কোফটা

কোফটা (ইংৰাজী: kofta) মিটবল বা মিটলফ হৈছে দক্ষিণ এছিয়া, মধ্য এছিয়া, বাল্কন, মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, আৰু দক্ষিণ ককেচীয়ান অঞ্চলত সচৰাচৰ খাদ্যৰ একপ্ৰকাৰৰ ব্যঞ্জন। সৰলতম ৰূপত কোফটা হৈছে কুটি লোৱা মাংসৰ বল। এই মাংসৰ বল সাধাৰণতে গৰুৰ মাংস, কুকুৰা, ভেড়া পোৱালি, ছাগলী, উটৰ মাংস, আনহাতে খুব কমেইহে গাহৰিৰ মাংস খোৱা হয়। এইবোৰৰ মাংসৰ বলবোৰ মচলা আৰু কেতিয়াবা অন্যান্য উপাদানৰে জুতি লোৱা হয়।[1] প্ৰাচীন জ্ঞাত ৰেচিপিসমূহ আৰবৰ প্ৰাচীন ৰন্ধন গ্ৰন্থসমূহত,[2][3] লগতে বাইজেণ্টাইন সাম্ৰাজ্যৰ কিতাপসমূহতো পোৱা যায়,[4] আৰু কিমা ভেড়া পোৱালিৰ ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে।
ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ভিন্নতাৰ লগতে শাক-পাচলি ভিত্তিক আৰু কেঁচা সংস্কৰণো আছে। গোলক, পেটিজ, নলাকাৰ আকৃতিকে ধৰি বিভিন্ন আকৃতিৰ। গলফ বলৰ দৰে সৰুৰপৰা কমলা টেঙা এটাৰ দৰে ইহঁতৰ আকাৰ হ’ব পাৰে।
ব্যুৎপত্তি
[সম্পাদনা কৰক]ইংৰাজীত কোফটা শব্দটো হিন্দী-উৰ্দু কুফটা আৰু পাৰ্চী কুফটা ৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে গুড়ি কৰা মাংস।[1][5][6][7] উৰ্দু ভাষাত এই শব্দটোৰ আটাইতকৈ প্ৰাচীন ব্যৱহাৰ মুল্লা নুছৰতীৰ আলী নামা (১৬৬৫)ত পোৱা যায়। [8][9] ইয়াক প্ৰথমবাৰৰ বাবে ইংৰাজীত কানুন-ই-ইছলামত (১৮৩২) ব্যৱহাৰ কৰা হৈছিল, আৰু পুনৰ ১৮৮৩ চনত জেমছ ৱাইজে ব্যৱহাৰ কৰিছিল।[10] কফটাৰ উৎপত্তি হোৱা অঞ্চলৰ ভাষাসমূহে ধ্বনিগত সামান্য পৰিৱৰ্তনৰ সৈতে শব্দটো গ্ৰহণ কৰিছে।[2] আন ভাষাত একেধৰণৰ খাদ্যক ক্ৰকেট, ডাম্পলিং, মিটবল, ৰেছল, টাৰ্ণঅভাৰ বুলি কোৱা হয়। [2][11]
ইতিহাস
[সম্পাদনা কৰক]প্ৰাচীন ৰোমান ৰন্ধন গ্ৰন্থ 'এপিচিয়াছ'ত মিটবলৰ বহুতো ৰেচিপি অন্তৰ্ভুক্ত কৰা হৈছিল।[12]
কফটাৰ ৰেচিপি প্ৰথমে আৰবৰ আৰম্ভণিৰ ৰন্ধন গ্ৰন্থসমূহত পোৱা যায়; [2][3] কফটা বাইজেণ্টাইন সাম্ৰাজ্যতো পোৱা গৈছিল। আদিম ৰেচিপিবোৰ আছিল ডাঙৰ ডাঙৰ মিটবল কুটি লোৱা ভেড়া পোৱালিৰ, তাৰ ওপৰত কেশৰ আৰু কণীৰ কুহুমৰ মিশ্ৰণৰ তিনিটা তৰপ। মোগল ৰাজদৰবাৰতো কোফটা জনপ্ৰিয় আছিল।
ভাৰত উপমহাদেশৰপৰা মধ্য এছিয়া, মধ্যপ্ৰাচ্য, বল্কান আৰু উত্তৰ আফ্ৰিকালৈকে কফটা পোৱা যায়। আৰ্মেনিয়া, আফগানিস্তান[13], আলবেনিয়া, বছনিয়া আৰু হাৰ্জেগোভিনা, বুলগেৰিয়া,জৰ্জিয়া, লেবানন, পেলেষ্টাইন, ছিৰিয়া, ইজিপ্ত, গ্ৰীচ, ভাৰত, ইৰাণ, ইয়াক মৰক্কোৰ পৰম্পৰাগত খাদ্যত পোৱা যায়, পাকিস্তান,ৰোমানিয়া,ছাৰ্বিয়া, উত্তৰ মেচিডোনিয়া আৰু তুৰস্ক। কুৰ্দ আৰু অচূৰীয়াসকলৰ মাজতো কফটা জনপ্ৰিয় খাদ্য। ইঞ্জিন আকিনৰ মতে তুৰস্কত ই "সকলো ধৰণৰ সামাজিক সভাত পৰিৱেশন কৰা প্ৰিয় খাদ্য।"
ৰন্ধা পদ্ধতি
[সম্পাদনা কৰক]মচলা আৰু প্ৰায়ে অন্যান্য উপাদান যেনে চাউল, বুলগুৰ, শাক-পাচলি বা কণীৰ সৈতে মাংস পিহি পেষ্ট কৰা হয়।[14] কোফটাৰ মিশ্ৰণত প্ৰায়ে বাদাম, পনিৰ বা কণী যোগ কৰা হয়। কোফটা সেকি, ভাজি, ভাপত দি, পোচ, বেক বা মেৰিনেট কৰি টেঙা চচ বা চূপ বা ষ্টুত পৰিৱেশন কৰিব পাৰি। কোফটা কেতিয়াবা ৰঙা মাংসৰ সলনি মাছ বা শাক-পাচলি, আনকি পনিৰেৰেও তৈয়াৰ কৰা হয়। [15]
চিত্ৰসমূহ
[সম্পাদনা কৰক]- মালাই কোফটা, ভাৰতীয় উপমহাদেশৰ সাধাৰণ খাদ্য।
- ইৰাণী তাব্ৰিজী কফটাত কিমা মাংসৰ লগতে হালধীয়া পটল আৰু আলু থাকে।
- :ভাৰতীয় কোফটা-চাৱল '(জাতিলাউৰপৰা তৈয়াৰী নিৰামিষ কোফটা), ভাতৰ লগত পৰিৱেশন কৰা হয়।
- ইজিপ্তৰ কোফ্টেট এল হাতী'
- আৰ্মেনিয়াৰ কোফটে
- অৰ্খ,আৰ্মেনিয়ান কোফটা, মাংস আৰু বুলগুৰেৰে(গম ভাঙি তৈয়াৰ কৰা খাদ্যশস্য)প্ৰস্তুত কৰা নলাকাৰ আকৃতিত পৰিৱেশন কৰা হৈছে
- লক্ষ্ণৌ আৰু কৰাচীৰ জনপ্ৰিয় খাদ্য নাৰ্গেছি কোফটা
তথ্যৰ উৎস
[সম্পাদনা কৰক]- 1 2 Ayto, John (1994) (en ভাষাত). A Gourmet's Guide: Food and Drink from A to Z. Oxford University Press. পৃষ্ঠা. 184. ISBN 978-0-19-280025-1. https://archive.org/details/gourmetsguidefoo00ayto. "In Indian cookery, the term kofta denotes a spiced meatball, or a similarly shaped mass of chopped fish or vegetable, cooked in a spicy sauce. In Hindi, the word means literally 'pounded meat'."
- 1 2 3 4 Davidson, Alan (2014). The Oxford Companion to Food. Tom Jaine, Soun Vannithone (3rd সম্পাদনা). প্ৰকাশক New York, NY: Oxford University Press. পৃষ্ঠা. 448. ISBN 978-0-19-967733-7. OCLC 890807357.
- 1 2 Brown, Ellen (2020). Meatballs : the ultimate cookbook (First সম্পাদনা). প্ৰকাশক Kennebunkport, Maine: Cider Mill Press. পৃষ্ঠা. 11. ISBN 978-1-64643-014-7. OCLC 1139766078.
- ↑ Koukoules, Phaidon I. (1952) (el ভাষাত). Βυζαντινών βίος και πολιτισμός. 5. Papazisis Publishers. পৃষ্ঠা. 114-115. ISBN 9789600201413. https://books.google.com/books?id=0VhoAAAAMAAJ.
- ↑ "kofta". Oxford English Dictionary. 2023. https://www.oed.com/dictionary/kofta_n?tl=true। আহৰণ কৰা হৈছে: 27 December 2023. "The earliest known use of the noun kofta is in the 1880s. OED's earliest evidence for kofta is from 1888, in the writing of W. H. Dawe. kofta is a borrowing from Hindi. Etymons: Hindi kofta."
- ↑ Stevenson, Angus; Waite, Maurice, eds. (18 August 2011). "kofta". Concise Oxford English Dictionary: Luxury Edition (in ইংৰাজী) (12th ed.). Oxford University Press. p. 790. ISBN 978-0-19-960111-0.
ORIGIN from Urdu and Pers. koftah 'pounded meat'
- ↑ Origin of Kofte, Turkish köfte Arabic kufta and Hindi and Urdu koftā all from Persian kōfta (Persian kūfte) from passive participle of kōftan to pound, bray.
- ↑ Nuṣratī, Mullā (1665) (ur ভাষাত). ʿAlī Nāma. পৃষ্ঠা. 234. https://www.rekhta.org/ebooks/masnavi-ali-nama-mulla-nusrati-ebooks. "Na tha har ġalūla nibolī te kam / Rakhe kofte [pl.] bār golīyāṅ te jam"
- ↑ Fatehpuri, Farman, ed. (June 1993). "kofta" کوفتہ. Urdu Lughat (Tareekhi Usool Par) [Urdu Dictionary on Historical Principles] (in Urdu). 15. Urdu Dictionary Board. Archived from the original on 2024-12-23. Retrieved 2026-05-25. Unknown parameter
|orig-date=ignored (help) - ↑ Wise, James (1883). "Nán-baí, Roṭi-wálah" (en ভাষাত). Notes on the Races, Castes and Trades of Eastern Bengal. প্ৰকাশক London, England: Harrison and Sons. পৃষ্ঠা. 97. https://books.google.com/books?id=ba8Ov8huExoC&pg=PA97. "[The Nān-bāসাঁচ:Rhrī's] bill of fare includes a delicious, richly-flavoured curry, Kofta, or pounded meat, roasts, and puláos. ... Koftá—hashed or pounded, and fried in Ghí."
- ↑ Herbst, Ron (2015). The deluxe food lover's companion. Sharon Tyler Herbst (2nd সম্পাদনা). প্ৰকাশক Hauppauge, New York: Barron's. পৃষ্ঠা. 261–262. ISBN 978-1-4380-7621-8. OCLC 909914756. https://archive.org/details/deluxefoodlovers0000herb.
- ↑ Sally Grainger, Cooking Apicius: Roman Recipes for Today, Prospect Books, 2006, আই.এচ.বি.এন. 1-903018-44-7, p. 17-18
- ↑ Dea, Cynthia (2015-03-09). "Where to Find the Best Meatballs in Los Angeles" (en ভাষাত). KCET. https://www.kcet.org/food-discovery/food/where-to-find-the-best-meatballs-in-los-angeles। আহৰণ কৰা হৈছে: 2021-08-24.
- ↑ Petrosian, Irina, and David Underwood. Armenian Food: Fact, Fiction & Folklore. University of California Press, 2006.
- ↑ Abdel Fattah, Iman Adel (5 December 2013). "Bites Fil Beit: Koftet el Gambari – Shrimp kofta". Daily News Egypt. http://www.dailynewsegypt.com/2013/12/05/bites-fil-beit-koftet-el-gambari-shrimp-kofta/। আহৰণ কৰা হৈছে: 19 April 2015.