কে পি জানকী আম্মাল
কে পি জানকী আম্মাল | |
|---|---|
| মাদুৰাই ইষ্টৰ বাবে তামিলনাডু বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ১৯৬৭ | |
| সদৌ ভাৰত গণতান্ত্ৰিক মহিলা সন্থাৰ সভাপতি | |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৯১৭ |
| মৃত্যু | ১ মাৰ্চ ১৯৯২ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ৰাজনৈতিক দল | ভাৰতৰ কমিউনিষ্ট পাৰ্টি |
| দাম্পত্যসঙ্গী | গুৰুস্বামী নাইডু |
| জীৱিকা | ৰাজনীতিক |
কে পি জানকী আম্মাল (১৯১৭-১৯৯২) ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এগৰাকী ৰাজনীতিবিদ আৰু সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা সভানেত্ৰী আছিল।[1] ১৯৬৭ চনত তেওঁ তামিলনাডু বিধানসভাত মাদুৰাই-পূবক প্ৰতিনিধিত্ব কৰিছিল।[2]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯১৭ চনত পদ্মনাভন আৰু লক্ষ্মীৰ একমাত্ৰ সন্তান হিচাপে কে পি জানকী আম্মালে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক জীৱনটো দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈছিল। ৮ বছৰ বয়সত তেওঁৰ মাকৰ মৃত্যু হয়, আৰু তেওঁক আইতাকৰ দ্বাৰা লালিত পালিত হয়। অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ স্কুল এৰিছিল৷ ইয়াৰ পিছত তেওঁ সংগীতৰ লগত জড়িত হয়। তেওঁ পিছলৈ মুখ্য অভিনেত্ৰী হিচাপে পৰিগণিত হয় আৰু ৫০ টকাৰো অধিক উপাৰ্জন কৰে। প্ৰতিটো প্ৰদৰ্শনৰ বাবে তেওঁ ৩০০ টকা লাভ কৰিছিল। তেওঁ মঞ্চত এছ.এছ.বিশ্বনাথদাসৰ সৈতে মিলি জাতিভিত্তিক অস্পৃশ্যতাৰ বিষয়টোক সম্বোধন কৰিছিল।[2]জানকী আম্মালে দলটোৰ এজন হাৰমনিয়াম বাদক গুৰুছামী নাইডুক বিয়া কৰায়।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]কে পি জানকী আম্মাল ব্ৰিটিছে গ্ৰেপ্তাৰ কৰা প্ৰথমগৰাকী দক্ষিণ ভাৰতীয় মহিলা। ১৯৩০ চনত তিৰুনেলভেলীত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে প্ৰথমবাৰৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁ এবছৰ কাৰাগাৰত কটায়।[2]ভাৰত প্ৰতিৰক্ষা নিয়মৰ অধীনত ত্ৰিচিত যুদ্ধ বিৰোধী অপপ্ৰচাৰত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।[1][3]
তেওঁ সত্যাগ্ৰহ আন্দোলনৰ অন্যতম সক্ৰিয় ৰাজনৈতিক সদস্য আছিল।[3] ১৯৩৬ চনত কংগ্ৰেছ দলত যোগদান কৰি মাদুৰাই কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া হিচাপে কাম কৰে। তাৰ পিছত তেওঁ কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টিত যোগদান কৰে৷ ১৯৪০ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত তেওঁ যোগদান কৰে। দল বিভাজনৰ পিছত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)লৈ গুচি যায়।[2]
১৯৭৪ চনত জানকী আম্মাল তামিলনাডু গণতান্ত্ৰিক মহিলা সন্থাৰ প্ৰতিষ্ঠাপক আছিল৷ তেওঁৰ লগত আছিল পোনমলাই পাপা উমানাথ।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Madurai’s very own freedom fighters". The Hindu. 23 July 2012. http://www.thehindu.com/todays-paper/tp-features/tp-editorialfeatures/madurais-very-own-freedom-fighters/article3671344.ece। আহৰণ কৰা হৈছে: 19 March 2014.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 "A life of sacrifice". The Hindu. 6 March 2014. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/a-life-of-sacrifice/article5754498.ece। আহৰণ কৰা হৈছে: 19 March 2014.
- ↑ 3.0 3.1 "Shodhganga". http://shodhganga.inflibnet.ac.in/bitstream/10603/14211/12/12_chapter%205.pdf.