কোচ জনগোষ্ঠী
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| |||||||||||||||
| ভাষাসমূহ | |||||||||||||||
| ধৰ্ম | |||||||||||||||
| সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী | |||||||||||||||
কোচ জনগোষ্ঠী (ইংৰাজী: Koch people) বা কোচসকল ভাৰতৰ অসম আৰু মেঘালয় আৰু উত্তৰ বাংলাদেশৰ এটা সীমান্তত বাস কৰা এটা সৰু জনগোষ্ঠী।[7] এই জাতিৰ কিছুলোকে বড়ো-গাৰো ভাষা পৰিয়ালাৰ কোচ ভাষা ব্যৱহাৰ কৰে, আনহাতে আন কিছুমানে স্থানীয় প্ৰজাতিৰ ভাৰত-আৰ্য্য ভাষা ব্যৱহাৰ কৰে।[8] ই ভাৰতৰ মেঘালয়ৰ এটা অনুসূচিত জনজাতি।[9][টোকা 1] কোচ সকলে নিজৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ কৰিব বিচাৰে।[11]
কোচ লোকসকলে নিজৰ ভাষা, নিজৰ জীৱবাদী ধৰ্ম সংৰক্ষণ কৰি ৰাখিছে আৰু অহিন্দু ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰণ কৰে।[6] কোচ ৰাজবংশী আৰু বিভিন্ন জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত লোকে গ্ৰহণ কৰা উজনি অসমৰ হিন্দু কোচ জনগোষ্ঠীৰ সৈতে তেওঁলোক সম্পৰ্কীয় যদিও পৃথক।[12]
ব্যুৎপত্তি
[সম্পাদনা কৰক]তবাকাত-ই-নাছিৰীৰ (Tabaqat-i-Nasiri) মতে, পশ্চিম কামৰুদ (কামৰূপ)ত কোচ, মেচ আৰু থাৰুসকলে বসবাস কৰিছিল। যোগিনী তন্ত্ৰত কোচক কোৱাচ বুলি কোৱা হৈছিল।[13] ১৬৬১ চনৰ পৰা ১৬৬৩ চনৰ ভিতৰত ৰচিত ফাতিয়াহ-ই-ইব্ৰিয়াত (Fatiyah-i-Ibriah) কোৱা হৈছে যে কোচ বিহাৰত কোচৰ বসতি আছিল।[14]
ভাষিক গোষ্ঠী আৰু বংশ
[সম্পাদনা কৰক]কোচসকল নটা নৃতাত্ত্বিক-ভাষিক গোষ্ঠীৰে গঠিত: তিন্তেকীয়া, ৱানাং, কোচ-ৰাভা/কোচা, হৰিগয়া, মৰগান, চাপৰা, সাতপাৰি, শংকৰ আৰু বনাই। এই গোটসমূহত সাধাৰণতে আন্তঃবিবাহ প্ৰচলিত যদিও শেহতীয়াকৈ আন্তঃবিবাহৰ হাৰ কমি আহিছে। এই নটা গোষ্ঠীৰ প্ৰতিটোৱে মাতৃপ্ৰধান আৰু গোটসমূহৰ বহিঃবিবাহী বংশক নিকিনি বোলা হয়।[15] কোচসকলৰ মাতৃপ্ৰধান নিয়ম গাৰো আৰু খাচী জনগোষ্ঠীৰ দৰে কঠোৰ নহয়।[16]
অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত বাস কৰা কোচা নামেৰে পৰিচিত৷ যিহেতু অসমৰ কোচ নামটো কোচ সম্প্ৰদায়ৰ সৈতে জড়িত আৰু কোচ সম্প্ৰদায়ৰ লোকসকলে কিছুমাৱ ৰাজ্যিক সুবিধা লাভ নকৰে কিন্তু ৰাভাসকলে কৰে, সেয়ে কোচ জনগোষ্ঠীৰ লোকসকলে নিজকে ৰাভা জনগোষ্ঠীৰ বুলি পৰিচয় দিয়ে, আৰু নিজকে কোচ-ৰাভা বুলি কয়।[17] কোচ উন্নয়ন পৰিষদৰ উপদেষ্টা, সাহিত্যিক তথা সমাজকৰ্মী ইন্দ্ৰমোহন কোচে কয় যে মেঘালয় চৰকাৰে কোচ মানুহক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিপৰীতে অসম চৰকাৰে তেওঁলোকক স্বীকৃতি দিয়া নাছিল যদিও ৰাভাৰ নামত অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়া হৈছে।[18]
ভাষা
[সম্পাদনা কৰক]ইউনেস্কোৰ প্ৰতিবেদনত কোচ ভাষাক "নিশ্চিতভাৱে বিপন্ন" বুলি উল্লেখ কৰা হৈছে।[19] কোচ ভাষা অসম (গোৱালপাৰা, নগোৱা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বাকছা, উদালগুৰি, কাৰ্বি আংলং, গোলাঘাট জিলা) আৰু মেঘালয় (পশ্চিম গাৰো পাহাৰ, দক্ষিণ-পশ্চিম গাৰো পাহাৰ, দক্ষিণ গাৰো পাহাৰ আৰু পূব খাছি পাহাৰ জিলা) ৰাজ্যত কোৱা হয়। উত্তৰ বংগৰ কিছুমান অঞ্চলত আৰু বাংলাদেশতো এই ভাষা প্ৰচলিত।[19] বিভিন্ন কোচ গোষ্ঠীসমূহে বিভিন্ন পৰিস্থিতিত ভিন্ন ভাষা ব্যৱহাৰ কৰে[20]—ঘৰত আৰু নিজৰ গোষ্ঠীৰ মাজত তেওঁলোকে নিজৰ মাতৃভাষা ব্যৱহাৰ কৰে; কোচ গোষ্ঠীসমূহৰ মাজত তেওঁলোকে সাধাৰণতে কোচ ভাষাৰ হৰিগয়া প্ৰকাৰ ব্যৱহাৰ কৰে যিটো প্ৰায় সকলো কোচ গোষ্ঠীৰ লোকে বুজি পায়; আৰু নিজৰ সমাজৰ বাহিৰত তেওঁলোকে হাজং, অসমীয়া, বাংলা, গাৰো, হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰে।[21] কোচ ভাষাৰ ছটা প্ৰকাৰ আছে৷ এই প্ৰকাৰ কেইটাৰ মাজৰ সম্পৰ্ক যথেষ্ট জটিল। এই ভাষাই উত্তৰে কোচ-ৰাভাৰ পৰা দক্ষিণে তিন্তেকিয়া কোচলৈকে বিস্তৃত এটা উপভাষা শৃংখলক প্ৰতিনিধিত্ব কৰে। ইয়াক জনগাঁঠনিৰ ভিত্তিত এনেদৰে দেখুওৱা হৈছে — কোচ-ৰাভা (কোচা)→ ৱানাং→ হৰিগয়া→ মৰগান→ চাপৰা→ তিন্তেকিয়া, য'ত কাষৰীয়া উপভাষাবোৰে শেষৰ উপভাষাবোৰতকৈ অধিক আভিধানিক সাদৃশ্য প্ৰদৰ্শন কৰে।[19] কোচৰ নটা মাতৃপ্ৰধান গোটৰ ভিতৰত ছটা গোটে নিজৰ ভাষা ধৰি ৰাখিছে; আনহাতে সাতপাৰি, শংকৰ আৰু বনাই গোটে ভাৰত-আৰ্য্যমূলীয় ঝাৰুৱা বা হাজং ভাষা কয়।[22]
ইতিহাস
[সম্পাদনা কৰক]১২০৫ খ্ৰীষ্টাব্দত মহম্মদ বিন বখতিয়াৰ খালজীয়ে কামৰূপলৈ কৰা অভিযানৰ তথ্য সম্বলিত তাকবাত-ই-নাছিৰিত উল্লেখ আছে যে লাখানাৱতী (গৌড়) আৰু তিব্বতৰ মাজত বাস কৰা লোকসকল আছিল কোঁচ (কোচ), মেজ/মেগ (মেচ) আৰু তিহাৰু (তাৰু)।[23][24] পাৰ্চী ইতিহাসত উল্লেখ আছে যে জনগোষ্ঠীৰ (কোচ, মেচ, থাৰু) মুখাকৃতি আৰু তুৰ্কী আৰু মংগোলীয়সকলৰ দৰে আছিল আৰু তেওঁলোকৰ ভাষা উপমহাদেশৰ বাকী অংশতকৈ পৃথক আছিল।[25]
টোকা
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Census of India Website : Office of the Registrar General & Census Commissioner, India". http://censusindia.gov.in/2011Census/C-16_25062018_NEW.pdf.
- ↑ "C-16 Population By Mother Tongue - Assam". censusindia.gov.in. http://censusindia.gov.in/2011census/C-16/DDW-C16-STMT-MDDS-1800.XLSX। আহৰণ কৰা হৈছে: 12 April 2020.
- ↑ "Census of India Website : Office of the Registrar General & Census Commissioner, India". https://censusindia.gov.in/2011census/C-16/DDW-C16-STMT-MDDS-1700.XLSX। আহৰণ কৰা হৈছে: 11 August 2020.
- ↑ "Table 1.4 Ethnic Population by Group and Sex". Bangladesh Bureau of Statistics. 2021. পৃষ্ঠা: 33. https://bbs.portal.gov.bd/sites/default/files/files/bbs.portal.gov.bd/page/b343a8b4_956b_45ca_872f_4cf9b2f1a6e0/2023-09-27-09-50-a3672cdf61961a45347ab8660a3109b6.pdf। আহৰণ কৰা হৈছে: 22 November 2022.
- ↑ "Population Monograph of Nepal Volume II". Central Bureau of Statistics, Government of Nepal. 2014. https://nepal.unfpa.org/sites/default/files/pub-pdf/Population%20Monograph%20V02.pdf। আহৰণ কৰা হৈছে: 9 Apr 2024.
- ↑ 6.0 6.1 "The Koch included in this report are those who preserved their tribal dialects, animistic religion and non-Hindu cultures and traditions." (Kondakov 2013, পৃষ্ঠা 5)
- ↑ "Koch is a people group mainly found in the Indian states of Meghalaya and Assam and in northern Bangladesh. The Koch people call themselves Kocho (in Meghalaya) or Kocha (in Lower Assam). The number of Koch in Meghalaya is about 25,000 people (Census 2011). (Kondakov 2020, পৃষ্ঠা 1)
- ↑ "The clans are matrilineal and strictly exogamous (Koch 1984:180), i.e. marriages are not permitted within the same clan. The first six groups have preserved their original Tibeto-Burman forms of speech while the remaining three have long switched to local Indo-Aryan varieties." (Kondakov 2020, পৃষ্ঠা 1)
- ↑ The STs in Meghalaya are predominantly rural (84.4 per cent). Individual ST wise, Koch are overwhelmingly confined to rural areas (97.2 per cent), followed by Raba (92.6 per cent), Hajong (91.4 per cent), and Garo (88.7 per cent). On the contrary, higher urban population has been registered among Synteng (28.2 per cent) and Khasi (18.6 per cent).
- ↑ Census of India.
- ↑ "Koch union seeks to preserve culture". The Telegraph. 11 May 2018. https://www.telegraphindia.com/north-east/koch-union-seeks-to-preserve-culture/cid/1448703.
- ↑ "The Koch of western Meghalaya also claim relationship with those empire-building Koch. On the other hand, Koch is known as a Hindu caste found all over the Brahmaputra Valley (Majumdar 1984: 147), and receives converts to Hinduism from different tribes (Gait 1933: 43)." (Kondakov 2013, পৃষ্ঠা 4)
- ↑ "The Yogini Trantra, which was composed in Assam itself in about the 16th century, refers to the Koches as kuvachas" (Nath 1989, পৃষ্ঠা 3)
- ↑ "Cooch behar was inhabited by Makh (Mech) and Kuj (Koch). Raja belong to First tribe" (Salam 1902, পৃষ্ঠা 11)
- ↑ Kondakov (2013), পৃষ্ঠা. 5.
- ↑ Kondakov (2013), পৃষ্ঠা. 7.
- ↑ Kondakov (2013), পৃষ্ঠা. 6.
- ↑ "Rajbongshis misinterpretating Koch History : All Assam Koch Students' Union". The Sentinel. 30 October 2020. https://www.sentinelassam.com/north-east-india-news/assam-news/rajbongshis-misinterpreting-koch-history-all-assam-koch-students-union-509079.
- ↑ 19.0 19.1 19.2 Datta Majumdar, Satarupa (11 December 2020). "Ethno-Linguistic Vitality of Koch". The Buckingham Journal of Language and Linguistics খণ্ড 12 (1): 55. doi:10.5750/bjll.v12i.1874. http://www.ubplj.org/index.php/bjll/article/view/1874.
- ↑ "Even at the time of Grierson's work early in the twentieth century it was noted that each group of the Koch spoke a different dialect (Grierson 1903: 96). The fact was later documented by D.N. Majumdar and S.N. Koch, and is now supported by the findings of this survey." (Kondakov 2013, পৃষ্ঠা 7–8)
- ↑ Kondakov (2020), পৃষ্ঠা. 1.
- ↑ Kondakov (2013), পৃষ্ঠা. 8.
- ↑ "From there, he [Bakhtiyar Khalji] was tempted to invade “Bhutan and Tibet” and went against Assam, calle Kamrud (sic, with a “d”). The description of his disastrous campaign provides us with some information about the populations (Siraj 1881: 560-1): In the different parts of those mountains which lie between Tibbat and the country of Lakhanawati are three races of peoples, one called the Kūnch [N66], the second the Mej (Meg), and the third the Tihārū; and all have Turk countenances.They have a different idiom, too, between the languages of Hind and Turk [N77]." (Jacquesson 2008, পৃষ্ঠা 16)
- ↑ "(A)n account of the two expeditions of Muhammad bin Bakhtiyar Khalji to the kingdom of Kamarupa (ancient assam) in the first part of the 13th century, noted that during that time this region..Kamarupa was inhabited by Kunch(Koch), Mej/Meg (Mech), Tiharu (Taru) tribes of Turks countenance. S.K Chatterji in this connection rightly observes that their Mongoloid features and speech made a distinct impression upon the Turks, who were also members of the same race" (Nath 1989, পৃষ্ঠা 3)
- ↑ "(W)e read in Persian history that these races [Koch, Mech, Taru] had Turki countenances (i.e slanting eyes, snub nose, high cheek-bones and yellow complexion of the Mongols), and they spoke a 'different idiom' from the language of India proper" (Chatterji 1951, পৃষ্ঠা 101)