কোথাপল্লী গীতা
কোথাপল্লী গীতা | |
---|---|
সাংসদ | |
কাৰ্যকাল ১৬ মে ২০১৪ – ২৩ মে ২০১৯ | |
পূৰ্বসূৰী | কিশোৰ চন্দ্ৰ দেও |
উত্তৰসূৰী | গড্ডেটি মাধৱী |
সমষ্টি | আৰাকু |
ব্যক্তিগত তথ্য | |
জন্ম | ৪ ফেব্ৰুৱাৰী, ১৯৭১ (৫৪ বছৰ) থিম্মাপুৰাম, পূব গোদাৱৰী, অন্ধ্ৰপ্ৰদেশ |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি[1] |
আন ৰাজনৈতিক সম্পৰ্ক |
য়াই এছ আৰ কংগ্ৰেছ দল (নিৰপেক্ষ) |
দাম্পত্যসঙ্গী | পাৰুচুৰী ৰামা কোটেশ্বৰ ৰাও |
সন্তান | ২ |
শিক্ষা | কলাৰ স্নাতক (১৯৮৯), শিক্ষাৰ স্নাতক (১৯৯০) |
কোথাপল্লী গীতা(ইংৰাজী: Kothapalli Geetha ; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অন্ধ্ৰ প্ৰদেশৰ আৰাকু (লোকসভা সমষ্টি)ৰ এগৰাকী প্ৰাক্তন সংসদ সদস্য। ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ যুৱজন শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টি (YSRCP)ক প্ৰতিনিধিত্ব কৰি সংৰক্ষিত অনুসূচিত জনজাতি (ST) আসন আৰাকু সমষ্টিৰ পৰা জয়ী হৈছিল।[2][3] তেওঁ ২০১৮ চনত জনজাগৰুতি পাৰ্টি আৰম্ভ কৰিছিল যদিও পিছলৈ ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[4]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰীৰ থিম্মাপুৰমত গীতাৰ জন্ম হৈছিল । কোথাপল্লীয়ে পিতৃ জেকব আৰু মাতৃ লিজাম্মাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ ২৮ আগষ্টত পি আৰ কোটেশ্বৰা ৰাওৰ সৈতে তেওঁৰ বিবাহ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।[5] গীতাই ১৯৮৯ চনত কলা শাখাত স্নাতক, ১৯৯০ চনত শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰে৷ দুয়োটা ডিগ্ৰীয়েই অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ অধীনত।[6]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]গীতা আৰাকু (লোকসভা সমষ্টি)ৰ পৰা (অনুসূচিত জনজাতি) সম্প্ৰদায়ৰ পৰা ৱাই এছ আৰ চি পিৰ প্ৰাৰ্থী হিচাপে সাংসদ হিচাপে নিৰ্বাচিত হয়।[2][3] ৰাজ্যখনৰ জাতিগত ৰাজনীতিক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে ২০১৮ চনৰ ২৪ আগষ্টত তেওঁ জন জাগৰুতি পাৰ্টি নামৰ এটা নতুন ৰাজনৈতিক দল আৰম্ভ কৰিছিল।[7]২০১৯ চনৰ জুন মাহত অমিত শ্বাহ আৰু ৰাম মাধৱৰ সৈতে হোৱা বৈঠকৰ অন্তত তেওঁ বিজেপিত যোগদান কৰে।.[8]
২০১৬ চনত গীতাৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰি কোৱা হৈছিল যে তেওঁ অনুসূচিত জনজাতিৰ নহয় যদিও তেওঁ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত আৰাকু লোকসভা সমষ্টিৰ পৰা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত আসনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জয়ী হৈছিল।[2]যথোচিত অনুসন্ধানৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হয়৷ তদন্তৰ অন্তত জিলা দণ্ডাধীশে কয় যে কোথাপল্লী গীতা অনুসূচিত জনজাতিৰ নহয়।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ @Geethak_MP (18 June 2019). "Heartfelt regards to Hon’ble @AmitShah ji & @rammadhavbjp ji for heartfully inviting me & giving me an opportunity…". https://twitter.com/Geethak_MP/status/1140926221166899200.
- ↑ 2.0 2.1 2.2 "Lok Sabha election 2019: Araku lone ST constituency in Andhra Pradesh" (en ভাষাত). Hindustan Times. 2019-03-17. https://www.hindustantimes.com/india-news/lok-sabha-election-2019-araku-lone-st-constituency-in-andhra-pradesh/story-3F8iXAeXyEnvN8U3l7KapL.html। আহৰণ কৰা হৈছে: 2021-02-17.
- ↑ 3.0 3.1 "Kothapalli Geetha releases party manifesto, first list | Vijayawada News - Times of India". The Times of India. 2021-02-17. https://timesofindia.indiatimes.com/city/vijayawada/geetha-releases-party-manifesto-first-list/articleshow/68471271.cms। আহৰণ কৰা হৈছে: 2021-02-17.
- ↑ "YSRCP demands Geetha's resignation - TeluguSquare.com". www.telugusquare.com. http://www.telugusquare.com/ysrcp-demands-geethas-resignation/.
- ↑ "Geetha Kothapalli | National Portal of India". 2018-08-24. http://india.gov.in/my-government/indian-parliament/geetha-kothapalli। আহৰণ কৰা হৈছে: 2021-02-17.
- ↑ "Kothapalli Geetha(Yuvajana Sramika Rythu Congress Party):Constituency- ARAKU(ANDHRA PRADESH) - Affidavit Information of Candidate". myneta.info. https://myneta.info/ls2014/candidate.php?candidate_id=8865। আহৰণ কৰা হৈছে: 2021-02-17.
- ↑ "Araku MP Kothapalli Geetha launches Jana Jagruti Party in Vijayawada" (en ভাষাত). The News Minute. 2018-08-24. https://www.thenewsminute.com/article/araku-mp-kothapalli-geetha-launches-jana-jagruti-party-vijayawada-87185। আহৰণ কৰা হৈছে: 2021-02-17.
- ↑ "Former Andhra MP Kothapalli Geetha joins BJP after meeting Amit Shah" (en ভাষাত). The News Minute. 2019-06-19. https://www.thenewsminute.com/article/former-andhra-mp-kothapalli-geetha-joins-bjp-after-meeting-amit-shah-103872। আহৰণ কৰা হৈছে: 2021-02-17.
- ↑ "Kothapalli Geetha on Her Cast Issue". tupaki. https://english.tupaki.com/politicalnews/article/Kothapalli-Geetha-on-Her-Cast-Issue/37979.