সমললৈ যাওক

কোনি (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোনি  
লেখক মতি নন্দী
দেশ ভাৰত
ভাষা বাংলা
প্ৰকাশক অমৰ সাহিত্য প্ৰকাশন
প্ৰকাশ ১৯৭৪
পৃষ্ঠা সংখ্যা ৮২

কোনি হৈছে মতি নন্দীৰ দ্বাৰা ৰচিত এখন বাংলা উপন্যাস[1]

এদিন ক্ষিতীষ সিংহ নামে এজন অভিজ্ঞ সাঁতোৰ প্ৰশিক্ষকে এখন নদীত কোনি নামৰ এগৰাকী যুৱতীক সাঁতোৰ দেখিলে। তেওঁ সিদ্ধান্ত ল'লে যে, কোনিক সাঁতোৰ প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ দিব। কোনিৰ পৰিয়াল আৰ্থিকভাৱে জুৰুলা আছিল, আৰু তেওঁৰ ককায়েক এগৰাকী যক্ষ্মা ৰোগী আছিল যি মাহে কেৱল ১৫০ টকা উপাৰ্জন কৰিছিল – সাতজনীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। তেওঁৰ ককায়েকৰ মৃত্যুৰ পিছত পৰিয়ালটো গভীৰ সংকটত পৰে। তেতিয়া ক্ষিতীষে নিজৰ পত্নীৰ 'প্ৰজাপতি' নামৰ টেইলৰ দোকানত কোনিক এটা সৰু চাকৰি দিয়ে আৰু তেওঁৰ সম্পূৰ্ণ প্ৰশিক্ষণৰ দায়িত্ব লয়। কোনিয়ে কঠোৰ পৰিশ্ৰম কৰে আৰু বঙ্গৰ ৰাষ্ট্ৰীয় সাঁতোৰ দলত স্থান লাভ কৰে। প্ৰথমে তেওঁক প্ৰতিযোগিতাত অংশ ল’বলৈ সুযোগ নিদিয়া হ’ল যদিও, এটা দলীয় সদস্য আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ সুযোগ পায়। তেতিয়া কোনিয়ে বঙ্গ দলৰ হৈ বিজয় লাভ কৰে।[2]

চলচ্চিত্ৰ ৰূপান্তৰ

[সম্পাদনা কৰক]

এই উপন্যাসখনৰ আধাৰত ১৯৮৪ চনত কোনি নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Koni (কোনি)". m.dailyhunt.in. Archived from the original on 12 November 2018. https://web.archive.org/web/20181112223336/https://m.dailyhunt.in/Ebooks/bangla/koni-book-65077। আহৰণ কৰা হৈছে: 12 November 2018. 
  2. "Koni: The rise of the underdog". News18. ১৪ ছেপ্টেম্বৰ ২০১০. https://www.news18.com/news/books/koni-the-rise-of-the-underdog-348379.html। আহৰণ কৰা হৈছে: ১২ নৱেম্বৰ ২০১৮. 
  3. "'Kony' (1984)". ২৯ আগষ্ট ২০১৮. https://timesofindia.indiatimes.com/entertainment/bengali/movies/photo-features/tollywoods-list-of-incredible-sports-movies-to-binge-on/Kony-1984/photostory/64145874.cms.