কোটক মহিন্দ্ৰা বেংক
কোটক মহিন্দ্ৰা বেংক লিমিটেড হৈছে মুম্বাইত মুখ্য কাৰ্যালয় থকা ভাৰতীয় বেংকিং আৰু বিত্তীয় সেৱা কোম্পানী। ই ব্যক্তিগত বিত্ত, বিনিয়োগ বেংকিং, জীৱন বীমা, আৰু সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৰ্পৰেট আৰু খুচুৰা গ্ৰাহকৰ বাবে বেংকিং সামগ্ৰী আৰু বিত্তীয় সেৱা আগবঢ়ায়। এইচডিএফচি বেংক আৰু আইচিআইচিআই বেংকৰ পিছতে বজাৰ মূলধনৰ হিচাপত ই ভাৰতৰ তৃতীয় বৃহত্তম ব্যক্তিগত খণ্ডৰ বেংক।[1] ২০২১ চনৰ ফেব্ৰুৱাৰী মাহলৈকে বেংকটোৰ মুঠ ১৬০০ টা শাখা আৰু ২৫১৯ টা এটিএম আছে।
ইতিহাস
[সম্পাদনা কৰক]১৯৮৫ চনত উদয় কোটাকে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ পৰা ৩০ লাখ টকাৰ ঋণ লৈ কোটাক কেপিটেল মেনেজমেণ্ট ফাইনেন্স নামেৰে বিনিয়োগ আৰু বিত্তীয় সেৱা কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰে। ১৯৮৬ চনত আনন্দ মহিন্দ্ৰা আৰু তেওঁৰ পিতৃ হৰিশ মহিন্দ্ৰাই কোম্পানীটোত ১ লাখ টকা বিনিয়োগ কৰে আৰু পৰৱৰ্তী সময়ত ইয়াৰ নাম সলনি কৰি কোটাক মহিন্দ্ৰা ফাইনেন্স ৰখা হয়। কোম্পানীটোৱে প্ৰথমতে বিল ৰেহাই দিয়াৰ লগতে লিজ আৰু ভাড়া ক্ৰয়ৰ কামত নিয়োজিত আছিল।
২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত কোটক মহিন্দ্ৰা ফাইনেন্সে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা বেংকিং কাৰ্য্য কৰিবলৈ অনুজ্ঞাপত্ৰ লাভ কৰে। ইয়াৰ লগে লগে ই ভাৰতৰ ভিতৰতে বেংকলৈ ৰূপান্তৰিত হোৱা প্ৰথমটো নন-বেংকিং ফাইনেন্স কোম্পানী হিচাপে পৰিগণিত হয়। তাৰ পিছত কোটক মহিন্দ্ৰা ফাইনেন্সৰ নাম সলনি কৰি কোটক মহিন্দ্ৰা বেংক ৰখা হয়। সেই সময়ত উদয় কোটকৰ কোম্পানীটোত ৫৬% অংশীদাৰিত্ব থকাৰ বিপৰীতে আনন্দ মহিন্দ্ৰাৰ ৫% অংশীদাৰিত্ব আছিল৷