,5uNVM,qpM_ আহৰণ কৰা হৈছে: 15 December 2017.
  8. "KK Profile". In.com. Archived from the original on 11 May 2009. https://web.archive.org/web/20090511003811/http://buzz18.in.com/celebrity-profile/kk/2532 আহৰণ কৰা হৈছে: 30 August 2009.
  9. "Sensational Singer KK to Perform Live in City on Nov 23". Daijiworld.com. 22 November 2006. http://www.daijiworld.com/news/news_disp.asp?n_id=28166&n_tit=Mangalore%3A%20Sensational%20Singer%20KK%20to%20Perform%20Live%20in%20City%20on%20Nov%2023.
  10. Vijayakar, Rajiv (18 February 2008). "High Pitch". Screen. http://www.screenindia.com/story.php?id=272945&pg=-1.[সংযোগবিহীন উৎস]
  11. "KK's interview with Bollywood Hungama". bollywoodhungama. ১৫ এপ্ৰিল ২০১৫. http://www.bollywoodhungama.com/movies/features/type/view/id/8223.
  12. entertainment/hindi/music/photo-features/kk-about the singer-songwriter-we-bet-you-dont-know/photostory/48554410.cms "KK: Facts about the singer we bet you don't know know" (as ভাষাত). The Times of india. ২০ আগষ্ট ২০১৫. https://timesofindia.indiatimes.com/ entertainment/hindi/music/photo-features/kk-about the singer-songwriter-we-bet-you-dont-know/photostory/48554410.cms আহৰণ কৰা হৈছে: ১৭ ফেব্ৰুৱাৰী ২০২০.
  13. "Best Male Playback Award". http://www.awardsandshows.com/. http://www.awardsandshows.com/features/best-male-playback-award-115.html আহৰণ কৰা হৈছে: 1 June 2022.
  14. https://www.dnaindia.com/bollywood/report-singer-kk-passes-away-while-performing-at-concert-in-kolkata-2957052