কে চি ৰুনৰেমছাংগী
| কে চি ৰুনৰেমছাংগী | |
|---|---|
| জন্ম | ১ মাৰ্চ, ১৯৬৩ (৬৩ বছৰ)[1] চাৰছিপ জিলা |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| অন্য নাম | "কুইন অৱ মিজো ফ'ক চং" |
| পেচা | নৃত্যৰ শিক্ষয়িত্ৰী আৰু গায়িকা |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী,সংগীত নাটক একাডেমী বঁটা[2] |
কে চি ৰুনৰেমছাংগী (ইংৰাজী: KC Runremsangi; জন্ম: ১ মাৰ্চ ১৯৬৩) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁক "কুইন অৱ মিজো ফ'ক চং" বুলি অভিহিত কৰা হৈছে। মিজো এটা ভাষা, এই ভাষাত ডজনতকৈ অধিক ৰেকৰ্ডিং কৰা ছাংগীয়ে ২০২৩ চনত পদ্মশ্ৰী আৰু ২০১৭ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
জীৱন
[সম্পাদনা কৰক]১৯৬৩ চনৰ ১ মাৰ্চত ভাৰতৰ চাৰছিপ জিলাৰ কেইটুম গাঁৱত ৰুনৰেমছাংগীৰ জন্ম হৈছিল [1] তিনি বছৰ বয়সৰ পৰা তেওঁ গান গাবলৈ আৰম্ভ কৰে। [2] তেওঁ গান গাই ভাল পাইছিল, সেই সূত্ৰে তেওঁক বিয়া আৰু গীৰ্জাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ কোৱা হৈছিল। [3] ইনষ্টিটিউট অৱ মিউজিক এণ্ড ফাইন আৰ্টছ (আই এম এফ এ) মিজোৰাম এল মংগলিয়ানাত নামভৰ্তি কৰি তেওঁ সংগীত শিকিবলৈ আৰম্ভ কৰে। [ উদ্ধৃতিৰ প্ৰয়োজন ]
১৯৮৬ চনত যেতিয়া তেওঁৰ পৰিয়ালটো আইজললৈ গুচি যায় তেতিয়া তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ যোগে তেওঁৰ গায়িকা হিচাপে কেৰিয়াৰ আৰম্ভ হয়। [4] অল ইণ্ডিয়া ৰেডিঅ’ই তেওঁক লোক আৰু গছপেল ধাৰাত পঞ্চাশটাৰো অধিক মিজো গীত গোৱাৰ দায়িত্ব দিছিল। ছবছৰৰ পাছত তেওঁ মিজোৰামৰ কলা আৰু সংস্কৃতি বিভাগত কাম কৰিবলৈ আৰম্ভ কৰে। [4]
মিজোৰামৰ চাপচাৰ কুট মিজো উৎসৱতো তেওঁ কণ্ঠদান কৰিছে। [5] এই উৎসৱ কেইবা শ বছৰ পুৰণি এক উৎসৱ। [6]
তেখেতে বৰ্তমানলৈ ৫০ টাতকৈও অধিক ৰেকৰ্ডিং কৰিছে। তেওঁক ২০২৩ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। [5] শিল্প আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক আইচিএফএআই মিজোৰাম বিশ্ববিদ্যালয়তৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। [7]
ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল [5]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "K C Runremsangi". Sandeet Natak awards (Indian Government). 2017. https://sangeetnatak.gov.in/public/uploads/awardees/docs/K_C_Runremsangi.pdf। আহৰণ কৰা হৈছে: 5 December 2024.
- ↑ 2.0 2.1 Colney, Kimi (2023-02-22). "Meet KC Runremsangi: Mizoram's folk legend is this year's Padma awardee" (en-US ভাষাত). EastMojo. https://www.eastmojo.com/mizoram/2023/02/22/meet-kc-runremsangi-mizorams-folk-legend-is-this-years-padma-awardee/। আহৰণ কৰা হৈছে: 2024-12-05.[সংযোগবিহীন উৎস]
- ↑ "Hope other artistes working to promote indigenous art get inspired: Padma Shri awardee from Mizoram" (en ভাষাত). The Indian Express. 2023-01-30. https://indianexpress.com/article/lifestyle/art-and-culture/padma-shri-awardee-from-mizoram-kc-runremsangi-8412627/। আহৰণ কৰা হৈছে: 2024-12-05.
- ↑ 4.0 4.1 "Hope other artistes working to promote indigenous art get inspired: Padma Shri awardee from Mizoram" (en ভাষাত). The Indian Express. 2023-01-30. https://indianexpress.com/article/lifestyle/art-and-culture/padma-shri-awardee-from-mizoram-kc-runremsangi-8412627/। আহৰণ কৰা হৈছে: 2024-12-05.
- ↑ 5.0 5.1 5.2 "Femina's Fab 40: KC Runremsangi Is Dedicated To Safeguarding Our Culture | Femina.in" (en ভাষাত). www.femina.in. https://www.femina.in/trending/in-the-news/feminas-fab-40-kc-runremsangi-is-dedicated-to-safeguarding-our-culture-278661.html। আহৰণ কৰা হৈছে: 2024-12-05.
- ↑ "the origin of chapchar kut: Mizoram". mizoram.nic.in. https://mizoram.nic.in/about/oriofchapcharkut.htm। আহৰণ কৰা হৈছে: 2024-12-05.
- ↑ "Governor Dr. Hari Babu Kambhampati presides the 11th Convocation of ICFAI University Mizoram | Raj Bhavan Mizoram | India" (en ভাষাত). https://rajbhavan.mizoram.gov.in/governor-dr-hari-babu-kambhampati-presides-the-11th-convocation-of-icfai-university-mizoram/। আহৰণ কৰা হৈছে: 2024-12-05.[সংযোগবিহীন উৎস]