কে পি এ চি ললিতা
কে পি এ চি ললিতা | |
---|---|
![]() কেৰালা সংগীত নাটক একাডেমী বঁটা (২০১৯) প্ৰদান অনুষ্ঠানত ললিতা | |
জন্ম | মহেশ্বৰী আম্মা ১০ মাৰ্চ, ১৯৪৭ কয়ামকুলাম[1][2] ত্ৰিবাংকুৰ ৰাজ্য |
মৃত্যু | ২২ ফেব্ৰুৱাৰী, ২০২২ (৭৪ বছৰ) থ্ৰিপপুনিথুৰা, কোচী, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৬৪- ২০২২ |
দাম্পত্যসঙ্গী | ভাৰথন (বি. ১৯৭৮; মৃ. ১৯৯৮) |
সন্তান | ২ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯০, ২০০০) |
মহেশ্বৰী আম্মা (ইংৰাজী: K. P. A. C. Lalitha; ১৯৪৭ চনৰ ১০ মাৰ্চ – ২০২২ চনৰ ২২ ফেব্ৰুৱাৰী) গৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী, যিয়ে মূলতঃ মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ সৈত্ জড়িত। তেওঁক কে পি এ চি ললিতা মঞ্চনামৰে অধিক জনা যায়। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা ললিতাই কেৰালাৰ কয়ামকুলামৰ নাট্যগোষ্ঠী কেৰালা পিপলছ আৰ্টছ ক্লাবত অভিনয় জীৱন আৰম্ভ কৰিছিল। পাঁচ দশকজোৰা কৰ্মজীৱনত তেওঁ ৫৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।
ললিতাই চাৰিটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ লগতে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০০৯ চনত তেওঁক ফিল্মফেয়াৰ এৱাৰ্ডছ চাউথত ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত হয়। ললিতাই পৰৱৰ্তী সময়ত কেৰেলা সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰয়াত মালয়ালম চলচ্চিত্ৰ নিৰ্মাতা ভৰথনৰ সৈতে তেওঁৰ বিবাহ হৈছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৪৭ চনৰ ১০ মাৰ্চত বৰ্তমানৰ পাঠানমথিট্টা জিলাৰ অৰণমুলাত [1] [2] মহেশ্বৰী আম্মা নামেৰে ললিতাৰ জন্ম হয়। [1] [2] [3] তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল কদয়কাথাৰায়িল ভেট্টিল অনন্তন নায়াৰ আৰু ভাৰ্গৱী আম্মা। [4] পাঁচটা সন্তানৰ ভিতৰত তেওঁ জ্যেষ্ঠ আছিল। তেওঁৰ চাৰিজন ভাই-ভনী- ইন্দিৰা, বাবু, ৰাজন আৰু শ্যামলা। পিতৃ-মাতৃৰ বিয়াৰ পাঁচ বছৰৰ পাছত তেওঁৰ জন্ম হৈছিল। পিতৃ আছিল এজন ফটোগ্ৰাফাৰ। শৈশৱৰ বেছিভাগ সময় তেওঁ কয়ামকুলামৰ ওচৰৰ ৰামপুৰমত কটায়।
তেওঁৰ পৰিয়ালে নৃত্যৰ শ্ৰেণীত যোগদান কৰাৰ বাবে কোট্টায়মৰ চাংগনাছেৰীলৈ গুছি যায়। সৰুৰে পৰা তেওঁৰ নৃত্যৰ প্ৰতি অতি আগ্ৰহ আছিল। [5] সৰুতে চেল্লাপ্পান পিল্লাইৰ নিৰ্দেশনাত আৰু তাৰ পিছত কলামণ্ডলম গংগাধৰণৰ অধীনত নৃত্য শিকিছিল। ১০ বছৰ বয়সৰ পৰাই তেওঁ নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। [6] মঞ্চত তেওঁৰ প্ৰথম উপস্থিতি আছিল গীতায়ুদে বালি নাটকত। পিছলৈ কেৰালাৰ এটা বিশিষ্ট বাওঁপন্থী নাট্য দল কেৰালা পিপলছ আৰ্টছ ক্লাবত (KPAC) যোগদান কৰে। পিছলৈ চিনেমাত অভিনয় কৰিবলৈ আৰম্ভ কৰাৰ সময়ত ললিতা নামৰ আন এগৰাকী অভিনেত্ৰীৰ পৰা নিজৰ নামটো পৃথক কৰিবলৈ তেওঁ নামৰ আগত কে.পি.এ.চি. যোগ কৰে। [7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "It was EMS who first called the actor 'Comrade Lalitha'". 23 February 2022. https://english.mathrubhumi.com/movies-music/news/ems-called-her-comrade-lalitha-for-the-first-time-1.7286551.
- ↑ 2.0 2.1 2.2 "KERALA". Archived from the original on 31 October 2023. https://web.archive.org/web/20231031115834/https://www.deshabhimani.com/english/news/kerala/end-of-an-era-kpac-lalita-passes-away/5943। আহৰণ কৰা হৈছে: 10 September 2023.
- ↑ "Did you know KPAC Lalitha's real name is Maheshwari Amma?". The Times of India. 12 May 2020. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/did-you-know/did-you-know-kpac-lalithas-real-name-is-maheshwari-amma/articleshow/75693894.cms। আহৰণ কৰা হৈছে: 17 May 2021.
- ↑ "LALITHA. (K.P.A.C.)". Association of Malayalam Movie Artists. http://www.malayalamcinema.com/meet-star/profile/lalitha-kpac। আহৰণ কৰা হৈছে: 20 May 2020.
- ↑ asianetnews (31 May 2012). ""KPAC Lalitha"-On Record 31, May 2012 Part 1". https://www.youtube.com/watch?v=53Ps6KvdlDM.
- ↑ [1] Archived 7 May 2008 at the Wayback Machine
- ↑ Staff Reporter (22 March 2016). "KPAC Lalitha opts out". The Hindu. https://www.thehindu.com/news/national/kerala/kpac-lalitha-opts-out/article8383448.ece.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- K.P.A.C. Lalitha সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।