কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী
| এছ. এছ. ৰাজামৌলী | |
|---|---|
২০১৫ চনত এছ. এছ. ৰাজামৌলী | |
| জন্ম | কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী ১০ অক্টোবৰ, ১৯৭৩ (৫২ বছৰ) মানভী, মহীশূৰ ৰাজ্য, ভাৰত |
| অন্য নাম | জাক্কান্না[1] |
| পেচা |
|
| জনা যায় | বাহুবলী ফ্ৰেন্সাইছী |
| দাম্পত্যসঙ্গী | ৰামা ৰাজামৌলী (বি. ২০০১) |
| পিতৃ-মাতৃ | কে.ভি. বিজয়েন্দ্ৰ প্ৰসাদ (পিতৃ) |
| সন্তান | ২ |
| আত্মীয়-স্বজন | এম.এম. কিৰাৱানী (সম্বন্ধীয় ভ্ৰাতৃ) কল্যাণী মালিক(সম্বন্ধীয় ভ্ৰাতৃ) এম. এম. শ্ৰীলেখা (সম্বন্ধীয় ভগ্নী) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০১৬)[2] |
কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী (ইংৰাজী: S. S. Rajamouli, জন্ম: ১০ অক্টোবৰ, ১৯৭৩,[3] পেছাদাৰীভাৱে এছ. এছ. ৰাজামৌলী হিচাপে পৰিচিত) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ।[4] তেওঁ বেছিভাগ কৰ্ম তেলুগু ভাষাতে কৰিছে আৰু উচ্চ ফেণ্টাছী আৰু পিৰিয়ড ছবি নিৰ্মাণৰ বাবে সততে পৰিচিত। আমেৰিকান ফেণ্টাষ্টিক ফেষ্টত প্ৰদৰ্শিত মাগাধীৰা (২০০৯)ৰ দৰে পিৰিয়ড চলচ্চিত্ৰৰ লগতে তেওঁৰ ইগা (২০১২) চলচ্চিত্ৰই টৰণ্ট’ আফটাৰ ডাৰ্ক ফিল্ম ফেষ্টিভেলত Most Original Film বঁটা লাভ কৰে। বাহুবলী: দ্য বিগিনিং (২০১৫) আমেৰিকান চেটাৰ্ণ এৱাৰ্ড ফোৰ বেষ্ট ফেণ্টাচী ফিল্মলৈ মনোনীত হয়। বাহুবলী: দ্য কনক্লুজন (২০১৭) আমেৰিকান চেটাৰ্ণ এৱাৰ্ড ফোৰ বেষ্ট ফেণ্টাচী ফিল্ম আৰু অষ্ট্ৰেলিয়ান টেলষ্ট্ৰা পিপলচ চইছ এৱাৰ্ড লাভ কৰে।[5][6][7] বাহুবলী ফ্ৰেঞ্চাইজি মুঠ প্ৰায় ₹২,৫০০ কোটি (৩৫০.৫ মিলিয়ন ডলাৰ) লাভ কৰি সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় চলচ্চিত্ৰ শৃংখলা হিচাপে পৰিগণিত হয়।[8][9][10][11]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৭৩ চনৰ ১০ অক্টোবৰত শ্ৰী ৰাজামৌলীয়ে এটি তেলুগু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷৷[12] জন্মস্থান আছিল বৰ্তমান কৰ্ণাটক ৰাজ্যৰ ৰায়চুৰ জিলাৰ মানৱীৰ সমীপৱৰ্তী অমৰেশ্বৰাত৷[3][13] তেখেতৰ পিতৃ ভি. বিজয়েন্দ্ৰ প্ৰসাদ আছিল এগৰাকী চিত্ৰনাট্য-লেখক৷ আনহাতে মাতৃৰ নাম আছিল ৰাজা নন্দিনী৷[14][15] তেখেতৰ পৰিয়ালটো অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ কোৱৰৰ মূল বাসিন্দা আছিল৷[16] তেখেতৰ প্ৰাথমিক শিক্ষাগ্ৰহণ কোৱৰত হৈছিল আৰু উচ্চ শিক্ষা তেখেতে ইলুৰুত গ্ৰহণ কৰিছিল৷ [17] ৰাজামৌলী বহুদিনলৈকে বিশাখাপট্টনমত আছিল৷ কাৰণ তেখেতৰ মাক সেইখন ঠাইৰে জীয়ৰী আছিল৷[18]
কৰ্ম জীৱন
[সম্পাদনা কৰক]ৰাজামৌলীয়ে কে. ৰাঘৱেন্দ্ৰ ৰাওৰ তত্ত্বাৱধানত ইটিভি ইণ্ডিয়াৰ বাবে তেলেগু ধাৰাবাহিক পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত তেখেতে সান্থী নিৱাসম নামৰ টিভি চিৰিজটো পৰিচালনা কৰে৷ তেখেতৰ দ্বাৰা নিৰ্মিত প্ৰথমখন চলচ্চিত্ৰ আছিল জুনিয়ৰ এনটিআৰৰ সৈতে কৰা ষ্টুডেণ্ট নং ১৷ ইয়াৰ দুটা বছৰৰ পাছত তেখেতে ছিমাহাদ্ৰি নামৰ ছবিখন নিৰ্মাণ কৰে৷[19] [20] ৰাজামৌলীৰ তৃতীয়খন ছবি হৈছে ছাই (২০০৪)৷ ছবিখনত জেনেলিয়া ডিছুজা আৰু নিথিনে অভিনয় কৰিছিল৷ ছবিখন ৰাগবি খেলৰ ওপৰত আধাৰিত৷ টলিউডত এনেধৰণৰ ছবি এয়েই প্ৰথম৷[21]
২০০৬–২০১২
[সম্পাদনা কৰক]
ৰাজামৌলীয়ে ইয়াৰ পিছত নিৰ্মাণ কৰি উলিয়ায় বিক্ৰমাকুড়ু নামৰ ছবিখনত৷ এইখন ছবিত তেখেতে ৰবি তেজাৰ লগত কাম কৰে৷ এই ছবিখন সফল পৰিগণিত হয় আৰু কানাড়া. তামিলকে ধৰি ২০১২ চনত ৰাওদি ৰাথোৰ নামেৰে হিন্দী ভাষাতো নিৰ্মিত হয়৷ [22] ৰাজামৌলীৰ পৰৱৰ্তী এখন সফল ছবি হৈছে মাগাধীৰা৷ এইখন ছবিত ৰাম চৰণ তেজা আৰু কাজল আগৰৱালাই অভিনয় কৰিছিল৷ এইখন ছবিক তেলেগু উদ্যোগৰ এখন বহুচৰ্চিত আৰু বাণিজ্যিকভাৱে সফল ছবি বুলি অভিহিত কৰা হয়৷ এইখন ছবিৰ বাবে ৰাজামৌলীয়ে শ্ৰেষ্ঠ পৰিচালকৰ নন্দী বঁটা লাভ কৰে৷ আনহাতে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ-তেলেগু বঁটা লাভ কৰে৷ ইয়াৰোপৰি ছবিখনে শ্ৰেষ্ঠ নৃত্য-পৰিচালনাত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানীত হয়৷ [23] মাৰয়াড়া ৰামান্না হৈছে ৰাজামৌলীৰ দ্বাৰা নিৰ্মিত এখন একছন কমেডি ছবি (২০১০)৷ ছবিখন পৰৱৰ্তী সময়ত ছন অৱ ছৰ্দাৰ নামেৰে হিন্দী ভাষাত পুনৰ্নিমিত হয়৷ লগতে তামিল, কানাড়া, বাংলা আৰু মালায়লম ভাষাতো নিৰ্মাণ কৰা হয়৷ [24][25] [26] ৰাজামৌলীৰ আন এখন সফল ছবি হৈছে ২০১২ চনত নিৰ্মিত ইগা৷ [27][28][29]
২০১৩-বৰ্তমান
[সম্পাদনা কৰক]
২০১৫ চনত ৰাজামৌলীৰ মহাকাব্যিক একছন ছবি বাহুবলী: দ্য বিগিনিং মুক্তি হয়৷ ছবিখনে আকাশচুম্বী সফলতা লাভ কৰে আৰু সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ তালিকাৰ শীৰ্ষ পাঁচৰ ভিতৰত স্থান লাভ কৰে৷ [30][31][32][33] এই ছবিখনৰ নিৰ্মাণক বিষয় হিচাপে সঞ্জীৱ ভাস্কৰৰ তথ্যচিত্ৰ এশ বছৰৰ ভাৰতীয় চিনেমাত উপস্থাপন কৰা হয়৷[34][35][36]
বাহুবলীৰ দ্বিতীয়টো খণ্ড বাহুবলী ২: দ্য কনক্লুজন-ৰ ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটত প্ৰিমিয়াৰ সম্পন্ন হয়৷ [5][37] ইয়াৰোপৰি ছবিখনে ৩৯তম মস্কো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱতো উদ্বোধনী কথাছবি হিচাপে প্ৰদৰ্শিত হয়৷[38][39][14]
ৰাজামৌলীৰ নিৰ্দেশনাত নিৰ্মিত শেহতীয়া ছবি আৰআৰআৰ' (২০২২) হৈছে ভাৰতীয় স্বাধীনতা-যুঁজাৰু আল্লুৰী সীতাৰামা ৰাজু আৰু কোমাৰাম ভীমৰ জীৱন-কাহিনীৰ ওপৰত আধাৰিত৷ প্ৰায় ৫৫০ কোটি টকাৰ বাজেটেৰ নিৰ্মিত আৰআৰআৰ সৰ্বকালৰ এখন খৰচী ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে৷ ছবিখনত জুনিয়ৰ এনটিআৰ, ৰাম চৰণ, আলিয়া ভাট আৰু অজয় দেৱগণে অভিনয় কৰে৷[40] অভিনেতা মহেশ বাবুৰ লগত নিৰ্মাণ কৰিবলৈ ওলোৱা এখন ছবিৰ কাম-কাজ ২০২২ চনতে আৰম্ভ হ'ব৷[41] ৰাজামৌলিয়ে ভৱিষ্যতে ভাৰতীয় মহাকাব্য মহাভাৰতৰ আধাৰত এখন ছবি নিৰ্মাণ কৰাৰ উদ্দেশ্যৰ বিষয়েও ব্যক্ত কৰে।[42]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Here's Why Rajamouli Was Named 'Jakkanna'". Sakshi Post. 28 April 2017. https://english.sakshi.com/heres-why-rajamouli-was-named-jakkanna.[সংযোগবিহীন উৎস]
- ↑ "Rajamouli Padma Shri: Latest Rajamouli Padma Shri News, Photos, Videos". movies.ndtv.com. https://movies.ndtv.com/topic/rajamouli-padma-shri.
- ↑ 3.0 3.1 "దర్శక ధీరుడు రాజమౌళికు సెలబ్రిటీల బర్త్డే విషెస్" (te ভাষাত). Namasthe Telangana. 2020-10-10. https://www.ntnews.com/cinema/birthday-wishes-to-the-ace-director-rajamouli-88447। আহৰণ কৰা হৈছে: 2020-12-04.
- ↑ "SS Rajamouli on Baahubali 2: Sreemukhi is a big fan of Punch Power A.V.S.R Pandu Ranga RaoThe Conclusion, being an atheist and his love for cinema". Firstpost. 27 April 2017. http://www.firstpost.com/entertainment/ss-rajamouli-on-baahubali-2-the-conclusion-being-an-atheist-and-his-love-for-cinema-3408524.html.
- ↑ 5.0 5.1 "Dangal and Baahubali won Telestra People's choice award in IFFM Melbourne". 12 August 2017. https://www.newsfolo.com/entertainment/dangal-baahubali-won-telestra-peoples-choice-award-iffm-melbourne/23819/.
- ↑ "63rd National Film Awards" (Press release). Directorate of Film Festivals. 28 March 2016. http://dff.nic.in/writereaddata/Winners_of_63rd_NFA_2015.pdf। আহৰণ কৰা হৈছে: 28 March 2016.
- ↑ Dave McNary (2018-06-27). "'Black Panther' Leads Saturn Awards; 'Better Call Saul,' 'Twin Peaks' Top TV Trophies – Variety". Variety.com. https://variety.com/2018/film/news/saturn-awards-2018-black-panther-better-call-saul-twin-peaks-1202860077/। আহৰণ কৰা হৈছে: 2019-01-09.
- ↑ "Bahubali 2 Becomes Highest Grosser Of All Time In Five Days - Box Office India". www.boxofficeindia.com. http://www.boxofficeindia.com/report-details.php?articleid=2903.
- ↑ "Why Business Of Dubbed Tamil Telugu Not Included - Box Office India". www.boxofficeindia.com. http://www.boxofficeindia.com/report-details.php?articleid=2877.
- ↑ "Top GROSS Numbers - Hindi And All Languages - Box Office India". www.boxofficeindia.com. http://www.boxofficeindia.com/report-details.php?articleid=2879.
- ↑ "Is Baahubali 2 a Hindu film? Dissecting religion, folklore, mythology in Rajamouli's epic saga". May 2017. http://www.firstpost.com/entertainment/is-baahubali-2-a-hindu-film-bahubali-2-religion-rajamouli-3416228.html.
- ↑ Rajamouli, SS [@ssrajamouli] (27 June 2012). "my mother tongue is Telugu and I was born in Karnataka". https://twitter.com/ssrajamouli/status/217993762507456512.
- ↑ "TFI And Fans Greet SS Rajamouli On His 46th Birthday". Sakshi Post. 2019-10-10. Archived from the original on 2022-04-16. https://web.archive.org/web/20220416104209/https://english.sakshi.com/entertainment/2019/10/10/tfi-and-fans-greet-ss-rajamouli-on-his-46th-birthday.
- ↑ 14.0 14.1 "Baahubali, Bajrangi Bhaijaan: Meet the Rs 500 crore writer" (en ভাষাত). India Today. 2015-07-20. https://www.indiatoday.in/movies/celebrities/story/baahubali-bajrangi-bhaijaan-vijayendra-prasad-salman-khan-story-writer-telegu-film-283545-2015-07-20। আহৰণ কৰা হৈছে: 22 October 2018.
- ↑ "SS Rajamouli's mother Rajanandini died today" (en ভাষাত). Filmibeat.com. 20 October 2012. https://www.filmibeat.com/telugu/news/2012/ss-rajamouli-mother-rajanandini-died-100512.html। আহৰণ কৰা হৈছে: 22 October 2018.
- ↑ "SS Raja Mouli - Telugu Cinema interview - Telugu film director". www.idlebrain.com. http://www.idlebrain.com/celeb/interview/ssrajamouli.html.
- ↑ "SS Rajamouli celebrates his 46th birthday". The Hans India. 10 October 2019. https://www.thehansindia.com/cinema/tollywood/ss-rajamouli-celebrates-his-46th-birthday-571264.
- ↑ Ganguly, Nivedita (13 May 2017). "Vizag holds a special place in my heart: Rajamouli". The Hindu. https://www.thehindu.com/news/cities/Visakhapatnam/vizag-holds-a-special-place-in-my-heart-rajamouli/article18445586.ece.
- ↑ Years back S.S Rajamouli planned a movie with Mohanlal – Malayalam Movie News Archived 2017-07-14 at the Wayback Machine. Indiaglitz.com (25 July 2015). Retrieved on 21 October 2015.
- ↑ Mohanlal SS Rajamouli team’s dropped film’s sketches came out from Manu Jagat. Onlookersmedia.in (9 October 2015). Retrieved on 21 October 2015.
- ↑ Son Of Sardar Review. Indicine.com (14 November 2012). Retrieved on 2015-10-21.
- ↑ "South director SS Rajamouli wants to direct Aamir Khan - Indian Express". archive.indianexpress.com. http://archive.indianexpress.com/news/South-director-SS-Rajamouli-wants-to-direct-Aamir-Khan/1038538.
- ↑ "57th_National Film Awards". http://dff.nic.in/57thNFAaward.pdf। আহৰণ কৰা হৈছে: 28 April 2012.
- ↑ SS Rajamouli about Maryada Ramanna interview – Telugu Cinema interview Telugu film director. Idlebrain.com (20 July 2010). Retrieved on 21 October 2015.
- ↑ Singh song | Rajeev Masand – movies that matter : from bollywood, hollywood and everywhere else Archived 2013-03-12 at the Wayback Machine. Rajeevmasand.com (13 November 2012). Retrieved on 21 October 2015.
- ↑ Mee Star : S.S.Rajamouli Part 2. YouTube. 30 July 2012. Archived from the original on 2012-07-30. Unknown parameter
|url-status=ignored (help) - ↑ "L'ETRANGE 2012: Review of EEGA". Quietearth.us. Archived from the original on 17 October 2012. https://web.archive.org/web/20121017142935/http://www.quietearth.us/articles/2012/09/LETRANGE-2012-Review-of-EEGA.
- ↑ "Eega Screened at a French Film Festival". chitraloka.com. Archived from the original on 13 July 2015. https://web.archive.org/web/20150713132822/http://www.chitraloka.com/news/1724-eega-screened-at-a-french-film-festival.html। আহৰণ কৰা হৈছে: 25 August 2012.
- ↑ "Eega Gains International Recognition". cinemamama.com. Archived from the original on 1 August 2012. https://web.archive.org/web/20120801234128/http://www.cinemamama.com/2012/07/eega-gains-international-recognition.html। আহৰণ কৰা হৈছে: 21 July 2012.
- ↑ Cain, Rob (14 August 2015). "Oops... 'PK' Is Not Actually India's Top-Grossing Movie Ever". Forbes. https://www.forbes.com/sites/robcain/2015/08/14/oops-pk-is-not-actually-indias-top-grossing-movie-ever/.
- ↑ 'Baahubali' Zooms Past 'Dhoom', Now India's All Time #3. Forbes.com (10 August 2015). Retrieved on 2015-10-21.
- ↑ India's most expensive film? | regional movies. Hindustan Times (15 July 2013). Retrieved on 2015-10-21.
- ↑ Rajamouli's Bahubali is India’s costliest film? – The Times of India. Timesofindia.indiatimes.com (13 July 2013). Retrieved on 2015-10-21.
- ↑ "Rajamouli-Prabhas new movie budget". The Times of India. 14 October 2012. Archived from the original on 3 May 2013. https://web.archive.org/web/20130503184039/http://articles.timesofindia.indiatimes.com/2012-10-14/news-interviews/34447942_1_rajamouli-prabhas-movie। আহৰণ কৰা হৈছে: 23 February 2013.
- ↑ "Baahubali's team gets a rare honour". The Times of India. 21 May 2014. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news-interviews/Baahubalis-team-gets-a-rare-honour/articleshow/35440219.cms। আহৰণ কৰা হৈছে: 19 July 2014.
- ↑ "Rajamouli's Bahubali finds place in BBC's documentary". The Hans India. 22 May 2014. http://www.thehansindia.com/posts/index/2014-05-22/Rajamoulis-Bahubali-finds-place-in-BBCs-documentary-96003। আহৰণ কৰা হৈছে: 19 July 2014.
- ↑ "Baahubali 2 premiere: Queen Elizabeth II will watch it before anybody else in India?" (en ভাষাত). The Indian Express. 2017-02-28. https://indianexpress.com/article/entertainment/telugu/baahubali-2-premiere-queen-elizabeth-ii-will-watch-it-before-anybody-else-in-india-4548315/। আহৰণ কৰা হৈছে: 2020-10-05.
- ↑ "Baahubali 2 honoured again, to open Moscow International Film Festival". www.msn.com. https://www.msn.com/en-in/entertainment/southcinema/baahubali-2-honoured-again-to-open-moscow-international-film-festival/ar-BBD1eZl.
- ↑ "Baahubali 2 premiere: Queen Elizabeth II will watch it before anybody else in India?". 28 February 2017. http://indianexpress.com/article/entertainment/telugu/baahubali-2-premiere-queen-elizabeth-ii-will-watch-it-before-anybody-else-in-india-4548315/.
- ↑ Purushothaman, Kirubhakar (14 March 2019). "RRR: Story, budget, full cast and all you need to know about SS Rajamouli film" (en ভাষাত). India Today. https://www.indiatoday.in/movies/regional-cinema/story/rrr-budget-to-new-cast-members-here-s-everything-about-ss-rajamouli-s-period-film-1478009-2019-03-14। আহৰণ কৰা হৈছে: 2021-03-05.
- ↑ "SS Rajamouli confirms film with Mahesh Babu" (en ভাষাত). The News Minute. 2020-04-20. https://www.thenewsminute.com/article/ss-rajamouli-confirms-film-mahesh-babu-122981। আহৰণ কৰা হৈছে: 2021-03-05.
- ↑ "When S.S. Rajamouli talked about making a film on the epic Mahabharata". Zoom. https://www.zoomtventertainment.com/telugu-cinema/article/when-s-s-rajamouli-talked-about-making-a-film-on-the-epic-mahabharata/586492। আহৰণ কৰা হৈছে: 2021-03-05.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত এছ এছ ৰাজামৌলী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।