সমললৈ যাওক

কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয়
Cooch Behar Panchanan Barma University
স্থাপিত ২০১২ (১৩ বছৰ  আগতে) (2012)
ধৰণ ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়
বাজেট ১০.৭৩৭৩ কোটি (১.৫১ মিলিয়ন ডলাৰ)
(2021–22 est.)[1]
আচাৰ্য ৰাজ্যপাল,পশ্চিমবংগ
উপাচাৰ্য নিখিলেশ ৰায়
স্থান কোচবিহাৰ, পশ্চিমবংগ, ভাৰতবৰ্ষ
26°19′18″N 89°28′11″E / 26.3215352°N 89.4696066°E / 26.3215352; 89.4696066স্থানাংক: 26°19′18″N 89°28′11″E / 26.3215352°N 89.4696066°E / 26.3215352; 89.4696066
চৌহদ গ্ৰ্যাম্য অঞ্চল
ৱেবছাইট cbpbu.ac.in ৱিকিডে'টাত সম্পাদনা কৰক

কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয় (CBPBU) এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।[2][3][4]১৯ শতিকাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকনেতা তথা সমাজ সংস্কাৰক পঞ্চনন বৰ্মাৰ নামেৰে বিশ্ববিদ্যালয়খনৰ নামকৰণ কৰা হয়।

পশ্চিমবংগ চৰকাৰে ২০১২ চনত পশ্চিমবংগ আইন XXI আৰু কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয় আইন ২০১২ৰ অধীনত কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয় স্থাপন কৰা হয়।[5]

২০১৫ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বিশ্ববিদ্যালয়খনৰ প্ৰথম বিধিসমূহ অনুসৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য, মাননীয় পশ্চিম বংগৰ ৰাজ্যপালে অনুমোদন জনায়। ২০১৫ চনৰ ৮ এপ্ৰিলত বিশ্ববিদ্যালয় অনুদান আয়োগ, নতুন দিল্লীয়ে ইয়াক '২(F)' সংযুক্তি প্ৰদান কৰে। ২০১৫ চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে প্ৰথম বিধিসমূহ ৰাজপত্ৰিত হয় আৰু ২০১৫ চনৰ ২২ মে’ত প্ৰথমখন কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হয়।

বিশ্ববিদ্যালয়খনে কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীত স্থিত উত্তৰ বংগ কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ চেণ্ট্ৰেল ফাৰ্মাৰ্ছ হোষ্টেলৰ পৰা শিবিৰ কাৰ্যালয় হিচাপে লৈ আৰম্ভ কৰে। পিছলৈ ১৯ আগষ্ট, ২০১৫ তাৰিখে কোচবিহাৰ জিলাৰ বিবেকানন্দ ষ্ট্ৰীটত থকা কৃষি বিজ খামাৰৰ ওচৰৰ স্থায়ী চৌহদলৈ স্থানান্তৰিত হয়। ইয়াৰ পূৰ্বে পশ্চিমবংগ চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পৰা ২০১৫ চনৰ জুলাই মাহৰ আদেশৰ জৰিয়তে প্ৰথম অৱস্থাত পশ্চিম বংগৰ ১৫খন সাধাৰণ ডিগ্ৰী কলেজ (তাৰে বেছিভাগেই কোচবিহাৰ জিলাৰ) বিশ্ববিদ্যালয়ৰ সৈতে অন্তৰ্ভুক্ত হয়। বিশ্ববিদ্যালয়খনৰ প্ৰথম উপাচাৰ্য্য হিচাপে অধ্যাপক ইন্দ্ৰজিৎ ৰায়, উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন শিক্ষক আছিল। ২০১৫ চনৰ জানুৱাৰী মাহত দ্বিতীয় উপাচাৰ্য্য হিচাপে অধ্যাপক শুভ্ৰংশু শেখৰ চট্টোপাধ্যায় বিশ্ববিদ্যালয়খনত যোগদান কৰে। তেওঁ মূলত কলিকতা বিশ্ববিদ্যালয়ৰ আইন বিভাগ শিক্ষক আছিল। অধ্যাপক শ্যামল ৰায়, ভাৰতীয় ৰাসায়নিক জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষক, প্ৰথমজন স্থায়ীভাৱে নিযুক্তিপ্ৰাপ্ত উপাচাৰ্য্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। প্ৰথম পঞ্জীয়ক হিচাপে ড° দেৱকুমাৰ মুখোপাধ্যায় আৰু নিৰুপম ভট্টাচাৰ্য্য বিত্ত বিষয়া(ভাৰপ্ৰাপ্ত) কাৰ্য্য নিৰ্বাহ কৰে।[6]

সংগঠন আৰু প্ৰশাসন

[সম্পাদনা কৰক]

শাসন ব্যৱস্থা

[সম্পাদনা কৰক]

কোচবিহাৰ পঞ্চনন বৰ্মা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়া।

উপাচাৰ্য্যসকলৰ তালিকা

[সম্পাদনা কৰক]
  • ১.অধ্যাপক ইন্দ্ৰজিৎ ৰায়
  • ২.অধ্যাপক শুভ্ৰংশু শেখৰ চট্টোপাধ্যায়
  • ৩.অধ্যাপক শ্যামল ৰায়
  • ৪.অধ্যাপক দেৱকুমাৰ মুখোপাধ্যায়
  • ৫.অধ্যাপক নিখিলেশ ৰায় (বৰ্তমান)

অধ্যাপক আৰু বিভাগ

[সম্পাদনা কৰক]

কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয়ৰ ১৯টা বিভাগ, দুটা অনুষদ পৰিষদেৰে সংগঠিত।[7]

  • বিজ্ঞান অনুষদ

এই অনুষদটো গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান, আৰু প্ৰাণীবিজ্ঞান বিভাগেৰে গঠিত।

  • কলা আৰু বাণিজ্য অনুষদ

এই অনুষদটোত বাংলা, ইংৰাজী, হিন্দী, সংস্কৃত, ইতিহাস, ৰাজনীতি বিজ্ঞান, দৰ্শন, পুথিভঁৰাল আৰু তথ্য বিজ্ঞান, সাংবাদিকতা আৰু গণসংযোগ, ভূগোল, অৰ্থনীতি, শিক্ষা, আইন, আৰু বাণিজ্য বিভাগ আছে।

কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয়খনে ৰাজবংশী ভাষা আৰু স্পেনিছ ভাষাত চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদান কৰে।

সংলগ্নতাসমূহ

[সম্পাদনা কৰক]

কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয় এখন সংযুক্ত বিশ্ববিদ্যালয় আৰু পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মুঠ ১৫ খন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ অধীনত আছে।[3]

শৈক্ষিক বিষয়

[সম্পাদনা কৰক]
  • বাংলা
  • ইংৰাজী
  • সংস্কৃত
  • হিন্দী
  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিজ্ঞান
  • গণিত
  • কম্পিউটাৰ বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণীবিজ্ঞান
  • ভূগোল
  • ইতিহাস
  • ৰাজনীতি বিজ্ঞান
  • পুথিভঁৰাল আৰু তথ্য বিজ্ঞান
  • গণ যোগাযোগ
  • শিক্ষা
  • দৰ্শন
  • বাণিজ্য
  • অৰ্থনীতি
  • আইন
  • মানৱ অধিকাৰ আৰু কৰ্তব্য শিক্ষা

স্বীকৃতি

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ.জি.চি. ধাৰা অনুসৰি ১২বি(12B) স্বীকৃতি বিশ্ববিদ্যালয়খনক প্ৰদান কৰিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Detailed Demands For Grants For 2021-22". Feb 5, 2021. http://wbfin.nic.in/writereaddata/Budget_Publication/2021_bp3.pdf। আহৰণ কৰা হৈছে: Feb 6, 2021. 
  2. "UGC". https://www.ugc.ac.in/. 
  3. 3.0 3.1 "Private education Bill passed amidst Opposition walkout". The Statesman. 6 July 2012. Archived from the original on 20 December 2012. https://archive.today/20121220042108/http://thestatesman.net/index.php?option=com_content&view=article&id=415836&catid=42। আহৰণ কৰা হৈছে: 7 July 2012. 
  4. "Bill passed to set up private varsity". Asian Age. 7 July 2012. Archived from the original on 11 December 2017. https://web.archive.org/web/20171211054143/http://www.asianage.com/kolkata/bill-passed-set-private-varsity-653। আহৰণ কৰা হৈছে: 7 July 2012. 
  5. vide Kolkata Gazette number W.B.(Part-III)/2012/S.A.R.-32, 16 August 2012.
  6. "Anuradha Mukherjee appointed as new vice-chancellor of Kazi Nazrul Islam University". The Times of India. 24 November 2012. Archived from the original on 12 October 2013. https://web.archive.org/web/20131012073804/http://articles.timesofindia.indiatimes.com/2012-11-24/kolkata/35333196_1_new-vice-chancellor-cooch-behar-jadavpur-university। আহৰণ কৰা হৈছে: 24 November 2012. 
  7. "Cooch Behar Panchanan Barma University :: Cooch Behar :: West Bengal". cbpbu.ac.in. https://cbpbu.ac.in/pg-programmes.php.